ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মাৰ্চ-২০২২/ভাল প্ৰবন্ধ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

সংগীতা কাকতি অসমৰ এগৰাকী কণ্ঠশিল্পী। সংগীতা কাকতিয়ে শাস্ত্ৰীয়, লঘু শাস্ত্ৰীয়, আধুনিক, লোক সংগীত, বৰগীতৰ লগতে বহুতো ভক্তিমূলক গীততো কণ্ঠ দান কৰিছে। এতিয়ালৈকে তেওঁ গোৱা গীতৰ সংখ্যা ১০০০ তকৈ অধিক হৈছেগৈ।

অসমৰ গুৱাহাটী চহৰত সংগীতা কাকতিৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম প্ৰয়াত ডা॰ সুৰেন্দ্ৰ নাৰায়ণ কাকতি আৰু মাতৃৰ নাম অঞ্জলি কাকতি। সংগীতা কাকতিয়ে ছয়গাঁও হাইস্কুলৰ পৰা প্ৰবেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কটন মহাবিদ্যালয়ৰ পৰা ইংৰাজীত সন্মান সহ স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পাচত এখেতে পুনা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজীত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিলে। মুম্বাইৰ চেইণ্ট জেভিয়াৰ্চ কলেজৰ পৰা জন-সংযোগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি নতুন দিল্লীৰ এম. এচ. পি. আই.ৰ পৰা ডিপ্লোমা লাভ কৰে। সবিশেষ ইয়াত পঢ়ক...

যোৱা মাহৰ ভাল প্ৰবন্ধ কামসূত্ৰৰ বিষয়ে ইয়াত বিতংকৈ পঢ়ক।