সমললৈ যাওক

বিহালী অভয়াৰণ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিহালী অভয়াৰণ্য
আই.ইউ.চি.এন শ্ৰেণী IV (বাসস্থান/প্ৰজাতি ব্যৱস্থাপনা অঞ্চল)
বিহালী অভয়াৰণ্যৰ দৃশ্য
বিহালী অভয়াৰণ্যৰ দৃশ্য
মানচিত্ৰত বিহালী অভয়াৰণ্যৰ অৱস্থিতি
অৱস্থান বিশ্বনাথ চাৰিআলি অসম, ভাৰত
নিকটতম চহৰ তেজপুৰ
মাটিকালি 140 বৰ্গ কি.মি. (১৪,০০,০০,০০০ বৰ্গ মিটাৰ)
প্ৰতিস্থা ১৯১৭
কৰ্তৃপক্ষ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়, ভাৰত চৰকাৰ

বিহালী অভয়াৰণ্য (ইংৰাজী: Behali Wildlife Sanctuary) অসমৰ বিশ্বনাথ জিলাত অৱস্থিত এখন অভয়াৰণ্য৷ পূব হিমালয়ৰ পাদদেশৰ অৰ্ধ চিৰসেউজ অৰণ্যখন পূৰ্বতে সংৰক্ষিত বনাঞ্চল আছিল।[1] ২০২২ চনৰ ৪ মে’ত অসম ৰাজপত্ৰঅসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে বিহালী সংৰক্ষিত বনাঞ্চলখনক অভয়াৰণ্য হিচাপে ঘোষণা কৰাৰ প্ৰস্তাৱ আগবঢ়ায়।[2] এই বনাঞ্চলখন বৃহত্তৰ শোণিতপুৰ হস্তী সংৰক্ষিত অঞ্চলৰ এক অংশ আৰু ১৯১৭ চনত ইয়াক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল। ১৯৯৪ চনত ইয়াক গুৰুত্বপূৰ্ণ চৰাই অঞ্চল আৰু ২০০৪ চনত মূল জৈৱ বৈচিত্ৰ্য অঞ্চল হিচাপে স্বীকৃতি দিয়া হৈছে।[3] ইয়াৰ পশ্চিমে নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু দক্ষিণে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ মুঠ আয়তন ১৪০ বৰ্গ কিলোমিটাৰ৷[4] সেয়েহে ই বহু প্ৰজাতিৰ প্ৰব্ৰজনৰ বাবে এক গুৰুত্বপূৰ্ণ কৰিড'ৰ হিচাপে কাম কৰে।[5]

ভৌগোলিক স্থিতি

[সম্পাদনা কৰক]

বিহালী অভয়াৰণ্য ৯৩°১১′৩০.৫৮′′ পূব আৰু ৯৩°২৩′২১.০৯′′ পূব দ্ৰাঘিমাংশ আৰু ২৬°৫২′২০.০৮′′ উত্তৰ আৰু ২৬°৫৭′৩৩.১৭′′ উত্তৰ অক্ষাংশৰ মাজত অৱস্থিত৷ অঞ্চলটোৰ পূব দিশত বুৰৈ নদী, পশ্চিমে বৰগাং নদী, উত্তৰ দিশত অৰুণাচল প্ৰদেশৰ পাপুম সংৰক্ষিত বনাঞ্চল আৰু দক্ষিণে মানুহৰ বসতি, চাহ বাগিচা আৰু ধাননি পথাৰ অৱস্থিত।[6][1] সাগৰ পৃষ্ঠৰ পৰা ৯০ মিটাৰৰ পৰা ১১০ মিটাৰৰ ভিতৰত উচ্চতাত থকা এই অৰণ্যখনে কেইবাটাও উচ্চভূমি আৰু নিম্নভূমিক সামৰি লৈছে। ইয়াৰ বাৰ্ষিক উষ্ণতা ১৩ ডিগ্ৰী চেলছিয়াছৰ পৰা ৩৭ ডিগ্ৰী চেলছিয়াছৰ ভিতৰত থাকে আৰু বাৰ্ষিক গড় বৰষুণৰ পৰিমাণ প্ৰায় ১৮০০ মিলিমিটাৰ।[7]

ভূ-প্ৰকৃতি আৰু জৈৱবৈচিত্ৰ্য

[সম্পাদনা কৰক]

আৰ্দ্ৰভূমি

[সম্পাদনা কৰক]

ব্ৰহ্মপুত্ৰৰ উপনৈ বৰগাং আৰু বুৰৈ বিহালী অভয়াৰণ্যৰ মুখ্য নদী। ইয়াৰ লগতে বনাঞ্চলখনৰ মাজেৰে কেইবাটাও সৰু সৰু নিজৰা যেনে- বিহালী, বেদেটি, বিহমাৰী, বৰাজুলি, ডিকাল, দিৰিং, কচুজান, ক'লাগুৰি, নাহৰজান, নাচবৰ, চাউলধোৱা, শুকানসুঁতি ইত্যাদি বৈ গৈছে। তদুপৰি ইয়াত কেইবাটাও সৰু বৰ আৰ্দ্ৰভূমিও অৱস্থিত।

সংঘাত আৰু ভাবুকি

[সম্পাদনা কৰক]

অভয়াৰণ্যখনৰ উত্তৰ সীমা সন্দৰ্ভত চুবুৰীয়া অঞ্চলটোৰ সৈতে তীব্ৰ সংঘাতৰ সন্মুখীন হৈছে। প্ৰায় সকলো ফালৰ পৰা অবৈধ বেদখল, উত্তৰ সীমাত অধিক গুৰুতৰভাৱে বনাঞ্চল ধ্বংস আৰু চিকাৰৰ লগতে এই অৰণ্যৰ অস্তিত্বৰ বাবে অন্যতম প্ৰধান চিন্তা।[4][8] এতিয়া মূল বনাঞ্চলৰ আৱৰণৰ মাত্ৰ ৬০ বৰ্গ কিলোমিটাৰহে বাকী আছে আন কিছু অঞ্চলত বেদখল বা ভূমি অৱক্ষয় হৈছে।[7]

১৯৯৬ চনৰ পৰা নেচাৰছ বন্যপ্ৰাণ নামৰ এক বেচৰকাৰী সংস্থায়ে সামূহিক সভা, সজাগতা শিবিৰ, পোষ্টাৰ আৰু চিত্ৰকলা আৰু লগতে ছ’চিয়েল মিডিয়াৰ জৰিয়তে শান্তিপূৰ্ণ প্ৰতিবাদ সাব্যস্ত কৰি বিহালী সংৰক্ষিত বনাঞ্চলক অভয়াৰণ্যৰ মৰ্যদা প্ৰদান কৰিবলৈ দাবী জনোৱা হৈছিল। ইয়াৰ বাবে চৰকাৰক ১৯খন স্মাৰকপত্ৰ দাখিল কৰা হৈছিল।[9] অৱশেষত ২০২২ চনৰ ৪ মে’ত অসম ৰাজপত্ৰত অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে বিহালী সংৰক্ষিত বনাঞ্চলখনক অভয়াৰণ্য হিচাপে ঘোষণা কৰাৰ প্ৰস্তাৱ আগবঢ়ায়।

তথ্য উৎস

[সম্পাদনা কৰক]
  1. 1 2 "Neglect shrouds Behali Reserve Forest's biodiversity along Assam-Arunachal border". www.moneycontrol.com. https://www.moneycontrol.com/news/environment/neglect-shrouds-behali-reserve-forests-biodiversity-along-assam-arunachal-border-7226581.html/amp আহৰণ কৰা হৈছে: 2021-07-28.
  2. "Assam's Behali Reserve Forest Designated As 'Wildlife Sanctuary' - Sentinelassam" (en ভাষাত). The Sentinel Assam. https://www.sentinelassam.com/north-east-india-news/assam-news/assams-behali-reserve-forest-designated-as-wildlife-sanctuary-591449 আহৰণ কৰা হৈছে: 2022-05-12.
  3. "Behali Reserve Forest, India - KeyBiodiversityAreas.org". www.keybiodiversityareas.org. http://www.keybiodiversityareas.org/site/factsheet/18067 আহৰণ কৰা হৈছে: 2021-07-28.
  4. 1 2 Desk, Sentinel Digital. "Behali Reserve Forest in Biswanath District Faces Serious Threat Due to Illegal Encroachment & Deforestation - Sentinelassam" (en ভাষাত). The Sentinel Assam. https://www.sentinelassam.com/north-east-india-news/assam-news/behali-reserve-forest-in-biswanath-district-faces-serious-threat-542073 আহৰণ কৰা হৈছে: 2021-07-27.
  5. "Neglect shrouds Behali Reserve Forest's biodiversity along Assam-Arunachal border" (en-US ভাষাত). Mongabay-India. 2021-07-23. https://india.mongabay.com/2021/07/neglect-shrouds-behali-reserve-forests-biodiversity-along-assam-arunachal-border/ আহৰণ কৰা হৈছে: 2021-07-27.
  6. "BirdLife Data Zone". datazone.birdlife.org. http://datazone.birdlife.org/index.php/site/factsheet/behali-reserve-forest-iba-india আহৰণ কৰা হৈছে: 2021-07-28.
  7. 1 2 "Ethnobotany of Northeast India - Behali Reserve Forest" (en-US ভাষাত). sites.google.com. Archived from the original on 2021-07-27. https://web.archive.org/web/20210727130646/https://sites.google.com/view/ethnobotanyofnortheastindia/flora/behali-reserve-forest আহৰণ কৰা হৈছে: 2021-07-27.
  8. "Letter To The Editor:The Last Forest Of Assam's Biswanath In Peril!" (en-US ভাষাত). Archived from the original on 2021-07-27. https://web.archive.org/web/20210727154644/https://northeasternchronicle.in/news/letter-to-the-editorthe-last-forest-of-assams-biswanath-in-peril/ আহৰণ কৰা হৈছে: 2021-07-27.
  9. "Assam On The Verge Of Losing The Beautiful Behali Reserve Forest" (en-US ভাষাত). Pratidin Time. Archived from the original on 2021-07-27. https://web.archive.org/web/20210727154149/https://www.pratidintime.com/assam-on-the-verge-of-losing-the-beautiful-behali-reserve-forest/amp/ আহৰণ কৰা হৈছে: 2021-07-27.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]