ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মে’-২০১৯/ৱিকিপিডিয়ানৰ মনৰ কথা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

সকলোলৈকে নমস্কাৰ জনাইছো। এজন ৱিকিপিডিয়ান হিচাপে আপোনালোকৰ সন্মুখত মনৰ কথা প্ৰকাশ কৰাৰ সুযোগ পাই আনন্দিত হৈছো।

ফেচবুকত যোগদান কৰাৰ পিছত মই অসমীয়াত লিখা-মেলা কৰা বিভিন্ন গোটসমূহত যোগদান কৰিছিলো। তেনে এটি গোটটেই মই এদিন অসমীয়া ৱিকিপিডিয়াৰ সম্ভেদ পালো। তেতিয়ালৈ নিজাকৈ লেপটপ নাছিল গতিকে মোবাইলতেই একাউণ্ট খুলি দুই-এটা সৰু-সুৰা সম্পাদনা কৰি চালো। কেইমাহমান পিছত লেপটপটো লোৱাৰ পিছত মই জাহ্নৱী ছফ্টৱেৰটো ইনষ্টল কৰি ললো। তেতিয়ালৈ মই অসমীয়া ৱিকিৰ ফেচবুক গোটতোৰো সদস্য হৈছিলো। ৱিকিৰ কাৰিকৰী কথাখিনি গোটত থকা জ্যেষ্ঠসকলক সুধি দুই-এটা প্ৰৱন্ধ লিখা আৰম্ভ কৰিলো।

তেতিয়ালৈ মই মন কৰিছিলো যে অসমীয়া ৱিকিত প্ৰৱন্ধ সংখ্যা কম হোৱাৰ উপৰিও বহুতো প্ৰৱন্ধ খুবেই চুটিকৈ লিখা আছে। কোনোবাই যদি ৱিকিত কিবা এটা বিষয়ে জানিব বিচাৰে তেন্তে তেওঁ নিশ্চয় বহলাই জানিব বিচাৰিব। মাত্ৰ কেইশাৰীমানৰ প্ৰৱন্ধই কাৰো জ্ঞানৰ পিপাসা পূৰ কৰিব নোৱাৰে। এইদৰে ভাবি মই প্ৰথমে কিছু প্ৰৱন্ধ বহলাবলৈ আৰম্ভ কৰিলো। তাৰ পিছত নিজে লিখা প্ৰবন্ধসমূহো দীঘলকৈ লিখিব ধৰিলো। তেতিয়া মই ৱিকিপিডিয়া লিখোতে ইংৰাজী ৱিকিৰ পৰা অনুবাদ কৰি এখন বহীত লিখি লৈছিলো আৰু তাৰ পিছত বহীখনৰ পৰা চাই চাই ৱিকিত লিখিছিলো। ৱিকিপিডিয়াৰ স্মৃতি বুলিলে মোৰ সেই হোষ্টেলৰ দিনবোৰলৈ মনত পৰে যেতিয়া মই মোৰ কোঠাত বহি বহি প্ৰবন্ধ লিখিছিলো। আৰু এটা প্ৰবন্ধ লিখোতে মোৰ কমেও এসপ্তাহ লাগিছিল।

আমাৰ নিজৰ পাঠ্যক্ৰম বা নিজৰ কৰ্মক্ষেত্ৰৰ বাহিৰেও আন কিছু কিছু ক্ষেত্ৰত ৰাপ থাকে। সেই ৰাপ থকা বিষয়সমূহৰ ওপৰত প্ৰৱন্ধ লিখিলে বিষয়টোৰ ওপৰত সম্যক ধাৰণা আহে। এটা সময়ত মোৰ দেশ-বিদেশ ঘূৰি ফুৰা অভিযাত্ৰীসমূহৰ বিষয়ে জানিবলৈ খুবেই হেঁপাহ হৈছিল। আৰু তেনে কেইবাজনো মহান অভিযাত্ৰীৰ বিষয়ে গুগলত চাৰ্চ কৰি অসমীয়া ৱিকিত লিখিছিলো। যাৰ ফলত মই নিজে তেওঁলোকৰ বিষয়ে জানিব পাৰিছিলো লগতে সেই বিষয়ৰ প্ৰবন্ধ ৱিকিত সৃষ্টি হৈছিলগৈ।

ৱিকিপিডিয়াত আগতে এটা সমস্যা আছিল তথ্যসূত্ৰৰ অভাৱ। বিশেষকৈ অসমসম্পৰ্কীয় প্ৰবন্ধসমূহত নিৰ্ভৰযোগ্য তথ্যসূত্ৰ যোগাৰ কৰাটো অলপ চিন্তাৰ বিষয় হৈছিল। কিন্তু বৰ্তমান ইণ্টাৰনেটৰ সুবিধাসমূহ আগতকৈ বঢ়া বাবে এইক্ষেত্ৰত সমস্যা কিছু হ’লেও কমিছে। অসমীয়া বাতৰি-কাকতসমূহৰ অনলাইন ভাৰ্ছন সহজে উপলব্ধ হৈছে। কেইবাগৰাকীও অসমীয়া শিল্পী ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত চকুত পৰা নহয় বাবে তেওঁলোকৰ বিষয়ে গুগলত ইমান তথ্য পোৱা নাযায়। কিন্তু অসমৰ ৰাইজে তেওঁলোকৰ বিষয়ে জানিব বিচাৰে। তেনে কেইবাগৰাকীও শিল্পীয়ে বিভিন্ন চেনেলত দিয়া সাক্ষাৎকাৰ ইউ টিউবত পোৱা যায়। আৰু তাৰ পৰা প্ৰবন্ধ লিখিবলৈ উজু হয়।

বৰ্তমান তথ্য-প্ৰযুক্তিয়ে নতুন শিখৰত অৱৰ্তীৰ্ণ হোৱাৰ সময়ত ভাষাও ডিজিটেল হৈ পৰিছে। কোনো এটা ভাষা কথিত-লিখিত ৰূপত থকাৰ উপৰিও ইণ্টাৰনেটতো ভাষাটোৰ যথেষ্ট পৰিমাণে সমল থাকিব লাগিব। তেতিয়াহে ভাষাটোৰ স্থায়িত্ব সন্দেহমুক্ত হৈ থাকিব। অসমীয়া ৱিকিপিডিয়াখনো হৈছে অসমীয়া ভাষাৰ তেনে এক সমল। অৱশ্যে ৱিকিপিডিয়াখন এতিয়াও চালুকীয়া হৈ থকা বুলি কব পাৰি। ৱিকিৰ বাবে নতুন প্ৰজন্ম সক্ৰিয়ভাৱে আগবাঢ়ি আহিব লাগিব। ৱিকিপিডিয়াত প্ৰবন্ধৰ সংখ্যা আৰু বাঢ়িব লাগিব। এইখিনিতে একাষাৰ কথা কব বিচাৰো যে গুগল ট্ৰেন্সলেটৰত এতিয়াও অসমীয়া ভাষাটো উপলব্ধ নহয়। অথচ আমাৰ চুবুৰীয়া বঙালী ভাষাটো গুগল ট্ৰেন্সলেটৰত আছে। ইয়াৰ কাৰণ হ’ল বঙালী ভাষাৰ যথেষ্ট সমল ইণ্টাৰনেটত পোৱা যায়। গতিকে অসমীয়া ভাষাতো পৰিৱৰ্তিত সময়ৰ সৈতে খাপ খুৱাই বিশ্বমুখী কৰিবলৈ আমি এতিয়াৰ পৰাই আমাৰ কাম চলাই যাব লাগিব।

ৱিকিপিডিয়াৰ আন এটা ভগ্নীপ্ৰকল্প হৈছে ৱিকিউৎস। য’ত মই কিছুদিনৰ আগৰ পৰাহে লিখিব আৰম্ভ কৰিছো। ৱিকিউৎসও বহু সময় দিবলগীয়া কাম। প্ৰতিটো পৃষ্ঠাৰ প্ৰতিটো বানান চাই যাওতে সময়ৰ প্ৰয়োজন হয়। তদুপৰি ৱিকিপিডিয়াৰ তুলনাত ৱিকিউৎসত হাত উজান দিয়া সক্ৰিয় সম্পাদকৰ সংখ্যাও কম। গতিকে ৱিকিউৎস মন্থৰ গতিৰে আগবাঢ়িছে। গতিকে নতুন সম্পাদক এনে কামবোৰত আগবাঢ়ি আহিব লাগে বুলি মই পুনৰ দোহাৰিছো।

এইখনি কথাৰেই ৱিকিপিডিয়াৰ শ্ৰীবৃদ্ধি হোৱাৰ কামনা কৰি ‘মনৰ কথা’ ইমানতেই সামৰিছো। জয় আই অসম। -Bidyut13 (talk) 17:31, 30 april 2019 (ইউ.টি.চি.)