সমললৈ যাওক

নলিনী জমীলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জন্ম ১৮ আগষ্ট, ১৯৫৪ (৭১ বছৰ)
কল্লুৰ থ্ৰিছুৰ, থ্ৰিচ্ছুৰ , ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা যৌনকৰ্মী
যৌনকৰ্মীৰ প্ৰবক্তা
লেখক
উল্লেখযোগ্য কৰ্ম দ্য অটোবায়’গ্ৰাফী অৱ এ চেক্স-ৱৰ্কাৰ (2005)
ৰোমাণ্টিক এনকাউণ্টাৰছ অৱ এ চেক্স ৱৰ্কাৰ(2018)
বঁটা, সন্মান, পুৰস্কাৰ আদি কেৰেলা ৰাজ্যিক চলচ্চিত্ৰ বঁটা, বিচাৰকৰ বঁটা আদি

নলিনী জমিলা (ইংৰাজী: Nalini Jamela; জন্ম: ১৮ আগষ্ট ১৯৫৪) এগৰাকী ভাৰতীয় বেষ্ট চেলাৰ লেখিকা,[1] যৌনকৰ্মীৰ সক্ৰিয় প্ৰবক্তা আৰু কেৰালাৰ থ্ৰিছুৰৰ প্ৰাক্তন যৌনকৰ্মী। তেখেত দ্য অটোবায়’গ্ৰাফী অৱ এ চেক্স-ৱৰ্কাৰ (২০০৫) আৰু ৰোমাণ্টিক এনকাউণ্টাৰছ অৱ এ চেক্স ৱৰ্কাৰ (২০১৮) নামৰ গ্ৰন্থৰ লেখিকা। তেখেত কেৰালাৰ যৌনকৰ্মী মঞ্চৰ সমন্বয়ক[2] আৰু পাঁচটা বেচৰকাৰী সংস্থাৰ (NGO) সদস্য।[3] ৫১ সংখ্যক কেৰেলা ৰাজ্যিক চলচ্চিত্ৰ বঁটাত ভাৰতপুঝা ছবিখনৰ সাজ-পোছাকৰ ডিজাইনৰ বাবে নলিনীয়ে বিশেষ জুৰীৰ উল্লেখ লাভ কৰে।[4][5]

১৯৫৪ চনৰ ১৮ আগষ্টত ভাৰতৰ থ্ৰিচ্ছুৰৰ কল্লুৰ গাঁৱত নলিনী জমিলাৰ জন্ম হৈছিল। ২৪ বছৰ বয়সত স্বামীৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু নোহোৱালৈকে তেওঁ পথাৰত শস্য ৰোপণ আৰু চপোৱা কাম কৰিছিল[6] ইয়াৰ বাহিৰে তেওঁৰ দুটা সৰু সন্তানক পোহপাল দিইত্য়াথৰ কোনো উপায় নাছিল।[7] ৰোজেচি নামৰ এগৰাকী যৌনকৰ্মীয়ে[8][7] তেওঁক যৌন কৰ্মৰ সৈতে পৰিচয় কৰাই দিছিল। ৰোজেচিয়ে তেওঁৰ প্ৰথম ক্লায়েণ্ট হিচাপে এজন জ্যেষ্ঠ আৰক্ষী বিষয়াৰ ব্যৱস্থা কৰিছিল আৰু তেওঁক থ্ৰিচ্ছুৰৰ এটা অতিথিশালাত লগ পাইছিল য’ত ৰাজনীতিবিদসকলে সঘনাই গৈছিল। ৰাতিপুৱা অতিথিশালাৰ পৰা ওলাই আহোঁতে তাইক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মাৰপিট কৰে।[8]

প্ৰায় সাত বছৰ বয়সত তেওঁ ৩য় শ্ৰেণীলৈকে পঢ়ি স্কুল এৰিছিল।[1]১৯৯০ চনত তেওঁ কল্লুৰ চৰকাৰী বিদ্যালয়ত অধিক শিক্ষা গ্ৰহণ কৰে আৰু শেষত দ্বাদশ শ্ৰেণীত উপনীত হয়।[9]

২০০১ চনত তেওঁ কেৰালাৰ যৌনকৰ্মী মঞ্চৰ (SWFK) সমন্বয়ক হিচাপে নিৰ্বাচিত হয়।[9] তেওঁৰ নেতৃত্বত SWFK-এ ৰাজপথৰ যৌনকৰ্মীসকলৰ দুৰ্দশাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিবলৈ প্ৰতিবাদী সমদল অনুষ্ঠিত কৰে।[10]


জমিলা পাঁচটা বেচৰকাৰী সংস্থা (এন জি অ')ৰ সদস্য।[3] বাংগালুৰুত এইডছ কাউন্সেলিং প্ৰগ্ৰেমৰ চতুৰ্থখন বৈঠকত তেওঁ চৰকাৰক কেৱল কণ্ডম বিতৰণ কৰাই নহয়, যৌনকৰ্মী আৰু তেওঁলোকৰ সন্তানক শিক্ষা প্ৰদান কৰিবলৈ আহ্বান জনায়।[3]

কৰ্মজীৱন

[সম্পাদনা কৰক]

এগৰাকী যৌনকৰ্মীৰ আত্মজীৱনী

[সম্পাদনা কৰক]

২০০৫ চনত জমীলাই লিখা Oru Lyngikathozhilaliyude Atmakatha *(Autobiography of a Sex Worker, এগৰাকী যৌনকৰ্মীৰ আত্মজীৱনী ) গ্ৰন্থখনৰ ১৩,০০০ কপি বিক্ৰী হৈছিল। কিতাপখন প্ৰকাশৰ ১০০ দিনৰ ভিতৰতে ছটা সংস্কৰণলৈ মুক্তি পাইছিল।[11] মূলতঃ মালায়ালম ভাষাত লিখা এই গ্ৰন্থখন ২০০৭ চনত জে দেৱিকাই ইংৰাজীলৈ অনুবাদ কৰে,[1]আৰু পিছৰ বছৰত ছফী বাষ্টাইড-ফল্টজে ফৰাচী ভাষালৈ অনুবাদ কৰে।[15] এই গ্ৰন্থখনে সমাজত ব্যাপক আন্দোলনৰ সৃষ্টি কৰিছিল,[12] আৰু কেৰেলাত বহু বিবাব আৰু বিতৰ্কৰ সৃষ্টি কৰিছিল।[13] নাৰীবাদীসকলে এই গ্ৰন্থখনক নিন্দা কৰিছিল। তেওঁলোকেৰ মতে, এই কিতাপ যৌন কৰ্মক মহিমামণ্ডিত কৰে আৰু ৰক্ষণশীলসকলেও এই বিষয়টো প্ৰচাৰ কৰা উচিত নহয়‌।[14][15][3][1]

যৌনকৰ্মীৰ ৰোমাণ্টিক এনকাউণ্টাৰ

[সম্পাদনা কৰক]

২০১৮ চনত জমিলাৰ দ্বিতীয়খন গ্ৰন্থ Romantic Encounters of a Sex Worker[16]প্ৰকাশ পায়। কিতাপখন থৈৰেশমা ভৰদ্বাজে ইংৰাজীলৈ অনুবাদ কৰিছিল,[6] আৰু গুজৰাটী, বাংলা আৰু তামিললৈও অনুবাদ কৰিছিল।[3] কিতাপখনত ১৯৭০ চনৰ পৰা ২০০০ চনলৈকে লিখা আঠটা কাহিনী সন্নিবিষ্ট কৰা হৈছে,[10] ইয়াত তেওঁৰ ক্লায়েণ্টসকলৰ সৈতে গঢ় লৈ উঠা সম্পৰ্কৰ বিষয়ে কোৱা হৈছে।[12]

তথ্যচিত্ৰ

[সম্পাদনা কৰক]

উল্লেখযোগ্য যে বিখ্যাত চলচ্চিত্ৰ পৰিচালক সন্তোষ শিৱনৰ কনিষ্ঠ ভাতৃ সঞ্জীৱ শিৱনে ২০১৩ চনত জমিলাৰ জীৱনক লৈ ২৮ মিনিটৰ এখন তথ্যচিত্ৰ ‘Sex, Lies and a Book’ নিৰ্মাণ কৰিছিল। এই তথ্যচিত্ৰখন ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী (UNDP) আৰু পাব্লিক চাৰ্ভিচ ব্ৰডকাষ্টিং ট্ৰাষ্টৰ যৌথ উদ্যোগত আছিল। ছবিখনত অভিনয় কৰিছিল জমিলাই।[3]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 4 "Indian prostitute mum sparks storm with book". www.chinadaily.com.cn. 2005-12-20. http://www.chinadaily.com.cn/english/doc/2005-12/20/content_504790.htm.
  2. Ittyipe, Minu S. (2005-07-30). "The life of the Silenced". Tehelka. Archived from the original on 3 February 2013. https://archive.today/20130203204951/http://archive.tehelka.com/story_main13.asp?filename=hub073005the_life_of.asp আহৰণ কৰা হৈছে: 23 October 2011.
  3. 1 2 3 4 5 6 "നളിനി ജമീലയുടെ ആത്മകഥ അഭ്രപാളികളില്‍ [Nalini Jameela's autobiography]" (ml ভাষাত). malayalam.boldsky.com. 26 October 2006. https://malayalam.boldsky.com/insync/2006/102606jameela-now-an-actress.html আহৰণ কৰা হৈছে: 10 March 2019.
  4. "51st Kerala State Film Awards: The full winners list" (en ভাষাত). 2021-10-17. https://indianexpress.com/article/entertainment/malayalam/51st-kerala-state-film-awards-winners-list-7574805/.
  5. "നല്ലനടപ്പുകാരി ചമയാനില്ല; എന്റെ ജീവിതം ആരെയും ബോധിപ്പിക്കാനുമല്ല: നളിനി ജമീല" (ml ভাষাত). ManoramaOnline. https://www.manoramaonline.com/movies/movie-news/2021/10/25/exclusive-chat-with-nalini-jameela-state-award-winner.html আহৰণ কৰা হৈছে: 2021-10-25.
  6. 1 2 Jameela, Nalini (16 May 2018). "In a new book, Nalini Jameela breaks taboos and writes about her romantic encounters as a sex worker". Scroll.in. https://scroll.in/article/878956/in-a-new-book-nalini-jameela-breaks-taboos-and-writes-about-her-romantic-encounters-as-a-sex-worker আহৰণ কৰা হৈছে: 10 March 2019.
  7. 1 2 "Indian prostitute reveals all in gripping autobiography" (en ভাষাত). South China Morning Post. 25 July 2005. http://www.scmp.com/article/509522/indian-prostitute-reveals-all-gripping-autobiography.
  8. 1 2 Ittyipe, Minu (14 March 2012). "The life of the Silenced". Tehelka - The People's Paper. Archived from the original on 14 March 2012. https://web.archive.org/web/20120314112521/http://tehelka.com/story_main13.asp?filename=hub073005the_life_of.asp আহৰণ কৰা হৈছে: 10 March 2019.
  9. 1 2 "books.puzha.com - Author Details". www.puzha.com. Archived from the original on 22 April 2016. https://web.archive.org/web/20160422120856/http://www.puzha.com/malayalam/bookstore/cgi-bin/author-detail.cgi?code=2041 আহৰণ কৰা হৈছে: 10 March 2019.
  10. 1 2 Mitra, Ipshita (18 April 2018). "Romantic Encounters of a Sex Worker: Nalini Jameela returns, with eight new stories from her past". Firstpost. https://www.firstpost.com/living/romantic-encounters-of-a-sex-worker-nalini-jameela-returns-with-eight-new-stories-from-her-past-4433545.html আহৰণ কৰা হৈছে: 10 March 2019.
  11. Jameela, Nalini (2010) (ml ভাষাত). Oru Lymgikathozhilaliyude Atmakatha. D C Books. ISBN 9788126438105. https://books.google.com/books?id=aemvDQAAQBAJ&q=nalini+jameela.
  12. 1 2 Pillai, Pooja (25 March 2018). "How to Talk about Sex Without Offending People" (en-IN ভাষাত). The Indian Express. https://indianexpress.com/article/express-sunday-eye/how-to-talk-about-sex-without-offending-people-5110176/ আহৰণ কৰা হৈছে: 10 March 2019.
  13. Roy, Nilanjana S. (2010-07-06). "Giving a Voice to the Voiceless in India". The New York Times. https://www.nytimes.com/2010/07/07/world/asia/07iht-letter.html আহৰণ কৰা হৈছে: 14 June 2011.
  14. Jameela, Nalini (2008) (fr ভাষাত). Autobiographie d'une travailleuse du sexe. Actes Sud. ISBN 9782742775163. https://books.google.com/books?id=uCJBOAAACAAJ&q=nalini+jameela.
  15. "ഞങ്ങള്‍ക്ക് കോണ്ടം മാത്രം പോര: നളിനി ജമീല [Don't just give us condoms, give us life: Nalini]" (ml ভাষাত). malayalam.webdunia.com. http://malayalam.webdunia.com/article/kerala-news-in-malayalam/%E0%B4%9E%E0%B4%99%E0%B5%8D%E0%B4%99%E0%B4%B3%E0%B5%8D%E2%80%8D%E0%B4%95%E0%B5%8D%E0%B4%95%E0%B5%8D-%E0%B4%95%E0%B5%8B%E0%B4%A3%E0%B5%8D%E0%B4%9F%E0%B4%82-%E0%B4%AE%E0%B4%BE%E0%B4%A4%E0%B5%8D%E0%B4%B0%E0%B4%82-%E0%B4%AA%E0%B5%8B%E0%B4%B0-%E0%B4%A8%E0%B4%B3%E0%B4%BF%E0%B4%A8%E0%B4%BF-%E0%B4%9C%E0%B4%AE%E0%B5%80%E0%B4%B2-111061300008_1.htm আহৰণ কৰা হৈছে: 10 March 2019.
  16. Nair, Preetha S. (2011-07-05). "'Proud' sex worker Nalini Jameela pens her second book". India Today. http://indiatoday.intoday.in/story/sex-worker-nalini-jameela-pens-her-second-book/1/143701.html আহৰণ কৰা হৈছে: 27 October 2011.