ৰেখা ৰাজু
ৰেখা ৰাজু | |
---|---|
মোহিনীঅট্টম প্ৰদৰ্শন কৰা অৱস্থা ৰেখা ৰাজু | |
জন্ম | ১০ এপ্ৰিল, (৩২ বছৰ ) কল্পতি, পলাক্কড়, কেৰালা |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
শিক্ষা | ফাইন আৰ্টচত ডক্টৰেট |
শিক্ষানুষ্ঠান | বেংগালুৰু বিশ্ববিদ্যালয় |
পেচা | নৰ্ত্তক,কৰিঅ’গ্ৰাফাৰ |
সক্ৰিয় হৈ থকা সময় | ২০০৩ চনৰ পৰা এতিয়ালৈ |
জনা যায় | মোহিনীঅট্টম আৰু ভাৰতনাট্যম |
ৱেবছাইট | |
www.rekharaju.com |
ৰেখা ৰাজু (ইংৰাজী: Rekha Raju) কৰ্ণাটকৰ বেংগালুৰু নিবাসী এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্য পটিয়সী আৰু নৃত্য প্ৰশিক্ষক। তেওঁ ভাৰতনাট্যম আৰু মোহিনীঅট্টম নৃত্যৰ বিশেষজ্ঞ।[1][2][3][4][5][6][7][8]
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]কেৰালাৰ পলাক্কড় জিলাৰ এটি ব্ৰাহ্মণ পৰিয়ালত ৰেখাৰ জন্ম হৈছি।[9] দেউতাক এম আৰ ৰাজু এজন থিয়েটাৰ শিল্পী আৰু মাক জয়লক্ষ্মী ৰাঘৱন। ৰেখা বেংগালুৰুত ডাঙৰ দীঘল হৈছিল। তেওঁ চাৰি বছৰ বয়সত শাস্ত্ৰীয় নৃত্য শিকিবলৈ আৰম্ভ কৰিছিল। ৰেখা ৰাজুৱে কলামণ্ডলম ঊষা দতৰ, ৰাজু দতৰ, গোপিকা বাৰ্মা আৰু জনাৰ্দ্দনকে ধৰি বিভিন্নজন গুৰুৰ অধীনত প্ৰশিক্ষণ লৈছিল।[10] তেওঁ বাণিজ্য শাখাত নামভৰ্তিৰে কলেজীয়া শিক্ষা আৰম্ভ কৰিছিল আৰু মানৱ সম্পদ আৰু একাউণ্টচ (Human Resource & Accounts ) আৰু পাফৰ্মিং আৰ্ট বিষয় ৰূপে লৈ স্নাতকোত্তৰ ডিগ্ৰী লৈছিল।[11] তেওঁ জাৰ্মানীৰ হাইডেলবাৰ্গ বিশ্ববিদ্যালয়ৰ পৰা ফাইন আৰ্টছত পিএইচডি সম্পূৰ্ণ কৰে। ৰাজু ভাৰতনাট্যমত ডিচটিংচনসহ স্নাতকোত্তৰ ডিগ্ৰীধাৰী আৰু বিদ্বাথ [দক্ষতা]ৰ পদবী ধাৰক।[12][13]
কৰ্মজীৱন
[সম্পাদনা কৰক]ৰেখাই ২০০৩ চনত বেংগালুৰুৰ ৰবীন্দ্ৰ কলাক্ষেত্ৰৰ মঞ্চত প্ৰথম আত্মপ্ৰকাশ কৰিছিল।[14][15][16] চাৰি বছৰ বয়সৰ পৰাই তেওঁ ভাৰত আৰু বিদেশৰ বিভিন্ন মঞ্চত নৃত্য প্ৰদৰ্শন কৰি আহিছে আৰু ভাৰতৰ বহুতো সন্মানীয় নৃত্য প্ৰতিষ্ঠানৰ বাবে একক শিল্পী ৰূপে নৃত্য কৰিছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য অনুষ্ঠানসমুহ হৈছে কানাড়া সংস্কৃতি বিভাগৰ দ্বাৰা আয়োজিত যুৱ সৌৰভ, সাংস্কৃতিক সম্পৰ্ক ৰক্ষাৰ্থে ইণ্ডিয়ান কাউন্সিলে আয়োজন কৰা অনুষ্ঠান, ইনষ্টিটিউট অৱ ৱৰ্ল্ড কালচাৰ, দিল্লী আন্তঃৰাষ্ট্ৰীয় মহোৎসৱ, পুনা নৃত্য মহোৎসৱ, খাজুৰাহো নৃত্য মহোৎসৱ, কোণাৰ্ক নৃত্য মহোৎসৱ, পুৰাণা কিলা, চেন্নাই চিজনেল ডান্স ফেষ্টিভেল, চিদাম্বৰম নৃত্য উৎসৱ, বেলগামত আয়োজিত বিশ্ব কানাড়া সন্মিলন, অন্ধ্ৰ সংগীত আৰু নৃত্য মহোৎসৱ ইত্যাদি। ৰেখা ৰাজুৱে একক আৰু দলীয়, দুয়োবিধ নৃত্যৰ বাবেই সমালোচকৰ ভূয়সী প্ৰশংসা লাভ কৰিছে।[17][18][19][20] বৰ্তমান ৰাজুৱে বেংগালুৰু তামিল সঙ্গমত সহকাৰী নৃত্য প্ৰশিক্ষক ৰূপে আৰু আন্তৰ্জাতিক ব্যৱস্থাপনা আৰু ভাৰতীয় অধ্যয়ন কেন্দ্ৰ (International Center for Management & Indian Studies)ত নৃত্যৰ অতিথি প্ৰবক্তা হিচাপে কাম কৰি আছে, য’ত বিদেশী শিক্ষাৰ্থীসকলক ভাৰতীয় সংস্কৃতি বিষয়ক প্ৰশিক্ষণ দিয়া হয়।[21][22] তেওঁ বেংগালুৰু দূৰদৰ্শনৰ এগৰাকী অডিচনপ্ৰাপ্ত শিল্পী আৰু ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক পৰিষদৰ এগৰাকী পেনেল আৰ্টিষ্ট। তেওঁ ‘নৃত্য ধাম’ নামৰ এটা নৃত্য প্ৰতিষ্ঠানৰ মুৰব্বী। ইয়াত তেওঁ সংখ্যালঘু সম্প্ৰদায়ৰ শিশুসকলক প্ৰশিক্ষণ দিয়ে। ৰেখা ৰাজু ‘ফ্ৰীডম ফাউণ্ডেচন’ৰ নামৰ এটি সেচ্ছাসেৱী সংগঠনৰ সৈতেও জড়িত, যি এইচ.আই.ভি.পজিটিভ শিশুসকলক চোৱা-চিতা কৰে।[23][24] ৰাজুৱে ১০০০ গৰাকী নৃত্যশিল্পীয়ে অংশগ্ৰহণ কৰা তাঞ্জোৰ নৃত্য মহোৎসৱত নৃত্য প্ৰদৰ্শন কৰি ‘লিমকা বুক অৱ ৰেকৰ্ডছত’ নাম লিখাইছিল।[25][26][27] ভাৰতীয় কলাৰ প্ৰচাৰত অৰিহণা যোগোৱা বাবে বেঙ্গালুৰু তামিল সঙ্গমে তেওঁক শ্ৰেষ্ঠ যুৱ নৃত্যশিল্পী হিচাপে সন্মানিত কৰিছে। তেওঁক কলাহাল্লি মন্দিৰ ট্ৰাষ্টৰ দ্বাৰা ‘স্বৰ্ণ মুখী’ উপাধিৰে সন্মানিত কৰা হৈছে।[28][29]
বঁটা আৰু স্বীকৃতি
[সম্পাদনা কৰক]- কৃষ্ণ গণ সভাৰ দ্বাৰা ‘কৃষ্ণ গণ সভা ইণ্ডাউমেণ্ট এৱাৰ্ড’ , (২০১৬)
- বেংগালুৰু ক্লাৱ ফ’ৰ কথাকলি এণ্ড দ্য আৰ্টচৰ ফালৰ পৰা ‘যুৱ কলা প্ৰতিভা’, (২০১৪)
- ‘অভিনৱ ভাৰতী’, (২০১৩)
- ভাৰত কলাচাৰৰ পৰা ‘যুৱ কলা ভাৰতী’, (২০১৩)
- নটৰাজ ডান্স একাডেমিৰ পৰা নাট্য বেদ এৱাৰ্ড, (২০১৩)
- অন্ধ্ৰপ্ৰদেশ চৰকাৰে প্ৰদান কৰা ‘নৃত্য কৌমুদী’ উপাধি, (২০১২)
- ‘নৃত্য বিভূষণ’, (২০১২)
- কন্নুৰ আৰ্ট একাডেমিৰ ‘নৃত্য ৰজনী’, (২০১১)
- কলাহাল্লি মন্দিৰ ট্ৰাষ্টৰ দ্বাৰা ‘স্বৰ্ণ মুখী’, (২০১০)
- বেঙ্গালুৰু তামিল সঙ্গমৰ দ্বাৰা ‘বেষ্ট য়ং ডান্সাৰ’, (২০০৯)
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ "Official Website". Archived from the original on 2019-08-27. https://web.archive.org/web/20190827142234/http://rekharaju.com/aboutme.html। আহৰণ কৰা হৈছে: 2023-02-02.
- ↑ "The New Indian Express News on 27 May 2013". Archived from the original on 14 September 2014. https://web.archive.org/web/20140914195841/http://www.newindianexpress.com/cities/bangalore/The-guru-does-justice/2013/05/27/article1607821.ece। আহৰণ কৰা হৈছে: 2 February 2023.
- ↑ The Hindu News on 18 June 2014
- ↑ Deccan Herald News on 1 September 2012
- ↑ "News British Biologicals". Archived from the original on 2016-03-04. https://web.archive.org/web/20160304060616/http://www.britishbiologicals.com/pdf/JagaranCityPlusBangalore.pdf। আহৰণ কৰা হৈছে: 2023-02-02.
- ↑ The Hindu 26 September 2014
- ↑ The Hindu News on 17 Nune 2014
- ↑ "Karnataka News". Archived from the original on 2014-08-10. https://web.archive.org/web/20140810073453/http://karnatakanews.com/thisweek.php?dispdt=2014-06-19। আহৰণ কৰা হৈছে: 2023-02-02.
- ↑ Gupta, Soumyabrata (2018-05-26). "Dance is not just natyam, its life, says danseuse Dr Rekha Raju". The Asian Age. https://www.asianage.com/newsmakers/260518/dance-is-not-just-natyam-its-life-says-danseuse-dr-rekha-raju.html। আহৰণ কৰা হৈছে: 2022-04-21.
- ↑ "Website of Alliance Farncaise". Archived from the original on 2014-08-09. https://web.archive.org/web/20140809204817/http://bangalore.afindia.org/classical-dance-rekha-raju/। আহৰণ কৰা হৈছে: 2023-02-04.
- ↑ The Hindu 26 September 2014
- ↑ "Website of Alliance Farncaise". Archived from the original on 2014-08-09. https://web.archive.org/web/20140809204817/http://bangalore.afindia.org/classical-dance-rekha-raju/। আহৰণ কৰা হৈছে: 2023-02-04.
- ↑ "Official Website". Archived from the original on 2019-08-27. https://web.archive.org/web/20190827142234/http://rekharaju.com/aboutme.html। আহৰণ কৰা হৈছে: 2023-02-02.

- ↑ Website of Meet Kalakar
- ↑ "The New Indian Express News on 27 May 2013". Archived from the original on 14 September 2014. https://web.archive.org/web/20140914195841/http://www.newindianexpress.com/cities/bangalore/The-guru-does-justice/2013/05/27/article1607821.ece। আহৰণ কৰা হৈছে: 2 February 2023.
- ↑ "Website of Alliance Farncaise". Archived from the original on 2014-08-09. https://web.archive.org/web/20140809204817/http://bangalore.afindia.org/classical-dance-rekha-raju/। আহৰণ কৰা হৈছে: 2023-02-04.
- ↑ "Official Website". Archived from the original on 2019-08-27. https://web.archive.org/web/20190827142234/http://rekharaju.com/aboutme.html। আহৰণ কৰা হৈছে: 2023-02-02.
- ↑ Website of Cyber Kerala

- ↑ "Official Website of Nrithya Dhama". Archived from the original on 2020-03-01. https://web.archive.org/web/20200301082012/http://rekharaju.com/। আহৰণ কৰা হৈছে: 2023-02-02.