জেব-উন-নিছা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
জেব-উন-নিছা
মোগল সাম্ৰাজ্যৰ চাহজাদী

পৰিচাৰিকাৰ সৈতে ৰাজকুমাৰী জেবুন্নিছা
বাসগৃহ টাইমূৰ সাম্ৰাজ্য
মাতৃ দিলৰস বানু বেগম
পিতৃ ঔৰংজেৱ
ধৰ্ম ইছলাম

জেব-উন-নিছা (ফাৰ্চী: زیب النساء مخفی; ইংৰাজী: Zeb-un-Nissa ; ১৫ ফ্ৰেব্ৰুৱাৰী ১৬৩৮- ২৬ মে ১৭০২)[1] এগৰাকী মোগল ৰাজকুমাৰী৷ তেওঁ সম্ৰাট ঔৰংগজেৱ আৰু দিলৰস বানু বেগমৰ জ্যেষ্ঠ সন্তান আছিল। তেওঁ এগৰাকী কবি আছিল আৰু মাখফি ছদ্মনামেৰে লিখিছিল। জীৱনৰ শেষ বিশ বছৰ সম্ৰাট পিতৃয়ে তেওঁক দিল্লীৰ শালিমাৰগড় দুৰ্গত বন্দী কৰি থৈছিল।[2]

এগৰাকী কবি ৰূপে ৰাজকুমাৰীগৰাকীক স্মৰণ কৰা হয় আৰু মৰণোত্তৰ ভাবে ১৯২৯ চনত তেওঁৰ সমগ্ৰ কবিতা "দিৱান-ই-মাখফি" নামেৰে প্ৰকাশ পায়। ইয়াৰ পাণ্ডুলিপি পেৰিচৰ জাতীয় পুথিভঁৰালত সংৰক্ষিত হৈ আছে।[2]

জন্ম[সম্পাদনা কৰক]

জেবুন্নিছাৰ মহল, ১৮৮০, ঔৰংগাবাদ, মহাৰাষ্ট্ৰ

জেব-উন-নিছা ৰাজকুমাৰ মুহি-উদ-দীনৰ (ভৱিষ্যতৰ সম্ৰাট ঔৰংগজেৱ) জ্যেষ্ঠ সন্তান আছিল। ১৬৩৮ চনৰ ১৫ ফেব্ৰুৱাৰীত দাক্ষিণাত্যৰ দৌলতাবাদত তেওঁৰ জন্ম হৈছিল। দিলৰস বানু সম্ৰাটৰ প্ৰথম পত্নী, মুখ্য বেগম আছিল আৰু পাৰস্যৰ সাফৱী সাম্ৰাজ্যৰ ৰাজকুমাৰী আছিল। জেব-উন-নিছা সম্ৰাটৰ প্ৰিয় জীয়ৰী আছিল, যাৰ বাবে দোষীক ক্ষমা কৰি দিবৰ বাবে তেওঁ পিতৃক বাৰ্তা দিব পাৰিছিল।[3][4][5]

শিক্ষা[সম্পাদনা কৰক]

হাফিজা মৰিয়ম নামৰ মহিলা এগৰাকীক জেব-উন-নিছাৰ শিক্ষাৰ দায়িত্ব দিছিল। তেওঁ বুদ্ধিমত্তা প্ৰখৰ আছিল। তিনি বছৰতে তেওঁ কোৰান মুখস্থ কৰি পেলাইছিল আৰু মাত্ৰ সাত বছৰ বয়সতে তেওঁ "হাফিজা" হৈছিল (অৰ্থাৎ যাৰ সম্পূৰ্ণ কোৰান মুখস্থ আছে)। হাফিজা হোৱাৰ দিনটোত ভোজভাতৰ আয়োজন কৰাৰ উপৰিও ৰাজহুৱা বন্ধৰ দিন হিচাপে ঘোষণা কৰা হৈছিল। ৰাজকুমাৰীক আনন্দিত পিতৃয়ে ৩০,০০০ সোণৰ টুকুৰা উপহাৰ স্বৰূপে দিছিল।[6][7]

বন্দীত্ব আৰু শেষ জীৱন[সম্পাদনা কৰক]

জেব-উন-নিছাক শালিমাৰ দুৰ্গত বন্দী কৰি ৰখা সম্পৰ্কত বহু কেইটা বাখ্যা দেখা যায়।১৬৬২ চনত ঔৰংগজেৱ বেমাৰত পৰে। চিকিৎসকে বায়ু-পানী সলনিৰ পৰামৰ্শ দিয়াত তেওঁ পৰিয়াল আৰু ৰাজ দৰবাৰ লাহোৰলৈ লৈ যায়। সেই সময়ত লাহোৰৰ শাসক আছিল ঔৰংগজেৱৰ এজন উজীৰৰ পুত্ৰ অকিল খান। লাহোৰত থকা অৱস্থাতে জেব-উন-নিছাৰ সৈতে অকিল খানৰ চমু সময়ৰ বাবে এক ব্যৰ্থ প্ৰণয় সম্পৰ্ক গঢ় লৈ উঠে। ইয়াৰ পিছতে সম্ৰাটে জেব-উন-নিছাক অবিশ্বাস কৰিবলৈ লয় আৰু বন্দী কৰি থয়। অন্য এক তত্ত্বমতে তেওঁ যিহেতু এগৰাকী কবি আৰু সঙ্গীতজ্ঞ আছিল, সেইটোও তেওঁৰ বন্দীত্বৰ কাৰণ হ’ব পাৰে; যিহেতু ঔৰংগজেৱ এজন গোড়া মুছলমান সম্ৰাট আছিল। বন্দীত্বৰ বিশ বছৰ পাছত সাদিন বেমাৰত ভূগি তেওঁৰ মৃত্যু হৈছিল। সেই সময়ত ঔৰংগজেৱ দাক্ষিণাত্যৰ অভিযানত গৈছিল।[8][9][10][11]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

যদিও জেব-উন-নিছাৰ অনেক প্ৰণয়প্ৰাৰ্থী আছিল, তেওঁ আজীৱন অবিবাহিতা হৈয়ে ৰৈছিল। তেওঁৰ বহুতো গোপন প্ৰণয়প্ৰাৰ্থী থকাৰো গুজৱ ওলাইছিল। তেওঁৰ চাৰিজনী ভনীয়েক আছিল- জিন্নত উন-নিছা, জুবদা ইন-নিছা, বদৰ-উন-নিছা আৰু মেহেৰ উন-নিচা।[12]

তথ্য উৎস[সম্পাদনা কৰক]

  1. Also romanized as Zebunnisa, Zebunniso, Zebunnissa, Zebunisa, Zeb al-Nissa. زیب Zēb means "beauty" or "ornament" in Arabic and نساء Nissa means "women" in Arabic, Zebunnisa means "most beautiful of all women"
  2. 2.0 2.1 Sarkar, Jadunath (1989). Studies in Aurangzib's Reign (Third সম্পাদনা). Sangam Books Limeted. পৃষ্ঠা. 90. ISBN 9780861319671. 
  3. Lal, p. 7
  4. "Aurangzeb daughter's monument in a shambles". nation.com.pk. 16 July 2009. http://www.nation.com.pk/pakistan-news-newspaper-daily-english-online/lahore/16-Jul-2009/Aurangzeb-daughters-monument-in-a-shambles. 
  5. Hamid, Annie Krieger Krynicki ; translated from French by Enjum (2005). Captive princess : Zebunissa, daughter of Emperor Aurangzeb. প্ৰকাশক Karachi: Oxford University Press. পৃষ্ঠা. 73. ISBN 9780195798371. 
  6. Sir Jadunath Sarkar (1912). History of Aurangzib: Mainly based on Persian sources, Volume 1. M.C. Sarkar and Sons. পৃষ্ঠা. 69. 
  7. Raman, Sista Anantha (2009). Women in India A Social and Cultural History. Library of Congress Catologing –in – Publication Data. পৃষ্ঠা. 10. ISBN 978-0-275-98242-3. 
  8. "The Diwan of Zeb-un-Nissa: Introduction". sacred-texts.com. http://www.sacred-texts.com/isl/zun/zun03.htm. 
  9. Ziad, Zeenut (2002). The Magnificent Mughals. Oxford University Press. ISBN 9780195794441. 
  10. Lal, p. 16
  11. Lal, p. 17
  12. Hutton, Deborah (2015). A Companion to Asian Art and Architecture. john Wiley & Sons. পৃষ্ঠা. 220. ISBN 9781119019534. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]