ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মাৰ্চ-২০২২/উল্লেখনীয় ৱিকিমিডিয়ান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উল্লেখনীয় ৱিকিমিডিয়ান

অংশুমান দত্ত: ২০১০ চনৰ পৰা ৱিকিপিডিয়াৰ সৈতে জড়িত এজন দক্ষ আৰু কৌশলী ৱিকিপিডিয়ান। যোৰহাটৰ এই ৱিকিমিডিয়ান গৰাকীয়ে অসমীয়া ৱিকিপিডিয়াত কৰা সম্পাদনাৰ সংখ্যা ৪,২৯৫ আৰু সৃষ্টি কৰা পৃষ্ঠাৰ সংখ্যা ৭২ টা। তেওঁৰ অমূল্য অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজে তেওঁক “অক্লান্ত কৰ্মী পদক”, “ৱিকিউদ্যোগীৰ পদক”, "The Asian Month Barnstar" আদি পদকেৰে কেইবাবাৰো সন্মানিত কৰিছে। আমি তেওঁৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ।