ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মাৰ্চ-২০২৪

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
ত্ৰয়োদশ বৰ্ষ | মাৰ্চ | ২০২৪ | তৃতীয় সংখ্যা
সম্পাদকীয়
ৱিকিপিডিয়ানৰ মনৰ কথা সম্পাদনা কৰক

২০১৯‌ বৰ্ষত ৱিকিপিডিয়াৰ সৈতে জড়িত হৈ পৰিছিলোঁ। এনে এখন বিশাল ক্ষেত্ৰৰ সৈতে নিজা ভাষা-সাহিত্য-সংস্কৃতি ডিজিটেল ৰূপত প্ৰতিষ্ঠাৰ বাবে অক্লান্ত ভাৱে বহু সেনানীয়ে কাম কৰি আছে। পৃথিৱীৰ বিভিন্ন ভাষাৰ ক্ষেত্ৰত কাম কৰা বহুত ব্যক্তি স্বেচ্ছাসেৱক হিচাপে কাম কৰাৰ দৰে আমাৰ অসমীয়া ভাষাতো বহু ব্যক্তি জড়িত হৈ নিজা ভাষা-সাহিত্য-সংস্কৃতিক বিশ্বদৰবাৰত উজ্বলি উঠাৰ প্ৰয়াস প্ৰশংসনীয় তথা আদৰণীয়। মাহেকীয়া অনলাইন সভা,প্ৰতিযোগিতাসমূহ,কৰ্মশালা, অনলাইন বক্তৃতা অনুষ্ঠান,অগ্ৰজ সকলে ব্যক্তিগত ভাবেও সহায় কৰা ইত্যাদি দিশসমূহে আমাক ৱিকিপিডিয়াত কাম কৰিবলৈ সাহস প্ৰদান কৰি আহিছে। অসমৰ লোকজীৱনৰ বিভিন্ন উপাদানসমূহ, জীৱন জগতৰ নানান দিশ, ৰাজনীতি, অৰ্থনীতি, বিজ্ঞান ইত্যাদি দিশৰ‌ সমল ৱিকিত সংৰক্ষণ, সংবৰ্ধন আৰু পুনৰীক্ষণ এই দিশত থকা সহায়-সহযোগীতা এক অন্যতম ধনাত্মক দিশ। ৱিকিমিডিয়াৰ বিভিন্ন প্ৰকল্পত ভাৰতবৰ্ষৰ আন আন ৱিকিমিডিয়াৰ‌ সৈতে হোৱা অনলাইন অনুষ্ঠান আৰু ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত হোৱা কৰ্মশালা,ৱিকিপিডিয়াৰ অনুষ্ঠান যিসমূহত অসমৰ হৈ প্ৰতিনিধিত্ব কৰা সদস্য/ সদস্যাসকলে অংশগ্ৰহণ কৰে।‌ সেই অনুষ্ঠানত অংশগ্ৰহণ কৰা অভিজ্ঞতাসমূহ আন আন‌ ৱিকিমিডিয়ানৰ সৈতে ভাগ-বটোৱাৰা কৰা এই দিশসমূহে আমাক যথেষ্ঠ উপকৃত কৰি আহিছে।‌ ৱিকিপিডিয়াৰ সৈতে জড়িত শ্ৰদ্ধাৰ অগ্ৰজ সকলৰ কাম কৰাৰ উৎসাহ আৰু আগ্ৰহে ক্ষুদ্ৰকৈ মোক এই ডিজিটেল মাধ্যমৰ সৈতে নিজা ভাষা-সাহিত্য-সংস্কৃতিৰ হৈ সূক্ষ্মকৈ হ'লেও বৰঙণি আগবঢ়াই নিবলৈ সহায় কৰিছে। আহক নিজা ভাষা-সাহিত্য-সংস্কৃতিৰ সৈতে অসমৰ চুক-কোণৰ পৰা আন আন ৰাষ্ট্ৰৰ প্ৰৱাসী ভাৰতীয়সকলকো অংশীদাৰী হ'বলৈ জাগ্ৰত কৰিবলৈ চেষ্টা কৰোঁ।

- ৰাজেন দাস ( বাৰ্তা) ১০:২৩,২১ ফেব্ৰুৱাৰী,২০২৪

(ইউ.টি.চি.)
ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ সম্পাদনা কৰক

জ্ঞানদানন্দিনী ঠাকুৰ (জ্ঞানদানন্দিনী মুখোপাধ্যায়; ২৬ জুলাই ১৮৫০ – ১ অক্টোবৰ ১৯৪১) কলিকতা নিবাসী এগৰাকী ভাৰতীয় সমাজ সংস্কাৰক আছিল। তেওঁ বিভিন্ন সাংস্কৃতিক উদ্ভাৱনৰ পথপ্ৰদৰ্শন কৰাই নহয় উনবিংশ শতিকাৰ বংগত মহিলা সৱলীকৰণৰ প্ৰাৰম্ভিক পৰ্যায়ত উল্লেখনীয় প্ৰভাৱ পেলাইছিল। তেওঁ ৰবীন্দ্ৰনাথ ঠাকুৰৰ ককায়েক আৰু জোৰাসাকোঁৰ ঠাকুৰ পৰিয়ালৰ বংশধৰ সত্যেন্দ্ৰনাথ ঠাকুৰৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁ বম্বেত থকাৰ সময়ত দেখা গুজৰাটী আৰু পাৰ্চী শাড়ীৰ উপাদানৰ সৈতে পৰম্পৰাগত বঙালী শৈলীৰ ওপৰত ভিত্তি কৰি ব্ৰহ্মিকা শাড়ী নামৰ শাড়ীৰ এক অনন্য শৈলী বিকশিত কৰাৰ বাবে জনাজাত।

ঠাকুৰ পৰিয়ালৰ মহিলাসকলৰ ভিতৰত, স্বৰ্ণকুমাৰী দেৱীৰ পিছতে, জ্ঞানদানন্দিনীয়ে পৰিয়ালটোৱে সমৃদ্ধ সাহিত্যিক পৰিৱেশত আটাইতকৈ সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। ১৮৮০ চনত ইংলেণ্ডৰপৰা উভতি অহাৰ পিছত জ্ঞানদানন্দিনীয়ে বঙালী আলোচনী ভাৰতীত প্ৰবন্ধ লিখিবলৈ আৰম্ভ কৰে। সোনকালেই তেওঁৰ সাহিত্য প্ৰতিভা বুদ্ধিজীৱীসকলৰ নজৰলৈ আহিছিল। ১৮৮৫ চনত জ্ঞানদানন্দিনী দেৱীয়ে বঙালী ভাষাত প্ৰথম শিশু সাহিত্য আলোচনী বালক প্ৰতিষ্ঠা কৰে। ৰবীন্দ্ৰনাথেও বালকত লিখিছিল আৰু কেইবাটাও চুটি গল্প, কবিতা আৰু নাটকৰ অৱদান আগবঢ়াইছিল। তেওঁ শিশুসকলৰ বাবে টাকডুমাডুম আৰু সাত ভাই চম্পা নামেৰে দুখন নাটক লিখিছিল; সাহিত্য চক্ৰত দুয়োখন নাটকেই যথেষ্ট প্ৰশংসিত হৈছিল।

ইয়াত বিতংকৈ পঢ়ক...

যোৱামাহৰ ভাল প্ৰবন্ধ ইল'ইজৰ বিষয়ে ইয়াত পঢ়ক...
সৃষ্টি কৰা প্ৰবন্ধসমূহ
ফেব্ৰুৱাৰী-২০২৪ত সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক
মুঠ প্ৰবন্ধৰ সংখ্যা =  ১৮০

বিশ্বৰ প্ৰেক্ষাপট

ব্যক্তি বিষয়ক

  1. লেডী গাগা
  2. দাদা মাছিটি
  3. লিণ্ডা ব্ৰাউন বাক
  4. ইন্দ্ৰাণী পেৰেৰা
  5. তামাঞ্চা জান
  6. নোৰা ফটেহী
  7. ‎প্লিনি দ্য এল্ডাৰ
  8. ‎বাবৰ
  9. অনিতা আনন্দ

অন্যান্য

  1. নেৱাৰসকলৰ জাতীয় সাজ
  2. গাই যাত্ৰা
  3. লাখেই নৃত্য
  4. ম্হ পূজা
  5. স্বন্তি (উৎসৱ)
  6. ছান্নি ইয়াকুমা
  7. কিৰিবাথ
  8. ছবাই
  9. মংগল শোভাযাত্ৰা
  10. ৰাধাষ্টমী
  11. নুৱাখাই
  12. ৰাইটা
  13. ফালুদা
  14. কেবায়া
  15. চাঁ‌ছ
  16. ছাৰং
  17. ইয়াৰখুষ্টা
  18. ব্লেক ফৰেষ্ট হেম
  19. ছিমা
  20. হানবক
  21. হ’ৰট
  22. ডীল (পৰিধান)
  23. সাংগ
  24. ঝিঝিয়া
  25. জেওগৰী (পোছাক)
  26. কাৰাকাট্টম
  27. ঝুমৰ
  28. চেউটা
  29. পিলি য়েছা
  30. আজেৰবাইজানৰ পৰম্পৰাগত সাজপাৰ
  31. তুৰ্কমেনিস্তানৰ নাৰী
  32. কাৰ্কাডান
  33. ছোলিয়া
  34. ‎কাৰবালাৰ যুদ্ধ
  35. সংগিনী নৃত্য
  36. পেনা কোটা
  37. ‎আডুমু
  38. বিএপিএছ হিন্দু মন্দিৰ, আবুধাবি
  39. ‎গাৰাডি
  40. ধেমচা

ভাৰতীয় পটভূমি

ব্যক্তি বিষয়ক

  1. বিভা বাক্‌চি
  2. ৰাণা আয়্যুব
  3. উমৰজী অনুৰাধা
  4. পংকজ উধাছ
  5. নীৰা দেশাই
  6. কুন্দনিকা কাপাডিয়া
  7. মিথুন চক্ৰৱৰ্তী
  8. গংগু তেলী
  9. ভি গীতা
  10. লীলা ডুবে
  11. শ্বাহীন মিস্ত্ৰী
  12. নেহা দীক্ষিত
  13. সুনীতি দেৱী
  14. জ্ঞানদানন্দিনী দেৱী
  15. দিনেশ নন্দিনী ডালমিয়া
  16. অনিতা গুহ
  17. মালতী বেডেকৰ
  18. সুনীতা কৃষ্ণন
  19. ‎ফুলবসন বাঈ যাদৱ
  20. কিটু গিদৱানী
  21. ‎ৰেণুকা সাহানে
  22. চেতনা সিনহা
  23. কৌশিকী চক্ৰৱৰ্তী
  24. দিপ্তী নাভাল
  25. সাধনা শিৱদাসানী
  26. চেনো চুহাহ
  27. ‎কে ভি ৰাবিয়া
  28. পিংকী বিৰানী
  29. সুন্দৰী নন্দা
  30. পূজা শৰ্মা (উদ্যোগীপতি)
  31. আনিছ কিডৱাই
  32. চৌধুৰী চৰণ সিং
  33. সুভদ্ৰা যোশী
  34. সুভদ্ৰা সেনগুপ্ত
  35. আকাংক্ষা পুৰী
  36. নিৰুপমা ৰাজেন্দ্ৰ
  37. ‎লালকৃষ্ণ আদৱানী
  38. সুনীতি নামযোশী
  39. মীনা কান্দাচামি
  40. শ্ৰীলা মজুমদাৰ

অন্যান্য

  1. চিপকো আন্দোলন
  2. অৰুণাচল প্ৰদেশ ৰাজ্যিক মহিলা আয়োগ
  3. আজ তক
  4. ইটিভি বাল্যভাৰত
  5. লেজিম
  6. এভিয়েল
  7. মাৰ্গামকালি নৃত্য
  8. পড়য়নি
  9. ওট্টান থুল্লাল
  10. থিড়াম্বু নৃত্যম
  11. কাংগিলু
  12. ত্ৰিপুৰাৰ লোক-নৃত্য
  13. কৰম নাচ
  14. গ্ৰিডা নৃত্য
  15. বইটা বন্দনা
  16. লাংগা ৱনি
  17. ঘুমুৰা নৃত্য
  18. মাচ
  19. ‎ৰসিয়া
  20. বীৰগছে
  21. চিলাম্বম
  22. ‎ভাৰতীয় মহাকাশ কেন্দ্ৰ
  23. উমৈহতীয়া দেৱানী বিধি
  24. মৰ্দানী খেল
  25. নেচনেল কেডেট কৰ্পছ (ভাৰত)
  26. মাৰ্কোছ সৈন্য

অসম বিষয়ক

ব্যক্তি বিষয়ক

  1. লীলা ৰয়
  2. ভীমকান্ত কোঁৱৰ
  3. পৰমানন্দ মহন্ত
  4. পখিলা লেকথেপী

অন্যান্য

  1. গুমৰাগ
  2. অসমৰ পুতলা শিল্প
  3. কাজলীচকী
  4. মৈৰামৰা দৌল

সানমিহলি

  1. নাৰীবাদী গ্ৰন্থ-বিপণী
  2. ছমপট
  3. মহা ছোনা
  4. পাপড়
  5. পৰঠা
  6. কেম্বেন
  7. নৰক চতুৰ্দশী
  8. লিংগ-সমতা বিৰোধাভাস
  9. কুলফি
  10. নাৰীবাদী জীৱবিজ্ঞান
  11. দহি (দৈ)
  12. কালাকান্দ
  13. ট্ৰান্স মেন
  14. পেড়া
  15. মোকি
  16. লাড়ু
  17. টুম্পেং
  18. মিহিদানা
  19. লিংগ বৈচিত্ৰ্য
  20. বৰফি
  21. পকোৰা
  22. জংজি
  23. আলু চাট
  24. ভেল পুৰী
  25. আমৰ আচাৰ
  26. চোলে ভাতুৰে
  27. কচুৰি
  28. পপেট
  29. ঘুগনি
  30. পাপড়ি চাট
  31. বিজ্ঞানৰ নাৰীবাদী দৰ্শন
  32. নাৰী মুক্তি আন্দোলন
  33. অভিষেক
  34. জোৰাব
  35. লেহেংগা
  36. ঢোলক
  37. চীলিন
  38. ৰে'ম
  39. অঙ্গমপোৰা
  40. ছোলি
  41. তৰোৱাল নৃত্য
  42. দুগুণ বোজা
  43. মহিলাৰ কাম
  44. বেছিলিস্ক
  45. অশ্বনৰ
  46. স্ফিংক্স
  47. পিটবুল
  48. গ্ৰীফিন
  49. নাৰীবাদ আৰু প্ৰচাৰ মাধ্যম
  50. ‎ইউনিকৰ্ণ
  51. যখিনী
  52. উত্তৰণৰ বিধি
  53. মৌখিক পৰম্পৰা
  54. লোকাচাৰ
  55. লোক-নৃত্য
  56. পানী ডুবি
  57. নাৰীবাদী সাহিত্য সমালোচনা
নিৰ্বাচিত চিত্ৰ সম্পাদনা কৰক
অসমগোৱালপাৰাজিলাত ফাকুৱা বা হোলীৰ উদযাপন।
চিত্ৰ শিল্পী: ভীষ্ম থাপা
উল্লেখনীয় ৱিকিমিডিয়ান

অনামিকা(চুমু) বড়া: ২০১৯ চনৰ পৰা ৱিকিপিডিয়াৰ সৈতে জড়িত এগৰাকী দক্ষ আৰু কৌশলী ৱিকিমিডিয়ান। অসমীয়া ৱিকিপিডিয়াত তেওঁৰ সম্পাদনাৰ সংখ্যা ৩,৪৪৫ আৰু ৱিকিপিডিয়াত সৃষ্টি কৰা পৃষ্ঠাৰ সংখ্যা ১৬৮। অসমীয়া ৱিকিপিডিয়াৰ লগতে তেওঁ ৱিকিউৎস, ৱিকিউদ্ধৃতি আৰু ৱিকিকমন্স আদি কেইবাটাও প্ৰকল্পত বৰ্তমানলৈকে মুঠ ২০,০৮৭ টা সম্পাদনা কৰিছে। অমূল্য অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজে তেওঁক “এই মাহৰ ৱিকিমিডিয়ান”, 'ৰঙা লিংক অপসাৰণ পদক', 'ৱিকি শতক পদক', 'ৱিকিপত্ৰিকা পদক' আদি পদকেৰে সন্মানিত কৰিছে। আমি তেওঁৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ।

পদক সম্পাদনা কৰক
পদক
পাওঁতাৰ নাম
এই মাহৰ ৱিকিমিডিয়ান
প্ৰণামিকা অধিকাৰী
ছয় শতাধিক প্ৰবন্ধ পদক
দিব্য দত্ত
সব্যসাচী ৱিকিমিডিয়ান পদক
নয়ন জ্যোতি নাথ







বিশেষ অভিলেখ
ফেব্ৰুৱাৰী-২০২৪ৰ বিশেষ অভিলেখ সম্পাদনা কৰক
উল্লেখনীয় কাম সম্পাদনা কৰক
  • অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ১২৭৯৭ টালৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউৎসত উপলভ্য গ্ৰন্থৰ সংখ্যা ৫৯০ খনলৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউদ্ধৃতিত লেখাৰ সংখ্যা ৬৬০ টালৈ বৃদ্ধি পালে।
নিৰ্বাচিত উদ্ধৃতি
নিৰ্বাচিত উদ্ধৃতি সম্পাদনা কৰক
(অদক্ষ বা এলেহুৱা লোকে সৰু কাম এটা কৰিও বহুত কৰা দেখুৱাই আনৰ মনোযোগ আকৰ্ষণ কৰে।)


পৰিসংখ্যা আৰু অন্যান্য সম্পাদনা কৰক
পৰিসংখ্যা

অন্যান্য সংযোগ


  • ইন্‌ষ্টাগ্ৰামত অনুসৰণ কৰক: @assamesewikimedia

ঘোষণা


ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ পৰা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰক।
ক্ৰ.
নং
সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিউদ্ধৃতি ৱিকিকমন্স ৱিকিতথ্য
অজয় দাস ১৪৫ - - - ২৬
চন্দন চিৰিং ফুকন ১৯৪ - ২৮০ ১৯
ঈশান জ্যোতি বৰা ৯৩ - - ১১
কন্দৰ্পজিৎ কল্লোল ২২৬ - - - ১৭
কুলধৰ ৰাভা - ৩৩ - -
খিলঞ্জীত ১৬৯ - - - -
মৌচুমী দাস ৭৯ - - - -
জলী ৰুমী বৰা ৭৩ ৩১ ২১ - -
জ্যোতি চিৰিং - ৭৪ - - -
১০ দিব্য দত্ত ৭৯৫ - - ৫৪
১১ নয়ন জ্যোতি নাথ ৩৩ - ১৩ ২০১
১২ প্ৰণামিকা অধিকাৰী ৮১৩ - ১০৮ - ৫৮
১৩ প্ৰাণজ্যোতি নাথ ১৭৯ - - - ২৬
১৪ ৰুমী বৰা - ৯১ -
১৫ হানিফ আলী ৪৯ - - - ২০


বিঃদ্ৰঃ তালিকাখন সদস্যনামৰ বৰ্ণানুক্ৰমিক কৰি সজোৱা হৈছে।

ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।