ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মাৰ্চ-২০২৪/উল্লেখনীয় ৱিকিমিডিয়ান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উল্লেখনীয় ৱিকিমিডিয়ান

অনামিকা(চুমু) বড়া: ২০১৯ চনৰ পৰা ৱিকিপিডিয়াৰ সৈতে জড়িত এগৰাকী দক্ষ আৰু কৌশলী ৱিকিমিডিয়ান। অসমীয়া ৱিকিপিডিয়াত তেওঁৰ সম্পাদনাৰ সংখ্যা ৩,৪৪৫ আৰু ৱিকিপিডিয়াত সৃষ্টি কৰা পৃষ্ঠাৰ সংখ্যা ১৬৮। অসমীয়া ৱিকিপিডিয়াৰ লগতে তেওঁ ৱিকিউৎস, ৱিকিউদ্ধৃতি আৰু ৱিকিকমন্স আদি কেইবাটাও প্ৰকল্পত বৰ্তমানলৈকে মুঠ ২০,০৮৭ টা সম্পাদনা কৰিছে। অমূল্য অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজে তেওঁক “এই মাহৰ ৱিকিমিডিয়ান”, 'ৰঙা লিংক অপসাৰণ পদক', 'ৱিকি শতক পদক', 'ৱিকিপত্ৰিকা পদক' আদি পদকেৰে সন্মানিত কৰিছে। আমি তেওঁৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ।