অসমৰ পৰম্পৰাগত পুখুৰী খনন
প্ৰাচীন অসমত পুখুৰী খনন এক পৰম্পৰাগত কাৰ্য হৈ পৰিছিল৷ অসমত ৰাজত্ব কৰা বিভিন্ন ৰজা বা ৰাজবংশীয় লোকে বিভিন্ন উদ্দেশ্য, যেনে; প্ৰজাক খোৱাপানী যোগান, যুদ্ধ জয়ৰ চিন হিচাপে, ৰাজ্যৰ সীমা নিৰ্ধাৰণ কৰিবলৈ, জলসিঞ্চন, সৌন্দৰ্য বৰ্ধন আৰু স্মৃতি ৰক্ষাৰ্থে সময়ে সময়ে পুখুৰী খন্দাইছিল আৰু ই পৰম্পৰাত পৰিণত হৈছিল৷ অসমত প্ৰাচীন কালৰ পৰা মধ্য যুগলৈ বিভিন্ন শাসকে খন্দা পুখুৰীত কিছুমান বিশেষ কৌশলগত প্ৰযুক্তি প্ৰয়োগ কৰিছিল৷ অসমত বহু পুৰণি পুখুৰী এতিয়াও অক্ষত অৱস্থাত আছে৷ তাৰ ভিতৰত শালস্তম্ভ বংশৰ ৰজা হজৰবৰ্মনএ খন্দোৱা শোণিতপুৰৰ হজৰাপাৰৰ “হজৰ পুখুৰী’’ সবাতোকৈ প্ৰাচীন পুখুৰী বুলি চিহ্নিত৷[1]
পুখুৰী খনাৰ কাৰণ
[সম্পাদনা কৰক]প্ৰাচীন কালৰে পৰা অসমত বিভিন্ন কাৰণত পুখুৰী খনা হৈছিল৷ ৰজা-মহাৰজাসকলে যুদ্ধ জয় বা কোনো বীৰ-বীৰাঙ্গনাৰ স্মৃতি ৰক্ষাৰ্থে পুখুৰী খন্দোৱাৰ উপৰি ৰজা বা ডা-ডাঙৰীয়াসকলে প্ৰজাৰ হিতৰ বাবে আৰু ব্যক্তিগত উদ্দেশ্যত পুখুৰী খনাইছিল৷ খোৱাপানীৰ বাবে, কঠিয়া টিওৱাৰ বাবে, ৰজাঘৰীয়া পূজা-সেৱা, চাওফা বা নাংফাৰ শ ধোৱা, মৈদামত ব্যৱহৃত কোৰ ধোৱা, নাঙল ধোৱা, ৰজাঘৰীয়া সাজ-পাৰ ধোৱা, মাছ পোহা, নাওখেল আদিৰ বাবে পুখুৰী খন্দোৱা হৈছিল৷[2]
পুখুৰীৰ ঐতিহাসিক নাম
[সম্পাদনা কৰক]বিভিন্ন সময়ত বিভিন্ন উদ্দেশ্যেৰে খন্দা পুখুৰীবোৰৰ প্ৰয়োগৰ দিশলৈ চাই কিছুমান নাম ৰখা হৈছিল৷ যুৰীয়া পুখুৰী, পূজাঘৰৰ পুখুৰী, নাকলগা পুখুৰী, গোলাঘৰৰ পুখুৰী, জামুকতলৰ পুখুৰী আদি এনে পুখুৰী৷[2] মধ্যযুগত আহোম ৰজাসকলে পুখুৰী খননত অধিক গুৰুত্ব দিয়ে৷ শিৱসাগৰ পুখুৰী, জয়সাগৰ পুখুৰী, গৌৰিসাগৰ পুখুৰীৰ উপৰিও পদুম পুখুৰী, বামুণ পুখুৰী, গণক পুখুৰী, নাগশংকৰ পুখুৰী, দীঘলী পুখুৰী, ডিমৌ পুখুৰী, মিঠা পুখুৰী, ৰাধা পুখুৰী, লিগিৰী পুখুৰী, লেতেকু পুখুৰী, কলিয়াবৰ পুখুৰী, বগীদ’ল পুখুৰী, ৰহঢলা পুখুৰী, ৰূপহী পুখুৰী আদি অনেক পুখুৰীৰ অৱস্থতিয়ে এতিয়াও প্ৰাচীন অসমৰ পুখুৰী খননৰ জনপ্ৰিয়তাকে সোঁৱৰায়৷[1]
বিষয়া নিযুক্তি
[সম্পাদনা কৰক]আহোম যুগত পুখুৰী খননৰ বাবে উচ্চ প্ৰযুক্তিগত কৌশল প্ৰয়োগ কৰা হৈছিল, তাৰবাবে কেইবাজনো বিষয়া নিযুক্ত কৰা হৈছিল৷ ৰসেন্দ্ৰ বৰুৱা, দৰবধৰা বৰুৱা,[3] চাংৰুং ফুকন, মাটি চেলেকা বৰুৱা [1]আদি বিষয় বাব সৃষ্টি কৰি সেইবোৰত উপযুক্ত লোকক নিযুক্ত কৰা হৈছিল৷ পুখুৰী খন্দাৰ কাম আৰম্ভ কৰাৰ আগতে ডা-ডাঙৰীয়াসকলে দেওধাই আৰু ব্ৰাহ্মণ পণ্ডিতসকলৰ গণনামতে বিষয়াসকলক কামত লাগিবলৈ অনুমতি দিয়ে আৰু সেইমতে বিষয়াসকলে নিজৰ নিজৰ কামত লাগে৷
পুখুৰী খননৰ পদ্ধতি
[সম্পাদনা কৰক]আহোম শাসন কালত যিবোৰ পুখুৰী খন্দা হৈছিল, সেইবোৰ কেইবাটাও স্তৰ অতিক্ৰম কৰি সজা হৈছিল৷ এটা পুখুৰী সম্পূৰ্ণ হ’বলৈ কেইবাটাও স্তৰ পাৰ কৰিবলগীয়া হয়৷ পুখুৰীৰ বাবে স্থান নিৰ্ণয় কৰাৰ পিছত নাগস্তম্ভ স্থাপন, পাৰ বন্ধা, খাৱৈ স্থাপন, আলি নিৰ্মাণ, পানী পৰিষ্কাৰ কৰা আদি স্তৰ অতিক্ৰম কৰাৰ পিছতহে এটা পুখুৰী সম্পূৰ্ণ হোৱা বুলি ধৰা হয়৷
স্থান নিৰ্ণয়
[সম্পাদনা কৰক]দেওধায়ে পুখুৰীৰ বাবে ঠাই নিৰ্বাচন কৰাৰ পিছত এটি শুভ দিনৰ এটুকুৰা বৰ্গক্ষেত্ৰাকাৰ ঠাইত কেইবাটাও সৰু বৰ্গক্ষেত্ৰ আঁকি তাৰ সোঁমাজত একোটিকৈ চাকি জ্বলায়৷ যিকেইটা চাকি সোনকালে নুমাই যায়, সেইকেইটা ৰাখি বাকীকেইটা নাকচ কৰা হয়৷ পিছত নুমোৱা চাকিৰ ঠাইবোৰ মাটি চেলেকা বৰুৱাই চেলেকি চাই অলপ খান্দি পুনৰ চাকি জ্বলোৱা হয়৷ এইবাৰি যিকেইটা চাকি নুমাই যায়, সেই ঠাইবোৰ নিৰ্বাচনত ৰাখি বাকীবোৰ বাদ দিয়ে৷ মাটি চেলেকাই পুনৰ মাটি চেলেকি চাই অৰু অলপ দকৈ খান্দি চাকি জ্বলায়৷ এইদৰে গৈ গৈ শেহত এটা চাকি যদি জ্বলি থাকে তাতে মাটি চেলেকাই পানীৰ গোন্ধ পায় আৰু পুখুৰীৰ বাবে স্থিৰ কৰে৷ পানীৰ উঁহ থকা স্থানৰ নাভিস্থান বোলে৷ নাভিস্থানক কেন্দ্ৰ কৰি পুখুৰীৰ চাৰিসীমা নিৰ্ধাৰণ কৰা হয়৷[2] অৰ্থাৎ যি ঠাইতে এটা বা একেলগে জ্বলোৱা বহুতো চাকি ঢপঢপকৈ নুমাই যায়, সেই ঠাইকে কেন্দ্ৰ কৰি নাগ পোতা হয়৷[4]
নাগস্তম্ভ
[সম্পাদনা কৰক]পানীৰ উঁহ বিচাৰি বিচাৰি যি ঠাইতে চাকি নুমাই যায়, তাতে নাগপোতা হয়৷ সেই কাৰণে সেই যুগৰ পুখুৰীবোৰক নাগপোতা বা নাগফুটা পুখুৰী বোলা হৈছিল৷[4] নাগস্তম্ভ পোতাৰ আগতে শল্যকৰ্ষণ কৰে৷ ইয়াৰ গুৰিত তাম্ৰপত্ৰ স্থাপন কৰি তাত ৰহ ঢালি এঙাৰ বা শিলেৰে পূৰ্ণ কৰা হয়৷ কোনো কোনো নাগস্তম্ভ পুখুৰীৰ তিনি খলপালৈকে ইটাৰ গাঁথনি থাকে৷ ইয়াৰ পৰা পানী নিগৰিবলৈ মাজে মাজে ফুটা কৰা থাকে৷ ই ভূগৰ্ভৰ পানী ওপৰলৈ অহাত সহায় কৰে৷ পাতালৰ অধিকাৰী নাগৰ মতা-মাইকী উভয়কে শালস্তম্ভত খোদিত কৰি পুখুৰীৰ সোঁমাজত প্ৰতিস্থা কৰা হয়৷ নাগস্তম্ভই পুখুৰীৰ ৰক্ষক[2] বুলি বিশ্বাস কৰা হয়৷
পাৰ
[সম্পাদনা কৰক]নাগস্তম্ভ স্থাপন কৰাৰ পিছত চাৰিওফালে যমুনা খান্দি তাৰ মাটিৰে পাৰ বান্ধে৷ পুখুৰীৰ পাৰ চাৰিওফালৰ মাটিতকৈ ওখ হয়৷ বাহিৰৰ পানী সোমাই যাতে পুখুৰীৰ পানী মলিয়ন কৰিব নোৱাৰে, তাৰবাবে এই ব্যৱস্থা৷ প্ৰাকৃতিক ভূমিৰ ওপৰত পুখুৰীৰ পাৰ পুখুৰীটোৰ দ’লৈ চাৰি খাপ আৰু ওপৰলৈ তিনিখাপ পাৰ বন্ধা হয়৷ সতোটা পাৰৰ নামবোৰ হ’ল; হাঁহচৰা, পূবা, কমাৰ, চমাৰ, পাৰ, অপাৰ আৰু মহাপাৰ৷ এনেদৰে সটটি পাৰেৰে নিৰ্মিত পুখুৰীক সাগৰ বোলা হয়৷ পাৰৰ মাটি নখহিবলৈ কুমাৰশালৰ পৰা ভগা পকী খোলাকটিবোৰ ছটিয়াই হাতীৰে গছকাই টান কৰা হয়৷ [2]
খাৱৈ
[সম্পাদনা কৰক]পুখুৰীৰ বাহিৰৰ ফালে খাৱৈ বা যমুনা খন্দা হয়৷ এই খাৱৈবোৰ পুখুৰীত পানী উপচিলে সমতা ৰক্ষা কৰাৰ বাবে খন্দা হয়৷ পুখুৰীৰ অতিৰিক্ত পানী প্ৰথম খাৱৈত পৰি সেইটো পূৰ্ণ হ’লে তাৰ পিছৰটোত পৰাৰ সুব্যৱস্থা কৰা থাকে৷[2] এইদৰে সাতটালৈকে খাৱৈ খান্দি মূল পুখুৰীৰ পানী বাহিৰৰ পানীৰ লগত লগ নোহোৱাকৈ ৰখা হৈছিল৷ পুখুৰীৰ উঁহেদি সদায় পানী ওলাই থাকে বাবে কেতিয়াবা পুখুৰীৰ পাৰ বুৰ যায়৷ সেয়ে বৃটিছৰ দিনৰ শিৱসাগৰ আৰু জয়সাগৰ পুখুৰীৰ অতিৰিক্ত পানী বাহিৰত নি পেলাবলৈ পাইপ বহুওৱা হৈছিল৷[4]
আলি
[সম্পাদনা কৰক]পুখুৰী খন্দোৱাৰ পিছত ৰাজ আলিৰ পৰা দ’ল-দেৱালয়লৈ সোমাবলৈ একাধিক আলি বন্ধোৱা হৈছিল আৰু আলিৰ দুয়োকাষে ডাঙৰ ডাঙৰ গছৰ পুলি ৰোপন কৰা হৈছিল৷[2]
পৰিষ্কাৰকৰণ
[সম্পাদনা কৰক]পুখুৰী খন্দোৱাৰ পিছত পানী পৰিষ্কাৰকৰণৰ দিশটোত গুৰুত্ব দি আহোম শাসনকালত ৰসেন্দ্ৰ বৰুৱা নামৰ এক পদবী সৃষ্টি কৰা হৈছিল৷ তেওঁ ৰস বা ৰহ্ বা পাৰা উচিত মাত্ৰাত মিহলাই পুখুৰীৰ পানী পৰিষ্কাৰ কৰাৰ ব্যৱস্থা লৈছিল৷ ৰহ বা পাৰাই পানী ফটফটীয়াকৈ পৰিষ্কাৰ কৰিছিল৷ আহোমক অনুকৰণ কৰি মটকসকলেও তিনিচুকীয়াত ন-পুখুৰী খন্দাইছিল আৰু তাতো ৰহ প্ৰয়োগ কৰিছিল৷[4] ৰহ ঢলাৰ উপৰি পুখুৰী খননৰ পিছত পানীৰ উঁহৰ মুখবোৰ খুলি দি পানী উপচি পৰাত তাত মাছ-কাছ মেলি দিও পানী পৰিষ্কাৰ কৰিছিল৷ পুখুৰীত এৰি মাছ-কাছবোৰৰ ফান, ফিছা, কাণবোৰত সোণ-ৰূপৰ অলংকাৰ পিন্ধাই দিছিল৷[2]
বিশেষত্ব
[সম্পাদনা কৰক]আহোম যুগৰ এই পুখুৰীবোৰৰ বিশেষত্ব এয়ে যে এই পুখুৰীবোৰত পানী পৰিষ্কাৰ কৰি ৰখাৰ ক্ষেত্ৰত বিভিন্ন কৌশল প্ৰয়োগ কৰা হৈছিল৷ বিভিন্ন পৰীক্ষা-নিৰীক্ষা কৰাৰ পাছত মাটিৰ গুণাগুণ চাইহে পুখুৰী খন্দা হৈছিল৷ অসমৰ এি পুখুৰীসমূহৰ আন এটা বিশেষত্ব এয়ে যে ইয়াত পাৰা বা ৰহ মিহলাই পানী পৰিষ্কাৰ কৰা হৈছিল৷ সেইকাৰণে এি পুখুৰীবোৰক ৰহঢলা পুখুৰীও বোলা হৈছিল৷[4]
কেইটামান পুখুৰীৰ বিৱৰণ
[সম্পাদনা কৰক]আহোম ৰজা ৰাজেশ্বৰ সিংহই ১৭৫৩ চনত গুৱাহাটীত শিলপুখুৰী আৰু বৰকুঁৱৰী কুৰঙ্গনয়নীয়ে মগলুখাটত মগলুখাট পুখুৰী খন্দাইছিল৷ লক্ষ্মীসিংহই মথন দাৰিকিয়াল হাজৰিকাৰ তত্তাৱধানত ৰুদ্ৰসাগৰ পুখুৰী ১৭৭৩ চনত খন্দায়৷ শিৱসাগৰ জিলাত খন্দা ৰুদ্ৰসাগৰ পুখুৰীৰ কালি ১০৬ একৰ৷ গৌৰিনাথ সিংহৰ পৰ্বতীয়া আই কুঁৱৰীয়ে চেউনি আলিৰ কাষত এটা পুখুৰী খন্দাইছিল৷ ৰাজমাৱে যোৰহাটত খন্দোৱা ৰাজমাও পুখুৰী ১২ পুৰা মাটিৰ৷ ঠেংচিঁয়া দুৱৰা বৰফুকনে শিৱসাগৰৰ মেকিপুৰ বাগানৰ কাষত ৰঙাচিলা পথাৰত এটি পুখুৰী খন্দাইছিল৷ এই পুখুৰীৰ বিশেষত্ব এয়ে যে পুখুৰীৰ কাষতে থকা দেৱী দৌললৈ থকা নলাৰে, নলাৰ দুৱাৰ খুলি দিলে পানী আপোনাআপুনি গৈ দেৱীৰ বেদীত ওলাইছিলগৈ৷ বদন বৰফুকনক হত্যা কৰা ৰূপচিং বঙালে যোৰহাটৰ নগৰৰ কাষত ন-আলি আৰু খেলমাটি আলিৰ সংযোগস্থলত এটা পুখুৰী খন্দাইছিল৷ সেইটো বঙাল পুখুৰী নামে জনাজাত৷ জয়সাগৰ পুখুৰীৰ পানীৰ কালি ১৫৫ একৰ, গৌৰিসাগৰ পুখুৰীৰ পানীৰ কালি ১৫০ একৰ, আৰু শিৱসাগৰ পুখুৰীৰ পানীৰ কালি ১২৯ একৰ৷[4] ৰুদ্ৰসিংহই মাতৃ জয়মতীৰ নাম যুগমীয়া কৰি ৰাখিবলৈ জয়মতীক চাওডাঙে য’তে বান্দি শাস্তি দিছিল, তাতে নাগস্তম্ভ পোতাই ১৬৯৭ চনত এই পুখুৰীটো খন্দাইছিল৷ শিৱসাগৰ পুখুৰী মদাম্বিকা কুঁৱৰীএ ১৭২০ চনত আৰু ফুলেশ্বৰী বৰকুঁৱৰীএ গৌৰীসাগৰ পুখুৰী খন্দায়৷ [5]
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 "অসমৰ পুখুৰী খনন প্ৰযুক্তি". https://mahabahu.com/%E0%A6%AA%E0%A7%81%E0%A7%B0%E0%A6%A3%E0%A6%BF-%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%B0-%E0%A6%AA%E0%A7%B0%E0%A6%AE%E0%A7%8D%E0%A6%AA%E0%A7%B0%E0%A6%BE%E0%A6%97%E0%A6%A4-%E0%A6%AA%E0%A7%81%E0%A6%96/। আহৰণ কৰা হৈছে: 29 January 2023.
- ↑ 2.0 2.1 2.2 2.3 2.4 2.5 2.6 2.7 গগৈ, চাও লোকেশ্বৰ (২০১১). অসমৰ লোকসংস্কৃতি ২. ক্ৰান্তিকাল.
- ↑ বৰবৰুৱা, হিতেশ্বৰ (১৯৮১). আহোমৰ দিন. অসম প্ৰকাশন পৰিষদ. পৃষ্ঠা. ৬০৮.
- ↑ 4.0 4.1 4.2 4.3 4.4 4.5 ৰাজকুমাৰ, ৺ সৰ্বানন্দ (২০০০). ইতিহাসে সোঁৱৰা ছশটা বছৰ. বনলতা. পৃষ্ঠা. ২৪২. ISBN 81-7339-308-7.
- ↑ গোহাঞিবৰুৱা, পদ্মনাথ (২০১৭). অসমৰ বুৰঞ্জী. এ বি টি পাব্লিকেছনচ্.