কাৰ্কাডান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কাৰ্কাডান

কাৰ্কাডান
শ্ৰেণী কিংবদন্তিমূলক জীৱ
সম্পৰ্কীয় জীৱ চীলিন, ৰে'ম, ইণ্ড্ৰিক, ছাধাৱাৰ, চামাহোৱেট’, ইউনিকৰ্ণ
লোকগাথা মধ্যযুগীয় পাচ্য লোককথা
স্থান ভাৰত, পাৰচ্য

কাৰ্কাডান হৈছে ভাৰত আৰু পাৰস্যৰ তৃণভূমিত বাস কৰা এবিধ কিংবদন্তিমূলক জীৱ

পাৰ্চী আৰু আৰবী ভাষাত কাৰ্কাডান শব্দৰ অৰ্থ হৈছে গঁড়।

উত্তৰ ভাৰতীয় শিল্পকলাতো কাৰ্কাডানৰ চিত্ৰ দেখা পোৱা যায়।[1] ইউনিকৰ্ণৰ দৰে কুমাৰীয়েহে ইয়াক বশ কৰিব পাৰে আৰু ই আন প্ৰাণীৰ প্ৰতি হিংস্ৰ আচৰণ কৰে।[1] মূলতঃ ভাৰতীয় গঁড়ৰ পৰা বিকাশিত হোৱা এই জীৱটোৰ বিষয়ে দশম/একাদশ শতিকাত প্ৰথমবাৰৰ বাবে বৰ্ণনা কৰা হৈছিল আৰু পিছৰ লেখকসকলৰ ৰচনাত ইয়াৰ বিকাশ ঘটি অদ্ভুত গুণেৰে সমৃদ্ধ পৌৰাণিক প্ৰাণীলৈ পৰিণত হৈছিল।[2]

বিৱৰ্তন[সম্পাদনা কৰক]

কাৰ্কাডানৰ প্ৰাৰম্ভিক বৰ্ণনা ১০/১১ শতিকাৰ পাৰ্চী পণ্ডিত আবু ৰায়হান আল-বিৰুনী (আল-বিৰুনি, ৯৭৩–১০৪৮)ৰ লেখাত পোৱা যায়। তেওঁ এটা প্ৰাণীৰ বিষয়ে বৰ্ণনা কৰিছে যাৰ “গঠন ম'হৰ দৰে ... ক'লা, খোলাযুক্ত ছাল; তললৈ এখন গলপতা ওলমি থাকে। ইয়াৰ প্ৰতিখন ভৰিত তিনিটা হালধীয়া খুৰা থাকে ... নেজডাল দীঘল নহয়। অন্য জন্তুৰ তুলনাত চকু দুটা গালৰ বহু তললৈ থাকে। নাকৰ ওপৰত ওপৰলৈ বেঁকা হৈ থকা এটা শিং থাকে।” আন এজন লেখকে ৰচনা কৰা আল-বিৰুনিৰ এটা খণ্ডত ইয়াৰ বিষয়ে আৰু কেইটামান বৈশিষ্ট্য যোগ কৰিছে: “শিংটো শঙ্কুৰ দৰে, মূৰৰ পিছফাললৈ বেঁকা হৈ থাকে ... প্ৰাণীটোৰ কাণ দুখন গাধৰ দৰে দুয়োফালে ওলাই থাকে, আৰু ... হাতীৰ শুঁড়ৰ অগ্ৰাংশৰ দৰে ইয়াৰ ওপৰৰ ওঁঠটোত আঙুলিৰ আকৃতি থাকে।” এই দুটা বৰ্ণনাৰ পৰা নিসন্দেহে ভাৰতীয় গঁড়টোৱেই যে এই প্ৰাণীটোৰ বিকাশৰ মূল আধাৰ সেয়া ক’ব পাৰি।[2] কিন্তু গঁড় আৰু ইউনিকৰ্ণৰ মাজত ভৱিষ্যতৰ বিভ্ৰান্তি ইতিমধ্যে গঢ় লৈ উঠিছিল কাৰণ পাৰ্চী ভাষাত গঁড়ৰ বাবে কৰা ধৰণে পৌৰাণিক প্ৰাণীটোৰ বাবেও একেটা শব্দ কাৰ্কাডান ব্যৱহাৰ কৰা হৈছিল আৰু এই বিভ্ৰান্তি জীৱটোৰ চিত্ৰকল্পতো স্পষ্ট হৈ পৰিছে।[3]

আল-বিৰুনিৰ পিছত পাৰ্চী পণ্ডিতসকলে তেওঁৰ বৰ্ণনা সম্পৰ্কীয় প্ৰত্যক্ষ জ্ঞানৰ অভাৱ আৰু পুৰণি আৰবী লিপি পঢ়া আৰু ব্যাখ্যা কৰাত হোৱা অসুবিধাৰ বাবে প্ৰাণীটোৰ বিষয়ে অধিক কল্পনাপ্ৰসূত সংস্কৰণ গঠন কৰিছিল। য'ত আল-বিৰুণীয়ে এটা চুটি, বক্ৰ শিঙৰ বিষয়ে বৰ্ণনা কৰিছিল, তাৰ পৰিৱৰ্তে পিছৰ লেখকসকলে প্ৰাণীটোৰ নাকৰ পৰা ভ্ৰূলৈকে বিস্তৃত এটা দীঘল, পোন শিং হিচাপে উপস্থাপনত কৰিছিল।[2]

তেৰ শতিকাৰ শেষৰ ফালে পাৰ্চী চিকিৎসক জাকাৰিয়া আল-কাজুনিয়ে তেওঁৰ “আজাইব আল-মখলুকাত ৱা ঘৰাইব আল-মাউজুদাত” (ʿAjā'ib al-makhlūqāt wa gharā'ib al-mawjūdāt)ত কাৰ্কাডানৰ শিংটো বিষধৰ বুলি বৰ্ণনা কৰিছিল।[2] তেওঁ তাত শিংটোৰ কেইটামান উপকাৰী প্ৰভাৱৰ তালিকা প্ৰস্তুত কৰিছিল: শিং ধাৰণ কৰিলে অন্ত্ৰ মুকলি হৈ কোষ্ঠকাঠিন্যৰ পৰা উপশম পায় আৰু ই মৃগী আৰু পংগুত্ব নিৰাময় কৰিব পাৰে।[4] তাৰ পিছৰ কিছু লেখকে এই শিংটো বিষনাশক আৰু ইয়াক ইউনিকৰ্ণৰ শিং এলিকৰ্ণৰ সৈতেও সংযোগ কৰিছিল।[2]

চতুৰ্দশ শতিকাত ইবনে বটুটাই তেওঁৰ ভ্ৰমণ কাহিনীত ভাৰতত দেখা গঁড়টোক কাৰ্কাডান বুলি অভিহিত কৰিছে আৰু নিজৰ ভূখণ্ডৰ পৰা হাতীৰ দৰে ডাঙৰ জীৱ-জন্তুবোৰক খেদি পঠিওৱা এটা হিংস্ৰ জন্তু বুলি বৰ্ণনা কৰিছে;[5] এয়াই আছিল “চিন্দবাদৰ দ্বিতীয় সমুদ্ৰ যাত্ৰা”ৰ “ৱান থাউজেণ্ড এণ্ড ৱান নাইটছ”ত বৰ্ণিত কিংবদন্তি।[6][7]

কাৰ্কাডানক এলমাৰ ছুহৰে “ইউনিকৰ্ণৰ পাৰ্চী সংস্কৰণ” বুলি উল্লেখ কৰিছে।[8] মধ্যযুগৰ ইউৰোপীয় পশুপালন সম্পৰ্কীয় গ্ৰন্থসমূহতো কাৰ্কাডান নামটো দেখা যায়, যেনে এস্কোৰিয়েল আৰু পেৰিছৰ পৰা অহা, ইউনিকৰ্ণৰ চিত্ৰসমূহত কাৰ্কাডান শব্দতো লিখা হৈছিল।[9]

শিং[সম্পাদনা কৰক]

শিংটোক বিষৰ প্ৰতিষেধক বুলি দাবী কৰা আদিম লেখকসকলৰ ভিতৰত অন্যতম আল-কাজৱিনীয়ে ইয়াক কটাৰীৰ নাল নিৰ্মাণ কৰিবলৈও ব্যৱহাৰ কৰা হৈছিল বুলি লিখি গৈছিল। ক্ৰীছ লেভাৰ্ছৰ “নেচাৰেল হিষ্ট্ৰী অৱ ইউনিকৰ্ণছ” (Natural History of Unicorns)ত উল্লেখ কৰা মতে সম্ভৱতঃ হাতীৰ দাঁত বা হাড়ৰ পৰা গঠিত ‘খুতু’ (khutu) নামৰ এবিধ ৰহস্যময় পদাৰ্থৰো প্ৰতিষেধক গুণ আছিল। লেভাৰ্ছে মতে এই দুয়োটা “ৰহস্যময় শিং” কাটলেৰী (cutlery) তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল; এইদৰেই ত্ৰয়োদশ শতিকাত আল-কাজৱিনীয়ে কাৰ্কাডান শিঙক প্ৰতিষেধক হিচাপে বিবেচনা কৰিছিল আৰু এইদৰেই কাৰ্কাডান ইউনিকৰ্ণৰ সৈতে জড়িত হৈ পৰিছিল।[2]

নাম[সম্পাদনা কৰক]

কাৰ্কাডান নামটো “এটা শিং থকা গাধ” [কাৰ কিট ডান] অৰ্থ প্ৰকাশ কৰা এটা কুৰ্দিছ শব্দৰ সৈতে মিল আছে। পাৰ্চী শব্দ ‘কাৰ্গদান’ বা সংস্কৃত শব্দ ‘কৰ্তাজন’ৰ অৰ্থ হৈছে “মৰুভূমিৰ ভগৱান”।[10] ফ্ৰিটজ হোমেলে সন্দেহ প্ৰকাশ কৰিছে যে এই শব্দটো এবিচিনিয়াৰ পৰা আৰবৰ যোগেদি আহি চেমিটিক ভাষাত প্ৰৱেশ কৰিছিল।[11] ইয়াৰ অন্য বানান আৰু উচ্চাৰণৰ ভিতৰত কাৰ্কাদান[4], কাৰ্দুন[9], কাৰকাদন আৰু কাৰ্কেন্দ।[6][12]

মহাভাৰতত থকা এটা বিৱৰণৰ পৰা পৌৰাণিক কাৰ্কডনৰ উৎপত্তি হৈছে বুলিও অনুমান কৰা হয়।[13]

পাৰ্চী কাৰ্গদানৰ সন্মুখৰ অংশটো সংস্কৃত “খড়্গ” শব্দৰ সৈতেও মিল আছে। গঁড়ৰ শিঙৰ ওপৰিও খড়্গ শব্দই তৰোৱালো বুজায়। গঁড়ৰ “তৰোৱালৰ দৰে শিং থাকে।”

আধুনিক যুগ[সম্পাদনা কৰক]

ইউনিকৰ্ণ সম্পৰ্কীয় সৰ্বাধিক প্ৰশংসিত আৰু প্ৰায়ে উল্লেখযোগ্য হিচাপে বিবেচিত ১৯৫০ চনত প্ৰকাশিত ৰিচাৰ্ড এটিংহাউজেনৰ “দ্য ইউনিকৰ্ণ”[14] গ্ৰন্থত কাৰ্কাডান সম্পৰ্কে উপলভ্য বহু সামগ্ৰী সংগ্ৰহ কৰা আছে।[15][16]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 Suhr, Elmer G. (1964). "An Interpretation of the Unicorn". Folklore খণ্ড 75 (2): 91–109. doi:10.1080/0015587x.1964.9716952. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 Lavers, Chris (2010). The Natural History of Unicorns. RandomHouse. পৃষ্ঠা. 107–109. ISBN 978-0-06-087415-5. https://books.google.com/books?id=GzMtZjql37oC&pg=PA108. 
  3. Rice, D.S. (1955). "Rev. of Ettinghausen, The Unicorn". Bulletin of the School of Oriental and African Studies, University of London খণ্ড 17 (1): 172–74. doi:10.1017/s0041977x00106470. 
  4. 4.0 4.1 Hees, Syrinx von (2002). Enzyklopädie als Spiegel des Weltbildes. Otto Harrassowitz Verlag. পৃষ্ঠা. 205–208. ISBN 978-3-447-04511-7. https://books.google.com/books?id=q8ZztmBZzvAC&pg=PA207. 
  5. Ettinghausen, Richard (1950). The Unicorn. Freer Gallery of Art. Occasional Papers 1. পৃষ্ঠা. 12–21. 
  6. 6.0 6.1 Lane, Edward William (1841). The thousand and one nights, commonly called, in England, the Arabian nights' entertainments. পৃষ্ঠা. 95 note 29. https://archive.org/details/thousandandonen02lanegoog. 
  7. Burton, Richard (1885). The Book of Thousand Nights and One Nights. পৃষ্ঠা. 69. ISBN 9781420936377. https://books.google.com/books?id=roCcqNfpyksC&pg=PA69. 
  8. Suhr, Elmer G. (1965). "An Interpretation of the Medusa". Folklore খণ্ড 76 (2): 90–103. doi:10.1080/0015587x.1965.9716995. 
  9. 9.0 9.1 Contadini, Anna (2003). "A Bestiary Tale: Text and Image of the Unicorn in the Kitāb naʿt al-hayawān (British Library, or. 2784)". Muqarnas খণ্ড 20: 17–33. doi:10.1163/22118993-90000037. https://eprints.soas.ac.uk/434/1/UnicornMuqarnas2003.pdf. 
  10. Lunds universitet. Historiska museet samt mynt- och medaljkabinettet (1973). Meddelanden från Lunds Universitets historiska museum: Mémoires du Musée historique de l'Université de Lund. C.W.K. Gleerup. পৃষ্ঠা. 193. https://books.google.com/books?id=Th3jAAAAMAAJ&q=kartajan+%22lord+of+the+desert%22. 
  11. Hommel, Fritz (1879). Die Namen der Saugethiere bei den Sudsemitischen Volkern. পৃষ্ঠা. 328–29. https://books.google.com/books?id=GzRbAAAAQAAJ&pg=PA329. 
  12. Manguel, Alberto; Gianni Guadalupi (2000). The dictionary of imaginary places. Houghton Mifflin Harcourt. পৃষ্ঠা. 109. ISBN 978-0-15-600872-3. https://books.google.com/books?id=T3603Pi01f4C&pg=PA109. 
  13. Ettinghausen, Richard (1955). Late Classical and Medieval Studies in Honor of Albert Mathias Friend Jr.. Princeton UP. পৃষ্ঠা. 286. 
  14. Vajda, Georges (1971). Deux commentaires karaïtes sur l'ecclésiaste. Brill. পৃষ্ঠা. 86 note 3. ISBN 978-90-04-02658-2. https://books.google.com/books?id=kMh_bnLul2gC&pg=PA86. 
  15. Sarton, George; Frances Siegel (1951). "Seventy-Seventh Critical Bibliography of the History and Philosophy of Science and of the History of Civilization (To March 1951)". Isis খণ্ড 42 (4): 309–95. doi:10.1086/349357. 
  16. Souchal, Geneviève (1980). "Rev. of Freeman, The Unicorn Tapestries". The Art Bulletin খণ্ড 62 (2): 313–16. doi:10.2307/3050007.