ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ফেব্ৰুৱাৰী-২০২৪/ভাল প্ৰবন্ধ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ইল’ইজ (ফৰাচী: Héloïse) আছিল এগৰাকী ফৰাচী সন্ন্যাসিনী, দাৰ্শনিক, লেখিকা, বিদুষী তথা মঠাধিকাৰিণী। ১১৪৭ খ্ৰীষ্টাব্দৰ আশে-পাশে ‌ইল’ইজ কেথ’লিক গীৰ্জাত এগৰাকী সন্মানীয় মঠাধিকাৰিনী হৈ পৰে আৰু প্ৰিলেট নুলিয়াছৰ পদবী পোৱাৰ পিছত তেওঁ এগৰাকী ধৰ্মযাজকৰ সমপৰ্যায়ৰ মৰ্যাদা লাভ কৰে।

পীয়েৰ এবেলাৰ্ডৰ সৈতে ইল’ইজৰ প্ৰেম আৰু তেওঁলোকৰ মাজত হোৱা চিঠি-পত্ৰৰ আদান-প্ৰদানৰ বাবেহে ইল’ইজ ইতিহাস আৰু জনপ্ৰিয় সংস্কৃতিত বেছি বিখ্যাত। পীয়েৰ এবেলাৰ্ড আছিল মধ্যযুগৰ এগৰাকী আগশাৰীৰ যুক্তিবিদ তথা ধৰ্মতত্ত্ববিদ যি পাছলৈ ইল’ইজৰ সহকৰ্মী, সহযোগী আৰু স্বামী হৈ পৰিছিল। এবেলাৰ্ডৰ কামৰ ওপৰত সমালোচনাত্মক বৌদ্ধিক প্ৰভাৱ পেলোৱাৰ বাবে আৰু তেওঁক বহুতো প্ৰত্যাহ্বানমূলক প্ৰশ্ন উত্থাপন কৰাৰ বাবে ইল'ইজ জনাজাত আছিল।

তেওঁৰ চিঠি-পত্ৰসমূহক ফৰাচী আৰু ইউৰোপীয় সাহিত্যৰ ভেটি তথা ভদ্ৰতা আৰু মৰ্যাদাসম্পন্ন প্ৰেমৰ অভ্যাসৰ মুখ্য প্ৰেৰণা হিচাপে গণ্য কৰা হয়। তেওঁৰ পাণ্ডিত্যপূৰ্ণ আৰু কেতিয়াবা কামোদ্দীপকভাৱে লিখা চিঠি-পত্ৰসমূহে বিলডান্‌ছৰোমান ধাৰাটোৰ লেটিন ভেটি গঠন কৰে, আনহাতে এই চিঠি-পত্ৰসমূহে এবেলাৰ্ডৰ হিষ্ট’ৰিয়া কেলামিটেটামৰ সৈতে ধ্ৰুপদী এপিষ্ট’লাৰী ধাৰাটোৰ আৰ্হি হিচাপে কাম কৰে। ইল'ইজৰ প্ৰভাৱ পিছৰ লেখক, যেনে— ক্ৰেটিয়িন ডি ট্ৰ’ৱা, জিঅ’ফ্ৰি চ’চাৰ, মেডাম ডি লা ফায়েট, থমাছ একুৱাইনাছ, চ’ডাৰলছ ডি লাক্ল’ছ, ভল্টেয়াৰ, ৰুছ’, ছিম’ন ৱেই, আৰু ড’মিনিক অ’ৰীৰ ওপৰতো বিস্তৃত। ইয়াত বিতংকৈ পঢ়ক...


যোৱামাহৰ ভাল প্ৰবন্ধ মনোজ বাজপেয়ীৰ বিষয়ে ইয়াত পঢ়ক...