অসমৰ স্বৰ্ণ শিল্প

অসমীয়া ৱিকিপিডিয়াৰ পৰা
থুৰীয়া
কেঁ‌চাসোণৰ অলংকাৰ

অসমৰ স্বৰ্ণ শিল্পই (ইংৰাজী: Gold crafts of Assam) আহোম যুগৰে পৰা অসমৰ অৰ্থনীতিত এক উল্লেখযোগ্য স্থান অধিকাৰ কৰি আহিছে৷ অসমত পুৰুষ মহিলা উভয়ৰে পৰিধেয় অলংকাৰৰ উপৰি মূৰ্তি আৰু আন আন সামগ্ৰী সোণেৰে তৈয়াৰ কৰা এক উদ্যোগ গঢ়ি উঠিছিল৷ এই শিল্পৰ ইতিহাস অতি পুৰণি৷ গ্ৰীক গ্ৰন্থ “পেৰিপ্লাছ অৱ দ্যা এৰিথ্ৰিয়ান ছি’’ৰ বৰ্ণনা অনুসৰি সেইসময়ৰ অসমৰ ভূখণ্ডৰ পৰা নিষ্কাশিত সোণ ত্ৰিপুৰা হৈ গংগা অৱবাহিকাৰ আশেপাশে থকা বিভিন্ন ব্যৱসায়িক কেন্দ্ৰলৈ গৈছিল৷ পালবংশী ৰজা জয়পালৰ সময়ৰ এখন শিলালিপি অনুসৰি ৰজাই নিজৰ দেহৰ সমান ওজনৰ স্বৰ্ণমুদ্ৰা ব্ৰাহ্মণক দান কৰাৰ কথা জনা যায়৷ ১৩শ শতিকাৰ পাৰ্ছীয়ান ইতিহাসবিদ মিনহাজ আল ছিৰাজ জুজজানিৰ “তাবাকাৎ ই নাছিৰি’’ নামৰ কিতাপমতে সেইসময়ৰ কামৰূপ ৰাজ্যৰ এটা মন্দিৰত সোণ আৰু ৰূপৰ বহুকেইটা মূৰ্তি পোৱা গৈছিল৷ কৌটিল্যঅৰ্থশাস্ত্ৰত প্ৰাচীন কামৰূপহিমালয়ৰ পৰা বৈ অহা নদীৰ বালিৰ পৰা প্ৰচুৰ পৰিমাণে সোণ আহৰণ কৰাৰ কথাৰ উল্লেখ আছে৷ [1]

স্বৰ্ণ প্ৰবাহিনী নদী[সম্পাদনা কৰক]

আহোমসকল অসমলৈ অহাৰ পিছৰ পৰা অসমৰ বহুকেইখন নদীৰ বালিৰ পৰা সোণ উৎপাদন কৰা এক উদ্যোগৰ সৃষ্টি হৈছিল৷ নদীসমূহৰ ভিতৰত সোৱণশিৰীত প্ৰচুৰ পৰিমাণে সোণ পোৱা গৈছিল৷ সংস্কৃত শব্দ “স্বৰ্ণ’’ৰ অপভ্ৰংশৰ পৰাই এই নদীৰ নাম “সোৱণশিৰী’’ হয়৷ সোৱণশিৰীৰ বাহিৰে ব্ৰহ্মপুত্ৰ, বুঢ়ীদিহিং, দিক্ৰং, বৰপানী, ধনশিৰি, দিহিং, দিগাৰু, জাগলু আদি নদীত সোণ পোৱা গৈছিল৷ জাগলু নদীৰ সোণ উজ্জ্বল হালধীয়া বৰণৰ আৰু এই সোণেই আটাইতকৈ নিভাঁজ বুলি গণ্য কৰা হৈছিল৷ আহোম ৰাজপৰিয়ালৰ আ-অলংকাৰ এই সোণৰ পৰা তৈয়াৰ কৰা হৈছিল৷[2] সোণ কমোৱা অসমৰ আন আন নদীবোৰ হ’ল, টেঙাপানী, পৰুৱা, দিহং, দিবাং, ঢল, দিচাং, ডিবুৰু, ডিজু, কাকৈ, কদম সোমদিৰী, খৰৈ,বৰৈ, বৰগাং, বৰদিখৰী, ভৰলী, মানশিৰী, কলিজুৰি, ডেকাজুৰি, পমা, গৰুৱা, মানাহা, বুঢ়ীগঙ্গা, দিচৈ আদি বহুতো সৰু-বৰ নৈত সোণ কমোৱা হৈছিল৷[3]

সোণৰ জোখমাখ[সম্পাদনা কৰক]

প্ৰাচীন কালৰে পৰা অসমীয়া সমাজত জোখ-মাখৰ কিছুমান স্বকীয় পদ্ধতি আছিল৷ সোণ, ৰূপ, ৰত্ন আদি জুখিবলৈ কিছুমান একক ব্যৱহাৰ কৰা হৈছিল, যিবোৰক আধলি, আনা, চৰু, তোলা, ৰতি, সিকি আদি শব্দেৰে জনা যায়৷ আধলি=৫.৮৩২ গ্ৰাম; আনা=৭২৯ মিলিগ্ৰাম; তোলা=১১.৬৪৬ গ্ৰাম; ৰতি=১৬২ মিলিগ্ৰাম; সিকি=চাৰি আনা৷[4] চৰু=সোণৰ গুড়ি গলোৱা মুহি৷ সোণোৱালসকলে নৈৰ বালি ধুই উলিওৱা সোণ পাৰাৰ সহায়ত পৃথক কৰি মুহিবোৰত একোটা পিণ্ড তৈয়াৰ কৰিছিল৷ এই মুহিবোৰক “চৰু’’ বোলা হৈছিল৷ এক চৰু সোণত প্ৰায় ১৫.১৮ গ্ৰাম সোণ থাকে৷[5]

সোণাৰী[সম্পাদনা কৰক]

সোণৰ আ-অলংকাৰ গঢ়া শিল্পীসকলক সোণাৰী বোলে৷ সোণাৰীসকলে সোণ, ৰূপ, তাম আদি ধাতুৰ অলংকাৰ তৈয়াৰ কৰিছিল৷ আহোম ৰাজত্বকালত মহাৰাজ বুদ্ধি স্বৰ্গনাৰায়ণৰ দিনত কোচবেহাৰৰ সোন্দৰ গোহাঁইৰ লগত অহা মানুহখিনিয়ে সোণৰ কাম কৰিছিল৷ তেওঁলোকে মূৰ্তি, কাঁহী, আঙঠি আদি তৈয়াৰ কৰিছিল৷ স্বৰ্গদেৱ ৰুদ্ৰসিংহৰ দিনত জয়পুৰ আৰু বেনাৰচলৈ অসমৰ পৰা সোণৰ কাম কৰা মানুহ পঠিয়াই অলংকাৰ গঢ়াৰ কাম শিকাই আনি থাপিছিল৷ ইয়াৰ আগতে যিসকল লোকে সোণৰ অলংকাৰ গঢ়িছিল, সেই অলংকাৰবোৰ চকুতলগা নহৈছিল৷ স্বৰ্গদেউ ৰুদ্ৰসিংহই জয়পুৰ আৰু বেনাৰচত শিকাই অনা দুজন লোকক ’ৰাজশাল’’ পাতি দি তেওঁলোকক বৰদলৈ উপাধি দিছিল৷[3]পূৰ্বতে সোণাৰীসকলে ছত্ৰ, লগুণ, আঙঠি আদি ৰাজেশ্বৰ সিংহহয়গ্ৰীৱ মাধব মন্দিৰত দান কৰাৰ কথা জনা যায়৷[5] কালক্ৰমত সোণৰ আ-অলংকাৰ গঢ়া, মিনা কৰা, সোণ-পানী ছটিওৱা অলংকাৰ প্ৰস্তুত কৰা আদি কামৰ প্ৰসাৰ হ’বলৈ ধৰে আৰু অসমত স্বৰ্ণ শিল্প কুটীৰ উদ্যোগ হিচাপে গঢ়ি উঠে৷

সোণাৰী শালৰ বিভিন্ন সঁজুলি[সম্পাদনা কৰক]

প্ৰাচীন অসমত সোণাৰীসকলে ব্যৱহাৰ কৰা সঁজুলিবোৰ হ’ল, মাঠনি(ডাঙৰ, সৰু, মজলীয়া হাতুৰী), চৰাই মাঠনি(পিতলৰ সৰু হাতুৰী), ৰেসনি, নৰনি, আফুৰি, ঘৰ, ঠিহা, কাটি, ঘুটি, ফলি, আকোৱা, ৰেতি, ঘোটনী, শান, মুহি, ঢালনা, কাকোন, চেপেনা, লেপ, সৰাহ, গোটালিমৰীয়া, ধেকা, ভাটি, ফেটী-চাতুলি, চাতুলি, আকুৰি, খন, জাৰণ, মৰপা, বিৰি মঠা, মিৰি সাকো আকোৱা, পাচৰংগি, ফুকচুঙা, চানা, কাষটি শিল, ৰোগন, খোলনী আদি৷[6]

সোণৰ আ-অলংকাৰ[সম্পাদনা কৰক]

গামখাৰু
কেঁ‌চাসোণৰ অলংকাৰ

প্ৰচুৰ পৰিমানে স্বদেশতে সোণ উৎপন্ন হোৱা বাবে আহোম ৰাজপৰিয়ালৰ সদস্য আৰু ৰজাই সোণেৰে নিৰ্মিত সাজ-পাৰ আৰু আ-অলংকাৰ পৰিধান কৰিছিল৷ সাধাৰণ পাইক শ্ৰেণীৰ লোকৰ সোণৰ অলংকাৰ পিন্ধাৰ অধিকাৰ নাছিল৷ ৰজাই সোণৰ বাখৰপতা আঙুঠি, নেপুৰ, সোণৰ গুণাৰে কাম কৰা জামা, গামখাৰু, পাচসৰী, সাতসৰী, নৱসৰী, কাণত সোণৰ গুণাৰে আঁৰি দিয়া মুকুতা আদি পিন্ধিছিল আৰু ৰাণীয়েও সোণৰ গুণাৰে বুটাবছা মেখেলা, আৰু সোণেৰে নিৰ্মিত বিভিন্ন অলংকাৰ পিন্ধিছিল৷[7] আন ধাতুৰ লগতে মুখ্যকৈ সোণেৰে তৈয়াৰী অসমত প্ৰচলিত অলংকাৰবোৰ হ’ল; অন্তী, আঙুধি, উন্টি, উজন্টী, কঁকালী, কঙ্কন, কণ্টক কঙ্কন, কণ্ঠহাৰ, কণ্ঠা, কণ্ঠি, কটিসূত্ৰ, কণ্ঠীমালা, কপালী, কৰ্দনী, কঁৰিয়া, কলি, কল্কী, কাঞ্চি, কাণজাপি, কাণফুল, কাণবালা, কাকৈ, কীৰিট, কাণবালি, কিংকিনী, কুণ্ডল, কেঁচুলুৰীয়া হাৰ, কেঁয়ুৰ, গলোতি, গামখাৰু, গেজেৰা, গোটা বালা, ঘুঙুৰা, চন্দ্ৰহাৰ, চাকি, চাঁপকলি, জুনুকা, জেঠীনেজীয়া আঙঠি, জোনবিৰি, ঢোলবিৰি, ঝুমকা, টিকলী, থুৰীয়া, দুল, ডুগডুগী, বিৰি, সাতসৰী, পাচলৰী, নৱলৰী, নাকচাবি, নাকফুল, মটৰমালা, মুঠিখাৰু, লংকেৰু, ঠোকা সোণ বা যুৰীয়া সোণা, লোকাপাৰ, শংখবালা, শিলিখা হাৰ, চিতিপতি, কুণ্ডল[4] আদি অলেখ অসমীয়া গঢ়ৰ অলংকাৰ অসমৰ সোণাৰীয়ে গঢ়ে৷

অলংকাৰ গঢ়োৱা পদ্ধতি[সম্পাদনা কৰক]

সোণাৰীসকলে প্ৰথমতে কষটি শিলত ঘঁহি সোণৰ বিশুদ্ধতা পৰীক্ষা কৰি লয়৷ এটা মাটিৰ মুহিত সোণ সুৱগাৰ সহায়ত ৰেতি মাৰি আফুৰিত গলাই লয় আৰু পিছত শীতল হ’লে হাতুৰীৰে নিয়াৰিত পিতি চেপেটা কৰে৷ পিছত তাৰপৰাই বিভিন্ন অলংকাৰৰ গঢ়ত গঢ় দি উলিয়ায়৷[6]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "সোণৰ অসম:এক সোণালী ঐতিহ্যৰ পম খেদি". https://xahitya.org/%E0%A6%B8%E0%A7%8B%E0%A6%A3%E0%A7%B0-%E0%A6%85%E0%A6%B8%E0%A6%AE-%E0%A6%8F%E0%A6%95-%E0%A6%B8%E0%A7%8B%E0%A6%A3%E0%A6%BE%E0%A6%B2%E0%A7%80-%E0%A6%90%E0%A6%A4%E0%A6%BF%E0%A6%B9%E0%A7%8D%E0%A6%AF/। আহৰণ কৰা হৈছে: 27 December 2022. 
  2. "Assam's Rivers of Gold". https://www.livehistoryindia.com/story/places/assams-rivers-of-gold। আহৰণ কৰা হৈছে: 27 December 2022. 
  3. 3.0 3.1 বৰবৰুৱা, হিতেশ্বৰ (১৯৮১). আহোমৰ দিন. অসম প্ৰকাশন পৰিষদ. পৃষ্ঠা. ৫০০. 
  4. 4.0 4.1 Deka, Dr, Pranab Jyoti (2007). Jyoti Bilingual Thesaurus. Perfect Expressions. পৃষ্ঠা. 157. ISBN 81-88866-08-3. 
  5. 5.0 5.1 শইকীয়া, ড° ৰক্তিম ৰঞ্জন. প্ৰাক-ঔপনিৱেশিক অসমৰ অৰ্থনৈতিক ইতিহাস. অসম পাব্লিচিং কোম্পানী. পৃষ্ঠা. ৯১. ISBN 978-93-92305-41-2. 
  6. 6.0 6.1 শৰ্মা, মৃগেন (২০২২). পুৰণি অসমৰ কাৰিকৰী শিল্পৰ ইতিহাস. জাগৰণ সাহিত্য প্ৰকাশন. পৃষ্ঠা. ১২-১৩. ISBN 978-93-93342-23-2. 
  7. ৰাজকুমাৰ, ৺সৰ্বানন্দ (২০০০). ইতিহাসে সোঁৱৰা ছশটা বছৰ. বনলতা. ISBN 81-7339-308-7.