সমললৈ যাওক

মৈৰামৰা দৌল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মৈৰামৰা দৌল
মৈৰামৰা থান
মৈৰামৰা দৌলমৈৰামৰা থান is located in অসম
মৈৰামৰা দৌলমৈৰামৰা থান
মৈৰামৰা দৌল
মৈৰামৰা থান
ত মন্দিৰটোৰ অৱস্থান
ভূ-স্থানাংক 27°20′06″N 94°55′54″E / 27.335132°N 94.931587°E / 27.335132; 94.931587
স্থান
দেশ ভাৰত
ৰাজ্য অসম
জিলা ডিব্ৰুগড় জিলা
ইতিহাস
নিৰ্মাণকাল
(বৰ্তমান গৃহ)
১০ শতিকা (শিলৰ মন্দিৰ), ১৩-১৪ শতিকা (ইটাৰ মন্দিৰ)
প্ৰতিস্থাপক চুতীয়া ৰজা

মৈৰামৰা দৌল বা মৈৰামৰা থান (ইংৰাজী: Moiramora Doul) ডিব্ৰুগড় জিলাৰ মানকটা মৌজাৰ খামতি ঘাটত অৱস্থিত ঐতিহাসিক দৌল। এই দৌলটো পোণপ্ৰথমতে ১০ শতিকা মানত শিলেৰে নিৰ্মাণ কৰা হৈছিল যদিও পাছলৈ ১৩-১৪ শতিকাত চুতীয়া ৰাজ্যৰ দিনত ইটাৰে পুণৰ নিৰ্মাণ কৰা হৈছিল।‌ বৰ্তমান সময়ত মৈৰামৰা দৌল বা থানৰ কেৱল ভগ্নাৱশেষ পোৱা গৈছে। মৈৰামৰা দৌলৰ ভগ্নাৱশেষৰ ঠাইত এতিয়া মৈৰামৰা সত্ৰ অৱস্থিত। অসম চৰকাৰৰ পুৰাতত্ত্ব বিভাগে মৈৰামৰা দৌলক ৰাজ্যিক সংৰক্ষিত স্মৃতিচিহ্ন হিচাপে স্বীকৃতি প্ৰদান কৰিছে।[1]

পুৰণি যুগ

[সম্পাদনা কৰক]

মৈৰামৰা থানখন পোণপ্ৰথমতে ১০ শতিকা মানত শিলেৰে নিৰ্মাণ কৰা‌ হৈছিল[2]। পৰবৰ্তী কালত শিলৰ ঠাইত দৌলটো ইটাৰে পুণৰ নিৰ্মাণ কৰা হৈছিল। Thermoluminescence (TL) পদ্ধতিৰে ইটাবোৰৰ ওপৰত কৰা datingৰ অনুসৰি ইটাৰ দৌলটো ১৩-১৪ শতিকাত নিৰ্মিত[3]। যিহেতু সেই সময়ত এই অঞ্চলত চুতীয়া ৰজা সকলে শাসন কৰিছিল, সেইবাবে বুৰঞ্জীবিদ সকলে এই দ'লটো কোনোবা এজন চুতীয়া ৰজাৰ ৰাজকীয় পৃষ্ঠপোষকতাত নিৰ্মিত বুলি বিশ্বাস কৰে[4]। আজিৰ দিনত দৌলটোৰ দক্ষিণত দিহিং নৈ বৈ গৈছে (দিহিং নৈৰ উত্তৰপাৰে চুতীয়া ৰাজ্য আছিল[5][6]) যদিও মধ্যযুগত দিহিং নৈ দৌলটোৰ পৰা ভালেমান আঁতৰত দক্ষিণ পিণে বৈ‌ গৈছিল আৰু বকতা-চৰগুৱা পাৰ হৈ দিচাঙত পৰিছিল[7]। আহোম বুৰঞ্জীত সেইবাবে বকতা আৰু চৰগুৱা অঞ্চল দিহিঙৰ পাৰত আছিল বুলি উল্লেখ আছে।[8]

সত্ৰৰ যুগ

[সম্পাদনা কৰক]

শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱৰ প্ৰৱৰ্তিত নৱ-বৈষ্ণৱ ধৰ্মৰ কাল-সংহতি সত্ৰৰ প্ৰতিষ্ঠাপক গোপাল আতাৰ এজন প্ৰধান শিষ্য বৰযদুমণিদেৱে বুঢ়ীদিহিং নদীৰ পাৰত কলৌলোৱা নামৰ ঠাইত মৈৰামৰা সত্ৰ প্ৰতিষ্ঠা কৰিছিল। আহোম স্বৰ্গদেউ চুজিন্‌ফা (১৬৭৫-৭৭খ্ৰী:) আৰু ৰাজমন্ত্ৰী আতন বুঢ়াগোহাঁ‌ই ডাঙৰীয়াই নামধৰ্মত শৰণ লৈ মৈৰামৰা সত্ৰৰ শিষ্যত্ব গ্ৰহণ কৰিছিল। আহোম পৃষ্ঠপোষকতাত সত্ৰৰ পুখুৰী খন্দাই উৰ্চগা কৰা হৈছিল। পৰবৰ্তী সময়ত বুঢ়ীদিহিং নদীৰ বানপানী আৰু গৰাখহনীয়াৰ ফলত মৈৰামৰা সত্ৰৰ দৌলৰ ভেঁটিলৈকে খান্দি পেলোৱাত ভূমিকম্পৰ কৱলত পৰি দৌলটো বাগৰি পৰে।

প্ৰাকৃতিক দুৰ্যোগে ক্ষতিসাধন কৰা সত্ৰখন পিছলৈ আহোম ৰাজ্য অভ্যন্তৰীণ বিদ্ৰোহ আৰু মানৰ তৃতীয় বাৰ আক্ৰমণৰ ফলত জনবসতি বিহীন হৈ এৰাপৰলীয়া হৈ হাবি-জঙঘলৰ মাজত "থান" ৰূপে অৱশিষ্ট ৰয়গৈ। পিছলৈ মৈৰামৰা সত্ৰখন শিৱসাগৰ জিলাৰ হাঁহচৰা মৌজাৰ কুজিঁবালিত প্ৰতিষ্ঠা কৰা হয়। পিছলৈ বুঢ়ীদিহিং নদীয়ে নিজৰ সুতি সলাই সত্ৰৰ দৌল থকা অঞ্চলৰ পৰা আতঁৰি সত্ৰৰ উত্তৰ দিশেদি পোন বাট লোৱাত সত্ৰ- অঞ্চল লেঙেৰী মৌজাৰ পৰা ফাটি মানকটা মৌজাৰ ভিতৰলৈ আহে। পিছলৈ এই অঞ্চলত নতুনকৈ বসতি কৰিবলৈ অহা লোকে হাবিৰ মাজত মৈৰামৰা সত্ৰৰ ভগ্নাৱশেষ আবিষ্কাৰ কৰে আৰু "থান ঘৰ" সাজি পূজা সেৱা কৰিবলৈ ল'লে। উল্লেখযোগ্য যে, পূৰ্বৰ মৈৰামৰা সত্ৰৰ সত্ৰাধিকাৰৰ এটি পৰিয়ালৰ লোক পৰবৰ্তী সময়ত আহি পুনৰ সত্ৰ পাতি নামধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ দায়িত্ব অব্যাহত ৰাখিছে।

বৰ্তমান স্থিতি

[সম্পাদনা কৰক]

বৰ্তমান অসম চৰকাৰৰ পুৰাতত্ত্ব বিভাগৰ ২০১০ চনৰ এক আঁচনি অনুসৰি মৈৰামৰা সত্ৰ বা ম'ৰামৰা থানে সামৰা অঞ্চলটো সংৰক্ষণ আৰু সংবৰ্ধনৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এই উপলক্ষে পুৰাতত্ত্ব বিভাগৰ লগতে ডিব্ৰুগড় জিলা প্ৰসাশন আৰু স্থানীয় যুৱ সংগঠনে চৌহদৰ প্ৰায় ৭ বিঘা মাটি আগুৰি বেৰা, এটি পকী সংগ্ৰহালয় আৰু বেদী নিৰ্মাণ কৰি পৰি থকা শিলৰ ভাস্কৰ্য্য সমূহৰ কেইপদমান সংগ্ৰহ কৰি সজাই ৰখা হৈছে। এই স্থানত ১৩টা শিলত কটা মূৰ্তি আৰু ভালেকেইটা মূৰ্তিৰ ভগ্নাংশ মৈৰামৰা থান পূৰাতাত্ত্বিক স্থানৰ উদ্যান আৰু স্থানীয় গেলেৰীত সংৰক্ষিত অৱস্থাত ৰখা হৈছে।[9] ২০১৮ চনৰ খনন কাৰ্যত ইয়াত দুটা পৃথক সময়ৰ সাংস্কৃতিক সভ্যতাৰ উমান পোৱা গৈছে। খনত কাৰ্যত ইটাৰে নিৰ্মিত প্ৰাচীন মন্দিৰৰ বেদী, ব্ৰিটিছ যুগৰ তামৰ মুদ্ৰা, ৰূপৰ ফুল, শিলৰ ভাস্কৰ্য আৰু বিভিন্ন আকৃতিৰ পোৰামাটিৰ ইটা পোৱা গৈছে। ইয়াত উদ্ধাৰ হোৱা গ্ৰেনাইট শিলৰ ভাস্কৰ্যসমূহ আদি মধ্বুযযুগৰ বুলি ঠাৱৰ কৰা হৈছে। আনহাতে বালি শিলৰ ভাস্কৰ্যসমূহ তুলনামূলকভাৱে নতুন।[10]

অৱস্থান

[সম্পাদনা কৰক]

ডিব্ৰুগড় জিলাৰ মানকটা মৌজাৰ খামতি ঘাটৰ পৰা দুই কিলোমিটাৰমান পশ্চিমলৈ বুঢ়ীদিহিং নদীৰ পাৰত মৈৰামৰা দৌল অৱস্থিত।[11] বৰ্তমান "জকাই নপাম থান গাঁও" নামেৰে অভিহিত পূৰ্বৰ লেঙেৰী মৌজাৰ কলৌলোৱা ঠাইত মৈৰামৰা সত্ৰখন অৱস্থিত। ডিব্ৰুগড় চহৰৰ পৰা ইয়ালৈ যাতায়াতৰ সু-ব্যৱস্থা আছে। ইয়াৰ পৰা ডিব্ৰুগড় ৰেল ষ্টেচন প্ৰায় ২০ কিঃমিঃ আৰু ডিব্ৰুগড় বিমানবন্দৰলৈ দূৰত্ব প্ৰায় ২৭ কিঃমিঃ।

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "Protected Monuments in Assam" (en ভাষাত). Archeological Survey of India. https://asi.nic.in/protected-monuments-in-assam/ আহৰণ কৰা হৈছে: 01 January 2024.
  2. [https://www.heritageuniversityofkerala.com/JournalPDF/Volume11.2/29.pdf Bhuyan, R.R.,"Archaeological Remains of the Dihing Valley of Assam",p.535
  3. Saikia, R.R,"Chronological and Archaeometric Evaluation of Bricks from Archaeological Sites of Upper Assam, Northeast India: Estimation of the Firing Temperature and Civilization History", p.17
  4. [https://www.heritageuniversityofkerala.com/JournalPDF/Volume11.2/29.pdf Bhuyan, R.R.,"Archaeological Remains of the Dihing Valley of Assam",p.533-534
  5. Assam Buranji(SM), p.9
  6. Bhuyan, S.K., Satsari Buranji, p.56
  7. Sarma, J.N, A study on palaeochannels from satellite imagery in a part of Upper Assam, p.77-78
  8. Gait, Edward (1906). A History of Assam. Thacker, Spink and Co..
  9. "পূৰাতাত্ত্বিক উদ্যান আৰু স্থানীয় যাদুঘৰ" (as ভাষাত). পূৰাতাত্ত্বিক সঞ্চালকালয়, অসম চৰকাৰ. https://archaeology.assam.gov.in/as/information-services/পূৰাতাত্ত্বিক-উদ্যান-আৰু-স্থানীয়-যাদুঘৰ আহৰণ কৰা হৈছে: 03 February 2024.[সংযোগবিহীন উৎস]
  10. "Moiramara samples sent for dating" (en ভাষাত). The Telegraph. https://www.telegraphindia.com/north-east/moiramara-samples-sent-for-dating/cid/1443904 আহৰণ কৰা হৈছে: 03 February 2024.
  11. "সংৰক্ষিত পূৰাতাত্ত্বিক স্থান আৰু স্মৃতিসৌধসমূহ" (as ভাষাত). Archeological Survey of India. https://archaeology.assam.gov.in/as/information-services/সংৰক্ষিত-পূৰাতাত্ত্বিক-স্থান-আৰু-স্মৃতিসৌধসমূহ আহৰণ কৰা হৈছে: 01 January 2024.[সংযোগবিহীন উৎস]