আজেৰবাইজানৰ পৰম্পৰাগত সাজপাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

আজেৰবাইজানৰ পৰম্পৰাগত সাজপাৰ (আজাৰবাইজানী: Azərbaycan milli geyimi) হৈছে আজাৰবাইজানী জনসাধাৰণে পৰম্পৰাগতভাবে পৰিধান কৰা সাজ-পোছাক। তেওঁলোকৰ ইতিহাস, ধৰ্মীয় সংস্কৃতি আৰু জাতীয় পৰিচয়ৰ সৈতে এই সাজ-পাৰবোৰ ওতঃপ্ৰোতভাৱে জড়িত।[1]

পুৰুষৰ সাজপাৰ[সম্পাদনা কৰক]

দেহাবৰণ[সম্পাদনা কৰক]

আজাৰবাইজানী পুৰুষৰসকলে উষ্ট কইনেই (ust koyney, চোলা) বা চেপকেন, আৰ্খালিগ আৰু চোখা পৰিধান কৰে।

আৰ্খালিগ – আৰ্খালিগ হৈছে সামাজিক অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি ৰেচম, চেটিন, কাপোৰ, কাশ্মীৰী আৰু ভেলভেটৰ পৰা তৈয়াৰী এক প্ৰকাৰৰ দীঘল, টান, কঁকাললৈকে পৰা জেকেট।

চুখা – কাপোৰ, তিৰ্মা, ঘৰতে বনোৱা বস্ত্ৰৰে তৈয়াৰ কৰা এবিধ বস্ত্ৰ।

শিৰস্ত্ৰাণ[সম্পাদনা কৰক]

আধুনিক আজেৰবাইজানী ভূখণ্ডত ‘পাপাক’ (Papaq) নামৰ এবিধ শিৰস্ত্ৰাণক পুৰুষৰ ধৈৰ্য্য, সন্মান আৰু মৰ্যাদাৰ প্ৰতীক হিচাপে গণ্য কৰা হৈছিল আৰু ইয়াক হেৰুৱাই পেলোৱাটো অপমানজনক বুলি গণ্য কৰা হৈছিল। পাপাক চুৰি কৰাটো মালিকৰ বিৰুদ্ধে শত্ৰুতাপূৰ্ণ কাৰ্য্য বুলি গণ্য কৰা হৈছিল আৰু পাপাক ভাঙি পেলোৱাটো গুৰুতৰ অপমান বুলি গণ্য কৰা হৈছিল। পাপাকৰ মালিকৰ সামাজিক মৰ্যাদা ইয়াৰ আকৃতিৰ দ্বাৰা নিৰ্ণয় কৰিব পৰা যায়। কেৱল চালাত (নামাজ) কৰাৰ সময়ৰ বাহিৰে পুৰুষসকলে কেতিয়াও পাপাক খুলি লোৱা নাছিল (আনকি ৰাতিৰ আহাৰ খোৱাৰ সময়তো)। মূৰৰ পোছাক নোহোৱাকৈ ৰাজহুৱা স্থানত উপস্থিত হোৱাটো অনুচিত বুলি গণ্য কৰা হৈছিল।[2]

পাপাক - পাপাক হৈছে ভেড়া পোৱালিৰ নোম বা কাৰাকুলৰ পৰা তৈয়াৰ কৰা পুৰুষৰ সকলৰ প্ৰধান মূৰৰ পোছাক বা শিৰস্ত্ৰাণ। বিভিন্ন ৰূপৰ শিৰস্ত্ৰাণ পোৱা গৈছিল আৰু সেইবোৰৰ স্থানীয় নামো বেলেগ বেলেগ আছিল।

বাছলিক (Bashlyk) - বাছলিক হৈছে হুড আৰু দীঘল ঘূৰণীয়া মূৰেৰে গঠিত এবিধ ডিঙিত পিন্ধা বস্ত্ৰ। শীতকালত পুৰুষে কাপোৰ আৰু ঊলৰ পৰা তৈয়াৰী বাছলিক পিন্ধে। উটৰ ঊণৰ পৰা তৈয়াৰ কৰা বাছলিক শিৰভানত (Shirvan) অতি মূল্যৱান বুলি গণ্য কৰা হয়। বাছলিকৰ তলৰ আৱৰণখন ৰঙীন ৰেচমৰ দ্বাৰা তৈয়াৰ কৰা হয় কাৰণ মূৰটো ঘূৰাই দিলে আৱৰণখন দেখা পোৱা যায়। সাধাৰণতে বাছলিকৰ সৈতে য়াপিনজি (yapinji) নামৰ অন্য এবিধ বস্ত্ৰও পৰিধান কৰা হয়।

জোতা[সম্পাদনা কৰক]

জোৰাব (Jorabs) হৈছে ঊণৰ পৰা তৈয়াক ৰকা এবিধ মোজা যি আজাৰবাইজানকে ধৰি বহু ককেচীয়ান দেশত জনপ্ৰিয়। চহৰৰ বাসিন্দাসকলে স্লিপ অন (slip-ons) থকা চামৰাৰ জোতা পিন্ধে। অভিজাত লোকৰ মাজত বুটৰ ব্যাপক প্ৰচলন দেখা পোৱা যায়।

মহিলাৰ সাজপাৰ[সম্পাদনা কৰক]

আজেৰবাইজানৰ মহিলা সকলৰ জাতীয় সাজ-পোছাক দেহাবৰণৰ কাপোৰ আৰু অন্তৰ্বাসেৰে গঠিত। ইয়াৰ ভিতৰত আছে চাদ্ৰা (chadra) – চুপহি আকৃতিৰ এবিধ চাদৰ – আৰু ৰুবেণ্ড, মহিলাসকলে বাহিৰত থকাৰ সময়ত পিন্ধা ওৰণিৰ দৰে কাপোৰ। মহিলাৰ বস্ত্ৰবোৰ উজ্জ্বল আৰু ৰঙীন কাপোৰেৰে তৈয়াৰ কৰা হৈছিল, যাৰ গুণগত মান নিৰ্ভৰ কৰিছিল ব্যক্তিজনৰ বা তেওঁৰ পৰিয়ালৰ ধন-সম্পত্তিৰ ওপৰত। কাপোৰত সোণালী আৰু ৰূপৰ গুটি, হৰ্ডিয়ামৰ বীজ আদিৰে সজ্জিত কৰা বুটাম, মুদ্ৰা, সুক্ষ্ম লকেট আৰু নেকেলেচ আদিও লগোৱা হৈছিল। বয়সস্থসকলে সাধাৰণ কাপোৰ আৰু যুৱতীসকলে উজ্জ্বল ফুলৰ সৈতে উজ্জ্বল কাপোৰ পিন্ধিছিল।[3]

দেহাবৰণ[সম্পাদনা কৰক]

বহল হাতৰ চোলা, ভৰিৰ গোৰোহালৈকে বহল ট্ৰাউজাৰ আৰু একে দৈৰ্ঘ্যৰ ঘণ্টা আকৃতিৰ চোলা হৈছে আজেৰবাইজানী মহিলাৰ পৰম্পৰাগত সাজপাৰ। ইয়াৰ উপৰিও মহিলাসকলে পিঠি আৰু বুকুৰ ওপৰেৰে টানকৈ লাগি থকা, হাত দীঘল আৰু সন্মুখত বহল ফাট থকা এবিধ চোলা (আৰ্খালিগ, কুলাজা) পিন্ধিছিল। কঁকালত এডাল টান বন্ধনি (বেল্ট) মাৰিছিল। ঠাণ্ডা বতৰত কুইল্ট কৰা, হাত নথকা জেকেট পিন্ধিছিল। বাহিৰত প্ৰায়ে চোলাতকৈ দীঘল পোছাক পিন্ধিছিল। গাজাখ উয়েজ্‌ড (Gazakh uyezd) অঞ্চলৰ মহিলাসকলে দীঘল আৰু দুয়োফালে ফাট থকা চোলা পিন্ধিছিল।[4]

শিৰস্ত্ৰাণ[সম্পাদনা কৰক]

আজেৰবাইজানী মহিলাসকলৰ বেছিভাগেই চুষা বা বিভিন্ন ধৰণৰ টুপিৰ আকৃতিৰ চামৰাৰ দ্বাৰা নিৰ্মাণ কৰা শিৰস্ত্ৰাণ পিন্ধিছিল। ইয়াৰ ওপৰত বিভিন্ন ধৰণৰ কাপোৰ পিন্ধিছিল। মহিলাসকলে চুটগা (chutga) নামৰ বিশেষ এবিধ বস্ত্ৰৰে চুলি লুকুৱাই ৰাখিছিল। বেছিভাগ মহিলাই ভেলভেটেৰে তৈয়াৰী নলাকাৰ পিলবক্সৰ টুপি (Pillbox hat) পিন্ধিছিল। তাৰ ওপৰত বিভিন্ন ধৰণৰ কেলাঘয়ী (Kelaghayi)ৰ সৈতে চলমা (chalma) বান্ধি লৈছিল।

জোতা[সম্পাদনা কৰক]

মহিলাসকলে জোৰাব (Jorabs) নামৰ এবিধ মোজা পৰিধান কৰে।

চিত্ৰসম্ভাৰ[সম্পাদনা কৰক]

ডাকটিকট[সম্পাদনা কৰক]

আজাৰবাইজানৰ ডাকটিকট

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]