ৱিকিপিডিয়া:ৱিকিপ্ৰকল্প তথ্য প্ৰযুক্তিবিদ্যা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

এই প্ৰকল্পৰ প্ৰধান উদ্দেশ্য হৈছে অসমীয়া ৱিকিপিডিয়াত তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ (Information Technology or IT) লগত জড়িত সমূহ বিষয়ক সামুৰি কিছুমান উচ্ছমানবিশিষ্ট প্ৰৱন্ধৰ সৃষ্টি কৰা। যিহেতু তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰখন অতি বহল আৰু আজিকালি ইন্টাৰনেট ব্যবহাৰকাৰিৰ প্ৰায় সকলোৰে ইয়াৰ বিষয়ে অলপ হলেও জ্ঞান থাকেই সেয়েহে অসমীয়া ৱিকিৰ লগত জড়িত সমূহ সম্পাদকলৈ এই প্ৰকল্পত সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনালো।

  1. Jyoti Prakash Nath 08:34, 10 ফেব্ৰুৱাৰী 2012 (UTC)
  2. প্ৰভাকৰ শৰ্মা নেওগ 15:20, 10 ফেব্ৰুৱাৰী 2012 (UTC)
  3. [শ্ৰী মাধৱ শইকীয়া--Madhab Saikia] 05:02, 11 ফেব্ৰুৱাৰী 2012 (UTC)
  4. অম্লান বসুমতাৰী মোৰ আলোচনা পৃষ্ঠা মোৰ বৰঙণিসমূহ 12:40, 11 ফেব্ৰুৱাৰী 2012 (UTC)
  5. বিষ্ণু শ‍ইকীয়া বাৰ্তা 19:56, 5 মাৰ্চ 2012 (UTC)

আলোচনা আৰু কিছু নিয়ম[সম্পাদনা কৰক]

যিকোনো প্ৰকল্পত কিছুমান নিতী নিয়ম অনুসৰি কাম কৰিলে প্ৰকল্পটো সুকলমে আগবাঢ়ে। সেইবাবেই ইয়াতো কিছু নিয়ম ধাৰ্য্য কৰা হ'ল। যেনে :

  1. তথ্য আৰু প্ৰযুক্তিবিদ্যা প্ৰকল্পত পোখালি প্ৰৱন্ধ নাথাকিব, যদি পোখালি প্ৰৱন্ধ কোনো সম্পাদকে লিখেও তেনেহ'লে তেওঁ নিজেই তাক এটা সম্পূৰ্ণ প্ৰৱন্ধৰ ৰূপ দিয়াৰ দায়িত্ব লব লাগিব।
  2. তথ্য আৰু প্ৰযুক্তিবিদ্যা প্ৰকল্পত কোনো এটা প্ৰৱন্ধ যিজন সম্পাদকে লিখিবলৈ আৰাম্ভ কৰে তেওঁৰ অনুমতি নহওৱাকৈ বেলেগে সম্পাদনা নকৰিব, অগত্যা যদি কিবা ভূল অদি শুদ্ধ কৰিব লগীয়া হয় আৰু মূল সম্পদক জন যদি সেই মুহুৰ্তত উপলব্ধ নহয় তেনেহ'লে প্ৰৱন্ধটোৰ আলোচনা পৃষ্ঠাত সম্পাদনাৰ বিষয়ে বৰ্ণনা কৰি থব নিজৰ স্বাক্ষৰ কৰি।
  3. প্ৰয়োজন সাপেক্ষে তথ্য আৰু প্ৰযুক্তিবিদ্যা প্ৰকল্পৰ সমূহ সদস্যৰ সন্মতিত উক্ত নিয়ম নিতীৰ সংসোধন কৰা হ'ব আৰু প্ৰয়োজন সাপেক্ষে নতুন নিয়মাৱলীৰ প্ৰৱৰ্তন কৰা হ'ব।

তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ লগত জড়িত ইতিমধ্যে সৃষ্টি কৰা কিছুমান প্ৰৱন্ধৰ নাম ইয়াত সন্নিবিষ্ট কৰা হ'ল কাৰণ সেইবিলাকৰ গুণগত মান আৰু কিছু উন্নত কৰাৰ থল আছে।

শ্ৰেণী:কম্পিউটাৰ বিজ্ঞান চালে আৰু তেনে প্ৰবন্ধ বিচাৰি পাব।

কৰিবলগীয়া কাম[সম্পাদনা কৰক]

  1. ইতিমধ্যে লিখিত তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ লগত জড়িত প্ৰৱন্ধসমূহ বিছাৰি ওপৰৰ তালিকাত সন্নিবিষ্ট কৰা।
  2. নতুনকৈ লিখিব লগীয়া বিষয় সমূহ শ্ৰেণীভুক্ত কৰি এখন তালিকা বনোৱা।

লিখিবলগীয়া প্ৰৱন্ধসমূহ[সম্পাদনা কৰক]