সমললৈ যাওক

ৱিকিপিডিয়া:প্ৰবন্ধৰ অনুৰোধ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ৱিকিপিডিয়া:REQৰ পৰা পুনঃনিৰ্দেশিত)

অসমত থকা নেপালী সম্প্ৰদায় বা গোৰ্খাসকলৰ কালী পূজা উদযাপন:- ..........................

     নেপালী বা গোৰ্খাসকলৰ কালী পূজা এটি গুৰুত্বপুৰ্ণ আধ্যাত্মিক, সাংস্কৃতিক, বিশ্বাস আৰু ঐক্যতাৰ প্ৰতীক। গোৰ্খাসকলে উদযাপন কৰি অহা কালী পূজা (তিহাৰ,দীপাৱলী) মুঠ পাঁচটা দিনৰ কাৰ্যক্ৰমত অনুষ্ঠিত হয়। বিক্ৰম সন্মত বর্ষপঞ্জি অনুসৰি কাৰ্তিক মাহৰ কৃষ্ণপক্ষৰ এয়োদশী তিথিৰ দিনা কাউৰী তিহাৰ পৰা আৰম্ভ হৈ কাৰ্তিক মাহৰ শুক্লপক্ষৰ দ্বিতীয় তিথিৰ ভাই টিকা লগাই নেপালী তথা গোৰ্খাসকলৰ কালী পূজাৰ সমাপন ঘটে।কালী পূজা বা তিহাৰ উদযাপন কৰা প্ৰক্ষ্যাত কথাবোৰ মাজত এক একেবাৰে প্ৰচলিত কথা ভাগ মৃত্যুৰ দেৱতা য়মৰাজ আৰু তেওঁৰ ভগ্নী য়মুনা মাজত উৎসৰ্গিত আছে। য়মৰাজৰ ভগ্নী য়মুনায়ে নিজ ককায়েকৰ লগ নকৰা বহুত দিন হৈছিল। সেয়েহে য়মুনায়ে নিজ ভাতৃক লগ কৰিবলৈ প্ৰথমে কাউৰী, কুকুৰ তাৰ পাচত গাইক বাৰ্তা দি পঠালে।আৰু অৱশেষত নিজে গৈ ভাতৃৰ ফুল,ফল,মালা আদি পিন্ধাই পূজা কৰে।এইদৰে আধ্যাত্মিক বিশ্বাসৰ লগত সংঘতি ৰাখি নেপালী বা গোৰ্খাসকলৰ মাজত কালী পূজা বা তিহাৰি উদযাপন কৰাৰ পৰম্পৰা প্ৰচলিত হৈছিল।নেপালী সকলৰ কালী পূজাৰ প্ৰথম দিনটোত কাউৰী বিলাকৰ পূজা কৰা নিয়ম প্ৰচলিত আছে। কাৰণ কাউৰীক সদায় এক বাৰ্তাবাহক ৰূপত দেখা যায়। মানুহৰ জীৱনত এক উন্নতি সাধাৰণ বাবে কাউৰীক কালী পূজাৰ প্ৰথম দিনটোত পূজা কৰি অহা নিয়ম প্ৰচলিত আছে। আৰু তাৰ পাচত কালী পূজাৰ দ্বিতীয় দিনা কুকুৰক পূজা কৰি অহা নিয়ম প্ৰচলিত আছে। কাৰণ কুকুৰাক অতীতৰ পৰাই মানুহৰ এক ভৰসাদায়ক জন্তু হিচাপে ধৰা হয়।তাৰ পিছৰ কালী পূজাৰ তৃতীয় দিনৰ দিনা গাইবোৰৰ পূজা কৰা হয়। কাৰণ গাইবোৰক হিন্দু ধৰ্মত দেৱী লক্ষ্মী ৰূপত পূজা কৰা হয়। আৰু সেই তৃতীয় দিনৰ দিনাই সন্ধিয়া সময়ত চৌদিশে চাকি, বন্তি জ্বলাই  দেৱী লক্ষ্মীৰ পূজা,অৰ্চনা কৰা নিয়ম প্ৰচলিত আছে। লক্ষ্মী পূজাৰ পৰ্ব শেষ হোৱাৰ পিছত লেপালী সম্প্ৰদায়ৰ সকলো শ্ৰেণীৰ লোকে নিজা নিজা দল বান্ধি ঘৰে ঘৰে গৈ আনন্দ উল্লাসৰ মাজেৰে অসমীয়া সমাজৰ হুঁচৰি মৰাৰ পৰম্পৰাৰ দৰে আমাৰো দেউচি-ভয়লী খেলাৰ নিয়ম প্ৰচলিত আছে। এই দেউচি-ভয়লী খেলৰ পৰম্পৰা কালী পূজাৰ তৃতীয় দিয়া সন্ধিয়াৰ পৰা আৰম্ভ হয় আৰু একেৰাহে চতুৰ্থ দিনৰ দিনা ৰাতিপুৱালৈকে চলি থাকে।  ইয়াৰ উপৰিও কালী পূজাৰ তৃতীয় দিনৰ দিনাই কিছুমানে ৰাতি সকলোৱে লগ,বন্ধু, ওচৰ-চুবুৰীয়া,পৰিয়ালৰ সকলোবোৰ সদস্য বহি একেলগে মিলি পাশা, তাচ পাত খেলা নিয়ম প্ৰচলিত  আছে। এদিনাখন যোৱা খেলৰ নিয়ম এইকাৰনে প্ৰচলিত হৈছে যে এইদিনায়েই পৌৰাণিক আখ্যান অনুসৰি দেৱী পাৰ্বতীয়ে ভগৱান শিৱৰ লগত পাশা খেল খেলিবলৈ বহিছিল। আৰু আমাৰ ধৰ্মগ্ৰন্থবোৰতো উল্লেখ আছে যে কালী পূজাৰ তৃতীয় দিনৰ দিনাখনে দেৱী লক্ষ্মী ভগৱান আৰু দানৱৰ সমূদ্ৰ মন্থনৰ জৰিয়তে প্ৰকট হৈছিল।কালী পূজাৰ চতুৰ্থ দিনৰ দিনা গোবৰ্ধন পূজা কৰাৰ নিয়ম প্ৰচলিত আছে।এইদিনা গাইৰ গোৱৰৰ জৰিয়তে গোবৰ্ধন পৰ্বত বনাই পূজা কৰা হয়। এইদিনাখনে ভগৱান শ্ৰীকৃষ্ণয়ে ভগৱান ইন্দ্ৰ দেৱতাৰ ক্ৰোধৰ পৰা গাওঁবাসীক ৰক্ষা কৰিবলৈ গোৱৰ্ধন পৰ্বত দাঙিচিল। কালী পূজাৰ পঞ্চম তথা অন্তিম দিনৰ দিনা ভাইটিকা বা ভাইফুটা লগোৱা পৰম্পৰা অৰ্থাৎ ভনী বা বাইদেউ নিজ নিজ সম্বন্ধীয় ভাতৃ সকলক মাতি নিজ ঘৰত বা নিজা ঘৰতেই নানান ৰং,বিৰঙৰ ৰংবোৰৰ জৰিয়তে ভাতৃৰ কপালত ফোঁট লগাই ফুলৰ মালা পিন্ধাই,আমাৰ নেপালী বা গোৰ্খাসকলৰ আই-মাতৃৰ হাতেদি তৈয়াৰ খাৰু ৰুটি( ঘোমাকা ৰুটি) আৰু তিলৰ আচাৰ আদিৰ লগতে নানান মিঠাই, বিভিন্ন ধৰণৰ খাদ্য-ব্যঞ্জনৰ জৰিয়তে সকলোৱে মিলি অন্ন গ্ৰহণৰ প্ৰথা প্ৰচলিত হৈ আহিছে। কালী পূজা হল হিন্দু সম্প্ৰদায়ৰ লোকসকলৰ এক পবিত্ৰ পোহৰৰ উৎসৱ। ইয়াক দীপাৱলী বা যমপঞ্চক নামেৰেও জনা যায়। নেপালী বা গোৰ্খাসকলে মাজত প্ৰচলিত হোৱা কথা অনুসৰি ইয়াক তিহাৰ উৎসৱ বুলি উদযাপন কৰে। গতিকে এইদৰে একেবাৰে অতীজৰে পৰা চলি অহা লগতে আমাৰ হিন্দু ধৰ্মৰ ধৰ্মগ্ৰন্থবোৰৰ লগত সংগতি ৰাখি অসমত বসবাস কৰি অহা নেপালী বা গোৰ্খাসকলে কালী পূজা এনেদৰে উদযাপন কৰি অহা দেখিবলৈ পোৱা যায়।
     .......................
  চন্দ্ৰ শেখৰ পৰাজুলী
  বিশ্বনাথ চাৰিআলি, অসম
  ডাক ঘৰ:-পানীভৰাল
  ডাক নং:-৭৮৪১৭৬
  ৯৭০৭৩০৬৪৭৪

চাৰেংগী


চাৰেংগী হ'ল তিনিডাল তাঁৰেৰে নিৰ্মিত ৰেপণীৰ সহায়েৰে বজোৱা তত বা তাঁৰৰ যন্ত্র। অতি প্রাচীন কালৰ পৰাই আমাৰ দেশত চাৰেংগী ব্যৱহাৰ হৈ আহিছে। লোকসংগীতৰ অপৰিহাৰ্য বাদ্যযন্ত্র সাৰেংগী। প্রাচীন ঐতিহ্য-বাহী ভাৰতীয় সংগীতৰ লগতে পঞ্জাবী লোক-সংগীত, ৰাজস্থানী লোকসংগীত, সিন্ধী লোক-সংগীত, বড়ো লোকসংগীত আদিত সংগত বাদ্য হিচাপে চাৰেংগী ব্যৱহাৰ হোৱা দেখা যায়। ইয়াৰ উপৰি বাংলাদেশ, ভাৰতৰ দক্ষিণ অংশ, পাকিস্তান আদিত সাৰেংগী ব্যৱহাৰ হৈ আহিছে। নেপালী চাৰেংগীও আমাৰ দেশৰ দবেই, কিন্তু তাত তাঁৰৰ সংখ্যা চাৰিডাল আৰু কেবল লোকসংগীতহে ব্যবহাৰ হয়। দক্ষিণ এছিয়াৰ দেশবোৰৰ লোকসংগীতত চাৰেংগীৰ প্রভার দেখা যায়। ভাৰতীয় বাগ সংগীতৰ বিভিন্ন স্বৰ প্ৰকাশ কৰাৰ ক্ষেত্ৰত চাৰেংগী উৎকৃষ্ট বাদ্য।

তিনিডাল তাঁৰেৰে শতাধিক খুন সৃষ্টি কৰিব পৰা শতৰঙ বা চাৰেংগী এবিধ অতুলনীয় বাদ্যযন্ত্র। মূলতঃ লোকসংগীতৰ সুৰ তুলিবলৈ সাৰেংগী ব্যবহৃত হ'লেও শাস্ত্রীয় সংগীততো ইয়াৰ ব্যৱহাৰ আছে।

চাৰেংগী তিনিডাল তাঁৰ থকা কাঠৰ বাকচৰ দৰে আৰু ইয়াৰ ভিতৰত তিনিটা ফোপোলা ভাগ আছে। সেইকেইটা হ'ল: পেট, বুকু আৰু মগজু। সাধাৰণতে ই দুফুট দীঘল আৰু ৬ ইঞ্চি বহল। অৱশ্যে সক-ডাঙৰ বিবিধ ধৰণৰ চাৰেংগীও পোৱা যায়। তলৰ পেট অংশটোত ছাগলীৰ ছালেৰে ঢাকি বখা হয়। ইয়াৰ ওপৰত তাঁৰ বান্ধি থ'বৰ বাবে ওখকৈ দলঙৰ দৰে দিয়া অংশ সাধাৰণতে ম'হবা উটৰ মালৰ পৰা তৈয়াৰী। তাঁৰবোৰ জন্তুৰ নাড়ীৰ পৰা তৈয়াৰ কৰা। তাঁৰৰ উপৰি বাদ্যযন্ত্রবিধত অসংখ্য তীখাৰ সৰু-বৰ তীৰ থাকে। চাৰেংগীৰ তাঁবৰ আঙুলি সঞ্চালনৰ এটা বিশেষ ৰীতি আছে, যিটো আনতকৈ সুকীয়া। বাঁওহাতৰ আঙুলিৰ নখেৰে তাঁৰ হেঁচি সোঁহাতেবে বেপণীৰ সহায়ত চাৰেংগী বজোৱা হয়।

ওস্তাদ বদল খাঁ আৰু বন্দু খাঁইচাৰেংগীক জনপ্রিয় কৰি উচাংগ সংগীতৰ জগতত এখন সম্মানৰ আসন দিয়াত ভালেখিনি অৰিহণা যোগায়। আন দুগৰাকী খ্যাতনামা চাৰেংগী বাদক হ'ল চীগাৰুদ্দিন খাঁ আৰু পণ্ডিত বামনাৰায়ণ।

বক্সিং বিশ্বৰ অন্যতম জনপ্রিয় খেল। ভাৰততো মুষ্টিযুদ্ধ নামৰ বক্সিঙৰ একেসুৰীয়া ক্রীড়াৰ উল্লেখ মহাকাব্য মহাভাৰতকে ধৰি প্ৰাচীন গ্রন্থসমূহত পোৱা যায়। আধুনিক অলিম্পিকৰ প্রেক্ষাপটত ১৯০৪ চনত আমেৰিকাৰ ছেইন্ট লুইছত অনুষ্ঠিত অলিম্পিকত গ্রীষ্মকালীন গেমছত অপেছাদাৰী বক্সিঙৰ আত্মপ্রকাশ ইণ্ডিয়াৰ দ্বাৰা পৰিচালিত হয়। ১৯২৫ চনত ঘটে। ভাৰতত বক্সিং বক্সিং ফেডাবেছন অব ভাৰতত বক্সিঙৰ প্ৰথম নিয়ন্ত্রক সংস্থা বম্বে প্রেচিডেন্সি এমেচার বক্সিং ফেডাৰেছন গঠন কৰা হয়। বর্তমানৰ মুম্বাই ভাৰতত আনুষ্ঠানিক-ভাবে বক্সিং প্রতিযোগিতা অনুষ্ঠিত কৰা প্রথমখন চহৰ আছিল। স্বাধীনতাৰ পাছত বক্সিং ফেডাৰেছন গঠন কৰা হয়। ১৯৫০ চনৰ ১৯৪৯ চনৰ ২৫ ফেব্ৰুৱাৰীত ইণ্ডিয়ান এমেচাৰ মাৰ্চ মাহত মুম্বাইৰ ব্রাবর্ণ স্টেডিয়ামত বক্সিঙৰ প্রথম বাষ্ট্রীয় চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছিল। বিশ্ব পর্যায়ত ভাৰতে অপেছাদাৰী বক্সিওব চাৰিটা ডাঙৰ ইভেন্ট অলিম্পিক, বিশ্ব চেম্পিয়নশ্বিপ, এছিয়ান গেমছ আৰু কমন-বেলথ গেমছত অংশগ্রহণ কবে।

অলিম্পিকত ভাৰতীয় বক্সিং

[সম্পাদনা কৰক]

ভাৰতৰ ৰাষ্ট্ৰীয় বক্সিং ফেডাবেছন গঠন হোৱাৰ এবছৰ আগতে ১৯৪৮ চনৰ লণ্ডন অলিম্পিকত প্রথমবাৰৰ বাবে ভাৰতীয় বক্সাৰসকলে অংশগ্রহণ কৰে। লন্ডন অলিম্পিকৰ বাবে যোগ্যতা অর্জন কৰে সাতজন ভাবতীয় বক্সাবে। তেওঁলোক আছিল ৰবীন ভট্ট, বিনয় বসু, ৰবাৰ্ট ক্রেনস্টন, মেক জোৱাচিম, বাবু লাল, জন নুট্রাল আৰু জিন ৰেমণ্ড। পুৰুষৰ বেণ্টাম-বেইটত (৫৪ কিলোগ্রাম) বাবু লালে ৩২ বাউণ্ডত পাকিস্তানৰ এলান মন্টেইৰোক পৰাস্ত কৰি বক্সিঙৰ প্ৰথমটো অলিম্পিক জয় পঞ্জীয়ন কৰে। কিন্তু পৰৱৰ্তী চাৰিখন অলিম্পিক গেমছব (১৯৫৬, ১৯৬০, ১৯৬৪ আৰু ১৯৬৮) কোনো এখন খেলৰ বাবে ভাৰতীয় বক্সাৰসকলে যোগ্যতা অর্জন কৰিব নোৱাৰিলে। অৱশেষত ১৯৭২ চনৰ মিউনিক অলিম্পিকৰ বাবে মেহতাব সিং, মুনিস্বামীভেনু আৰু চন্দৰ নাৰায়ণনে যোগ্যতা অর্জন কৰে। তেতিয়াৰ পৰা ভাৰতীয় বক্সাৰসকল প্রতিখন অলিম্পিক গেমছৰ অংশ হৈ আহিছে।

অলিম্পিকৰ পদক লাভ কৰা প্রথমজন ভাৰতীয় বক্সাৰ আছিল বিজেন্দৰ সিং যিয়ে ২০০৮ চনৰ বেইজিং অলিম্পিকত পুৰুষৰ মিডলরেট (৭৫ কিগ্রা) শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ২০১২ চনত লগুনত অলিম্পিকত মহিলা বক্সিঙৰ প্রবর্তন কৰা হৈছিল আৰু সেই বছৰতে কিংবদন্তি বক্সাৰ মেৰী কমে ভাৰতৰ দ্বিতীয়টো অলিম্পিক বক্সিং পদক ফ্লাইরেট (৫১ কিগ্রা) শাখাত ব্রঞ্জব পদক অর্জন কৰি দেশলৈ সন্মান কঢ়িয়াই আহিছিল। লাভলীনা বৰগোহাঁয়ে টকিঅ' ২০২০-ত বেল্টৰৱেইট (৬৯ কিগ্রা) শাখাত ভাৰতৰ তৃতীয়টো অলিম্পিক বক্সিং পদক (ব্রঞ্জ) লাভ কবে।

বিশ্ব চেম্পিয়নশ্বিপত ভাৰতীয় বক্সিং

[সম্পাদনা কৰক]

১৯৭৪ চনত আন্তঃৰাষ্ট্ৰীয় বক্সিং ফেডাৰেছনৰ পৰিসবৰ অধীনত প্ৰথমখন আনুষ্ঠানিক বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ আয়োজন করা হয়।

২০০১ চনত প্রথম IBA (International Boxing Association) মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপ অনুষ্ঠিত হয়। ইয়াৰ পূৰ্বে প্রতি চাৰি বছৰৰ মূৰে মূৰে অনুষ্ঠিত পুৰুষৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপ ১৯৮৯ চনৰ পৰা দ্বিবার্ষিক আৰু ২০০৬ চনৰ পৰা মহিলা প্রতিযোগিতাখন দ্বিবার্ষিক কৰা হয়।

মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ আটাইতকৈ সফল বক্সাৰ মেৰী কমে উদ্বোধনী সংস্কৰণত লাইট ফ্লাইবেট (৪৮ কিগ্রা) শাখাত ৰূপৰ পদক লাভ কৰি বিশ্বব্যাপী ইভেন্টত পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় বক্সাৰ হিচাপে পৰিগণিত হয়। মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত মেৰী কমে অভিলেখ সংখ্যক ছটা স্বর্ণ পদক লাভ কৰিছে। মেৰী কমৰ উপৰি ভাৰতৰ লেখা কে চি, জেনী লালৰেমলিয়ানী, লাইশ্রাম চৰিতা দেবী, নিখাত জৰীণ, নিতু ঘাংঘাছ, লাভলীনা বৰগোহাঁই আৰু ছুইটি বুড়াইও নিজ নিজ শাখাত মহিলাৰ বিশ্ব চেম্পিয়ন হৈ আহিছে। ১৪টা সোণ, ৮টা ৰূপ আৰু ২১টা ব্রঞ্জব পদক লাভ কৰি ভাৰত বাছিয়া আৰু চীনৰ পিছতে মহিলা বক্সিং চেম্পিয়নশ্বিপত তৃতীয় সফল দেশ। ২০০৯ চনব বিশ্ব চেম্পিয়নশ্বিপত মিডলরেট বিভাগত ব্রঞ্জৰ পদক লাভ কৰি বিজেন্দৰ সিং বিশ্ব চেম্পিয়নশ্বিপত পদক লাভ কৰা প্রথমজন পুৰুষ ভাৰতীয় বক্সাৰ হিচাপে পৰিগণিত হয়। ২০১৯ চনৰ বিশ্ব চেম্পিয়নশ্বিপত অমিত পাংঘলে ফ্লাইবেট (৫২ কিগ্রা) শাখাত ৰূপৰ পদক লাভ কৰিছিল। বিশ্ব চেম্পিয়নশ্বিপত এতিয়ালৈকে কোনো পুৰুষ বক্সাৰে সোণৰ পদক লাভ কৰিব পৰা নাই।

এছিয়ান গেমছত ভাৰতীয় বক্সিং

[সম্পাদনা কৰক]

১৯৫৪ চনত ফিলিপাইনছৰ মেনিলাত অনুষ্ঠিত এছিয়ান গেমছত অপেছাদাৰী বক্সিঙৰ আত্মপ্রকাশ ঘটে। ২০১০ চনৰ এছিয়ান গেমছত মহিলা বক্সিঙৰ প্ৰৱৰ্তন কৰা হয়। এই প্রতিযোগিতাখনত এতিয়ালৈকে ভাবতে ৯টা স্বর্ণ, ১৭টা ৰূপ আৰু ৩৫টা ব্ৰঞ্জৰ পদক লাভকবি অষ্টম স্থানত আছে।

১৯৫৮ চনৰ এছিয়ান গেমছত ভাৰতে প্রথম পদক অর্জন কৰে। সেই বছৰ পুৰুষৰ লাইটবেট (৬০ কিগ্রা) শাখাত সুন্দৰ বাওরে ব্ৰঞ্জৰ পদক আৰু পুৰুষৰ মিডলবেট (৭৫ কিগ্রা) শাখাত হৰি সিঙে ৰূপৰ পদক লাভকৰিছিল। চাৰি বছৰৰ পাছত পুৰুষৰ লাইটরেট শাখাত পদম বাহাদুৰ মলে ফাইনেলত জাপানৰ কানেমাৰু শ্বিৰাট'ৰীক পৰাস্ত কৰি সোণৰ পদক লাভ কৰে। এছিয়ান গেমছত দুটাকৈ সোণৰ পদক লাভ কৰা একমাত্ৰ ভাৰতীয় বক্সাৰ হাবা সিং।

মহিলাসকলৰ ভিতৰত মেৰী কমে ২০১০ চনৰ এছিয়ান গেমছত ফ্লাইবেটত (৫১ কিগ্রা) ব্ৰঞ্জৰ পদক লাভ কৰি ভাৰতীয় বক্সিঙৰ প্রথমগৰাকী এছিয়ান গেমছৰ পদক বিজয়ী হিচাপে পৰিগণিত হয়। ইয়াৰ উপৰি ২০১৪ চনৰ সংস্কৰণত এছিয়ান গেমছৰ স্বর্ণ পদক লাভকৰা একমাত্র মহিলা বক্সাৰ মেৰী কম।

কমনবেলথ গেমছত ভাৰতীয় বক্সিং ১৯৩০ চনত প্রথম সংস্কৰণৰ পৰাই কমনবেলথ গেমছত বক্সিং অনুষ্ঠিত হৈ আহিছে। ২০১৪ চনৰ কমনরেলথ গেমছত মহিলা বক্সিঙৰ প্রবর্তন কৰা হৈছিল। কমনবেলথ গেমছৰ ভাৰতীয় বক্সাৰসকলে এতিয়ালৈ ১১টা সোণ, ১৩টা ৰূপ আৰু ২০টা ব্ৰঞ্জৰ পদক লাভ কৰিছে। কমনরেলথ গেমছৰ পদক লাভ কৰা প্ৰথমজন ভাৰতীয় বক্সৰ আছিল ১৯৭০ চনৰ কমনবেলথ গেমছত পুৰুষৰ বেল্টৰ-বেইটত (৬৯ কিগ্রা) ব্ৰঞ্জৰ পদক লাভ কৰা শিবাজী ভোছলে।

২০০২ চনৰ সংস্কৰণত ভাৰতীয় বক্সিঙব প্রথমটো কমনবেলথ গেমছত স্বর্ণ পদক লাভকৰিছিল মহম্মদ আলী কামাবে। কামাৰে লাইট ফ্লাইৰেট (৪৯ কিগ্রা) বিভাগত জয়লাভ।

কৰিছিল। ২০১৪ চনৰ কমনবেলথ গেমছত পিংকি ৰাণীয়ে। ফ্লাইৰেট শাখাত ব্ৰঞ্জৰ পদক লাভ কৰি কমনবেলথ গেমছৰ পদক লাভ কৰা প্রথমগৰাকী ভাৰতীয় মহিলা বক্সাৰ হিচাপে পৰিগণিত হয়। ২০১৮ চনৰ সংস্কৰণত ফ্লাইরেট শাখাত জয়লাভ কৰি কমনবেলথ গেমছৰ প্ৰথমগৰাকী মহিলা স্বর্ণ পদক বিজয়ী হিচাপে পৰিগণিত হয় মেৰী কম। ২০২২ চনৰ বার্মিং-হাম গেমছত নিতু ঘাংঘাছ আৰু নিখাত জৰীণে স্বর্ণ পদক লাভ কৰিছিল।[1]

তথ্যসূত্ৰ (References)

[সম্পাদনা কৰক]
  1. বৰুৱা, শান্তনু কৌশিক (২০২৫). ভাৰত ইয়েৰ বুক ২০২৫. প্ৰকাশক গুৱাহাটী: জ্যোতি প্ৰকাশন.