ৱিকিপিডিয়া:ৱিকিপ্ৰকল্প
অৱয়ব
(ৱিকিপিডিয়া:PJৰ পৰা পুনঃনিৰ্দেশিত)
এইখন এখন ৱিকিপ্ৰকল্প পৃষ্ঠা। ৱিকিপ্ৰকল্প বা ৱিকিপ্ৰজেক্ট হৈছে ৱিকিপিডিয়াৰ উন্নয়নৰ বাবে সমমনোভাবাপন্ন সম্পাদকসকলে মিলি খোলা একোটা সামাজিক গোট; একোটা প্ৰকল্পই কোনো নিৰ্দিষ্ট বিষয় - যেনে চিকিৎসাবিজ্ঞান বা কোনো নিৰ্দিষ্ট কাৰ্য্য, যেনে "পোখালি" বিলাক পৰীক্ষা কৰা -অৰ ওপৰত মনোনিৱেশ কৰে।
ৱিকিপ্ৰকল্প পৃষ্ঠাসমূহ প্ৰবন্ধ লিখাৰ স্থান নহয়, কিন্তু প্ৰবন্ধ লিখাৰ প্ৰবন্ধনত সহায় কৰা পৃষ্ঠা। এই পৃষ্ঠাসমুহে বিভিন্ন প্ৰকাৰে সম্পাদকসকলক সম্পৰ্কিত প্ৰবন্ধসমূহ লিখাত বা কাৰ্য্যসমূহ কৰাত সহায় কৰে। বৰ্তমান থকা ৱিকিপ্ৰকল্পসমূহৰ তালিকা চাবলৈ ৱিকিপ্ৰকল্প পৃষ্ঠালৈ যাওক। |
প্ৰকল্পসমূহৰ তালিকা
[সম্পাদনা কৰক]তলৰ তালিকাখনত সকলো ৱিকিপ্ৰকল্প অন্তৰ্ভুক্ত কৰা আছে। আপুনি নতুন প্ৰকল্প খুলিবলৈ বিচাৰিলে তলৰ তালিকাখন চাই ল'ব, প্ৰকল্পটো বা কোনো সহযোগী প্ৰকল্প আগৰেপৰাই থাকিবও পাৰে।
প্ৰকল্পৰ নাম | বিষয় | বৰ্ণনা |
---|---|---|
ৱিকিপ্ৰকল্প পদাৰ্থবিজ্ঞান | পদাৰ্থবিজ্ঞান | ৱিকি পদাৰ্থবিজ্ঞান প্ৰকল্পৰ মূল লক্ষ্য হৈছে অসমীয়া ৱিকিপিডিয়াত পদাৰ্থ বিজ্ঞানৰ লগত জড়িত বিষয়সমূহৰ ওপৰত নতুন আৰু গুণগত মানসম্পন্ন প্ৰবন্ধৰ সৃষ্টি কৰা। |
ৱিকিপ্ৰকল্প চিকিৎসাবিজ্ঞান | চিকিৎসাবিজ্ঞান | ৱিকি চিকিৎসাবিজ্ঞান প্ৰকল্পৰ প্ৰধান উদ্দেশ্য হৈছে চিকিৎসা বিজ্ঞান বা স্বাস্থ্য ৰক্ষাৰ লগত জড়িত প্ৰয়োজনীয় বিষয়সমূহৰ অসমীয়া ভাষাত উচ্চ মানবিশিষ্ট প্ৰবন্ধৰ সৃষ্টি কৰা। |
ৱিকিপ্ৰকল্প তথ্য প্ৰযুক্তিবিদ্যা | তথ্য আৰু প্ৰযুক্তিবিদ্যা | ৱিকি তথ্য আৰু প্ৰযুক্তিবিদ্যা প্ৰকল্পৰ প্ৰধান উদ্দেশ্য হৈছে অসমীয়া ৱিকিপিডিয়াত তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ (Information Technology or IT) লগত জড়িতসমূহ বিষয়ক সামৰি কিছুমান উচ্ছমানবিশিষ্ট প্ৰৱন্ধৰ সৃষ্টি কৰা। |
ৱিকিপ্ৰকল্প ৱিকিপিডিয়াত থাকিব লগা প্ৰবন্ধসমূহৰ সাম্ভাব্য তালিকা | সাধাৰণ | এই পৃষ্ঠাত ৱিকিপিডিয়াত থাকিবলগীয়া কিছুমান দৰকাৰী প্ৰবন্ধৰ তালিকা এখন আছে। নৱাগতসকলে ইয়াৰ পৰা কাম আৰম্ভ কৰিবলৈ সুবিধা পাব। |
নিকাকৰণ বা পৰিষ্কৰণ | বুনিয়াদ | ৱিকিপিডিয়াৰ পৰিষ্কাৰৰ বাবে বিভিন্ন কামকাজ ইয়াত সামৰি লোৱা হৈছে। |
বঁটা প্ৰদান | সাধাৰণ | ৱিকিপিডিয়ান সকলৰ মনোবল তথা প্ৰেৰণা যোগোৱাৰ বাবে এই প্ৰকল্প সৃষ্টি কৰা হৈছে। |
আলোকচিত্ৰ আৰু প্ৰবন্ধ প্ৰতিযোগিতা | অসম | এই প্ৰকল্পৰ প্ৰধান উদ্দেশ্য হৈছে অসমীয়া ৱিকিপিডিয়াৰ বাবে উন্নত মানৰ অসম বিষয়ক আলোকচিত্ৰ সংগ্ৰহৰ লগতে উন্নতমানৰ প্ৰবন্ধ প্ৰতিযোগিতাৰ যোগেদি আহৰণ কৰা আৰু ইয়াৰ মাজৰ পৰা উন্নত মানৰ ছবি আৰু প্ৰবন্ধ সমূহক পুৰস্কৃত কৰা। |
ৱিকিপ্ৰকল্প অসমৰ জিলা | অসম | অসমীয়া ৱিকিপিডিয়াত অসমৰ জিলা আৰু ইয়াৰ অন্তৰ্গত, চহৰ , নগৰ, গাঁও পঞ্চায়ত, আৰু ইয়াৰ সম্পৰ্কীয় তথ্য সংযোগ কৰি অসমীয়া ৱিকিপিডিয়াত অসম সম্পৰ্কীয় প্ৰবন্ধৰ মান উন্নীতকৰণ। |
ৱিকিপ্ৰকল্প শিক্ষা | সাধাৰণ | অসমীয়া ৱিকিপিডিয়াত শিক্ষা সম্পৰ্কীয় প্ৰবন্ধৰ সংযোজন আৰু মান উন্নীতকৰণ। |
অনুবাদ প্ৰকল্প | সাধাৰণ | অসমীয়া ৱিকিপিডিয়াত অন্যান্য ভাষাৰ পৰা অনুবাদৰ কাৰ্যৰ দ্বাৰা প্ৰবন্ধৰ সংযোজন আৰু পোখালি প্ৰবন্ধৰ মান উন্নীতকৰণ। |