মিতু খুৰানা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ডা. মিতু খুৰানা
মৃত্যু ১৯ মাৰ্চ, ২০২০
ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা শিশুৰোগ বিশেষজ্ঞ
জনা যায় লিঙ্গ ভিত্তিক গৰ্ভপাত বিৰোধী কৰ্মী
পিতৃ-মাতৃ ডা. এ.চি. খোচলা (পিতৃ)
কমলেশ খোচলা (মাতৃ)
সন্তান ৰাইকা খুৰানা (জীয়ৰী)
ৰিদ্ধি খুৰানা (জীয়ৰী)

ডা. মিতু খুৰানা (ইংৰাজী: Mitu Khurana) ভাৰতৰ দিল্লীৰ এগৰাকী শিশু বিশেষজ্ঞ আছিল। তেওঁ ভাৰতৰ কন্যা ভ্ৰুণ হত্যা বিৰোধী অভিযানৰ এগৰাকী কৰ্মী আছিল। তেওঁৰ স্বামী আৰু স্বামীৰ পৰিয়ালে আল্ট্ৰাচাউণ্ডৰ সহায়ত খুৰানাৰ গৰ্ভস্থ সন্তানৰ লিংগ পৰীক্ষা কৰি এহাল যমজ কন্যা সন্তান থকা বুলি নিশ্চিত হোৱাত তেওঁৰ সন্মতি অবিহনেই গৰ্ভপাত কৰাবলৈ জোৰ দিয়ে। কিন্তু তেওঁ অস্বীকাৰ কৰাত স্বামীৰ পৰিয়ালৰ দ্বাৰা নিৰ্যাতিত হয়। তেওঁ সন্মুখীন হোৱা গাৰ্হস্থ্য হিংসাৰ বিৰুদ্ধে তেওঁ আদালতৰ ওচৰ চাপে আৰু তেনেকৈয়ে তেওঁৰ বিষয়টো বিশেষভাবে চৰ্চিত হৈ পৰে।[1]

জীৱনী[সম্পাদনা কৰক]

খুৰানাই প্ৰথম মূল সুঁতিৰ প্ৰচাৰ মাধ্যমত স্থান পায়, যেতিয়াই তেওঁৰ প্ৰাক্তন স্বামীৰ বিৰুদ্ধে ২০০৮ চনত এক যুগান্তকাৰী আইনী ব্যৱস্থা গ্ৰহণ কৰে।[2]

খুৰানাই দাবী কৰে যে তেওঁৰ তৎকালীন স্বামী ড. কমল খুৰানাই তেওঁৰ সন্মতি অবিহনেই তেওঁৰ গৰ্ভস্থ সন্তানৰ কৰে। ২০০৫ চনত পেটৰ বিষৰ বাবে স্বামী আৰু স্বামীৰ পৰিয়ালে তেওঁক দিল্লীৰ জয়পুৰ গোল্ডেন হাস্পাতাললৈ লৈ যায়। তেতিয়াই তাত স্বামী আৰু স্বামীৰ পৰিয়ালে তেওঁৰ সন্মতি অবিহনে হাস্পাতালৰ ডাক্তৰ-কৰ্মীৰ সৈতে কথা পাতি আলট্ৰাচাউণ্ডৰ ব্যৱস্থা কৰা হয়। তেতিয়াই স্বামীৰ পৰিয়ালবৰ্গই তেওঁৰ গৰ্ভত এহাল কন্যা সন্তান থকাটো নিশ্চিত হৈ তেওঁৰ ইচ্ছাৰ বিৰুদ্ধে লিঙ্গ ভিত্তিক গৰ্ভপাত কৰাবলৈ হেঁচা দিয়ে।

হাস্পাতাললৈ যোৱাৰ পিছত স্বামী আৰু তেওঁৰ পৰিয়ালে খুৰানাক গৰ্ভপাত কৰাবলৈ হেঁচা দিবলৈ আৰম্ভ কৰে। খুৰানাই কৈছিল, "তেওঁলোকে মোক একো কোৱা নাছিল। কিন্তু পিছত এটা স্পষ্ট হৈ পৰিছিল যে মোৰ স্বামী আৰু শহুৰৰ ঘৰৰ লোকসকলে জানিছিল যে মই গৰ্ভত কন্যা সন্তান ধাৰণ কৰিছো। ইয়াৰ পিছত তেওঁলোকে মোক কম পক্ষে এটা ভ্ৰুণ হত্যা কৰাৰ বাবে হেঁচা দিবলৈ ধৰে। তেওঁলোকে মোক কৈছিল যে দুজনী ছোৱালীক আমি লালন-পালন কৰিব নোৱাৰিম। সিহঁতক বিয়া দিব নোৱাৰিম।" [3] ঘৰলৈ উভতি অহাৰ পিছত তেওঁৰ স্বামী আৰু শহুৰ শাহুৱেকৰ দ্বাৰা গাৰ্হস্থ্য হিংসাৰ সন্মুখীন হয়। গৰ্ভৱস্থাতাৰ এক পৰ্যায়ত পেটৰ সন্তান দুটা নষ্ট কৰা উদ্দেশ্যৰে চিৰিৰ পৰা গতিয়াই দিয়ে।[4]

অৱশেষত খুৰানা তেওঁৰ স্বামী আৰু স্বামীৰ পৰিয়ালৰ পৰা পলাই যায় আৰু নিজৰ মাক-দেউতাকৰ সৈতে বাস কৰিবলৈ লয়। পিছত তেওঁ সময়ৰ পূৰ্বে, দুমাহ আগত এহাল যমজ কন্যা সন্তানৰ জন্ম দিয়ে।[5]

হাৰ্ট চাৰ্জাৰীত হোৱা জটিলতাৰ বাবে ২০২০ চনৰ মাৰ্চত খুৰানাৰ মৃত্যু হয়।[6]

গোচৰ[সম্পাদনা কৰক]

খুৰানাৰ বিৰুদ্ধে হোৱা অন্যায়ৰ বিৰুদ্ধে ২০০৮ চনত তেওঁ স্বামী কমল খুৰানা, স্বামীৰ পৰিয়াল আৰু জয়পুৰ গোল্ডেন হাস্পাতালৰ বিৰুদ্ধে এটা গোচৰ তৰে। ১১ বছৰ বিচাৰ চলাৰ অন্তত দিল্লী উচ্চ ন্যায়ালয়ে এই বুলি গোচৰটো খাৰিজ কৰি দিয়ে যে প্ৰি-কনচেপচন এণ্ড প্ৰি-নেটেল ডায়েগনষ্টিক টেকনিকছ এক্ট, ১৯৯৪-ৰ আধাৰত ঘটনা সংঘটিত হোৱাৰ তিনি বছৰৰ ভিতৰত গোচৰ তৰিব লাগে। তেওঁ উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে ভাৰতৰ উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল যদিও উচ্চতম ন্যায়ালয়েও পূৰ্বৰ ৰায় বাহাল ৰাখে।[7]

তথ্য উৎস[সম্পাদনা কৰক]

  1. @induCityMakers (19 March 2020). "@mitukhurana is no more. She left for heavenly abode today. The Family Court Judge Ms. Barkha Gupta (Rohini Courts) was indeed very cruel. Even when Mitu couldn't walk to the court, Mitu was asked by her to be in the court. Justice was denied to her.". https://twitter.com/induCityMakers/status/1240663489544216577. 
  2. Khare, Vineet (8 October 2015). "India activist to fight sex determination ruling". BBC Onlinebbc.com. https://www.bbc.com/news/world-asia-india-34441403। আহৰণ কৰা হৈছে: 22 March 2019. 
  3. Chamberlain, Gethin (23 November 2008). "Where a baby girl is a mother's awful shame". Guardian News & Media Limitedtheguardian.com. https://www.theguardian.com/world/2008/nov/23/india-gender। আহৰণ কৰা হৈছে: 22 March 2019. 
  4. Morrison, Sarah; Buncombe, Andrew (11 August 2013). "'My husband tried to force me to abort my twin girls': Doctor's charge inflames India's fight for gender equality" (en ভাষাত). The Independentindependent.co.uk. https://www.independent.co.uk/news/world/asia/my-husband-tried-to-force-me-to-abort-my-twin-girls-doctors-charge-inflames-indias-fight-for-gender-8755942.html। আহৰণ কৰা হৈছে: 22 March 2019. 
  5. Izri, Touria (14 November 2012). ""It's a Girl" documentary explores gendercide in China and India | The Star" (en ভাষাত). The Toronto Star (Toronto Star Newspapers Ltd.). https://www.thestar.com/life/2012/11/14/its_a_girl_documentary_explores_gendercide_in_china_and_india.html। আহৰণ কৰা হৈছে: 22 March 2019. 
  6. @induCityMakers (19 March 2020). "@mitukhurana is no more. She left for heavenly abode today. The Family Court Judge Ms. Barkha Gupta (Rohini Courts) was indeed very cruel. Even when Mitu couldn't walk to the court, Mitu was asked by her to be in the court. Justice was denied to her.". https://twitter.com/induCityMakers/status/1240663489544216577. 
  7. "Delhi: Mitu Khurana loses 11-year fight against sex determination". dnaindia.com. https://www.dnaindia.com/mumbai/report-supreme-court-ends-woman-s-legal-fight-against-sex-determination-dismisses-11-year-struggle-2257218। আহৰণ কৰা হৈছে: 15 January 2023.