সুনীতি দেৱী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সুনীতি দেৱী
জন্ম ৩০ ছেপ্টেম্বৰ, ১৮৬৪
কলিকতা, ব্ৰিটিছ
মৃত্যু ১০ নৱেম্বৰ, ১৯৩২ (৬৮ বছৰ)
ৰাঁচী, ব্ৰিটিছ ৰাজ
ৰাষ্ট্ৰীয়তা ভাৰতীয়
জনা যায় সমাজকৰ্মী, শিক্ষাবিদ

সুনীতি দেৱী CIE (ইংৰাজী: Sunity Devi, ৩০ ছেপ্টেম্বৰ, ১৮৬৪ – ১০ নৱেম্বৰ, ১৯৩২) ব্ৰিটিছ ভাৰতৰ অধীনৰ ৰাজশাসিত ৰাজ্য কোচবিহাৰৰ মহাৰাণী আছিল।[1]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

তেওঁ প্ৰখ্যাত ব্ৰহ্ম সমাজৰ সংস্কাৰবাদী কলিকতাৰ কেশব চন্দ্ৰ সেন আৰু জগনমোহিনী সেনৰ কন্যা আছিল ৷ ১৮৭৮ চনত, কোচবিহাৰৰ মহাৰাজা নৃপেন্দ্ৰ নাৰায়ণ (১৮৬৩-১৯১১)ৰ সৈতে তেওঁ বিবাহপাশত আৱদ্ধ হৈছিল, তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ চৈধ্য বছৰ। বিয়াৰ ঠিক পিছতে স্বামী নাৰায়ণ উচ্চ শিক্ষাৰ বাবে লণ্ডনলৈ যোৱাত সুনীতি দুবছৰৰ বাবে তেওঁৰ দেউতাকৰ ঘৰত আছিল।[2]

বিবাহসূত্ৰে সুনীতি দেৱী চাৰিগৰাকী পুত্ৰ আৰু তিনিগৰাকী জীয়ৰীৰ মাতৃ। তেওঁলোক হ’ল ক্ৰমে, ৰাজেন্দ্ৰ নাৰায়ণ (জন্ম:১৮৮২), জিতেন্দ্ৰ নাৰায়ণ (জন্ম:১৮৮৬), ভিক্টৰ নিত্যেন্দ্ৰ নাৰায়ণ (জন্ম:১৮৮৮) আৰু হিতেন্দ্ৰ নাৰায়ণ (জন্ম:১৮৯০) আৰু জীয়ৰীসকল হৈছে; সুকৃতি দেৱী (জন্ম:১৮৮৪), প্ৰতিভা দেৱী (জন্ম:১৮৯১) আৰু সুধিৰা দেৱী (জন্ম:১৮৯৪)।[3][4]

তেওঁৰ ছোৱালী সুধিৰা আৰু প্ৰতিভায়ে ইংলেণ্ডৰ ৱাইটৱিক মেনৰৰ এলেন আৰু মাইলচ্‌ মেণ্ডাৰ নামৰ দুজন ভাতৃক বিয়া কৰাইছিল। মেনৰটো ৰাষ্ট্ৰীয় ন্যাসৰ অংশ আৰু ভ্ৰমণকাৰী সকলৰ বাবে মুকলি। সুকৃতি দেৱীয়ে স্বৰ্ণকুমাৰী দেৱী (ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভগ্নী) আৰু জানকী নাথ ঘোষালৰ জ্যেষ্ঠ পুত্ৰ জ্যোৎস্না নাথ ঘোষালক বিয়া কৰায়। সুনীতি দেৱীৰ পুত্ৰসকলৰ ভিতৰত ৰাজেন্দ্ৰ নাৰায়ণ আৰু জিতেন্দ্ৰ নাৰায়ণ পিছলৈ কোচবিহাৰৰ মহাৰাজা হয়। গায়ত্ৰী দেৱী আৰু ইলা দেৱী তেওঁৰ পুত্ৰ জিতেন্দ্ৰ নাৰায়ণ ভূপ বাহাদুৰৰ কন্যা আছিল।

কৰ্মজীৱন[সম্পাদনা কৰক]

১৮৮৭ চনত, তেওঁৰ স্বামী নিপেন্দ্ৰ নাৰায়ণক জিচিআইই বঁটা আৰু তেওঁক চিআইই বঁটা প্ৰদান কৰা হৈছিল। সুনীতি দেৱী চিআইই (CIE) বঁটা প্ৰাপ্ত প্ৰথমগৰাকী ভাৰতীয় মহিলা।[5] তেওঁ ১৮৯৮ চনত মহাৰাণী ভিক্টোৰিয়াৰ হীৰক জয়ন্তী উদযাপনত আৰু ১৯১১ চনৰ দিল্লী দৰবাৰত তেওঁৰ স্বামী কোচবিহাৰৰ মহাৰাজাৰ সৈতে অংশগ্ৰহণ কৰিছিল। তেওঁ, তেওঁৰ ভগ্নী সুচাৰু দেৱীৰ সৈতে, তেওঁলোকে পৰিধান কৰা সুন্দৰ পোছাকৰ বাবে প্ৰসিদ্ধ আছিল।[6]

সুনীতি দেৱীৰ স্বামীয়ে ১৮৮১ চনত তেওঁৰ নামত এখন ছোৱালী বিদ্যালয় স্থাপন কৰিছিল যাক পিছত সুনীতি একাডেমী নাম দিয়া হৈছিল। সুনীতি দেৱী আছিল এই বিদ্যালয়খন স্থাপনৰ আঁৰৰ ব্যক্তি।[4][7]

তেওঁ এগৰাকী শিক্ষাবিদ আৰু হৃদয়েৰে এগৰাকী মহিলা অধিকাৰ কৰ্মী আছিল। শিক্ষা প্ৰতিষ্ঠানটোৰ বাবে তেওঁ বাৰ্ষিক অনুদান দিছিল, ছাত্ৰীসকলক টিউচন মাচুল পৰিশোধ কৰাৰ পৰা ৰেহাই দিছিল আৰু সফল শিক্ষাৰ্থীসকলক পুৰস্কৃত কৰিছিল।[7] ছাত্ৰীসকলক ঘৰৰপৰা বিদ্যালয়লৈ আৰু ঘূৰাই ঘৰলৈ নিবৰ বাবে তেওঁ প্ৰাসাদৰ গাড়ীৰ ব্যৱস্থা কৰিছিল। যিকোনো বিতৰ্ক এৰাই চলিবলৈ তেওঁৰ আদেশ ক্ৰমে গাড়ীবোৰৰ খিৰিকীবোৰ পৰ্দাৰে ঢাকি ৰখা হৈছিল।[8]

তেওঁ, তেওঁৰ ভগ্নী সুচাৰু দেৱীৰ (ময়ূৰভঞ্জৰ মহাৰাণী) সৈতে ১৯০৮ চনত দাৰ্জিলিঙৰ মহাৰাণী ছোৱালী উচ্চ বিদ্যালয়ৰ প্ৰতিষ্ঠাৰ বাবে বিত্তীয় যোগান ধৰিছিল।[9] তেওঁ ৰাজ্যিক পৰিষদৰ সভাপতি আৰু ১৯৩২ চনত সদৌ বেংগল মহিলা সংঘৰ প্ৰথম সভাপতি আছিল আৰু বংগৰ আন মহিলা অধিকাৰ কৰ্মী যেনে চাৰুলতা মুখাৰ্জী, সৰোজ নলিনী দত্ত, টি আৰ নেলী আৰু তেওঁৰ ভগ্নী সুচাৰু দেৱীৰ সৈতে কাম কৰিছিল।[10]

তেওঁ দ্য বিউটিফুল মোগল প্ৰিন্সেছ নামৰ এখন কিতাপ ৰচনা কৰিছিল। কিতাপখন ১৯১৮ চনত লণ্ডনৰ লজগেট হিল, ক্ৰিড লেনৰ ডব্লিউ থাকেৰ এণ্ড কোম্পানী টুৱে প্ৰকাশ কৰিছিল। এই কিতাপখনত মোগল ৰাজকুমাৰী মমতাজ মহল, ৰেবা, জেবুনিচা আৰু নুৰ জাহানৰ অন্তৰংগ জীৱনকাহিনী আছে। তেওঁ বেংগল ডকাইটচ্‌ এণ্ড টাইগাৰ্চ নামৰ এটি চুটি গল্প সংকলনও ৰচনা কৰিছিল; ১৯১৬ চনত কলিকতাৰ থাকেৰ, স্পিংক এণ্ড কোম্পানীয়ে এই কিতাপখন প্ৰকাশ কৰিছিল। সুনীতি দেৱীৰ শেষৰখন গ্ৰন্থ দ্য লাইফ অৱ প্ৰিঞ্চেচ য়শোধৰা:ৱাইফ এণ্ড ডিচিপল অৱ দ্য লৰ্ড বুদ্ধ লণ্ডন: এলকিন মেথিউচ এণ্ড মেৰট লিমিটেডে ১৯২৯ চনত প্ৰকাশ কৰিছিল।কেছিংগাৰ লিগেচী ৰিপ্ৰিণ্টচে ইয়াৰ পুনৰ মুদ্ৰণ কৰিছিল।

১৯৩২ চনত ৰাঁচীত হঠাৎ তেওঁৰ মৃত্যু হয়।

উপাধি[সম্পাদনা কৰক]

১৮৮৭ - ৰাণী ভিক্টোৰিয়াৰ সোণালী জয়ন্তী উদযাপনত স্বামী নৃপেন্দ্ৰ নাৰায়ণৰ সৈতে উপস্থিত থকা উপলক্ষে সুনীতি দেৱী কম্পেনিয়ন অৱ দ্য অৰ্ডাৰ অৱ দ্য ক্ৰাউন অৱ ইণ্ডিয়া উপাধি প্ৰদান কৰা হয়।[5]

লিগেচি[সম্পাদনা কৰক]

সুনীতিৰ গৃহ চহৰ কোচবিহাৰৰ এটা ৰাস্তাৰ নাম তেওঁৰ নামেৰে সুনীতি ৰোড ৰখা হৈছে।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Sitter: H.H. Maharani Siniti Devi". Lafayette Negative Archive. Archived from the original on 2018-12-25. https://web.archive.org/web/20181225170112/http://lafayette.org.uk/coo2484a.html। আহৰণ কৰা হৈছে: 2024-02-20. 
  2. Kaye, Joyoti Devi (1979). Sucharu Devi, Maharani of Mayurbhanj: a Biography. Writers Workshop. পৃষ্ঠা. 18, 24. https://books.google.com/books?id=JjQbAAAAMAAJ&q=suniti+devi+cooch+behar. 
  3. Maharani Sunity Devi at geni.com
  4. 4.0 4.1 Royal History: Book of Facts and Events, Ch. 5.
  5. 5.0 5.1 North East India and her Neighbours. Indian Institute of Oriental Studies and Research. 1995. পৃষ্ঠা. 21, 24. https://books.google.com/books?id=iUJuAAAAMAAJ&q=suniti+devi+cooch+behar. 
  6. Chaudhurani, Sarala Devi; Ray, Sukhendu (2010). The Many Worlds of Sarala Devi: A Diary. Berghahn Books. পৃষ্ঠা. 76. ISBN 978-81-87358-31-2. https://books.google.com/books?id=U2pDxinD28AC&q=suniti+devi++&pg=PA76. 
  7. 7.0 7.1 Suniti Academy
  8. "Womens crusader for 125 years - Cooch behar school salutes Suniti devi on foundation day". The Telegraph (Calcutta, India). 8 February 2006. http://www.telegraphindia.com/1060208/asp/siliguri/story_5818461.asp. 
  9. Ramusack, Barbara N. (2004). The Indian Princes and Their States. 3. Cambridge University Press. পৃষ্ঠা. 144. ISBN 978-0-521-26727-4. https://books.google.com/books?id=Kz1-mtazYqEC&q=suniti+devi+cooch+behar&pg=PA144. 
  10. "Hidden behind a modest restaurant, decades of worth", indiatogether.com 31 August 2010