সমললৈ যাওক

পড়য়নি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পড়য়নি নৃত্য শিল্পী

পড়য়নি হৈছে ভাৰতৰ কেৰালা ৰাজ্যৰ মধ্য অংশত প্ৰচলিত এক পৰম্পৰাগত লোক-নৃত্য আৰু লোকাচাৰ[1] এই নৃত্যক ‘পড়েনি’ বুলিও কোৱা হয়। মালয়ালম শব্দ পড়েনিৰ অৰ্থ হৈছে সামৰিক গঠন। ই হৈছে ভাগৱতী মন্দিৰত মুখা পিন্ধি অনুষ্ঠিত কৰা এক প্ৰাচীন আনুষ্ঠানিক নৃত্য।[2] ভদ্ৰকালীৰ আৰাধনাৰ অৰ্থে এই নৃত্য পৰিবেশন কৰা হয়।[3] পড়য়নি হৈছে পদদানী হৈছে সকলো সংগীত, নৃত্য, নাট্য, ব্যংগ, মুখা আৰু চিত্ৰকলা সকলো উপাদানৰ এক সন্মিলিত কলা, ইয়াৰ অৰ্থ হৈছে “যোদ্ধাৰ শাৰী”। ডিচেম্বৰ মাহৰ মাজভাগৰ পৰা মে’ মাহৰ মাজভাগলৈকে ভদ্ৰকালী পূজাৰ অংশ হিচাপে দেৱীৰ মন্দিৰত এই নৃত্য মঞ্চস্থ কৰা হয়। পড়য়নি হৈছে কেৰালাৰ পাঠানমথিত্তা আৰু কোট্টাইম জিলাকে ধৰি মধ্য ট্ৰাভানকোৰ বিভাগৰ এক অনন্য নৃত্য। আলাপ্পুঝা জিলাৰ কোল্লামৰ কাষৰীয়া অঞ্চলতো এই নৃত্য পৰিবেশন কৰা হয়।

পদযানীক ব্ৰাহ্মণ্যবাদৰ আগমনৰ পূৰ্বে দ্ৰাবিড় সকলৰ পূজাৰ অংশ আছিল পড়য়নি নৃত্য।[4]

পড়য়নি নৃত্যৰ সৈতে উত্তৰ কেৰালাৰ টেয়্যম নৃত্যৰ বহু সামঞ্জস্য দেখা পোৱা যায়। পড়য়নি নৃত্যত ব্যৱহৃত বাদ্যযন্ত্ৰ সমূহৰ ভিতৰত পড়য়নি থাপ্পু, চেণ্ডা, পাৰা আৰু কুম্ভম অন্যতম।

পাঠানমথিত্তা জিলাৰ ওথেৰাস্থিত পুথুকুলংগৰা দেৱী মন্দিৰৰ পড়য়নিও বিখ্যাত।

পড়য়নি নৃত্যৰ আধাৰত নিৰ্মিত প্ৰথম মালয়ালম ছবি হৈছে ‘পচাথাপ্পু’ (Pachathappu)। ছবিখনৰ ৰচনা আৰু পৰিচালক হৈছে অনু পুৰুষত। ছবিখন “২০২০ চনৰ শ্ৰেষ্ঠ কলা ছবি”ৰ বাবে “কেৰালা চলচ্চিত্ৰ সমালোচক বঁটা”ৰ বাবে মনোনীত হৈছিল।

ব্যুৎপত্তি

[সম্পাদনা কৰক]

পড়য়নি শব্দটো মালায়ালাম শব্দ ‘পাটা’ অৰ্থাৎ ‘সামৰিক বাহিনী’ আৰু ‘অনি’ অৰ্থাৎ ‘প্ৰস্তুতি’ৰ পৰা উদ্ভৱ হৈছে।[5]

উৎপত্তিৰ পৰম্পৰা

[সম্পাদনা কৰক]

পড়য়নি হৈছে কোলাম থুল্লাল নামৰ দক্ষিণ কেৰালাৰ যাদুকৰী-চিকিৎসকসকলে পৰিৱেশন কৰা এক পৰম্পৰাগত নৃত্যৰ আধুনিক ৰূপ।[6] পূৰ্ৱতে কোনো চিনাক্তকৰণযোগ্য গুৰুতৰ শাৰীৰিক লক্ষণ নথকা গভীৰ মানসিক বিসংগতিৰ ৰোগ নিৰাময় কৰাৰ বাবে এই বিস্তৃত আৰু ব্যয়বহুল অনুষ্ঠানটো সম্পন্ন কৰা হৈছিল।[7] এই নৃত্যটো কেৱল ভূত-প্ৰেত নিৰ্বাসনৰ পদ্ধতি হিচাপে গণক সম্প্ৰদায়ৰ অন্তৰ্গত টিনতা উপ সম্প্ৰদায়ৰ লোকেহে পৰিবেশন কৰিছিল।[8] এই নৃত্যৰ পৰাই ভাগৱতী (ভদ্ৰকালি) মন্দিৰৰ উৎসৱ অনুষ্ঠানৰ অংশ স্বৰূপ ঐশ্বৰিক লোকাচাৰ পৰম্পৰা হিচাপে পড়য়নি নৃত্যৰ বিকাশ ঘটিছিল।[9][10]

উৎপত্তিৰ আন এটা সংস্কৰণ মতে কেৰালাৰ প্ৰাচীন যুদ্ধ কলা প্ৰশিক্ষণৰ প্ৰথাৰ পৰা পড়য়নি নৃত্যৰ উদ্ভৱ হৈছিল। যিহেতু ‘পড়য়নি’ শব্দটোৰ ব্যুৎপত্তি সামৰিক পেৰেড বা সেনাবাহিনীৰ শাৰীৰ সৈতে জড়িত, গতিকে নায়াৰ যোদ্ধা আৰু তেওঁলোকৰ কালাৰী আছানসকলৰ সামৰিক কলাৰ স্মৃতি হিচাপে পড়য়নি নৃত্য বিকশিত হৈছিল বুলি সাধাৰণতে বিশ্বাস কৰা হয়।[11][12][13]

সময়ৰ লগে লগে এই নৃত্যৰ সৈতে জড়িত বিভিন্ন অনুষ্ঠানৰ দায়িত্ব বিভিন্ন সম্প্ৰদায়ৰ লোকৰ মাজত বিভক্ত কৰা হয়। গতিকে নায়াৰ সম্প্ৰদায়ৰ লোকসকল পড়য়নি নৃত্যৰ আধুনিক ৰূপৰ পৰিবেশক হৈ পৰিল, কিন্তু গীতৰ কথা লিখাৰ অধিকাৰ, সাজ-পোছাকৰ ডিজাইন আৰু নিৰ্মাণৰ অধিকাৰ কনিয়াৰ জনগোষ্ঠীৰ হাতত থাকিল। আজিকালি দক্ষিণ কেৰালা অঞ্চলৰ বহু দেৱী মন্দিৰত বিশেষকৈ পাঠনামথিত্তা, কোট্টায়ম, আলাপ্পুঝা আৰু কোল্লাম জিলাত পড়য়নি নৃত্যৰ আধুনিক ৰূপ পৰিবেশন কৰা হয়।

প্ৰদৰ্শন

[সম্পাদনা কৰক]

ভাৰতৰ কেৰালাত ভদ্ৰকালি দেৱীৰ পূজাৰ অৰ্থে কৰা পড়য়নি এক অতি জনপ্ৰিয় আনুষ্ঠানিক লোক-নৃত্য।

কোলাম থুল্লাল নৃত্য শেষ হোৱাৰ পিছত পপ্পাড়া নামৰ এক অনুষ্ঠান অনুষ্ঠিত হয় আৰু পড়য়নি উৎসৱৰ অন্ত পৰে। ইয়াৰ পিছত সমগ্ৰ বিশ্বৰ মংগলৰ বাবে কৰা প্ৰাৰ্থনাৰে পৰৱৰ্তী পড়য়নিৰ অপেক্ষা আৰম্ভ হয়।

পড়য়নি নৃত্যত প্ৰাকৃতিক ৰঙৰ ব্যৱহাৰ কৰা হয়। গভীৰ ৰঙা আৰু ক'লা আদি উজ্জ্বল ৰঙেৰে ৰং কৰা আকৰ্ষণীয় মুখা পড়য়নি নৃত্যৰ অন্যতম চিহ্ন।[14]

কিংবদন্তি

[সম্পাদনা কৰক]

দেৱতা আৰু অসুৰসকলৰ মাজত হোৱা এখন অতি ধ্বংসাত্মক যুদ্ধত অসুৰ সকলৰ কেৱল মাত্ৰ দুগৰাকী মহিলা দানৱতী আৰু দাৰুমাথিহে জীৱিত অৱস্থাত থাকিল। নিজৰ সৰ্বস্ব ত্যাগ কৰি তেওঁলোকে সৃষ্টিকৰ্তা ব্ৰহ্মাক সন্তুষ্ট কৰিবলৈ তপস্যা আৰম্ভ কৰিছিল। ব্ৰহ্মাৰ আশীৰ্বাদত দুয়োগৰাকীয়ে দানৱ আৰু দৰিকাৰ নামে দুই পুত্ৰ জন্ম দিয়ে। দৰিকা যেতিয়া ডাঙৰ হ’ল, তেতিয়া মাতৃ দাৰুমাথীয়ে তেওঁক দেৱতাৰ দ্বাৰা অসূৰবংশ পৰাজয় আৰু ধ্বংসৰ দুখজনক কাহিনী বৰ্ণনা কৰিলে। দৰিকাক মাতৃয়ে ব্ৰহ্মাক সন্তুষ্ট কৰি শক্তি লাভ কৰিবলৈ তপস্যা কৰিবলৈ উপদেশ দিলে, যাতে তেওঁ তেওঁলোকৰ বংশৰ হেৰুৱা মহিমা উদ্ধাৰ কৰিব পাৰে। দৰিকাই কষ্টকৰ তপস্যা কৰে আৰু ব্ৰহ্মাক সন্তুষ্ট কৰিবলৈ সক্ষম হয়। ব্ৰহ্মাই তেওঁক এনে বৰ দান কৰে যে তেওঁক মানুহ বা দেৱতাই দিন অথবা ৰাতি কোনো ক্ষতি কৰিব নোৱাৰে। লগতে ব্ৰহ্মাই তেওঁক ব্ৰহ্মাৰ মহান ধ্বংসাত্মক অস্ত্ৰও প্ৰদান কৰে। কিন্তু অসুৰৰ অহংকাৰৰ বাবে ব্ৰহ্মা ক্ষুব্ধ হৈ তেওঁক এগৰাকী ঐশ্বৰিক কন্যাৰ হাতত মৃত্যু হোৱাৰ অভিশাপ দিলে। দৰিকাই অলৌকিক স্থপতি মায়াৰ সহায়ত পশ্চিম সাগৰৰ পাৰত এটা বৃহৎ ৰাজপ্ৰসাদ নিৰ্মাণ কৰি মৃত্যুৰ ভয়ত আত্মগোপন থকা সকলো অসূৰক অভয় দান কৰে। তেওঁ সকলোকে অসুৰক একগোট কৰি অসুৰ সৈন্যবাহিনী পুনৰ গঠন কৰি দেৱৰাজ ইন্দ্ৰৰ সৈতে যুদ্ধ কৰি তেওঁক পৰাস্ত কৰে। দৰিকা ইমানতে থমকি নৰ’ল। তেওঁ দেৱতাসকলৰ মাজে মাজে আক্ৰমণ কৰি থাকিল আৰু দেৱতাৰ বাবে ভাবুকি স্বৰূপ হৈ পৰিল। দুৰ্দশাগ্ৰস্ত দেৱতাসকলে বিষ্ণুৰ ওচৰলৈ সহায় বিচাৰি গ’ল আৰু বিষ্ণুৱে তেওঁলোকক শিৱৰ ওচৰলৈ যোৱাৰ নিৰ্দেশ দিলে। শিৱই ক’লে যে এগৰাকী অসাধাৰণ শক্তিৰ দেৱীয়েহে দৰিকাক বধ কৰিব পাৰিব। সেইবাবে ব্ৰহ্মাই ব্ৰাহ্মী, বিষ্ণুৱে বৈষ্ণৱী আৰু শিৱই মহেশ্বৰী, ইন্দ্ৰই ইন্দ্ৰাণী, সুব্ৰহ্মণ্যই কুমাৰী, আৰু যমে বৰাহি দেৱীক সৃষ্টি কৰিলে। কিন্তু তেওঁলোকৰ সংযুক্ত প্ৰচেষ্টাইও দৰিকাক পৰাস্ত কৰিব নোৱাৰিলে। তেতিয়া মহৰ্ষি নাৰদ দৰিকাৰ ওচৰলৈ আহিল।

অহংকাৰী অসুৰে নাৰদক তিৰস্কাৰ কৰি হত্যাৰ ভাবুকি দিলে। দুখী নাৰদ কৈলাসলৈ গৈ দৰিকাৰ আসুৰিক আচৰণৰ বিষয়ে শিৱৰ ওচৰত অভিযোগ কৰিলে। তেতিয়া ক্ৰোধিত শিৱৰ তৃতীয় নেত্ৰৰ পৰা ভদ্ৰকালীৰ সৃষ্টি হ’ল। তাৰ পিছৰ ভদ্ৰকালীয়ে যুদ্ধ কৰি দৰিকাৰ মন্ত্ৰীক হত্যা কৰে। উত্তেজিত হৈ দৰিকাই কালীৰ সৈতে যুদ্ধ কৰাৰ সিদ্ধান্ত ল’লে, কিন্তু যুদ্ধক্ষেত্ৰলৈ যোৱাৰ আগতে তেওঁ সকলো শক্তিশালী মন্ত্ৰ পত্নীক শিকাই থৈ আহিল। দৰিকাই ব্ৰহ্মাৰ অস্ত্ৰ ব্যৱহাৰ কৰি কালীক পিছুৱাই যাবলৈ বাধ্য কৰালে। কালীদেৱীৰ মিত্ৰ দেৱী কাৰ্ত্যায়ণীয়ে জানিছিল যে দৰিকাৰ পত্নীয়েও দৰিকাৰ শক্তিশালী মন্ত্ৰ জানে, সেয়ে তেওঁ অসুৰৰ পত্নীক ব্ৰাহ্মণ ছোৱালীৰ বেশত প্ৰতাৰণা কৰি সেই মন্ত্ৰ আয়ত্ব কৰে। তাৰ পিছত কালীয়ে দৰিকাৰ সকলো শক্তিশালী মন্ত্ৰ লগত লৈ দৰিকাৰ লগত বাইশ দিন যুঁজি দৰিকাক হত্যা কৰে আৰু তাৰ ৰক্তৰে পিয়াহ নিৰাময় কৰে। যুদ্ধ শেষ হোৱাৰ পিছতো কালীৰ ক্ৰোধ ক্ষান্ত নহয়। দেৱীৰ অস্বাভাৱিক ক্ৰোধত আতংকিত হৈ তাইৰ প্ৰেত সৈন্যসকল পলাই শিৱৰ ওচৰত আশ্ৰয় লয়। শিৱই কালীক শান্ত কৰিবলৈ নৃত্য, সংগীত, ধেমেলীয়া সংলাপ আদি বিভিন্ন ধৰণৰ মনোৰঞ্জনৰ ব্যৱস্থা কৰিলে যদিও সকলোবোৰ বৃথা হ’ল। কিন্তু যেতিয়া ভগৱান সুব্ৰহ্মণ্যই তাইৰ উগ্ৰ ৰূপটো মাটিত আঁকিলে, আৰু তাৰ পিছত তাইক ৰূপৱতী সাজ-পোছাক পিন্ধাই ছন্দময় গতিৰে অভিনয় কৰিলে, তেতিয়া কালীয়ে শান্ত ৰূপ ধাৰণ কৰিলে। চমুকৈ এয়াই হৈছে পড়য়নিৰ আঁৰৰ কাহিনী।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Padayani". Archived from the original on 9 November 2014. https://web.archive.org/web/20141109004112/http://www.padayani.com/frame/padayani.htm। আহৰণ কৰা হৈছে: 16 November 2012. 
  2. Vēṇu, Ji (1990). Puppetry and Lesser Known Dance Traditions of Kerala. Natana Kairali, Research and Performing Centre for Traditional Arts. পৃষ্ঠা. 55. 
  3. Kuttoor, Radhakrishnan (16 September 2009). "Padayani Village coming up in Kadammanitta". The Hindu. http://www.thehindu.com/news/states/kerala/article21200.ece. 
  4. "Archive News". The Hindu. https://www.thehindu.com/archive/। আহৰণ কৰা হৈছে: 20 February 2019. 
  5. Panikkar, K (1918) (English ভাষাত). M. Royal Anthropological Institute of Great Britain and Ireland. পৃষ্ঠা. 258. 
  6. Wilfrid Dyson Hambly ,Tribal dancing and social development:with a pref. by Charles Hose, photos., sketches and a map. 1926
  7. Chummar Choondal A folk literature 1980
  8. Ananda Lal The Oxford companion to Indian theatre 2004
  9. Mārg̲: Volume 19Modern Architectural Research Group 1965
  10. Manorma SharmaFolk India: a comprehensive study of Indian folk music and culture2004
  11. Subodh Kapoor The Indian Encyclopaedia: : Volume 1 .2002. Page 2431
  12. Shovana NarayanFolk dance traditions of India2004
  13. Pietro BardiIndian folklore research journal: Issues 2-5 National Folklore Support Centre (India) 2002
  14. Padayani