দিনেশ নন্দিনী ডালমিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দিনেশ নন্দিনী ডালমিয়া
জন্ম ১৬ ফেব্ৰুৱাৰী, ১৯২৮
উদয়পুৰ, উদয়পুৰ ৰাজ্য, ব্ৰিটিছ ভাৰত
মৃত্যু ২৫ অক্টোবৰ, ২০০৭ (৭৯ বছৰ)
দিল্লী, ভাৰত
অন্য নাম দিনেশনন্দিনী ডালমিয়া
পেচা কবি
গল্পকাৰ
ঔপন্যাসিক
জনা যায় হিন্দী সাহিত্য
দাম্পত্যসঙ্গী ৰামকৃষ্ণ ডালমিয়া
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মভূষণ
সকসেৰিয়া এৱাৰ্ড
মহিলা সশক্তিকৰণ পুৰস্কাৰ
প্ৰেম চন্দ বঁটা

দিনেশ নন্দিনী ডালমিয়া (ইংৰাজী: Dinesh Nandini Dalmia; ১৬ ফেব্ৰুৱাৰী ১৯২৮ – ২৫ অক্টোবৰ, ২০০৭), বা দিনেশনন্দিনী ডালমিয়া হিন্দী সাহিত্যৰ এগৰাকী ভাৰতীয় কবি, গল্পকাৰ আৰু ঔপন্যাসিক।[1] তেওঁ ডালমিয়া গ্ৰুপৰ প্ৰতিষ্ঠাপক ৰামকৃষ্ণ ডালমিয়াৰ পঞ্চম পত্নী। নন্দিনী যেতিয়া ডালমিয়াৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল, ডালমিয়াৰ পূৰ্ব বিবাহিত চাৰিগৰাকী পত্নীৰ তিনিগৰাকী তেতিয়াও জীয়াই আছিল আৰু বিবাহসূত্ৰে ডালমিয়াৰ সৈতে বান্ধ খাই আছিল। তথাপিও, তেওঁ লিংগ বৈষম্য আৰু পৰ্দা প্ৰথাৰ বিৰোধিতা কৰিছিল আৰু নাৰী মুক্তিৰ বিষয়বস্তুৰ আধাৰত কবিতা, গদ্য, চুটি গল্প আৰু উপন্যাস লিখিছিল।[2] শ্ববনম, নিৰাশ আশা, মুঝে মাফ কৰনা আৰু য়্যে ভী ঝুথ হ্যে তেওঁৰ কেইটিমান উল্লেখযোগ্য সৃষ্টিকৰ্ম।[3] সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক ২০০৬ চনত তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ বঁটা প্ৰদান কৰে।[4] ২০০৯ চনত ভাৰতীয় ডাকবিভাগে তেওঁৰ ওপৰত এটা স্মাৰক ডাকটিকট মুকলি কৰে।[5]

জীৱনপঞ্জী[সম্পাদনা কৰক]

১৯২৮ চনৰ ১৬ ফেব্ৰুৱাৰীত, ভাৰতৰ ৰাজস্থান ৰাজ্যৰ উদয়পুৰত দিনেশ নন্দিনী ডালমিয়া অৰ্থাৎ দীনেশ নন্দিনী চৰ্দিয়াৰ জন্ম হৈছিল।[6] তেওঁ ১৩ বছৰ বয়সতে লেখা-মেলা আৰম্ভ কৰে। ১৯৪৬ চনত, ১৮ বছৰ বয়সতে, তেওঁ ডালমিয়া গোটৰ প্ৰতিষ্ঠাপক ৰামকৃষ্ণ ডালমিয়াক বিয়া কৰায়[7], যদিও স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিবলৈ বুলি তেওঁ পঢ়া-শুনা অব্যাহত ৰাখে। দিনেশ নন্দিনী আছিল ৰাজস্থানৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী প্ৰথমগৰাকী মহিলা।[8] প্ৰাৰম্ভিক বছৰবোৰত নন্দিনীয়ে গদ্য কবিতা লিখা আৰম্ভ কৰিছিল যদিও পিছলৈ তেওঁ কবিতা লিখিবলৈ লৈছিল। তেওঁৰ প্ৰথমখন কবিতাৰ কিতাপ আছিল; নিৰাশ আশা । নন্দিনীৰ প্ৰথমখন প্ৰকাশিত কিতাপ আছিল শ্ববনমশ্ববনমে সাক্সেৰিয়া বঁটা অৰ্জন কৰিছিল।[2] পৰৱৰ্তী সময়ত, তেওঁ চুটি গল্প আৰু উপন্যাসও লিখিছিল আৰু তাৰে ৩৫ খন প্ৰকাশ কৰিছিল। ইয়াৰ উপৰিও তেওঁৰ লগতে কেইবাটিও কাব্য সংকলন প্ৰকাশ হৈছিল।[9] ফুল কা দৰ্দ নামৰ তেওঁৰ সৃষ্টিকৰ্মৰ আধাৰত একে নামৰ এখন তথ্যচিত্ৰ নিৰ্মাণ কৰা হৈছিল।[10]

ডালমিয়া এগৰাকী নাৰীবাদী আছিল আৰু তেওঁ পৰ্দা প্ৰথা আৰু মহিলাৰ বিৰুদ্ধে সৃষ্ট বৈষম্যৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল। তেওঁ ‘ইণ্ডো-চাইনা ফ্ৰেণ্ডশ্বিপ চছাইটি’, ‘লেখিকা সংঘ’ তথা ‘দ্য ইনষ্টিটিউট অৱ কম্পেৰেটিভ ৰিলিজন এণ্ড লিটাৰেচাৰ’ সদস্য আছিল আৰু আই চি আৰ এলৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[6] তেওঁ সাহিত্য আলোচনী ৰিচাৰ এগৰাকী অন্যতম প্ৰতিষ্ঠাপক আছিল আৰু ইয়াৰ মুখ্য সম্পাদক পদত অধিষ্ঠিত হৈছিল। ২০০১ চনত দিনেশ নন্দিনী ডালমিয়াই হিন্দী সাহিত্য অকাডেমিৰ মহিলা শক্তিকৰণ পুৰস্কাৰ কৰিছিল আৰু ২০০৫ চনত ৰাণী দুৰ্গাৱতী বিশ্ববিদ্যালয়ে তেওঁক ডক্টৰেট (সন্মানীয় কাৰণ) ডিগ্ৰী প্ৰদান কৰিছিল। পৰৱৰ্তী বছৰত, ভাৰত চৰকাৰে তেওঁক পদ্মভূষণ সন্মান প্ৰদান কৰে।[4] তেওঁ প্ৰেমচন্দ বঁটাও লাভ কৰিছিল।[6]

২০০৭ চনৰ ২৫ অক্টোবৰ তাৰিখে দিল্লীত ৭৯ বছৰ বয়সত দিনেশ নন্দিনী ডালমিয়াৰ মৃত্যু হয়।[7] প্ৰসিদ্ধ লেখক নীলিমা ডালমিয়া আধৰ তেওঁৰ জীয়ৰী।[11] দিল্লী প্ৰশাসনে তেওঁৰ সন্মানত তিলক মাৰ্গৰ ডব্লিউ-পইণ্টত অৱস্থিত এখন বজাৰক দিনেশনন্দিনী ডালমিয়া চক হিচাপে নামাকৰণ কৰে।[8] ২০০২ চনত কমল কিশোৰ গোয়েঙ্কাই দিনেশ নন্দিনী ডালমিয়া চে বাতচিত শীৰ্ষকেৰে তেওঁৰ সৈতে এটা সাক্ষাৎকাৰ প্ৰকাশ কৰিছিল।[12] ভাৰতীয় ডাকবিভাগে ২০০৯ চনত তেওঁৰ ওপৰত ভিত্তি কৰি এটা স্মাৰক ডাকটিকট জাৰী কৰিছিল।[5]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Jinnah's Air India Shares and his Lavish Mansions". Organiser. 2016. http://organiser.org/Encyc/2013/8/25/Jinnah%E2%80%99s-Air-India-shares-and-his-lavish-mansions.aspx। আহৰণ কৰা হৈছে: 7 June 2016. [সংযোগবিহীন উৎস]
  2. 2.0 2.1 "Dineshnandini Dalmia popularised Hindi literature till her last breath". The Hindu. 12 October 2009. http://www.thehindu.com/todays-paper/tp-national/tp-newdelhi/dineshnandini-dalmia-popularised-hindi-literature-till-her-last-breath/article160032.ece। আহৰণ কৰা হৈছে: 7 June 2016. 
  3. Dinesh Nandini Dalmiya (1996). Yeh Bhi Jhooth Hai. ISBN 978-8171191659. https://www.amazon.in/dp/B0072I2YR0. 
  4. 4.0 4.1 "Padma Awards". Ministry of Home Affairs, Government of India. 2016. Archived from the original on 19 October 2017. https://web.archive.org/web/20171019215108/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf। আহৰণ কৰা হৈছে: 3 January 2016. 
  5. 5.0 5.1 "Stamps India- Dineshnandini Dalmia". Indian Stamp Ghar. 2016. http://www.indianstampghar.com/2009/10/indian-stamps-dineshnandini-dalmia-by-india-post/। আহৰণ কৰা হৈছে: 7 June 2016. 
  6. 6.0 6.1 6.2 "Dineshnandini Dalmia on Stamp Sathi". Stamp Sathi. 2016. http://www.stampsathi.in/stamppages/2511-dineshnandini%20dalmia.php। আহৰণ কৰা হৈছে: 7 June 2016. 
  7. 7.0 7.1 "Dalmia never lived at 10-Aurangzeb Road, writes daughter". Indian Express. 1 September 2009. http://archive.indianexpress.com/news/dalmia-never-lived-at-10aurangzeb-road-writes-daughter/509705/। আহৰণ কৰা হৈছে: 7 June 2016. 
  8. 8.0 8.1 "Tribute to a 'firebrand author'". The Hindu. 29 December 2008. http://www.thehindu.com/todays-paper/tp-national/tp-newdelhi/tribute-to-a-firebrand-author/article1403865.ece। আহৰণ কৰা হৈছে: 7 June 2016. 
  9. "Tilak Marg W-point named after Padma awardee". The Tribune. 29 December 2009. http://www.tribuneindia.com/2008/20081229/delhi.htm#12। আহৰণ কৰা হৈছে: 7 June 2016. 
  10. "DOCUMENTARY FILM SCREENING "Phool Ka Dard"". Delhi Events. 2016. http://www.delhievents.com/2007/10/documentary-film-screening-ka-dard-on.html। আহৰণ কৰা হৈছে: 7 June 2016. 
  11. "Neelima Dalmia Adhar". neelimadalmiaadhar.com. 2016. Archived from the original on 18 February 2016. https://web.archive.org/web/20160218180144/http://neelimadalmiaadhar.com/profile.htm। আহৰণ কৰা হৈছে: 7 June 2016. 
  12. Kamal Kishore Goenka (2002). Dinesh Nandini Dalmiya Se Baatchit. Hindi Book Centre. পৃষ্ঠা. 175. ISBN 978-8185244655. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]