ৱিকিপিডিয়া বাৰ্তা:সহায়িকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

test. -- গীতাৰ্থ বৰদলৈ (talk) 20:08, 14 মাৰ্চ 2012 (UTC)

মদিনা[সম্পাদনা কৰক]

আল-মাদীনাহ আল-মুনাওৱাৰাহ[সম্পাদনা কৰক]

মদিনা (আৰবী ভাষাত: المدينة, চৰকাৰী ভাৱে: المدينة المنورة আল-মাদীনাহ আল-মুনাওৱাৰাহ‎) অথবা মদিনাহ হিচাপেও ইয়াক আনুবাদ কৰা হয়। মদীনাহ ছৌদি আৰবৰ হিজাজ অঞ্চলৰ পশ্চিম দিশত অৱস্থিত এটি বিখ্যাত চহৰ। ইছলামী ইতিহাসৰ প্ৰথম ৰাজধানী। ইয়াক মুছলিমসকলে তায়্যিবাতুত তাইয়্যিবাহ বুলিও কয়। মুছলিমসকলৰ ওচৰত মক্কাৰ পিছত এইটোৱে দ্বিতীয় পৱিত্ৰ স্থান। মক্কাৰ পৰা ইয়াৰ দূৰত্ব প্ৰায় ৪০০ কিঃমিঃ উত্তৰ পূৱ দিশত। মদীনাৰ আয়তন প্ৰায় ৫৮৯ বৰ্গ কিঃমি। ইয়াৰ পৰা কেৱল ৯৯ বৰ্গ কিঃমিটাৰত ঘৰ দুৱাৰ আছে আৰু বাকী ঠাইবোৰত আছে পাহাৰ-পৰ্বত আৰু উপত্যকা। হিজৰী চনৰ প্ৰায় ১৫০০ বছৰ পূৰ্বে মদীনা চহৰ প্ৰতিষ্ঠিত হৈছিল। ইছলামৰ পূৰ্বে ইয়াক ইয়াছৰিব বুলি নামকৰণ কৰা হৈছিল। মদীনাত বিশ্বৰ তিনিটা পূৰণি মছজিদ অৱস্থিত, ১) মছজিদে নৱবী ২) মছজিদে কুবা আৰু ৩) মছজিদে কিবলাতাইন। মুছলিমসকলৰ ওচৰত এই ঠাইটো প্ৰিয় হোৱাৰ কাৰণ হৈছে তেওঁলোকৰ নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম মক্কাৰ পৰা মদীনাত আহি বসতি লৈছিল আৰু ইয়াতেই নবী মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সমাধি অৱস্থিত। লগতে নানা ঐতিহাসিক কাৰণেও মদিনা চহৰটো অত্যন্ত গুৰুত্বপূৰ্ণ । বিশেষকৈ মুছলিমসকলৰ ওচৰত অত্যন্ত শ্ৰদ্ধেয় আৰু পৱিত্ৰ এই নগৰটোত ইছলামৰ প্ৰাচীন আৰু ঐতিহাসিক তিনিটা মছজিদৰ অন্যতম হৈছে মছজিদে নৱবী য'ত এক ৰাকাআত নামাজ পঢ়িলে এহেজাৰ ৰাকাতৰ ছোৱাব পোৱা যায়। আৰু দ্বিতীয় মছজিদ হৈছে কুবা মছজিদ (যিটো ইছলামৰ ইতিহাসত প্ৰথম মছজিদ ) আৰু তৃতীয় মছজিদটো হৈছে আল কিবলাতাইন (যি মছজিদত মুছলিমসকল নামাজৰত অৱস্থাতেই কিবলা পৰিবৰ্তন কৰিছিল)। মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লাম ৬২২ খ্রিস্টাব্দত তেওঁৰ ছাহাবী আবু বকৰক লৈ পৱিত্ৰ মক্কাৰ পৰা মদিনাৰ উদ্দেশ্যে হিজৰত কৰিছিল। অৱশেষত চন ১১ হিজৰীৰ ৰবিউল আওৱাল মাহত তেখেত মৃত্যুবৰণ কৰে। সেয়ে মদীনাত হিজৰতৰ পিছত কোৰআনৰ যিবোৰ ছুৰা অৱতীৰ্ণ হৈছে সেইবোৰক মাদানী বুলি কোৱা হয়। ওমৰ ৰাজিয়াল্লাহু আনহুৰ শাসন কালত সেই স্মৃতিৰ ওপৰত ভিত্তি কৰি ইছলামী বৰ্ষপঞ্জি প্ৰতিষ্ঠিত কৰা হয় যিটো হিজৰী চন হিচাপে পৰিচিতি লাভ কৰিছে। লগতে জানি থোৱা উচিত যে, মছজিদে নৱবীৰ ওচৰতেই অৱস্থিত এক ঐতিহাসিক কবৰস্থান আছে, যাক বাকি কবৰস্থান বুলি কোৱা হয়। এইটো মদীনাৰ সৰ্ববৃহত কবৰস্থান য'ত অসংখ্য চাহাবাসকলৰ কবৰ আছে। এই চহৰতেই অৱস্থিত মদীনাহ ইছলামীক বিশ্ববিদ্যালয়, য'ত বিশ্বৰ ১৬৭টা দেশৰ ছাত্ৰই শিক্ষা লাভ কৰে। মদীনাৰ মুঠ জনসংখ্যা প্ৰায় ১,৩০০,০০০জন। ইয়াৰ বতৰ শুকান, বৰষুণ খুবেই কম হয়। উষ্ণতা ৩০ৰ পৰা ৪৫ ডিগ্ৰি ছেলছিয়াছ থাকে।