ৱিকিপিডিয়া বাৰ্তা:সন্মিলন

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ৱিকিপিডিয়া বাৰ্তা:Meetupৰ পৰা পুনঃনিৰ্দেশিত)

শিৰোনামাটো সলাব লাগে নেকি। এতিয়ালৈকে হোৱাবোৰ কৰ্মশালাহে, মিট‌আপ্‌ নহয়। — গীতাৰ্থ বৰদলৈ (talk)

সলাব লাগে| যোৱাকালি ময়ো ভাবিছিলো| কিন্তু কি নাম দিবা? সন্মিলন নে কৰ্মশালা?  বিষ্ণু শ‍ইকীয়াবাৰ্তা 13:51, 20 এপ্ৰিল 2012 (UTC)
কৰ্মশালা। সন্মিলন বুলিলে আৰু ডাঙৰ আয়োজন হ'ব। — গীতাৰ্থ বৰদলৈ (talk)
কেৱল কৰ্মশালা কৰিলে অসুবিধা হ’ব| ইংৰাজীত Wikipedia:Meetup বুলি যেনেদৰে এটা প্ৰকল্প পৃষ্ঠা আছে কৰ্মশালাৰ বাবে তেনে প্ৰকল্প নাই দেখা এইখনহে আছে, গতিকে খেলি মেলি হ’ব| আমাৰ সৰু ৱিকিসমাজ হিচাপে দুয়োটাই (সন্মিলন, কৰ্মশালা) একেলগ কৰি থলেই ভাল হ’ব নেকি?  বিষ্ণু শ‍ইকীয়াবাৰ্তা 17:02, 20 এপ্ৰিল 2012 (UTC)
অসুবিধাটো হ'ব নালাগে। প্ৰয়োজন হ'লে আমি পিছত Meetupৰ বাবে বেলেগ প্ৰকল্প পৃষ্ঠা খুলিব পাৰিম। দুয়োটা ৱিকিপিডিয়া সন্মিলন বুলি শ্ৰেণী এটাত থৈ দিব পাৰি। — গীতাৰ্থ বৰদলৈ (talk)
আমাৰ এইবোৰো সৰু সুৰা সন্মিলনেই নহয় জানো| লগতে কৰ্মশালা বা প্ৰশিক্ষনো দিয়া হয়| ভৱিষ্যতে হলেওনো কেইখন সন্মিলন হ’ব| বিশেষ আশা নাই| গতিকে একেখন পৃষ্ঠাতেই ৰখা ভাল নেকি? আৰু যদি ইয়াৰ পাছতো বিচাৰিছা কৰি দিয়া|  বিষ্ণু শ‍ইকীয়াবাৰ্তা 15:42, 24 এপ্ৰিল 2012 (UTC)
ঠিক আছে। সন্মিলন কৰি দিম। — গীতাৰ্থ বৰদলৈ (talk)