ৱিকিপিডিয়া:Tutorial/Editing/sandbox
Please do not place copyrighted, offensive, slanderous, or libelous content in the sandbox(es). If you have any questions regarding Wikipedia, please ask them at the help desk or the village pump. Thanks!
You may also use the templates
X1, X2, X3, X4, X5, X6, X7, X8, and X9 for experimental purposes. Try other sandboxes: |
|
"বড়ো-কছাৰীসকলৰ খাদ্য - সম্ভাৰ আৰু সাজ-পাৰ"
বড়ো-কছাৰীসকল অসমৰ ভৈয়াম জনগোষ্ঠীৰ ভিতৰত প্ৰথম বৃহত্তৰ জনজাতি । প্ৰত্যেক জনগোষ্ঠীৰে নিজস্ব লোকসংস্কৃতি আছে । সেইদৰে বড়ো-কছাৰীসকলেও নিজস্ব খাদ্য -সম্ভাৰ আৰু সাজ-পাৰেৰে চহকী ।
বড়ো - কছাৰীসকলৰ ৰন্ধন প্ৰণালী নিম্নখাপৰ । বড়ো-কছাৰীসকলৰ ভাতেই প্ৰধান আহাৰ । আহাৰোপযোগী সকলো বস্তুকে সিজাই খায়। মাছ-মঙহ একে সাজতে খাই শেষ কৰিব নোৱাৰিলে শুকাই থয়। শুকান মাছ - মঙহ তেওঁলোকৰ ৰুচিকাৰক খাদ্য। শুকান মাছ ঢেঁকীত বা উৰালত খুন্দি বাঁহৰ চুঙাত ভৰাই থৈ বহুদিন ৰাখি "নাকাম্" কৰি খোৱাৰ তেওঁলোকৰ অভ্যাস আছে । শোকোতা, মেস্তা টেঙা, লফা, লতি, বাঁহৰ গাঁজ বা খৰিচা, লাফু, ছিব্ৰু আদি শাক তেওঁলোকৰ ৰুচিকাৰক আঞ্জা। বৌৰমা দাড়ি নামে এবিধ তীব্ৰ গোন্ধৰ শাক আছে ,সেয়া তেওঁলোকে কুছিয়া মাছ বা পাঠা - খাহীৰ মঙহৰ আঞ্জা ৰান্ধিলে আঞ্জাত দি মচলাৰ দৰে ব্যৱহাৰ কৰে। লাওপানীও তেওঁলোকৰ মাজত প্ৰচলিত হোৱা দেখা যায়।
বড়ো - কছাৰীসকলৰ পুৰুষ সকলে ধুতি - চোলা পৰিধান কৰে। গোৱালপাৰা জিলাৰ বড়ো-কছাৰী তিৰোতাবোৰে পাঁচহাত দীঘল শাৰীৰ দৰে "দখ্না" পিন্ধে। তেওঁলোকৰ তিৰোতাবোৰে বজাৰৰ পৰা নানা ৰঙৰ সূতা কিনি আনি ফুলাম ফুল বাছি নিজে বোৱা কাপোৰ পিন্ধা - উৰা কৰে । ৰঙা আৰু কমলা ৰঙৰ কাপোৰ তেওঁলোকে বেছিকে ভাল পায়।
কছাৰীসকলৰ পিতৃ পুৰুষ ভীমৰ পুত্ৰ ঘটোৎকচ ৷ যাৰ মাতৃৰ নাম হিড়িম্বী ৷ ঘটোৎকচে প্ৰাগজ্যোতিষপুৰৰ ৰজা মূৰৰ জীয়েক মৌৰবী নামৰ কন্যাক বিয়া কৰাইছিল ৷ বৰ্বৰিক হ'ল ঘটোৎকচ আৰু মৌৰৱীৰ সন্তান ৷ যি মহাভাৰতৰ যুদ্ধৰ আগত নিজৰ শীৰ দান কৰিছিল তেওঁৰ আৰাধ্য গুৰু যদুপতিক ৷ বৰ্বৰিকক কোনো কোনো ঠাইত খাতুশ্যাম নামেৰে আজিও পূজা কৰে ৷