সমললৈ যাওক

ৱিকিপিডিয়া:নিজৰ গৱেষণা নিলিখিব

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ৱিকিপিডিয়া:ORৰ পৰা পুনঃনিৰ্দেশিত)

​ৱিকিপিডিয়াত নিজৰ ফালৰ পৰা একো নতুন কথা বা গৱেষণা লিখিব নোৱাৰি। ইয়াত "নিজা গৱেষণা" মানে হৈছে এনেবোৰ কথা, তথ্য বা ধাৰণা যাৰ কোনো প্ৰমাণ বা বিশ্বাসযোগ্য উৎস নাই। কিতাপ বা ইণ্টাৰনেটত থকা পুৰণি তথ্যবোৰ একলগ কৰি তাৰ পৰা নিজাকৈ এটা নতুন অৰ্থ বা সিদ্ধান্ত উলিয়াই লিখাটোও এই নিয়মৰ বিৰুদ্ধে। আপুনি লিখা তথ্যখিনি যে সঁচা, সেয়া প্ৰমাণ কৰিবলৈ আপুনি এনেকুৱা উৎস বা লিংক দিব লাগিব যিটো সেই বিষয়টোৰ সৈতে পোনপটীয়াভাৱে জড়িত আৰু আপুনি লিখা কথাখিনিক সম্পূৰ্ণৰূপে সমৰ্থন কৰে।

ইয়াৰ অৰ্থ হ’ল প্ৰবন্ধসমূহত যোগ কৰা সকলো তথ্যৰ কোনো বিশ্বাসযোগ্য প্ৰকাশিত উৎস থকাটো বাধ্যতামূলক, যদিও প্ৰতিটো ক্ষেত্ৰতে উৎসৰ উল্লেখ (cite) কৰা হোৱা নাই।পৰীক্ষণযোগ্যতা' (Verifiability) নীতি অনুসৰি, সকলো উদ্ধৃতি আৰু যিকোনো সন্দেহযুক্ত বা প্ৰশ্ন উত্থাপন হ’ব পৰা তথ্যৰ বাবে এটা নিৰ্ভৰযোগ্য উৎসৰ ইনলাইন উল্লেখ থকাটো প্ৰয়োজনীয়। আনকি কেতিয়াও প্ৰশ্ন উত্থাপন নোহোৱা সাধাৰণ তথ্যৰ বাবেও এটা উৎস থকাটো জৰুৰী। (উদাহৰণস্বৰূপ: "দিছপুৰ অসমৰ ৰাজধানী" এই বাক্যশাৰী ইমানবোৰ নিৰ্ভৰযোগ্য উৎসই সমৰ্থন কৰে যে ইয়াৰ সত্যতা লৈ প্ৰশ্ন উঠাৰ সম্ভাৱনা নাই। আমি জানো যে এনে উৎস উপলব্ধ আছে আৰু তাৰে যিকোনো এটা উল্লেখ কৰিব পৰা যায়। কিন্তু এনে স্পষ্ট বিষয়ৰ ক্ষেত্ৰত প্ৰকৃততে উৎসৰ লিংক দিয়াটো আমি বাধ্যতামূলক নকৰো। কথাখিনিৰ প্ৰমাণযোগ্যতা আছে, যদিও ইয়াত উৎসটো স্পষ্টকৈ উল্লেখ কৰা হোৱা নাই।)

নিৰ্ভৰযোগ্য উৎসৰ পৰা তথ্য লোৱাৰ প্ৰয়োজন থকা স্বত্বেও, আপুনি সেইবোৰৰ পৰা হুৱহু নকল কৰিব নোৱাৰিব। প্ৰবন্ধসমূহ উৎসৰ মূল অৰ্থটো সম্পূৰ্ণৰূপে বজাই ৰাখি নিজৰ ভাষাত লিখা উচিত।

প্ৰবন্ধ এটাত কি ধৰণৰ আৰু কেনে গুণগত মানদণ্ডৰ তথ্য গ্ৰহণ কৰা হ'ব, সেইয়া যুটীয়াভাৱে নিৰ্ধাৰণ কৰা তিনিটা মূল নিয়মৰ ভিতৰত "নিজৰ গৱেষণা নিলিখিব" (No original research বা NOR) অন্তৰ্গত। বাকী দুটা নিয়ম হৈছে— নিৰপেক্ষ দৃষ্টিভংগী আৰু বিশ্বাসযোগ্যতা। যিহেতু এই নিয়মসমূহে ইটোৱে সিটোৰ পৰিপূৰক হিচাপে কাম কৰে, সেয়েহে ইহঁতক এটাৰ পৰা আনটোক পৃথক বুলি চোৱা অনুচিত আৰু সম্পাদকসকলে তিনিওটা নিয়মৰ সৈতে চিনাকি হ'বলৈ চেষ্টা কৰা প্ৰয়োজনীয়। আপোনাৰ কোনো বিশেষ সম্পাদনা নিজা গৱেষণাৰ আওতাত পৰে নে নপৰে, সেই সম্পৰ্কীয় প্ৰশ্নৰ বাবে নিজা গৱেষণা সম্পৰ্কীয় জাননীলৈ চাওক।

উৎসৰ ব্যৱহাৰ

[সম্পাদনা কৰক]

এইটো নিয়ম আৰু অন্যান্য নিয়মসমূহৰ মাজত থাকি উৎসসমূহৰ পৰা তথ্য সংগ্ৰহ আৰু সংগঠিত কৰি কৰা গৱেষণাই হৈছে এটা বিশ্বকোষ লিখাৰ মূল ভেটি। আটাইতকৈ বিশ্বাসযোগ্য উৎসসমূহৰ ওপৰত গৱেষণা কৰা আৰু সেইবোৰত কি কোৱা হৈছে তাক নিজৰ ভাষাত সাৰাংশ ৰূপত লিখাটোৱেই হৈছে ভাল অভ্যাস, যাতে প্ৰবন্ধটোৰ প্ৰতিটো বাক্য এনে এটা উৎসৰ সৈতে মিলাই চাব পাৰি যিয়ে সেই কথাটো স্পষ্টভাৱে উল্লেখ কৰিছে। উৎসৰ তথ্যসমূহ অতি সাৱধানে সাৰাংশ কৰা উচিত বা অন্য শব্দৰে প্ৰকাশ কৰা উচিত যাতে ইয়াৰ অৰ্থ বা প্ৰসংগ সলনি হৈ নাযায়। উৎসত যি প্ৰকাশ পাইছে তাৰ বাহিৰলৈ নাযাব, অথবা উৎসৰ উদ্দেশ্যৰ সৈতে অমিল হোৱাকৈ উৎসৰ প্ৰসংগৰ বাহিৰত নাজাবলৈ সতৰ্কতা অৱলম্বন কৰিব। সংক্ষেপে ক’বলৈ গ’লে, উৎসৰ ওপৰতে নিৰ্ভৰ কৰক

যদি কোনো এটা বিষয়ত কোনো বিশ্বাসযোগ্য তৃতীয়-পক্ষৰ উৎস বিচাৰি পোৱা নাযায়, তেন্তে সেই বিষয়ত ৱিকিপিডিয়াত কোনো প্ৰবন্ধ থাকিব নালাগে। আপুনি যদি কিবা নতুন তথ্য আৱিষ্কাৰ কৰিছে, তেন্তে ৱিকিপিডিয়া তেনে আৱিষ্কাৰ প্ৰথমবাৰৰ বাবে ৰাজহুৱা কৰাৰ ঠাই নহয়।

বিশ্বাস কৰিব পৰা উৎস

[সম্পাদনা কৰক]

যিকোনো তথ্য যাৰ ওপৰত আনৰ সন্দেহ বা আপত্তি থাকিব পাৰে, তাৰ সপক্ষে এটা বিশ্বাসযোগ্য উৎস বা ৰেফাৰেঞ্চ থকাটো জৰুৰী। যদি কোনো তথ্যৰ সপক্ষে কোনো বিশ্বাসযোগ্য উৎস বিচাৰি পোৱা নাযায়, তেন্তে তাক মৌলিক গৱেষণা বুলি ধৰা হয়। আপোনাৰ লেখাটো যে মৌলিক গৱেষণা নহয়, তাক প্ৰমাণ কৰাৰ একমাত্ৰ উপায় হ’ল একেখিনি কথা থকা কোনো বিশ্বাসযোগ্য প্ৰকাশিত উৎসৰ উল্লেখ কৰা। আনকি এটা সঠিক উৎসৰ পৰা তথ্য লোৱাৰ পিছতো, যদি আপুনি তাক প্ৰসংগৰ বাহিৰত ব্যৱহাৰ কৰে অথবা উৎসটোত পোনপটীয়া আৰু স্পষ্টকৈ নথকা কোনো কথা জোৰকৈ প্ৰমাণ কৰিবলৈ চেষ্টা কৰে, তেন্তে সিও মৌলিক গৱেষণা বুলিয়েই গণ্য হ’ব (তলত WP:SYN চাওক)।

সাধাৰণতে, আটাইতকৈ বিশ্বাসযোগ্য উৎসসমূহ হ’ল: বিশেষজ্ঞৰ দ্বাৰা পৰীক্ষিত জাৰ্নেল (Peer-reviewed journals); বিশ্ববিদ্যালয়ৰ প্ৰেছে প্ৰকাশ কৰা কিতাপ; বিশ্ববিদ্যালয় পৰ্যায়ৰ পাঠ্যপুথি; সন্মানীয় প্ৰকাশন গোষ্ঠীয়ে প্ৰকাশ কৰা আলোচনী, জাৰ্নেল আৰু কিতাপ; আৰু মূলসুঁতিৰ বাতৰিকাকত। সহজ নিয়ম হিচাপে ক’ব পাৰি যে— যিখন প্ৰকাশনত তথ্য পৰীক্ষা কৰা, আইনী দিশসমূহ চোৱা আৰু লিখাখিনি ভালদৰে পৰীক্ষা কৰি চোৱাৰ বাবে বেছি মানুহ জৰিত থাকে, সেই প্ৰকাশন সিমানেই বেছি বিশ্বাসযোগ্য হয়। নিজে প্ৰকাশ কৰা সামগ্ৰী, সেয়া কাগজতেই হওক বা ইণ্টাৰনেটতেই হওক, সাধাৰণতে বিশ্বাসযোগ্য বুলি ধৰা নহয় (কিন্তু ইয়াৰ কিছুমান ব্যতিক্ৰমৰ বাবে WP:SPS চাওক)।

প্ৰবন্ধ এটাৰ তথ্যসমূহ ৰেফাৰেঞ্চৰ পৰা পৰীক্ষা কৰিব পৰা (Verifiable) হ’ব লাগিব। সাধাৰণতে, প্ৰবন্ধৰ বাক্যবোৰ অস্পষ্ট বা খেলিমেলি কথা, অথবা কাৰোবাৰ মন্তব্যৰ ওপৰত ভিত্তি কৰি লিখিব নালাগে। যিবোৰ কথাৰ একাধিক অৰ্থ ওলাব পাৰে, সেইবোৰৰ সঠিক উৎস উল্লেখ কৰিব লাগে বা তেনে কথা এৰাই চলিব লাগে। কোনো এটা বহল আলোচনাৰ সাৰাংশ লিখিলে, সি যেন মূল উৎসৰ সিদ্ধান্তটোকে প্ৰকাশ কৰে। উৎসটো যিয়েই নহওক কিয় তাত স্পষ্টকৈ নথকা কোনো সিদ্ধান্ত নিজে উলিওৱাটো 'মৌলিক গৱেষণা'। ৰেফাৰেঞ্চসমূহ সদায় সঠিক প্ৰসংগ আৰু বিষয়ৰ সৈতে খাপ খোৱাকৈ উল্লেখ কৰাটো অতি গুৰুত্বপূৰ্ণ।

প্ৰাথমিক, দ্বিতীয় পৰ্যায়ৰ আৰু তৃতীয় পৰ্যায়ৰ উৎস

[সম্পাদনা কৰক]
নীতিৰ চমুপথ:
WP:PSTS

ৱিকিপিডিয়াৰ প্ৰবন্ধসমূহ ঘাইকৈ নিৰ্ভৰযোগ্য আৰু প্ৰকাশিত দ্বিতীয় পৰ্যায়ৰ উৎসৰ ওপৰত আধাৰিত হ’ব লাগে, আৰু কিছু পৰিমাণে তৃতীয় পৰ্যায়ৰ উৎসৰো ব্যৱহাৰ কৰিব পাৰি। কোনো এটা বিষয় ৱিকিপিডিয়াত স্থান পোৱাৰ যোগ্য হয়নে নহয় আৰু প্ৰাথমিক উৎসসমূহৰ যাতে কোনো নতুন বা নিজস্ব ব্যাখ্যা দিয়া নহয় সেয়া নিশ্চিত কৰিবলৈ দ্বিতীয় পৰ্যায়ৰ বা তৃতীয় পৰ্যায়ৰ উৎসৰ প্ৰয়োজন হয়। অৱশ্যে, সাৱধানতাৰে ব্যৱহাৰ কৰিলে প্ৰাথমিক উৎসৰো উল্লেখ কৰিব পৰা যায়। প্ৰাথমিক উৎসৰ ওপৰত আধাৰিত যিকোনো বিশ্লেষণাত্মক, ব্যাখ্যাধৰ্মী বা কেইবাটাও তথ্য একগোট কৰি কৰা নতুন দাবীৰ ক্ষেত্ৰত ৱিকিপিডিয়াৰ সম্পাদকজনৰ নিজস্ব বিশ্লেষণৰ পৰিৱৰ্তে কোনো দ্বিতীয় পৰ্যায়ৰ উৎসৰ উল্লেখ থকাটো বাধ্যতামূলক।

সঠিক উৎসৰ ব্যৱহাৰ কৰাটো এটা জটিল বিষয় হ’ব পাৰে, আৰু ওপৰত উল্লেখ কৰা নিয়মবোৰ সাধাৰণ নীতিহে। কোনো এটা বিশেষ পৰিস্থিতিত প্ৰাথমিক, দ্বিতীয় পৰ্যায়ৰ নে তৃতীয় পৰ্যায়ৰ উৎস ব্যৱহাৰ কৰাটো উপযুক্ত হ’ব, সেই সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সাধাৰণ জ্ঞান (common sense) আৰু এজন ভাল সম্পাদকৰ দৰে সঠিক বিচাৰ-বুদ্ধি প্ৰয়োগ কৰা উচিত; আৰু প্ৰয়োজন হ’লে এই বিষয়ে প্ৰবন্ধটোৰ ‘আলোচনা পৃষ্ঠাত’ (talk page) আলোচনা কৰা উচিত। এই নীতিৰ উদ্দেশ্যৰ বাবে, প্ৰাথমিক, দ্বিতীয় পৰ্যায়ৰ আৰু তৃতীয় পৰ্যায়ৰ উৎসৰ সংজ্ঞা তলত দিয়া ধৰণে উল্লেখ কৰা হৈছে:[1]

প্ৰাথমিক উৎস

[সম্পাদনা কৰক]
নীতিৰ চমুপথ:
WP:PRIMARY

প্ৰাথমিক উৎসসমূহ কোনো এটা ঘটনাৰ অতি ওচৰৰ বা পোনপটীয়া সমল। এইবোৰ প্ৰায়ে ঘটনাটোৰ সৈতে পোনপটীয়াভাৱে জড়িত ব্যক্তিৰ অনুভৱ বা বিৱৰণ, যিয়ে কোনো ঘটনা, ঐতিহাসিক সময়ছোৱা, শিল্পকৰ্ম বা ৰাজনৈতিক সিদ্ধান্ত আদিৰ এক ভিতৰুৱা বা বাস্তৱ ছবি দাঙি ধৰে। উদাহৰণস্বৰূপে, এটা পথ দুৰ্ঘটনা প্ৰত্যক্ষ কৰা কোনো প্ৰত্যক্ষদৰ্শীয়ে লিখা বিৱৰণ হ'ল সেই দুৰ্ঘটনাটোৰ তথ্যৰ এক প্ৰাথমিক উৎস। ঠিক তেনেদৰে, এটা নতুন পৰীক্ষা-নিৰীক্ষাৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা বৈজ্ঞানিক গৱেষণা প্ৰপত্ৰই হ'ল সেই পৰীক্ষাটোৰ ফলাফলৰ প্ৰাথমিক উৎস। দিনলিপি বা ডায়েৰীৰ দৰে ঐতিহাসিক নথিপত্ৰসমূহো প্ৰাথমিক উৎসৰ ভিতৰত পৰে। [2]

নিয়মাৱলী: কোনো অন্য নীতিৰ দ্বাৰা বাধা আৰোপ নকৰিলে
  1. কোনো স্বনামধন্য মাধ্যমেৰে প্ৰকাশিত প্ৰাথমিক উৎসসমূহ ৱিকিপিডিয়াত ব্যৱহাৰ কৰিব পাৰি, কিন্তু ইয়াৰ বাবে বিশেষ সাৱধানতাৰ প্ৰয়োজন, কাৰণ এইবোৰৰ অপপ্ৰয়োগ হোৱাৰ সম্ভাৱনা বেছি থাকে।
  2. প্ৰাথমিক উৎসৰ যিকোনো ধৰণৰ বিশ্লেষণ বা ব্যাখ্যাৰ বাবে এটা নিৰ্ভৰযোগ্য দ্বিতীয় পৰ্যায়ৰ উৎসৰ (secondary source) প্ৰয়োজন। যদিও কোনো এটা সমলৰ নিজস্ব বিষয়বস্তুৰ ক্ষেত্ৰত প্ৰাথমিক উৎসটোকেই আটাইতকৈ উৎকৃষ্ট বুলি গণ্য কৰা হয় , তথাপিও ইয়াৰ বিষয়বস্তুক বা ইয়াৰ সাৰাংশকো অতিৰিক্ত বা অযথা গুৰুত্ব দিব নালাগে।
  3. ৱিকিপিডিয়াত এটা প্ৰাথমিক উৎস কেৱল এনে কিছুমান পোনপটীয়া আৰু বৰ্ণনামূলক তথ্য দাঙি ধৰিবলৈহে ব্যৱহাৰ কৰিব পাৰি, যিবোৰ কোনো বিশেষজ্ঞৰ জ্ঞান নোহোৱাকৈও, কেৱল সেই প্ৰাথমিক উৎসটো পঢ়ি যিকোনো শিক্ষিত ব্যক্তিয়েই বুজি পাব পাৰে। উদাহৰণস্বৰূপে, এজন সংগীতজ্ঞৰ বিষয়ে লিখা প্ৰবন্ধত ৰেকৰ্ড লেবেলে প্ৰকাশ কৰা গীতৰ তালিকা (discographies and track listings) উল্লেখ কৰিব পাৰি, অথবা এখন উপন্যাসৰ প্ৰবন্ধত তাৰ কাহিনীভাগ বৰ্ণনা কৰিবলৈ উপন্যাসখনৰ কিছু অংশ উদ্ধৃত কৰিব পাৰি; কিন্তু ইয়াৰ যিকোনো ধৰণৰ ব্যাখ্যা বা পৰ্যালোচনাৰ বাবে দ্বিতীয় পৰ্যায়ৰ উৎসৰ প্ৰয়োজন হ’ব।
  4. প্ৰাথমিক উৎসত পোৱা তথ্য বা সমলসমূহ আপুনি নিজে বিশ্লেষণ, মূল্যায়ন, বা সংশ্লেষণ (synthesize) কৰিব নালাগে; ইয়াৰ পৰিৱৰ্তে তাৰ বাবে কোনো নিৰ্ভৰযোগ্য দ্বিতীয় পৰ্যায়ৰ উৎসৰ সহায় লব লাগে।
  5. সম্পূৰ্ণ এটা প্ৰবন্ধ কেৱল প্ৰাথমিক উৎসৰ ওপৰত ভিত্তি কৰি ৰচনা নকৰিব, আৰু প্ৰবন্ধৰ এটা ডাঙৰ অংশ ইয়াৰ ওপৰত ভিত্তি কৰি লিখাৰ ক্ষেত্ৰতো সাৱধান হওক।
  6. আপোনাৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা কোনো তথ্য উৎস অবিহনে যোগ নকৰিব, কাৰণ তেনে কৰিলে ৱিকিপিডিয়া নিজেই সেই তথ্যৰ এক প্ৰাথমিক উৎস হৈ পৰিব।
  7. জীৱিত ব্যক্তিসকলৰ সম্পৰ্কীয় প্ৰাথমিক উৎসসমূহ ব্যৱহাৰ কৰোঁতে অতিৰিক্ত সাৱধানতা অৱলম্বন কৰিব; এই বিষয়ে বিতংভাৱে জানিবলৈ WP:Biographies of living persons § Avoid misuse of primary sources চাওক।

দ্বিতীয় পৰ্যায়ৰ উৎস

[সম্পাদনা কৰক]
নীতিৰ চমুপথ:
WP:SECONDARY

দ্বিতীয় পৰ্যায়ৰ উৎস হৈছে প্ৰাথমিক উৎসৰ আধাৰত প্ৰস্তুত কৰা এক প্ৰকাৰৰ উৎস (secondary source), যিটো সাধাৰণতে কোনো এটা ঘটনা ঘটি যোৱাৰ কিছু সময়ৰ পাছত প্ৰস্তুত কৰা হয় আৰু ইয়াত ঘটনাটোৰ ওপৰত চিন্তা-চৰ্চা তথা মতামত প্ৰকাশ পায়। ইয়াত প্ৰাথমিক উৎসৰ পৰা লোৱা তথ্য, প্ৰমাণ, ধাৰণা আৰু যুক্তিসমূহৰ বিশ্লেষণ, মূল্যায়ন, ব্যাখ্যা বা সাৰাংশ থাকে। দ্বিতীয় পৰ্যায়ৰ উৎসসমূহ যে সম্পূৰ্ণ স্বতন্ত্ৰ হ’ব, তেনে কোনো কথা নাই। এইবোৰ নিজৰ সমলৰ বাবে প্ৰাথমিক উৎসৰ ওপৰত নিৰ্ভৰশীল আৰু তাৰ ওপৰত ভিত্তি কৰিয়েই বিশ্লেষণাত্মক বা মূল্যায়নমূলক দাবী উত্থাপন কৰা হয়। উদাহৰণস্বৰূপ, কোনো এটা বিষয়ৰ গৱেষণা পত্ৰসমূহ বিশ্লেষণ কৰি লিখা এটা পৰ্যালোচনা প্ৰবন্ধ (review article) হ’ব সেই গৱেষণাটোৰ বাবে এটা দ্বিতীয় পৰ্যায়ৰ উৎস। কোনো এটা উৎস প্ৰাথমিক নে দ্বিতীয় পৰ্যায়ৰ হ’ব, সেয়া প্ৰসংগৰ ওপৰত নিৰ্ভৰ কৰে। এজন সামৰিক ইতিহাসবিদে দ্বিতীয় বিশ্বযুদ্ধৰ বিষয়ে লিখা এখন কিতাপ যুদ্ধখনৰ বাবে এটা দ্বিতীয় পৰ্যায়ৰ উৎস হ’ব পাৰে, কিন্তু সেই কিতাপখনতে যদি লেখকে নিজৰ যুদ্ধৰ অভিজ্ঞতাৰ সবিশেষ উল্লেখ কৰে, তেন্তে সেই অভিজ্ঞতাবোৰৰ বাবে ই এটা প্ৰাথমিক উৎস (primary source) হৈ পৰিব। একেদৰে এখন কিতাপৰ পৰ্যালোচনাও (book review) কোনো ব্যক্তিৰ ব্যক্তিগত মতামত, সাৰাংশ বা এক পাণ্ডিত্যপূৰ্ণ সমালোচনা হ’ব পাৰে।

নিয়মাৱলী: ৱিকিপিডিয়াৰ প্ৰবন্ধসমূহ সাধাৰণতে নিৰ্ভৰযোগ্য দ্বিতীয় পৰ্যায়ৰ উৎসৰ সমলৰ ওপৰত ভিত্তি কৰি লিখা হয়। কোনো এটা প্ৰবন্ধত বিশ্লেষণাত্মক, মূল্যায়নমূলক, বাখ্যাধৰ্মী বা সাৰাংশভিত্তিক দাবী কেৱল তেতিয়াহে কৰিব পৰা যাব, যদিহে সেয়া কোনো নিৰ্ভৰযোগ্য দ্বিতীয় পৰ্যায়ৰ উৎসত ইতিমধ্যে প্ৰকাশ পাইছে।

তৃতীয় পৰ্যায়ৰ উৎস

[সম্পাদনা কৰক]
নীতিৰ চমুপথ:
WP:TERTIARY

Tertiary sources are publications such as encyclopedias and other compendia that summarize, and often quote, primary and secondary sources. Wikipedia is considered to be a tertiary source.[h] Many introductory undergraduate-level textbooks are regarded as tertiary sources because they sum up multiple secondary sources. Policy: Reliable tertiary sources can help provide broad summaries of topics that involve many primary and secondary sources and may help evaluate due weight, especially when primary or secondary sources contradict each other. Some tertiary sources are more reliable than others. Within any given tertiary source, some entries may be more reliable than others. Wikipedia articles may not be used as tertiary sources in other Wikipedia articles, but are sometimes used as primary sources in articles about Wikipedia itself (see Category:Wikipedia and Category:WikiProject Wikipedia articles).

প্ৰকাশিত উৎসৰ নিজা সংশ্লেষণ নকৰিব

[সম্পাদনা কৰক]
নীতিৰ চমুপথ:
WP:SYN
WP:SYNTH
WP:SYNTHESIS

কোনো এটা সিদ্ধান্ত প্ৰমাণ কৰিবলৈ একাধিক উৎসৰ তথ্য একগোট নকৰিব, যদিহে সেই সিদ্ধান্তটো সেই উৎসসমূহত স্পষ্টকৈ উল্লেখ থকা নাই। একেদৰে, এটা নিৰ্দিষ্ট উৎসৰে বিভিন্ন অংশ একলগ কৰি এনে এটা সিদ্ধান্তত উপনীত নহ’ব, যাৰ কথা সেই উৎসটোত স্পষ্টকৈ কোৱা হোৱা নাই। ​ধৰি লওক, এটা বিশ্বাসযোগ্য উৎসই কৈছে 'ক' আৰু আন এটা বিশ্বাসযোগ্য উৎসই কৈছে 'খ'। আপুনি 'ক' আৰু 'খ' একলগ কৰি এনে এটা নতুন সিদ্ধান্ত 'গ' উলিয়াব নোৱাৰিব, যাৰ উল্লেখ দুয়োটা উৎসৰ এটাতো নাই। এইটো প্ৰকাশিত সমল বা তথ্যৰ এক অনুচিত সংশ্লেষণ (improper synthesis) হ’ব, যাৰ অনুমতি নাই। ​"ক আৰু খ, গতিকে গ" — এই যুক্তিটো কেৱল তেতিয়াহে গ্ৰহণযোগ্য হ’ব, যদিহে কোনো বিশ্বাসযোগ্য উৎসই এই একেই বিষয়ৰ সন্দৰ্ভত এই যুক্তিটো ইতিমধ্যে প্ৰকাশ কৰিছে। যদি এটা নিৰ্দিষ্ট উৎসই এটা প্ৰসংগত "ক" আৰু আন এটা প্ৰসংগত "খ" বুলি কৈছে, কিন্তু সেই দুয়োটাকে সংযোগ কৰা নাই আৰু "গতিকে গ" বুলি কোনো যুক্তি দিয়া নাই, তেন্তে আপুনিও কোনো প্ৰবন্ধত "গতিকে গ" বুলি ব্যৱহাৰ কৰিব নোৱাৰিব।

  • A simple example of original synthesis:
N The UN's stated objective is to maintain international peace and security, but since its creation there have been 160 wars throughout the world.
  • Both parts of the sentence may be reliably sourced, but here they have been combined to imply that the UN has failed to maintain world peace. If no reliable source has combined the material in this way, it is original research. It would be a simple matter to imply the opposite using the same material, illustrating how easily material can be manipulated when the sources are not adhered to:
N The UN's stated objective is to maintain international peace and security, and since its creation there have been only 160 wars throughout the world.
  • The following is a more complex example of original synthesis, based on an actual Wikipedia article about a dispute between two authors, here called Smith and Jones. The first paragraph is fine, because each of the sentences is carefully sourced, using a source that refers to this dispute:
YesY Smith claimed that Jones committed plagiarism by copying references from another author's book. Jones responded that it is acceptable scholarly practice to use other people's books to find new references.
  • Now comes the original synthesis:
N If Jones did not consult the original sources, this would be contrary to the practice recommended in the Harvard Writing with Sources manual, which requires citation of the source actually consulted. The Harvard manual does not call violating this rule "plagiarism". Instead, plagiarism is defined as using a source's information, ideas, words, or structure without citing them.

The second paragraph is original research because it expresses a Wikipedia editor's opinion that, given the Harvard manual's definition of plagiarism, Jones did not commit it. To make the second paragraph consistent with this policy, a reliable source would be needed that specifically comments on the Smith and Jones dispute and makes the same point about the Harvard manual and plagiarism. In other words, that precise analysis must have been published by a reliable source in relation to the topic before it can be published on Wikipedia.

নিজে বনোৱা চিত্ৰ

[সম্পাদনা কৰক]
নীতিৰ চমুপথ:
WP:OI
See also WP:Images#Pertinence and encyclopedic nature and WP:Image use policy#Image titles and file names.

Because of copyright laws in a number of countries, there are relatively few images available for use in Wikipedia. Editors are therefore encouraged to upload their own images, releasing them under the GFDL, CC-BY-SA, or other free licenses. Original images created by a Wikipedian are not considered original research, so long as they do not illustrate or introduce unpublished ideas or arguments, the core reason behind the NOR policy. Image captions are subject to this policy no less than statements in the body of the article.

It is not acceptable for an editor to use photo manipulation to distort the facts or position illustrated by an image. Manipulated images should be prominently noted as such. Any manipulated image where the encyclopedic value is materially affected should be posted to Wikipedia:Files for deletion. Images of living persons must not present the subject in a false or disparaging light.

অনুবাদ আৰু প্ৰতিলিপিকৰণ

[সম্পাদনা কৰক]

Faithfully translating sourced material into English, or transcribing spoken words from audio or video sources, is not considered original research. For information on how to handle sources that require translation, see Wikipedia:Verifiability#Non-English sources.

নিয়মীয়া গণনা

[সম্পাদনা কৰক]
নীতিৰ চমুপথ:
WP:CALC

This policy allows routine mathematical calculations, such as adding numbers, converting units, or calculating a person's age, provided there is consensus among editors that the arithmetic and its application correctly reflect the sources. See also Category:Conversion templates.

The threshold for inclusion in Wikipedia is verifiability, not truth. The policy says that all material challenged or likely to be challenged, including quotations, needs a reliable source; what counts as a reliable source is described here.

Neutral point of view

[সম্পাদনা কৰক]

The prohibition against original research limits the extent to which editors may present their own points of view in articles. By reinforcing the importance of including verifiable research produced by others, this policy promotes the inclusion of multiple points of view. Consequently, this policy reinforces our neutrality policy. In many cases, there are multiple established views of any given topic. In such cases, no single position, no matter how well researched, is authoritative. It is not the responsibility of any one editor to research all points of view. But when incorporating research into an article, it is important that editors provide context for this point of view, by indicating how prevalent the position is, and whether it is held by a majority or minority.

The inclusion of a view that is held only by a tiny minority may constitute original research. Jimbo Wales has said of this:

  • If your viewpoint is in the majority, then it should be easy to substantiate it with reference to commonly accepted reference texts;
  • If your viewpoint is held by a significant minority, then it should be easy to name prominent adherents;
  • If your viewpoint is held by an extremely small minority, then whether it's true or not, whether you can prove it or not it doesn't belong in Wikipedia, except perhaps in some ancillary article. Wikipedia is not the place for original research.[3]
  1. মেৰিলেণ্ড বিশ্ববিদ্যালয়ৰ পুথিভঁৰালৰ এই পৃষ্ঠাখনত প্ৰাথমিক, দ্বিতীয় পৰ্যায়ৰ আৰু তৃতীয় পৰ্যায়ৰ উৎসৰ কিছুমান সাধাৰণ উদাহৰণ দিয়া হৈছে।
  2. Further examples include archeological artifacts, census results, video or transcripts of surveillance, public hearings, trials, or interviews; tabulated results of surveys or questionnaires; original philosophical works; religious scripture; ancient works, even if they cite earlier lost writings; and artistic and fictional works such as poems, scripts, screenplays, novels, motion pictures, videos, and television programs. For definitions of primary sources:
    • The University of Nevada, Reno Libraries define primary sources as providing "an inside view of a particular event". They offer as examples: original documents, such as autobiographies, diaries, e-mail, interviews, letters, minutes, news film footage, official records, photographs, raw research data, and speeches; creative works, such as art, drama, films, music, novels, poetry; and relics or artifacts, such as buildings, clothing, DNA, furniture, jewelry, pottery.
    • The University of California, Berkeley library offers this definition: "Primary sources enable the researcher to get as close as possible to what actually happened during an historical event or time period. Primary sources were either created during the time period being studied, or were created at a later date by a participant in the events being studied (as in the case of memoirs) and they reflect the individual viewpoint of a participant or observer."
    • Duke University, Libraries offers this definition: "A primary source is a first-hand account of an event. Primary sources may include newspaper articles, letters, diaries, interviews, laws, reports of government commissions, and many other types of documents."
  3. Wales, Jimmy. "WikiEN-l roy_q_royce@hotmail.com: --A Request RE a WIKIArticle--", September 29, 2003.