নাও খেল
নাও খেল (ইংৰাজী: Nao khel) অসমৰ এক পৰম্পৰাগত পানীত খেলা খেল৷ নাৱত উঠি কেইবাজনো খেলুৱৈয়ে জাত জাত বঠা বাই নিজৰ নিজৰ নাও আগুৱাই নি লক্ষ্যস্থান প্ৰাপ্ত কৰাতেই এই খেলৰ সামৰণি৷ ভাৰতৰ কেৰালা ৰাজ্যত কৃষি উৎসৱ অ’নামৰ লগত সংগতি ৰাখি এই খেল বছৰি খেলা হয়৷ অসমত সাধাৰণতে ভাদ-আহিন মাহত বছৰেকীয়া বানপানী শুকাবলৈ ধৰোঁতে ঠায়ে ঠায়ে এই নাও খেল অনুষ্ঠিত কৰা হয়৷ নাও খেলৰ লগত এবিধ লোকগীতি সাহিত্যৰো অসমত সৃষ্টি হৈছে৷ নামনি অসমৰ বৰপেটা, কলগাছিয়া, গোৱালপাৰা, শুৱালকুছি, হাজো আদি ঠাইৰ উপৰি বিভিন্ন চৰ-চাপৰি অঞ্চলত নাও খেল অনুষ্ঠিত হয়৷
খেলৰ ধৰণ
[সম্পাদনা কৰক]অসমৰ বিভিন্ন ঠাইত স্থানীয় নিয়ম মতে নাও খেল পতা হয়৷ লোকমনোৰঞ্জনৰ বাবে হ’লেও যিহেতু প্ৰতিযোগিতামূলক হয়, সেয়ে ইয়াৰ নীতি-নিয়ম আয়োজকৰ সিদ্ধান্তমতে হেৰ-ফেৰ হ’ব পাৰে৷ কিন্তু এটা কথাত সকলোতে এক যে, নাও খেলৰ বাইচাৰ সংখ্যা বেলেগ হ’লেও মাঝি বা গুৰিয়াল এজন থাকে আৰু প্ৰত্যেক দলৰ বাইচাসকলে মাঝি বা গুৰিয়ালৰ নিৰ্দেশনা মানি ল’ব লাগে৷ নাৱৰ দীঘ অনুপাতে বাইচাৰ সংখ্যা কম বেছি হয়৷ নাৱৰ বাইচাসকলৰ মাজত এজন গীত গোৱা লোক থাকে, যাক বয়াতী বোলে৷[1] অৱশ্যে কেৱল নাও খেলৰ সময়তেই যে গীত জোৰা হয়, এনে নহয়; মাছ মাৰিবলৈ যাওঁতে, খৰি লুৰিবলৈ যাওঁতে বা বেহা-বেপাৰৰ বাবে যাওঁতে মনৰ অৱসাদ আঁতৰাবলৈয়ো গীত গোৱা হয়৷ এই গীতবোৰ ব’ঠাৰ ছন্দত তাল মিলাই গোৱা হয়৷[2] গোৱালপাৰাত জমিদাৰী প্ৰথা থকাৰ সময়ত যোৰা নাও দুবিধ আছিল, সাৰেংগা আৰু কোছা সাৰেংগা৷ ব’ঠাও দুবিধ আছিল, এবিধ ৪ ফুটমান দীঘল আৰু নিম্নাংশ চেপেটা-বহল৷ ইয়ে পানী কাটি নাওখন আগলৈ লৈ যায়৷ আনবিধ ৭ ফুটমান দীঘল৷ নাৱৰ দুয়ো দাঁতিত দুহাতৰ অন্তৰে অন্তৰে দুজনকৈ বাইচা বহে৷ গুৰিয়ালজন নাৱৰ পিছফালে গুৰিত বহে বা থিয় হৈ থাকি “হাইল’’ ধৰে৷ তেওঁ এখন ভৰিপতাৰ ওপৰেদি গামোচাৰে গলাইত আঁটিলকৈ বান্ধি লয়৷ এনেকৈ বান্ধি লোৱাৰ কাৰণ হ’ল যাতে নাওখন খুন্দিয়া-খুন্দি খাই বাগৰি নপৰে৷ হাইল থিকমতে ধৰাজনেই ভাল মুখ্য গুৰিয়াল৷ প্ৰতিযোগিতাত নমাৰ আগে আগে পাঁচজনী অকুমাৰী ছোৱালী নাৱৰ গলাইত এঁৱা গাখীৰ ঢালি নাওখন সামান্য ঠেলি দিয়ে৷ প্ৰতিযোগিতা অনুষ্ঠিত হোৱা নৈখনৰ আঢ়ৈ কিলোমিটাৰমান নিলগত দুখন নিচান অঁৰা থাকে৷ প্ৰথম নিচানে আগজাননী আৰু দ্বিতীয় নিচানে শেষ সিদ্ধান্ত দিয়ে৷ প্ৰতিযোগী নাওবোৰ সীমাৰ মাজ অংশ পোৱাৰ লগে লগে ঝুনা আৰম্ভ হয়৷ ব’ঠাৰ চাবে চাবে গোৱা গীদালৰ গীতত বাইচাসকলৰ উৎসাহ বাঢ়ে৷ গন্তব্যস্থান পালে সকলোৱে ব’ঠা দুহাতে ওপৰলৈ তুলি “হেইও-পাপ্-পেইয়া- হে এ এ হৈ এ’’ ধ্বনি দি উল্লাসিত হয়৷ বিজয়ী নাওখনক পাৰলৈ অহাৰ পিছত বাইচাসকল নাৱৰ পৰা নমাৰ আগতে পাঁচজনী অকুমাৰী ছোৱালীয়ে সেন্দূৰৰ ফোঁট দি বেঢ়ি ধৰে৷[3]
নাও খেলৰ গীত
[সম্পাদনা কৰক]নাও খেল এক উত্তেজনাময় খেল৷ ইয়াত উদ্গনি যোগায় গীতাল বা গীদালসকলে গোৱা গীতে৷ তেনে গীত লোকসাহিত্যৰ সম্পদস্বৰূপ৷ নাওখেল জাতি-ধৰ্ম-ভাষা-বৰ্ণ নিৰ্বিশেষে সকলোৱে খেলে৷ গীতবোৰৰ মাজেৰে মানুহৰ মাজৰ সম্প্ৰীতিৰ ছবিও দেখা যায়৷ কেইটামান গীতৰ অংশ:
ও বাইচাল ভায়াৰে, ঘাৰীয়া বইঠা মাৰিয়া যাও ৰে
বইঠা মাৰো বইঠা মাৰো ৰে ও বাইচাল ভাইয়াৰে
ঘাৰীয়া বইঠা মাৰিয়া যাওৰে৷[1]
আল্লাৰ নামে ধ্বনি ধ্বনি বোলো
লা-ই-লা-হা-হে এ এ[3]
ও ডিংগা সাজিলোৰে
আইসো মা মোৰ সৰস্বতী
শিৰে দিয়া পাও
আমাৰ কণ্ঠত আইসা মা ঝাম্পালি খেলাও৷[3]
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 ৰহমান, এম ছফিউৰ (২০১১). চৰ-চাপৰিৰ লোকসংস্কৃতি. প্ৰকাশিকা. পৃষ্ঠা. ১০১.
- ↑ নেওগ, মহেশ্বৰ (২০০৮). অসমীয়া গীতি সাহিত্য. চন্দ্ৰ প্ৰকাশ. পৃষ্ঠা. ২৪.
- ↑ 3.0 3.1 3.2 গগৈ, চাও লোকেশ্বৰ (২০১১). অসমৰ লোকসংস্কৃতি ২. ক্ৰান্তিকাল. পৃষ্ঠা. ২৩৩-২৩৪.