ঝিঝিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ঝিঝিয়া

মহিলাসকলে ঝিঝিয়া পৰিৱেশন কৰিছে
স্থানীয় নাম झिझिया
ঝিঝিয়া
শৈলী লোক-নৃত্য
বাদ্যযন্ত্ৰ মঞ্জিৰা, ঢোল
উৎপত্তিমূল ভাৰত আৰু নেপালমিথিলা আৰু ভোজপুৰী অঞ্চল৷

ঝিঝিয়া (ইংৰাজী: Jhijhiya) যাক ঝিঝাৰি বুলিও কোৱা হয়, ভাৰত আৰু নেপালৰ মিথিলা আৰু ভোজপুৰী[1] অঞ্চলৰ এক সাংস্কৃতিক লোকনৃত্য।[2] দশেৰা উৎসৱৰ সময়ত, অসমীয়া কেলেণ্ডাৰমতে আহিন মাহ(ছেপ্টেম্বৰ/অক্টোবৰ)ত ইয়াক পৰিৱেশন কৰা হয়। এই নৃত্য দেৱী দুৰ্গা—বিজয় দেৱীৰ প্ৰতি ভক্তি প্ৰদান কৰাৰ লগতে নিজৰ পৰিয়াল, শিশু আৰু সমাজক ডাইনী আৰু ক’লা যাদুৰ পৰা ৰক্ষা কৰিবলৈ কৰা হয়।[3]

দুৰ্গা পূজাৰ সময়ত ঘট স্থাপনৰ দিনাৰ পৰাই বিজয়া দশমীলৈকে একেৰাহে দহ দিনৰ সন্ধিয়া পৰত মহিলা আৰু ছোৱালীৰ পাঁচৰ পৰা পোন্ধৰজনীয়া দলে মূৰত মাটিৰ কলহ লৈ ঘূৰণীয়াকৈ নাচি নাচি এই নৃত্য পৰিৱেশন কৰে। কলহৰ ভিতৰত এটা চাকি ৰখা হয় আৰু কলহৰ গাত একাধিক ফুটা কৰা হয়। বিশ্বাস কৰা হয় যে, যদি কোনো ডাইনীয়ে কলহত থকা ফুটাবোৰ গণনা কৰাত সফল হয়, তেন্তে নৃত্যশিল্পীগৰাকীৰ লগে লগে মৃত্যু হয়।

উৎপত্তিৰ কাহিনী[সম্পাদনা কৰক]

এই সংস্কৃতিটো যিহেতু প্ৰজন্মৰ পৰা প্ৰজন্মলৈ মৌখিক ৰূপত চলি আহিছে, গতিকে নৃত্যৰ উৎপত্তিৰ বিষয়ে কোনো সঠিক তথ্য নাই। এই নৃত্যৰ লগত জড়িত এটা কিংবদন্তী অনুসৰি, এসময়ত চিত্ৰসেন নামৰ এজন ৰজা বাস কৰিছিল।[4] তেওঁৰ পত্নী ৰাণী আছিল ক’লা যাদুত পাৰ্গত। ৰজাতকৈ ৰাণী বয়সত যথেষ্ট সৰু আছিল। ৰজা আৰু ৰাণীৰ কোনো সন্তান নাছিল। ৰজাই ভতিজাক বালৰুচিৰ নাম তেওঁৰ উত্তৰাধিকাৰী হিচাপে ৰখাৰ সিদ্ধান্ত লয়। ৰাণীৰ মোহ বালৰুচিৰ প্ৰতি। তেওঁ তাক একাধিকবাৰ আকৰ্ষিত কৰিবলৈ চেষ্টা কৰিছিল যদিও প্ৰতিবাৰেই বিফল হৈছিল। এদিন ৰাণীয়ে হতাশ হৈ বালৰুচিৰ ওপৰত প্ৰতিশোধ লোৱাৰ সিদ্ধান্ত ল’লে। তেওঁ নিজৰ ক’লা যাদু ব্যৱহাৰ কৰি অসুস্থ হোৱাৰ ভাও জুৰিলে। ৰজাই তেওঁৰ চিকিৎসাৰ বাবে আয়ুৰ্বেদিক চিকিৎসকক আদেশ দিলে। ৰাণীৰ যাদুৰ বিৰুদ্ধে আয়ুৰ্বেদিক ঔষধ সফল নহ’ল। তাৰ পিছত ৰাণীয়ে ৰজাক ক’লে যে তেওঁ পুনৰ সুস্থ হৈ উঠিব পৰা একমাত্ৰ উপায় হ’ল বালৰুচিৰ তেজেৰে গা ধোৱা। কিন্তু, সেই চিকিৎসাৰ বিৰুদ্ধে ৰজাই দ্বিধাবোধ কৰিছিল যদিও, যিহেতু তেওঁ পত্নীক বৰ ভাল পাইছিল আৰু তেওঁৰ জীৱন ৰক্ষা কৰিব বিচাৰিছিল; সেয়েহে তেওঁ সৈনিকসকলক বালৰুচিক হত্যা কৰি তেওঁৰ তেজ আনিবলৈ নিৰ্দেশ দিছিল।

ৰজাৰ সৈন্যসকলে বালৰুচিক হত্যা কৰিবলৈ নিজকে মনাব নোৱাৰি হাবিত মুক্ত কৰাৰ সিদ্ধান্ত লয়। পৰিৱৰ্তে, তেওঁলোকে এটা হৰিণৰ তেজ লৈ আহে আৰু তাৰে ৰাণীয়ে গা ধুই পুনৰ সুস্থ হৈ উঠিল। ইপিনে, হাবিত বালৰুচিয়ে এগৰাকী বৃদ্ধাক লগ পালে। যিহেতু, বালৰুচিৰ ভোক লাগিছিল আৰু আশ্ৰয় স্থানৰ প্ৰয়োজন হৈছিল, সেয়ে তেওঁ সেই মহিলাগৰাকীক কিছু খাদ্য আৰু ৰাতি থাকিবলৈ ঠাই বিচাৰিছিল। মহিলাগৰাকীয়ে তেওঁক কৰুণা কৰাৰ পৰিৱৰ্তে তেওঁক দত্তক ল’লে। বুঢ়ীজনী অৱশ্যে এগৰাকী শক্তিশালী ডাইনী আছিল। তেওঁ আৰু বালৰুচি একেলগে থাকিবলৈ ধৰিলে। এদিন ৰজা-ৰাণী হাবিখনৰ মাজেৰে পাৰ হৈ গৈ থাকোঁতে ৰজাৰ পাল্কী কঢ়িয়াই নিয়া মানুহ এজনৰ মৃত্যু হ’ল। অৰণ্যত পাল্কী কঢ়িয়াই নিয়া এজন লোকৰ সন্ধানত বালৰুচিক লগ পায়। অৱশ্যে বালৰুচি আৰু ৰজা দুয়োজনে ইজনে সিজনক চিনি নাপালে আৰু বালৰুচি আৰু ৰাণীয়েও চিনি নাপালে।

ৰজাৰ যাত্ৰা পুনৰ আগবাঢ়ি যোৱাৰ লগে লগে ৰজাই গান এটা গুণগুণাবলৈ ধৰিলে যদিও গানটোৰ কিছুমান শাৰী পাহৰি গ’ল। কেইবাবাৰো চেষ্টা কৰিও ৰজাই শাৰীবোৰ মনত পেলাব পৰা নাই। তেতিয়া ৰজাই নতুন পাল্কীবাহীজনে বাকী থকা শাৰীবোৰ গোৱা শুনিলে। ৰজাৰ কাষৰ এজন ব্যক্তিয়েহে গীতটিৰ কথা জানিছিল আৰু সেইজন ব্যক্তি আছিল বালৰুচি। এই কথা অনুধাৱন কৰি তেওঁ বালৰুচিক চিনি পালে। ৰাণীয়েও সেই মুহূৰ্তত দোষী অনুভৱ কৰিলে আৰু ৰজা-ৰাণী দুয়োজনে বালৰুচিৰ ওচৰত ক্ষমা বিচাৰি ৰাজপ্ৰসাদলৈ উভতি আহিবলৈ অনুৰোধ কৰিলে। বালৰুচিয়ে তেওঁলোকৰ লগত উভতি যোৱাৰ সিদ্ধান্ত ল’লে আৰু এই কথাত বুঢ়ী ডাইনীজনীক অতিশয় খং উঠিল। তাই বালৰুচিৰ ওপৰত যাদুকৰী মন্ত্ৰ মাতিবলৈ ধৰিলে, যাৰ ফলত সি আহত হ’ল। ৰাণীয়ে গম পালে যে, বলৰুচিয়ে আঘাত পোৱাৰ আঁৰত কিছু ক’লা যাদু আছে। গতিকে, তেৱোঁ বুঢ়ী ডাইনীজনীৰ মন্ত্ৰ প্ৰতিহত কৰিবলৈ যাদু যদু প্ৰয়োগ কৰিলে। ৰাণী আৰু বুঢ়ী ডাইনীৰ মাজত যাদুকৰী যুদ্ধ হৈছিল, য’ত বুঢ়া ডাইনীজনী পৰাস্ত হৈছিল আৰু তাৰ পিছত ৰজা, ৰাণী আৰু বালৰুচি ৰাজপ্ৰসাদলৈ উভতি আহিছিল।

ৰজাই বালৰুচিক পুনৰ নিজৰ উত্তৰাধিকাৰী ঘোষণা কৰিলে আৰু ৰাণীয়ে বালৰুচিৰ সুৰক্ষাৰ বাবে প্ৰতি বছৰে তন্ত্ৰিক আচাৰ-অনুষ্ঠান কৰিবলৈ নিৰ্দেশ দিয়ে। তাৰ পিছৰ পৰা আন লোকেও নিয়মীয়াকৈ নিজৰ সন্তান আৰু পৰিয়ালৰ সুৰক্ষাৰ বাবে এই অনুষ্ঠানসমূহ পালন কৰিবলৈ আৰম্ভ কৰিছিল৷[5]

পৰিৱেশন[সম্পাদনা কৰক]

​ ​ভাৰত আৰু নেপালৰ মিথিলা আৰু ভোজপুৰী অঞ্চলৰ লোকসকলে এই নৃত্য পৰিৱেশন কৰে।[6][7][8] ঘট স্থাপনৰ দিনটোৰ পৰা বিজয়া দশমীলৈকে প্ৰতিদিনে সন্ধিয়া নৃত্য পৰিৱেশন কৰা হয়। নিজৰ সন্তান আৰু সমাজক ডাইনীৰ কু-দৃষ্টিৰ পৰা ৰক্ষা কৰিবলৈ এই নৃত্য পৰিৱেশন কৰা হয় বুলি বিশ্বাস কৰা হয়। মহিলাসকলে মূৰত মাটিৰ কলহ লৈ নাচে। কলহটোৰ ভিতৰত একাধিক ফুটা কৰি তাৰ ভিতৰত এটা চাকি ৰখা হয়। নাৰীৰ মূৰত ৰখা কলহৰ ফুটাবোৰ গণিবলৈ ডাইনী সফল হ'লে নাচি থকা মহিলাগৰাকীৰ লগে লগে মৃত্যু হয় বুলিও জনবিশ্বাস আছে।[9]

দশেৰাৰ প্ৰথম দিনা পৱিত্ৰ স্থানত নৃত্য কৰাৰ পিছত আনুষ্ঠানিকভাৱে আৰম্ভ হয় ঝিঝিয়া। ঝিঝিয়া নৃত্যৰ আনুষ্ঠানিক আৰম্ভণিৰ পিছত ঘৰে ঘৰে গৈ নৃত্য দেখুওৱাৰ পৰম্পৰা আছে। তাৰ পিছত নৃত্যশিল্পীসকলে ঘৰৰ মালিকৰ পৰা শস্য আৰু অন্তিম দিনা প্ৰসাদৰ বাবে খাদ্য বিচাৰে। বিজয়া দশমীৰ দিনা চূড়ান্ত প্ৰাৰ্থনা কৰা হয় আৰু সংগ্ৰহ কৰা শস্য আৰু ধনেৰে ভোজৰ আয়োজন কৰা হয়।[9] ​ ​

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. "झिझिया लोक अनुष्ठान सुरू" (ne ভাষাত). Setopati. https://www.setopati.com/samaj/35315/। আহৰণ কৰা হৈছে: 2022-10-28. 
  2. Nandan, Subodh Kumar (2023-03-24) (hi ভাষাত). Bihar Ke Parva-Tyohar Aur Khanpan: Bestseller Book by Subodh Kumar Nandan: Bihar Ke Parva-Tyohar Aur Khanpan. Prabhat Prakashan. ISBN 978-93-90825-18-9. https://books.google.com/books?id=vW21EAAAQBAJ&dq=jhijhiya+bhojpuri&pg=PT69. 
  3. "सिरहामा झिझिया नृत्यको रौनक शुरू" (ne ভাষাত). Lokaantar. https://lokaantar.com/story/198268/2022/9/27/jiban-darshan/dance। আহৰণ কৰা হৈছে: 2022-09-27. 
  4. "प्रिया मल्लिक का नया गाना 'झिझिया' लोगों को खूब पसंद" (en-US ভাষাত). BIHAR PATRIKA (बिहार पत्रिका) :: बदलाव का पथिक. 2021-10-14. https://biharpatrika.in/new-song-of-priya/। আহৰণ কৰা হৈছে: 2022-09-27. 
  5. admin (2020-11-13). "Jhijhiya: The Cultural Folkdance of Mithila Region" (en-US ভাষাত). The Gorkha Times. https://thegorkhatimes.com/2020/11/13/jhijhiya-the-cultural-folkdance-of-mithila-region/। আহৰণ কৰা হৈছে: 2022-09-27. 
  6. Kumari, Punam (1999) (en ভাষাত). Social and Cultural Life of the Nepalese. Mohit. ISBN 978-81-7445-092-0. https://books.google.com/books?id=em4wAQAAIAAJ&q=jhijhiya. 
  7. "तराईमा दसैँसँगै झिझिया नाचको रौनक" (ne ভাষাত). kantipurtv.com. https://kantipurtv.com/news/2022-09-30/20220930102205.html। আহৰণ কৰা হৈছে: 2022-10-03. 
  8. (hi ভাষাত) Ājakala. Publikēśansa Ḍivīzana, Sūcanā Tayā Prasārana Mantrādaya, Bhārah Sarkāra.. 1987. https://books.google.com/books?id=dRJB8bfItF0C. 
  9. 9.0 9.1 Jha, Neha. "मिथिलामा झिझिया नाचको रौनक" (ne ভাষাত). Setopati. https://www.setopati.com/index.php/social/190860/। আহৰণ কৰা হৈছে: 2022-09-27.