আজ তক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আজ তক

Aaj Tak

উদ্বোধন ৩১ ডিচেম্বৰ ২০০০; ২৩ বছৰ আগত (2000-12-31) SDTV
১৪ ডিচেম্বৰ ২০১৮; ৫ বছৰ আগত (2018-12-14) HDTV
গৰাকী লিভিং মিডিয়া
দেশ ভাৰত
ভাষা হিন্দী
সম্প্ৰচাৰৰ অঞ্চল ভাৰত আৰু আন্তঃৰাষ্ট্ৰীয়
মুখ্য কাৰ্যালয় নয়দা, উত্তৰ প্ৰদেশ, ভাৰত
ভগ্নী কেন্দ্ৰসমূহ ই‌ণ্ডিয়া টুডে’
গুড নিউজ টুডে’
ৱেবছাইট www.aajtak.in

আজ তক (Aaj Tak; অনুবাদ: আজিলৈকে) হৈছে নতুন দিল্লীস্থিত সংবাদ-গোষ্ঠী লিভিং মিডিয়া গ্ৰুপ (ইণ্ডিয়া টুডে’ গ্ৰুপ)ৰ অধীনস্থ টিভি টুডে’ নেটৱৰ্কৰ মালিকানাধীন আগশাৰীৰ ভাৰতীয় হিন্দী ভাষাৰ নিউজ চেনেল।[1]

ইতিহাস[সম্পাদনা কৰক]

আজ তকৰ পূৰ্বৰ ল’গ’

১৯৯৫ চনত প্ৰথমবাৰৰ বাবে দূৰদৰ্শনৰ ডিডি মেট্ৰ’ (ডিডি)ত আজ তক সম্প্ৰচাৰিত হৈছিল। তাৰপাছত ই ১০-২০ মিনিটৰ বাতৰি অনুষ্ঠান হিচাপে সম্প্ৰচাৰিত হৈছিল। ২০০০ চনৰ ডিচেম্বৰ মাহত আজ তকে এটা সুকীয়া নিউজ চেনেলৰ ৰূপ লয় আৰু তাৰপাছত ই দেশৰ প্ৰথমটো চৌবিশ ঘ‌ণ্টাই সম্প্ৰচাৰিত হোৱা সম্পূৰ্ণ হিন্দী নিউজ চেনেল হিচাপে পৰিগণিত হয়। সেইসময়ৰ এজন এংকৰ আছিল সুৰেন্দ্ৰ প্ৰতাপ সিং৷[2][3] আজ তকৰ টেগলাইন আছিল "ইয়েহ থী খবৰ আজ তক, ইন্তেজাৰ কীজিয়ে কল তক" (অনুবাদ: আজিলৈকে ইমানেই খবৰ আছিল, কাইলৈলৈকে অপেক্ষা কৰক।)।[2] ভাৰতত অ’ বি ভেন ব্যৱহাৰ কৰা প্ৰথমটো নিউজ চেনেল আছিল আজ তক৷[4]

এটা পূৰ্ণাংগ চেনেলৰ ৰূপ লোৱালৈকে ই ৫২ লাখ পৰিয়ালৰ দৃষ্টিগোচৰ লাভ কৰিছিল আৰু তেতিয়াৰে পৰা ই তিনি কোটি ঘৰলৈকে সম্প্ৰচাৰিত হোৱা চেনেল হৈ পৰিছে আৰু নিউজ চেনেলৰ ক্ষেত্ৰত ইয়াৰ দৰ্শকৰ সংখ্যা ৫৬%।[3] ২০১৮ চনৰ ১৪ ডিচেম্বৰত আজ তকে ভাৰতৰ প্ৰথমটো হিন্দী হাই ডেফিনিশ্যন চেনেল আজ তক এইচ.ডি. মুকলি কৰে।[5] ২০২১ চনৰ জানুৱাৰী মাহত চেনেলটো ৰিব্ৰেণ্ড কৰা হয়।[6]

কৰ্মচাৰী[সম্পাদনা কৰক]

কাৰ্যবাহী কৰ্মচাৰী[সম্পাদনা কৰক]

  • অৰুণ পুৰী, ইণ্ডিয়া টুডে’ গ্ৰুপৰ অধ্যক্ষ
  • কল্লী পুৰী, ইণ্ডিয়া টুডে’ গ্ৰুপৰ উপাধ্যক্ষ
  • অঞ্জনা ওম্ কাশ্যপ  – কাৰ্যবাহী সম্পাদিকা
  • স্বেতা সিং  – কাৰ্যবাহী সম্পাদিকা
  • সুধীৰ চৌধুৰী  – পৰামৰ্শদাতা সম্পাদক
  • ছায়দ আনছাৰী  – পৰামৰ্শদাতা সম্পাদক [7]
  • বিক্ৰান্ত গুপ্তা  – মুখ্য ক্ৰীড়া সম্পাদক

পূৰ্বৰ কৰ্মচাৰী[সম্পাদনা কৰক]

পূৰ্বৰ এংকৰসকলৰ ভিতৰত আছিল ৰোহিত চৰ্দানা [8] আৰু সুৰেন্দ্ৰ প্ৰতাপ সিং।[2] উদয় শংকৰে আজ তকৰ আৰম্ভ‌ণিৰ বছৰকেইটাত সংবাদ-পৰিচালক হিচাপে কাম কৰিছিল।[4]

  • প্ৰভু চাওলা
  • অভিনন্দন ছেখৰী
  • পুণ্য প্ৰসুন বাজপেয়ী
  • বৰীয়া মজুমদাৰ
  • আশুতোষ ৰাণা

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Rodrigues, Usha; Maya, Ranganathan (2014). Indian News Media: From Observer to Participant. প্ৰকাশক India: SAGE Publications. পৃষ্ঠা. 23–24, 165. ISBN 9789351501589. https://books.google.com/books?id=2RqJCwAAQBAJ. 
  2. 2.0 2.1 2.2 Singh, Dr Paramveer (2021-08-05). "8. India Today Group." (en ভাষাত). Indian Silver Screen. K.K. Publications. পৃষ্ঠা. 147–150. Archived from the original on 9 April 2023. https://web.archive.org/web/20230409132058/https://books.google.com/books?id=Ncg7EAAAQBAJ। আহৰণ কৰা হৈছে: 15 November 2021.  উদ্ধৃতি ত্ৰুটি: Invalid <ref> tag; name ":0" defined multiple times with different content
  3. 3.0 3.1 "Television.". India Today Group. Archived from the original on 23 August 2021. https://web.archive.org/web/20210823225840/https://www.indiatodaygroup.com/new-site/television.html। আহৰণ কৰা হৈছে: 2021-05-03.  উদ্ধৃতি ত্ৰুটি: Invalid <ref> tag; name ":1" defined multiple times with different content
  4. 4.0 4.1 Munshi, Shoma (2012-12-15). "1" (en ভাষাত). Remote Control: Indian Television in the New Millennium. Penguin UK. ISBN 978-81-8475-755-2. Archived from the original on 9 April 2023. https://web.archive.org/web/20230409132120/https://books.google.com/books?id=fdGATZeZWJcC। আহৰণ কৰা হৈছে: 15 November 2021.  উদ্ধৃতি ত্ৰুটি: Invalid <ref> tag; name ":2" defined multiple times with different content
  5. "Aaj Tak launches first of its kind HD news channel - Aaj Tak HD" (en-US ভাষাত). AdGully. 14 December 2018. Archived from the original on 25 July 2019. https://web.archive.org/web/20190725093043/https://www.adgully.com/aaj-tak-launches-first-of-its-kind-hd-news-channel-aaj-tak-hd-82272.html। আহৰণ কৰা হৈছে: 2021-08-25. 
  6. Baddhan, Lakh (2021-01-21). "Aaj Tak refreshes brand with new look for 20th anniversary" (en-GB ভাষাত). BizAsia. Archived from the original on 21 January 2021. https://web.archive.org/web/20210121210133/https://www.bizasialive.com/aaj-tak-refreshes-brand-with-new-look-for-20th-anniversary/। আহৰণ কৰা হৈছে: 2021-04-18. 
  7. . 11 July 2022. Archived from the original on 11 July 2022. https://web.archive.org/web/20220711103753/https://www.newslaundry.com/2022/07/11/the-natural-home-for-a-household-name-sudhir-chaudhary-to-join-aaj-tak-as-consulting-editor. 
  8. Bhati, Divya (2 May 2021). "RIP Aaj Tak TV Journalist Rohit Sardana died due to Heart Attack after suffering from Covid-19" (en ভাষাত). jagrantv. Archived from the original on 25 August 2021. https://web.archive.org/web/20210825003934/https://www.jagrantv.com/en-show/rohit-sardana-biography-age-death-reason-tv-journalist-early-life-wife-son-family-and-photo-rc1018073। আহৰণ কৰা হৈছে: 2021-08-25. 

বাহ্যিক সংযোগসমূহ[সম্পাদনা কৰক]