ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ফেব্ৰুৱাৰী-২০২৪/ৱিকিমিডিয়ানৰ মনৰ কথা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ডিজিটেল মাধ্যমত অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাৰ ক্ষেত্ৰত অসমীয়া ৱিকিপিডিয়াই গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে৷ আজিৰ ডিজিটেলাইজেশ্যনৰ যুগত নিজৰ ভাষাটোৰ সমলবোৰ ডিজিটেল মাধ্যমত সংৰক্ষণ কৰাটো অতিশয় প্ৰয়োজনীয় হৈ পৰিছে৷ সেয়ে, ২০১৯ চনত অসমীয়া ৱিকিপিডিয়াৰ সৈতে জড়িত হ’লোঁ৷ আৰম্ভণিতে কামবোৰ ভালকৈ জনা নাছিলোঁ৷ সাতটামান প্ৰবন্ধ লিখাৰ বাহিৰে একো কৰিব পৰা নাছিলোঁ৷ কিন্তু ২০২৩ বৰ্ষৰ আগষ্ট মাহৰ পৰা পুনৰ সক্ৰিয়ৰূপত অসমীয়া ৱিকিপিডিয়াৰ সৈতে জড়িত হৈ আছোঁ৷ অসমীয়া ৱিকিমিডিয়াৰ আটাইকেইটা প্ৰকল্পতে কাম কৰিবলৈ চেষ্টা কৰিছোঁ৷ এইক্ষেত্ৰত যোৱা ইং ২৬.১১.২০২৩ তাৰিখে মাজুলীৰ গড়মূৰৰ বেম্বো কটেজত হৈ যোৱা কৰ্মশালাখনে যথেষ্ট সহায় কৰিছে৷ অভিজ্ঞ অগ্ৰজসকলে শিকোৱা প্ৰতিটো কথাই আমাক ৱিকিমিডিয়াৰ জগতখনত আগবাঢ়ি যোৱাত সহায় কৰিছে৷ এই ছেগতে অগ্ৰজসকললৈ কৃতজ্ঞতা জনালোঁ৷ নিজৰ ভাষাটোকলৈ সপোন দেখোঁ৷ নিজৰ ভাষাটোৰ হকে কাম কৰাৰ ইচ্ছা এটা সদায়ে মনত কঢ়িয়াই লৈ ফুৰোঁ৷ সেই সপোন আৰু ইচ্ছাক সাকাৰ কৰাৰ সুবিধা অসমীয়া ৱিকিমিডিয়া সমাজে দিছে৷ অসমীয়া ৱিকিমিডিয়া সমাজে আমাক কাম কৰিবৰ বাবে সদায়ে অনুপ্ৰাণিত কৰি আহিছে৷ কপিৰাইট মুক্ত গ্ৰন্থৰ সংৰক্ষণ, অসমীয়া লোক-সাহিত্যৰ সংৰক্ষণ, মূল্যৱান প্ৰতিচ্ছবিৰ সংৰক্ষণ,অসমীয়া লোক-সংস্কৃতিৰ সংৰক্ষণ আদি গুৰুত্বপূৰ্ণ দিশত কাম কৰি আছে৷ আন ভাষাৰ ৱিকিপিডিয়াৰ সৈতে সহযোগিতামূলক সম্পাদনা মেলা অনুষ্ঠিত কৰিছে৷ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কনফাৰেন্সত অসমীয়া ৱিকিমিডিয়াৰ সদস্যই অংশগ্ৰহণ কৰিবলৈ সুবিধা পাইছে৷ ভাষা-সাহিত্য-সংস্কৃতিৰ পৰা আৰম্ভ কৰি ৰাজনীতি, অৰ্থনীতি, ভূগোল, বিজ্ঞান, তথ্য-প্ৰযুক্তি আদি সকলো বিষয়তে অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰিবৰ বাবে অসমীয়া ৱিকিমিডিয়া নিৰন্তৰ চেষ্টা কৰি আছে৷ আমিও অসমীয়া ৱিকিমিডিয়া সমাজৰ এই প্ৰচেষ্টাৰ অংশীদাৰ হ’বলৈ যত্ন কৰিছোঁ৷ আহক, আমি সকলোৱে নিজৰ অসমীয়া ভাষাটোৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে কাম কৰোঁ৷

যদুমণি গগৈ (বাৰ্তা) 6:30, 26 January 2024 (ইউ.টি.চি.)