ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ফেব্ৰুৱাৰী-২০২৪/উল্লেখনীয় ৱিকিমিডিয়ান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উল্লেখনীয় ৱিকিমিডিয়ান

চন্দন চিৰিং ফুকন: ২০১২ চনৰ পৰা ৱিকিপিডিয়াৰে জড়িত এজন দক্ষ আৰু কৌশলী ৱিকিপিডিয়ান। যোৰহাটৰ এই ৱিকিমিডিয়ান গৰাকীয়ে অসমীয়া ৱিকিপিডিয়াত কৰা সম্পাদনাৰ সংখ্যা ১২,২৮১ আৰু সৃষ্টি কৰা পৃষ্ঠাৰ সংখ্যা ৫৩২। লগতে তেওঁ অসমীয়া ৱিকিউদ্ধৃতিৰ এগৰাকী প্ৰশাসক। অসমীয়া ৱিকিপিডিয়াৰ লগতে তেওঁ ইংৰাজী ৱিকিপিডিয়া, ৱিকিউৎস আদি কেইবাটাও প্ৰকল্পত বৰ্তমানলৈকে মুঠ ১৮,৩৯৬ টা সম্পাদনা কৰিছে। অমূল্য অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজে তেওঁক “অক্লান্ত কৰ্মী পদক”, “The Teamwork Barnstar”, "ইতিকথা পদক", “কৰ্মশালাৰ সোণালী পদক”, “পঞ্চ শতাধিক তাৰকা পদক”,“ৱিকিপিডিয়াৰ গৌৰৱ, ২০২৩”,“স্বাধীনতা সংগ্ৰামী এডিটাথন পদক” আদি পদকেৰে সন্মানিত কৰিছে। আমি তেওঁৰ সুস্বাস্থ্য আৰু উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ।