কুন্দনিকা কাপাডিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কুন্দনিকা কাপাডিয়া

নন্দীগ্ৰাম আশ্ৰমত কাপাডিয়া, জুলাই ২০১৮
জন্ম ১১ জানুৱাৰী, ১৯২৭
লিম্বড়ি, ৱাধৱান ৰাজ্য, ব্ৰিটিছ ভাৰত
মৃত্যু ৩০ এপ্ৰিল, ২০২০ (৯৩ বছৰ)
ভালচাদ, গুজৰাট, ভাৰত
পেচা ঔপন্যাসিক, গল্প লেখক, প্ৰাৱন্ধিক
ভাষা গুজৰাটী ভাষা
উল্লেখযোগ্য বঁটা সাহিত্য অকাডেমি বঁটা (১৯৮৫)
দাম্পত্যসংগী মকৰণ্ড দাভে (বি. ১৯৬৮; মৃ. ২০০৫)

কুন্দনিকা কাপাডিয়া (ইংৰাজী: Kundanika Kapadia; (১১ জানুৱাৰী, ১৯২৭ – ৩০ এপ্ৰিল, ২০২০) গুজৰাটী ভাষাৰ এগৰাকী ভাৰতীয় ঔপন্যাসিক, গল্প লেখক আৰু প্ৰাৱন্ধিক।

জীৱনপঞ্জী[সম্পাদনা কৰক]

১৯২৭ চনৰ ১১ জানুৱাৰীত বৰ্তমান গুজৰাটৰ সুৰেন্দ্ৰনগৰ জিলাত অৱস্থিত লিম্বড়িত কুন্দনিকা কাপাডিয়াৰ জন্ম হৈছিল। তেওঁৰ দেউতাক নৰোত্তমদাস কাপাডিয়া। কুন্দনিকাই গোধৰাত প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা সম্পূৰ্ণ কৰিছিল। তেওঁ ১৯৪২ চনত জাতীয়তাবাদী ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰিছিল। ১৯৪৮ চনত, তেওঁ বোম্বাই বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত ভাৱনগৰৰ চামলদাস মহাবিদ্যালয়ৰ পৰা ইতিহাস আৰু ৰাজনীতিত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰে আৰু মুম্বাই স্কুল অৱ ইকনমিক্সৰপৰা ৰাজনীতিত স্নাতকোত্তৰ ডিগ্ৰী কৰিছিল যদিও অৱশেষত পৰীক্ষাত অৱতীৰ্ণ হ’ব পৰা নাছিল। তেওঁ ১৯৬৮ চনত মুম্বাইত গুজৰাটী কবি মকৰন্দ দাভেক বিয়া কৰাইছিল। দাভে দম্পত্তি নিঃসন্তান আছিল।[1] কুন্দনিকাই ১৯৮৫ চনত ভালচাদৰ ওচৰৰ ভাংকাল গাঁৱৰ ওচৰত নন্দীগ্ৰাম নামে এখন আশ্ৰম সহ-প্ৰতিষ্ঠা কৰিছিল। নন্দীগ্ৰামৰ সহকৰ্মীসকলে তেওঁক ঈছামা বুলি সম্বোধন কৰিছিল। তেওঁ য়াত্ৰিক (১৯৫৫-১৯৫৭) আৰু নৱনীত (১৯৬২-১৯৮০) নামে দুখন আলোচনী সম্পাদনা কৰিছিল।[2][3][4][5]

২০২০ চনৰ ৩০ এপ্ৰিল তাৰিখে ভাৰতৰ গুজৰাটৰ ভাংকাল গাঁৱৰ ওচৰৰ নন্দীগ্ৰামত ৯৩ বছৰ বয়সত কুন্দনিকা কাপাডিয়া মৃত্যু হয়।[1][6]

সাহিত্য কৃতি[সম্পাদনা কৰক]

স্নেহধন কুন্দনিকাৰ ছদ্মনাম। পাৰোধ থটা পহেলা (Parodh Thata Pahela, ১৯৬৮) তেওঁৰ প্ৰথমখন উপন্যাস। তাৰ পিছত তেওঁ অগ্নিপিপাশা (১৯৭২) লিখে। তেওঁৰ সত পাগালা আকাশমা (ছেভেন ষ্টেপচ্‌ ইন দ্য স্কাই, ১৯৮৪) কিতাপখনে সমালোচকৰ প্ৰশংসা লাভ কৰিছিল আৰু শ্ৰেষ্ঠ নাৰীবাদী উপন্যাস ৰূপে বিবেচিত হৈছিল।[2][3][7]

কুন্দনিকাৰ প্ৰথম গল্পটো আছিল "প্ৰেমনা আনচু"; জন্মভূমি বাতৰি কাকতৰ দ্বাৰা আয়োজিত এখন আন্তৰ্জাতিক গল্প প্ৰতিযোগিতাত গল্পটোৱে দ্বিতীয় পুৰস্কাৰ লাভ কৰিছিল। ইয়াৰ পিছতে তেওঁ গল্প লিখাত মনোনিৱেশ কৰিছিল আৰু অধিক হাৰত গল্প লিখিবলৈ আৰম্ভ কৰিছিল। প্ৰেমনা আনচু (১৯৫৪) পিছলৈ গল্প সংকলন হিচাপে প্ৰকাশ হৈছিল। তেওঁৰ আন কাহিনী সংকলনসমূহ হৈছে বধু নে বধু সুন্দৰ (১৯৬৮), কাগলনী হোদি (১৯৭৮), জাভা দৈশু তামানে (১৯৮৩) আৰু মনুষ্য তাভু (১৯৯০)। তেওঁৰ নিৰ্বাচিত গল্পসমূহ কুন্দনিকা কাপাডিয়া নি শ্ৰেষ্ঠ ভৰ্তাও (১৯৮৭) নামেৰে প্ৰকাশ হৈছে। তেওঁ ধুমকেতু, শৰৎ চন্দ্ৰ চট্টোপাধ্যায়, ৰবীন্দ্ৰনাথ ঠাকুৰ, শ্বেইকছপীয়েৰ আৰু ইবচেনৰ দ্বাৰা প্ৰভাৱিত হৈছিল।[2][3]

দ্বাৰ আনে দীৱাল (১৯৮৭) আৰু চন্দ্ৰ তাৰা বৃক্ষ বাদল (১৯৮৮) তেওঁৰ ৰচনা সংকলন । অকৰণ্ড আনে আক্ৰোশ (১৯৯৩) তেওঁৰ আত্মজীৱনীমূলক ৰচনা। পৰম সমীপে (১৯৮২), যৰুখে দিভা (২০০১) আৰু গুলাল আনে গুঞ্জৰ হৈছে সম্পাদিত সংকলন। পৰম সমীপে তেওঁৰ জনপ্ৰিয় প্ৰাৰ্থনা সংগ্ৰহ।[2][3]

তেওঁ লৰা ঈগলছ ৱাইল্ডাৰৰ এটি কাম বসন্ত আৱছে (১৯৬২) শীৰ্ষকেৰে অনুবাদ কৰিছিল। মেৰী এলেন চেজৰ আ গুডলী ফেলোশ্বিপদিলভাৰ মৈত্ৰী (১৯৬৩) আৰু বঙালী সাহিত্যিক ৰাণী চান্দৰ ভ্ৰমণকাহিনী এখন পূৰ্ণাকুম্ভ (১৯৭৭) নামে অনুবাদ কৰিছিল। তেওঁৰ অনুবাদ কৰা অন্য ৰচনাসমূহ হৈছে; পুৰুষাৰ্থনে পাগলে (১৯৬১), ফ্লৰেন্স স্কোভেল চিনৰ দ্য গেম অৱ লাইফ এণ্ড হাউ টু প্লে ইটৰ গুজৰাটী অনুবাদ জীৱন এক খেল (১৯৮১), আইলিন কেডিৰ অপেনিং দ্য ড’ৰ ৱিডিন অনুবাদ উঘদতা দ্বাৰ অনন্তনা আৰু স্বামী ৰামৰ লিভিং উইথ দা হিমালয়ন মাষ্টাৰ্ছচ অনুবাদ হিমালয় সিদ্ধ যোগী (১৯৮৪)।[2][4]

সন্মান[সম্পাদনা কৰক]

কাপাডিয়াই গুজৰাটী সাহিত্য পৰিষদ আৰু গুজৰাট সাহিত্য অকাডেমিৰ পৰা কেইবাটাও পুৰস্কাৰ লাভ কৰিছিল। চন্দ্ৰ তৰা বৃক্ষ বাদল গ্ৰন্থখনৰ বাবে তেওঁ গুজৰাট সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। ১৯৮৫ চনত, সত পাগলা আকাশমা গ্ৰন্থৰ বাবে তেওঁক গুজৰাটী ভাষাত সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হৈছিল।[2][8] তেওঁ ১৯৮৪ চনত ধনজী কাঞ্জি গান্ধী সুৱৰ্ণ চন্দ্ৰক বঁটা লাভ কৰিছিল।[4]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 "Gujarati author Kundanika Kapadia dies at 93" (en-US ভাষাত). The Indian Express. 30 April 2020. https://indianexpress.com/article/books-and-literature/gujarati-author-kundanika-kapadia-dies-at-93-6386244/। আহৰণ কৰা হৈছে: 30 April 2020. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5
  3. 3.0 3.1 3.2 3.3 Susie J. Tharu; Ke Lalita (1993). Women Writing in India: The twentieth century. Feminist Press at CUNY. পৃষ্ঠা. 254–256. ISBN 978-1-55861-029-3. https://books.google.com/books?id=OjZYf9Xf9bcC&pg=PA255. 
  4. 4.0 4.1 4.2 "Nandigram : A center for Service and Sadhana". Nandigram. Archived from the original on 24 September 2018. https://web.archive.org/web/20180924115321/http://nandigram.org/ishama.htm। আহৰণ কৰা হৈছে: 28 December 2016. 
  5. Shukla, Rakeshkumar (30 April 2020). "'સાત પગલાં આકાશમાં' નામની પ્રસિદ્ધ ગુજરાતી કૃતિનાં લેખિકા કુંદનિકા કાપડિયાનું નંદીગ્રામ ખાતે નિધન" (gu ভাষাত). Divya Bhaskar. https://www.divyabhaskar.co.in/local/gujarat/vapi/valsad/news/kundanika-kapadia-famous-gujarati-novelist-died-at-nandigram-127260361.html। আহৰণ কৰা হৈছে: 30 April 2020. 
  6. "Sahitya Akademi Awards" (en ভাষাত). Sahitya Akademi. http://sahitya-akademi.gov.in/sahitya-akademi/awards/akademi%20samman_suchi.jsp#GUJARATI। আহৰণ কৰা হৈছে: 28 December 2016.