−১
| |||||||
---|---|---|---|---|---|---|---|
অংকবাচক | negative one | ||||||
পূৰণবাচক | −১ (negative first) | ||||||
আৰবিক | −١ | ||||||
ইংৰাজী ভাষা | −1 | ||||||
অসমীয়া | −১ | ||||||
Binary (byte) |
| ||||||
Hex (byte) |
|
গণিতত -১ (ঋণাত্মক এক বা বিয়োগ এক) হৈছে ১ ৰ যোগাত্মক বিপৰীত, অৰ্থাৎ যিটো সংখ্যা ১ৰ লগত যোগ কৰিলে যোগাত্মক অভেদ মৌল ০ পোৱা যায়। ই ঋণাত্মক দুই (-২)তকৈ ডাঙৰ ঋণাত্মক অখণ্ডসংখ্যা আৰু ০ তকৈ সৰু।
বীজগণিতীয় বৈশিষ্ট্য
[সম্পাদনা কৰক]পূৰণ
[সম্পাদনা কৰক]কোনো এটা সংখ্যাক −১ৰে পূৰণকৰাটো সংখ্যাটোৰ চিহ্ন সলনি কৰাৰ লেখিয়া কথা। যিকোনো xৰ বাবে আমি পাওঁ- (−১) ⋅ x = −x। এইটো বিনিয়োগ বিধি প্ৰয়োগেৰে প্ৰমাণ কৰিব পাৰি আৰু ১ হৈছে গুণাত্মক অভেদ:
- x + (−১) ⋅ x = ১১ ⋅ x + (−১) ⋅ x = (১ + (−১)) ⋅ x = ০ ⋅ x = ০.
ইয়াত ব্যৱহৃত কথাটো এই যে যিকোনো নম্বৰ x ৰ ০ গুণ ০ ৰ সমান।
- ০ ⋅ x = (০ + ০) ⋅ x = ০ ⋅ x + ০ ⋅ x.
অন্যভাৱে,
- x + (−১) ⋅ x = ০,
গতিকে (−১) ⋅ x x ৰ যোগাত্মক বিপৰীত, অৰ্থাৎ (−১) ⋅ x = −x
−১ৰ বৰ্গ
[সম্পাদনা কৰক]−১ৰ বৰ্গ অৰ্থাৎ, −১ক −১ৰে পূৰণ কৰিলে ১ পোৱা যায়। ফলস্বৰূপে দুটা ঋণাত্মক সংখ্যাৰ গুণফল ধনাত্মক হয়।
এই ফলাফলৰ বীজগণিতীয় প্ৰমাণৰ বাবে সমীকৰণটো হ'ব-
- ০ = −১ ⋅ ০ = −১ ⋅ [১ + (−১)].
প্ৰথম সমতাই ওপৰৰ ফলাফলক অনুসৰণ কৰে, আৰু দ্বিতীয়টোৱে −১ ৰ সংজ্ঞাক অনুসৰণ কৰে যে ই ১ ৰ যোগাত্মক বিপৰীত: ই ঠিক সেই সংখ্যাটোৱেই যিটো ১ ৰ সৈতে যোগ কৰিলে ০ পোৱা যায়। এতিয়া বিতৰণবিধি ব্যৱহাৰ কৰিলে দেখা যায় যে-
- ০ = −১ ⋅ [১ + (−১)] = −১ ⋅ ১ + (−১) ⋅ (−১) = −১ + (−১) ⋅ (−১).
উপৰ্যুক্ত কাৰকক অনুসৰণ কৰা তৃতীয় সমতা অনুসৰি ১ হৈছে গুণাত্মক অভেদ। কিন্তু শেষৰ সমীকৰণটোৰ দুয়োপক্ষত ১ যোগ কৰিলে পোৱা যায়-
- (−১) ⋅ (−১) = ১.
ওপৰৰ যুক্তিসমূহ যিকোনো গাণিতিক ক্ষেত্ৰত প্ৰযোজ্য। এয়া বিমূৰ্ত বীজগণিত, পূৰ্ণসংখ্যা আৰু বাস্তৱ সংখ্যাসমূহ সাধাৰণীকৰণ কৰাৰ এটা ধাৰণা।[1]:p.48 জটিলসংখ্যাৰ কোৱাটাৰনিয়নৰ বীজগণিতীয় ক্ষেত্ৰত – য'ত মৌলিক উপপাদ্যৰ নিয়ম নাখাটে, ইয়াৰ সমীকৰণ x২ = −১ৰ অসীমসংখ্যক সমাধান আছে।[2][3]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Nathanson, Melvyn B. (2000). "Chapter 2: Congruences". Elementary Methods in Number Theory. Graduate Texts in Mathematics. 195. প্ৰকাশক New York: Springer. পৃষ্ঠা. xviii, 1−514. ISBN 978-0-387-98912-9. OCLC 42061097. https://link.springer.com/chapter/10.1007/978-0-387-22738-2_2.
- ↑ Perlis, Sam (1971). "Capsule 77: Quaternions". Historical Topics in Algebra. Historical Topics for the Mathematical Classroom. 31. প্ৰকাশক Reston, VA: National Council of Teachers of Mathematics. পৃষ্ঠা. 39. ISBN 9780873530583. OCLC 195566. https://archive.org/details/historicaltopics0000nati/page/38/mode/2up.
- ↑ Porteous, Ian R. (1995). "Chapter 8: Quaternions". Clifford Algebras and the Classical Groups. Cambridge Studies in Advanced Mathematics. 50. প্ৰকাশক Cambridge: Cambridge University Press. পৃষ্ঠা. 60. doi:10.1017/CBO9780511470912.009. ISBN 9780521551779. OCLC 32348823. https://www.maths.ed.ac.uk/~v1ranick/papers/porteous3.pdf.