ভীমকান্ত কোঁৱৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভীমকান্ত কোঁৱৰ
জন্ম ২২ ডিচেম্বৰ ১৯৪০
কোঁৱৰপুৰ, শিৱসাগৰ, অসম
মৃত্যু ২৭ ডিচেম্বৰ ২০২২
ডিব্ৰুগড়, অসম
পেচা সাহিত্যিক, শিক্ষাবিদ
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
দাম্পত্যসংগী ভানু কোঁৱৰ
সন্তান
  • সুজাতা শুচিব্ৰতা (কণ্যা)
  • ডা॰ যুথিকা জ্যোতিমল্লিকা (কণ্যা)
  • সুব্ৰত ভাৰত (পুত্ৰ)
  • ডা॰ দীপাংকৰ দেৱব্ৰত (পুত্ৰ)

ভীমকান্ত কোঁৱৰ (ইংৰাজী: Bhimkanta Konwar, ১৯৪০-২০২২) অসমৰ এজন শিক্ষাবিদ, সমাজ সংগঠক, গান্ধীবাদী আছিল। তেওঁ ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ আছিল৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী কোঁৱৰে ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ অসমীয়া বিষয়ৰ অধ্যাপক হিচাপে যোগ দি পাছলৈ বিভাগীয় মূৰব্বী হোৱাৰ লগতে উপাধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰে৷ শংকৰী কলা-কৃষ্টিৰ একনিষ্ঠ সেৱক ভীমকান্ত কোঁৱৰ “ডেৰশ বছৰীয়া ডিব্ৰুগড়” শীৰ্ষক তথ্যসমৃদ্ধ নিৱন্ধৰ ৰচক৷ শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱৰ “গীত-পুথি-নামঘোষা” আৰু নিত্যানন্দদেৱৰ “ভক্তিমঙ্গল নামঘোষা”ৰ সম্পাদনাতো সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে৷ এগৰাকী দক্ষ সংগঠক হিচাপে খ্যাত কোঁৱৰ অসম সাহিত্য সভাৰ ৬৬ তম ডিব্ৰুগড় অধিৱেশনৰ আদৰণী সমিতিৰ যুটীয়া সম্পাদক আছিল৷ অসম সত্ৰ মহাসভা, সৰ্বোদয় সংঘ, সদৌ অসম মইনা পাৰিজাত আদিৰ সৈতেও তেওঁ ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল৷ সদৌ অসম মইনা পাৰিজাতে তেখেতক ‘শিশুবন্ধু’ উপাধি প্ৰদান কৰিছিল৷[1]

জন্ম[সম্পাদনা কৰক]

১৯৪০ চনৰ ২২ ডিচেম্বৰত শিৱসাগৰ জিলাৰ কোঁৱৰপুৰৰ নকটানি চিৰিপুৰীয়া গাঁৱত ভীমকান্ত কোঁৱৰৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল মালিৰাম কোঁৱৰ (১৯১০-১৯৬৮) আৰু মাতৃৰ নাম লুদুৰী কোঁৱৰ৷ তেওঁৰ পত্নীৰ নাম ভানু কোঁৱৰ। ২০২২ চনৰ ২৭ ডিচেম্বৰত ডিব্ৰুগড়ত তেওঁৰ মৃত্যু হয়।[2]

শিক্ষা জীৱন[সম্পাদনা কৰক]

ভীমকান্ত কোঁৱৰৰ প্ৰাথমিক শিক্ষা আৰম্ভ হৈছিল নকটানি প্ৰাথমিক বিদ্যালয়ৰ পৰা। তাৰ পিছত তেওঁ কৈজান গাঁও মাধ্যমিক বিদ্যালয়, নকটানি মধ্য ইংৰাজী বিদ্যালয়ত, গৌৰীসাগৰ ইণ্ডাষ্ট্ৰিয়েল ইনষ্টিটিউটত শিক্ষা গ্ৰহণ কৰিছিল। ১৯৫৬ চনত তেওঁ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল আৰু ১৯৬০ চনত শিৱসাগৰ কলেজৰ পৰা অনাৰ্চসহ স্নাতক ডিগ্ৰী আৰু ১৯৬৪ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।

কৰ্ম জীৱন[সম্পাদনা কৰক]

শিক্ষা জীৱন সমাপ্ত কৰাৰ পিছত ভীমকান্ত কোঁৱৰে কোঁৱৰপুৰ হাইস্কুলত শিক্ষকতা কৰিছিল। ১৯৬০ চনৰ আগষ্ট মাহ পৰ্যন্ত তেওঁ সংস্কৃত আৰু অসমীয়া বিষয়ৰ পাঠদান কৰিছিল৷ ১৯৬৪ চনৰ ২৬ আগষ্টৰ পৰা ২০০০ চনৰ ফেব্ৰুৱাৰী মাহৰ ২৯ তাৰিখ পৰ্যন্ত ডিব্ৰুগড়স্থিত হনুমানবক্স সুৰজমল কানৈ কলেজত অধ্যাপনা কৰিছিল৷ পৰৱতী সময়ত বিভাগীয় মুৰব্বী অধ্যাপক হোৱাৰ লগতে উপাধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰিছিল৷ ইয়াৰ মাজতে তেওঁ মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়তো পাঠদান কৰিছিল আৰু ডিব্ৰুগড়ৰ চন্দ্ৰকান্ত হাজৰিকা বি.এড. কলেজত খোলা অসমীয়া বিষয়ৰ স্নাতকোত্তৰ শ্ৰেণীত অধ্যাপনা কৰাৰ লগতে বিভাগটো পৰিচালনাও কৰিছিল৷

সাহিত্য কৰ্ম[সম্পাদনা কৰক]

  • সম্পাদনা কৰা গ্ৰন্থপঞ্জী:-
    • কানৈ কলেজ আলোচনী (১৯৬৬--১৯৬৭)
  • স্মৃতিগ্ৰন্থ:-
    • সংস্কৃতি (১৯৭৩)
    • মাধৱজ্যোতি (১৯৯৩)
    • সম্প্ৰীতি প্ৰৱাহ (২০০৮)
    • দ্ৰোণ পৰ্ব
    • মৌং-দুন-ছুন-খাম (২০০০)
    • স্মৃতিৰেখা (২০১১)
    • পাঞ্চজন্য (২০০৬)
    • শ্ৰদ্ধাঞ্জলি (২০০১)
    • এটা সময় এজন মানুহ (২০০০)
    • সদৌ অসম মইনা পাৰিজাত (১৯৮৯)
    • কল্পতৰু (২০১৫)
    • শ্ৰীমন্ত (২০১৭)
    • সংস্মৰণিকা (১৯৯৯)
    • বাঘ হাজৰিকা (২০০৪)
    • ঐতিহ্য (২০০৫)
    • সত্ৰ সৌৰভ (২০১০)
    • বজ্ৰসুন্দৰ (২০০৮)
    • পাৰিজাত (২০০৭)
    • শান্তিজান (২০০৪)
    • সংস্কৃতি সৌৰভ (২০০৫)
    • গুৰুবন্তি (১৯৯৪)
    • গুৰুপ্ৰশস্তি (২০১৮)
    • শ্ৰীমন্ত শংকৰ-মাধৱজ্যোতি (১৯৯৮)
    • সন্যাসা (১৯৯৪)
    • ৬৪ সংখ্যক স্বাধীনতা দিৱস, ২০১০ চন সম্বন্ধিত ব্যক্তিসকলৰ জীৱন পৰিচিতি (২০২০)
    • জীৱন প্ৰৱাহ (২০২০)
    • চন্দৰী (১৯৮৫)
    • চ্যুকাফা (১৯৯৯)
    • ওঁ পৰমাত্মনে নমঃ চতুঃ শ্লোকী ভাগৱত (চমু ব্যাখ্যা)
    • চিন্তামণি (২০১৬)
    • শ্ৰদ্ধাঞ্জলি (২০০১)
    • সম্বদ্ধিৰ্ত ব্যক্তিৰ চমু জীৱনালেখ্য (২০২১)
    • বীৰেশ্বৰ দুৱৰাৰ পৱিত্ৰ স্মৃতিত৷ শ্ৰদ্ধাঞ্জলি শীৰ্ষক স্মৃতিগ্ৰন্থ (২০০৬)
    • শ্ৰদ্ধাঞ্জলি: ভূৱন চন্দ্ৰ বৰুৱা (২০০৩)
    • শ্ৰদ্ধাঞ্জলি (২০০২)
    • সফল বাণিজাৰ, ধৰ্মপ্ৰাণ পদ্মকান্ত কলিতাদেৱ
    • শ্ৰদ্ধাঞ্জলি (২০০৭)
    • শ্ৰদ্ধাঞ্জলি (২০০০)
    • শ্ৰদ্ধাঞ্জলি (১৯৯৬)
    • শ্ৰদ্ধাঞ্জলি (২০০২)
    • সোঁৱৰণ (২০০২)
    • মহামানৱ মহাত্মা গান্ধীৰ অষ্টষষ্টিতম পুণ্য তিথিৰ উপলক্ষ্যত আয়োজিত সৰ্বোদয় দিৱস তথা সূত্ৰাঞ্জলি দিৱস উদ্‌যাপন আৰু লোকসেৱক আৰু সৰ্বোদয় মিত্ৰ কৰ্মশালাত প্ৰকাশিত পুস্তিকা (২০১৫)
    • মহামানৱ মহাত্মা গান্ধীৰ ত্ৰি-সপ্ততিতম পুণ্য তিথিৰ উপলক্ষে আয়োজিত সূত্ৰাঞ্জলি অৰ্পণ তথা সৰ্বোদয় দিৱস উদ্‌যাপন উপলক্ষে প্ৰকাশিত পুস্তিকা (২০২০)
    • DIBRUGARHস(২০১৬)
    • ওলগনি (২০০৯)
    • মহামানৱ মহাত্মা গান্ধীৰ ৭১ তম পুণ্য তিথিৰ উপলক্ষে সূত্ৰাঞ্জলি অৰ্পণ তথা সৰ্বোদয় দিৱস উদ্‌যাপন উপলক্ষে প্ৰকাশিত পুস্তিকা (২০১৮)
    • সূত্ৰাঞ্জলি তথা গান্ধী অঞ্জলি দিৱস উদ্‌যাপন আৰু সৰ্বোদয় বঁটা প্ৰদান অনুষ্ঠানৰ স্মৃতিগ্ৰন্থ(২০২১)
    • আগলিকা (১৯৯৬-৯৭)
    • শ্ৰীমন্ত (২০১৭)

বঁটা বা উপাধি[সম্পাদনা কৰক]

  • ‘শিশুবন্ধু’ ২০১৫: সদৌ অসম মইনা পাৰিজাতে শিশুৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশত আগবঢ়োৱা অৱদানৰ বাবে দুলীয়াজানত অনুষ্ঠিত পঞ্চদশ দ্বি-বাৰ্ষিক ৰাজ্যিক শিশু সমাৰোহত প্ৰদান কৰে৷
  • মুখ্যমন্ত্ৰীৰ শ্ৰেষ্ঠ সমন্বয় বঁটা, ২০০৬

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. সুমন দত্ত, ed (2023). ভীমকান্ত কোঁৱৰ ৰচনাৱলী. ভানু কোঁৱৰ. 
  2. "শিক্ষাবিদ ভীমকান্ত কোঁৱৰৰ পৰলোক : নগেন শইকীয়াৰ শোক প্ৰকাশ". নিয়মীয়া বাৰ্তা. ২৭ ডিচেম্বৰ ২০২২. https://niyomiyabarta.com/regional/death-dibrugarh-today/.