ৱিকিপিডিয়া:ৱিকিপিডিয়ালৈ বৰঙণি

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৱিকিপিডিয়াৰ লক্ষ্য হৈছে এখন ইণ্টাৰনেট ভিত্তিক (Web-based), মুক্ত বিষয়বস্তু (free content) বিশিষ্ট বিশ্বকোষ (encyclopedia) নিৰ্মাণ কৰা। আপুনিও ৱিকিপিডিয়ালৈ বৰঙণিৰ মাধ্যমৰে এই লক্ষ্য পূৰণত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব।

সম্পাদনাৰ সহায়ক এটা ভিডিঅ’

একাউণ্ট সষ্টি কৰক[সম্পাদনা কৰক]

ৱিকিপিডিয়া পঢ়িবলৈ আপুনি প্ৰৱেশ কৰাৰ প্ৰয়োজন নাই। আনকি ৱিকিপিডিয়াত সম্পাদনা কৰাৰ বাবেও আপোনাৰ প্ৰৱেশ কৰাটা বাধ্যতামূলক নহয়। প্ৰায় সকলোবোৰ ৱিকিপিডিয়াৰ প্ৰায় সকলো প্ৰবন্ধ যিকোনো সময়তেই সম্পাদনা কৰাৰ অনুমতি থাকে, বিশেষ কিছুমান পৃষ্ঠা বাদদি, যিসমূহৰ সম্পাদনাৰ অধিকাৰ অৰ্ধসুৰক্ষিত বা সুৰক্ষিত কৰা হৈছে। নতুন এটা একাউণ্ট খুলিলে সম্পাদনা কৰাৰ উপৰিও আৰু কিছুমান সুবিধা দিয়ে। সেইসমূহৰ বিষয়ে জানিবলৈ একাউণ্ট কিয় তৈয়াৰ কৰিব লাগে? সেয়া চাওক।

আপুনি কি কৰিব পাৰে[সম্পাদনা কৰক]

ৱিকিপিডিয়ালৈ বৰঙণি আগবঢ়াই সম্পাদকসকলে পোৱা আত্মসন্তুষ্টি

প্ৰবন্ধসমূহ[সম্পাদনা কৰক]

প্ৰবন্ধ সৃষ্টিৰ বাবে আপুনি সৰল প্ৰবন্ধ সৃষ্টি প্ৰক্ৰিয়া ব্যৱহাৰ কৰিব পাৰে।

প্ৰবন্ধসমূহে ৱিকিপিডিয়াৰ খালী ঠাই পূৰণ কৰে। ইয়াত প্ৰত্যেকটো প্ৰবন্ধ এটা এটা ভাল বিষয়। (কেৱল শব্দ ভাণ্ডাৰ আৰু সংজ্ঞা নহয়, সেইসমূহ ৱিকিঅভিধানৰ বস্তু।)

ৱিকিপিডিয়াত সন্নিবিষ্ট প্ৰবন্ধসমূহৰ লক্ষ্য হৈছে উৎকৃষ্ট আৰু বিশ্বাসযোগ্য বিশ্বকোষীয় প্ৰবন্ধ সৃষ্টি কৰা। ইয়াত উচ্চমানৰ প্ৰবন্ধসমূহ নিৰ্বাচিত প্ৰবন্ধ হিচাপে স্বীকৃতি দিয়া হয়। ৱিকিপিডিয়া সবাতোকৈ গুৰুত্বপূৰ্ণ প্ৰবন্ধসমূহ ৱিকিপিডিয়া আৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাত দিয়া আছে। সেই পৃষ্ঠাত বহু কিছু ভাগত প্ৰবন্ধসমূহৰ ভাগ কৰা আছে। সেইসমূহৰ মাজৰ পৰা আপোনাৰ পছন্দ অনুসৰি এটা প্ৰবন্ধ বাচি লৈ সেইটো লিখিব পাৰে নাইবা যদি আগেয়ে অলপ তথ্য লিখা আছে তেনে সেয়া নিৰ্বাচিত প্ৰবন্ধৰ মানদণ্ডলৈ উন্নীত কৰিব পাৰে।

তালিকাসমূহ[সম্পাদনা কৰক]

তালিকাসমূহ ৱিকিপিডিয়াৰ বিষয়বস্তু নিয়াৰিকৈ সজাই ৰখাৰ বাবে প্ৰয়োজনীয়। ৱিকিপিডিয়াৰ তালিকাৰ উন্নয়নত সহায় কৰিবলৈ আপুনি প্ৰথমেই তালিকাসমূহলৈ গৈ আপোনাৰ মনোমত বিষয়ৰ তালিকা বিচাৰিব পাৰে আৰু সেইয়া নিৰ্বাচিত প্ৰবন্ধৰ তালিকালৈ লৈ যাবৰ বাবে চেষ্টা কৰিব পাৰে।

ছবিসমূহ[সম্পাদনা কৰক]

ছবি ৱিকিপিডিয়াৰ অন্যতম গুৰুত্বপূৰ্ণ এটা অংশ। ছবিৰ কামত সহায় কৰিবলৈ আপুনি অনুৰোধ ছবি তালিকা চাব পাৰে, যদি সম্ভৱ তেন্তে সেই বিষয় সংক্ৰান্তীয় ছবিখন আপল’ড কৰি আপুনি ৱিকিপিডিয়াৰ ছবিৰ উন্নয়নত ভূমিকা ৰাখিব পাৰে। উল্লেখযোগ্য যে, আপুনি কোনো অৱস্থাতেই কপিৰাইটযুক্ত ছবি আপল’ড কৰিব নোৱাৰে। আৰু ভাল হয় যদি আপুনি আপোনাৰ ছবিবোৰ ৱিকিমিডিয়া কমন্সত আপল’ড কৰে।


শব্দ / সংগীতসমূহ[সম্পাদনা কৰক]

শব্দ আৰু সংগীতসমূহ ৱিকিপিডিয়াৰ অত্যাৱশ্যকীয় সমল। শব্দৰ উন্নয়নৰ কামত সহায় কৰিবলৈ আপুনি অনুৰোধ কৰা এখন শব্দৰ তালিকা চাব পাৰে য’ত আপুনি সাধ্যানুসৰি সেইসমূহ যোগান ধৰাৰ চেষ্টা কৰিব পাৰে।


প্ৰৱেশদ্বাৰসমূহ[সম্পাদনা কৰক]

প্ৰৱেশদ্বাৰসমূহ ৱিকিপিডিয়াত ব্যৱহাৰকাৰীসকলক এটা নিৰ্দিষ্ট বিষয় সম্পৰ্কে পৰিচয় কৰি দিবলৈ ব্যৱহৃত হয়, যাতে তাৰ যোগেদি সেই বিষয়ে আৰু সহজে তথ্য সন্ধান কৰিব সক্ষম হয়| ৱিকিপিডিয়া প্ৰৱেশদ্বাৰসমূহত সহায় কৰিবৰ বাবে, প্ৰথমে প্ৰৱেশদ্বাৰৰ সূচীলৈ যাওক আৰু পছন্দ অনুযায়ী প্ৰৱেশদ্বাৰটোত ক্লিক কৰক। তাৰ পাছত আপুনি সেই প্ৰৱেশদ্বাৰটোক নিৰ্বাচিত প্ৰৱেশদ্বাৰৰ মানদণ্ডলৈ (ইংৰাজী) উন্নীত কৰাৰ চেষ্টা কৰক।

বিষয়বস্তু[সম্পাদনা কৰক]

বিষয়বস্তু (Topic) হৈছে সেইসমূহ, যিসমূহত আন্তঃসংযোগকৃত (interrelated) প্ৰবন্ধৰ এটা "শৃংখল" (set) আছে, অৰ্থাৎ সম্পূৰ্ণ আৰু উচ্চমান বিশিষ্ট। অলপ অধিক কষ্ট আৰু মনোযোগ প্ৰদান কৰি কাম কৰি আপুনি ৱিকিপিডিয়াত এটা সুনিৰ্দিষ্ট আৰু গ্ৰহণযোগ্য বিষয়বস্তু তৈয়াৰ কৰিব পাৰে। এই বিষয়ে অধিক জানিবৰ বাবে ইংৰাজী ৱিকিপিডিয়াৰ featured topic আৰু Featured topic criteria চাব পাৰে।