এচিদ আক্ৰমণ
এচিড আক্ৰমণ (ইংৰাজী: Acid attack ) হ’ল কোনো ব্যক্তিৰ শৰীৰলৈ লক্ষ্য কৰি এচিদ বা তেনে জাতীয় ক্ষতিকৰ দাহ্য তৰল নিক্ষেপ কৰা আৰু ই হৈছে এক প্ৰকাৰৰ হিংসাত্মক আক্ৰমণ; যাৰ উদ্যেশ্য শৰীৰৰ অংশবিশেষ, বিশেষকৈ মুখমণ্ডল বিকৃত কৰা বা হত্যা কৰা। [1][2][3] [4] এই আক্ৰমণৰ অপৰাধীসকলে ভুক্তভোগীসকলৰ ওপৰত ক্ষয়কাৰী তৰল নিক্ষেপ কৰি শৰীৰ জ্বলাই দিয়ে, ছালৰ কোষকলা ক্ষতিগ্ৰস্ত কৰে, প্ৰায়ে হাড়বোৰ উন্মুক্ত হয় আৰু কেতিয়াবা দ্ৰৱীভূতও হয়। এচিড আক্ৰমণৰ ফলত স্থায়ী অন্ধত্ব হ'ব পাৰে। [5]
এই আক্ৰমণবোৰত সচৰাচৰ আটাইতকৈ ব্যৱহৃত এচিড হৈছে ছালফিউৰিক আৰু নাইট্ৰিক এচিড। হাইড্ৰক্ল'ৰিক এচিড কেতিয়াবা ব্যৱহাৰ কৰা হয়, কিন্তু ই যথেষ্ট কম ক্ষতিকাৰক।[6] বিশেষকৈ সেইবোৰ ঠাইত য'ত শক্তিশালী এচিড নিয়ন্ত্ৰিত বজাৰতহে পোৱা যায়, তাত শক্তিশালী ক্ষাৰীয় সামগ্ৰী, যেনে কষ্টিক চ’ডা (ছডিয়াম হাইড্ৰক্সাইড) আদিৰ জলীয় দ্ৰৱণ ব্যৱহাৰ কৰা হয়।[7][8]
এই আক্ৰমণবোৰৰ দীৰ্ঘম্যাদী পৰিণামবোৰৰ ভিতৰত থাকিব পাৰে অন্ধত্ব, লগতে চকু জ্বলা-পোৰা কৰা, মুখ আৰু শৰীৰৰ গুৰুতৰ স্থায়ী দাগ,[9][10][11] লগতে সুদূৰপ্ৰসাৰী সামাজিক, মানসিক আৰু অৰ্থনৈতিক অসুবিধা।[4]
বৰ্তমান সময়ত পৃথিৱীৰ বিভিন্ন প্ৰান্তত এচিড আক্ৰমণৰ খবৰ পোৱা যায়, যদিও সাধাৰণতে এনেকুৱা ঘটনা বেছিকৈ সংঘটিত হয় উন্নয়নশীল দেশবোৰত। ১৯৯৯ চনৰ পৰা ২০১৩ চনলৈ মুঠ ৩,৫১২ জন বাংলাদেশী লোকক এচিডৰে আক্ৰমণ কৰা হৈছিল।[12][13] অপৰাধীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ আৰু এচিড বিক্ৰীৰ ওপৰত কৰা নিয়ন্ত্ৰণৰ বাবে ২০০২ চনৰ পৰা প্ৰতি বছৰে এনে ঘটনাৰ হাৰ ১৫-২০% হ্ৰাস পাইছে। ভাৰতত এচিড আক্ৰমণ প্ৰতি বছৰে বৃদ্ধি হৈ আহিছে আৰু বছৰি ২৫০-৩০০টা ঘটনা সংঘটিত হয়। "এচিড চাৰ্ভাইভাৰ্ছ ট্ৰাষ্ট ইণ্টাৰনেচনেল"ৰ মতে প্ৰকৃত সংখ্যা ১০০০ অতিক্ৰম কৰিব পাৰে।[14]
আক্ৰমণৰ কাৰণ
[সম্পাদনা কৰক]আক্ৰমণকাৰীৰ উদ্দেশ্য প্ৰায়ে ভুক্তভোগীজনক হত্যা কৰাৰ সলনি অপমানিত কৰা। ব্ৰিটেইনত এনে আক্ৰমণ, বিশেষকৈ পুৰুষৰ বিৰুদ্ধে হোৱা আক্ৰমণৰ বিষয়ে কম কৈ অভিযোগ দাখিল কৰা হয় আৰু ইয়াৰ ফলস্বৰূপে এনে বহু ঘটনা চৰকাৰী পৰিসংখ্যাত প্ৰকাশ নাপায়।[15] অপৰাধীসকলে কৰা আক্ৰমণৰ সচৰাচৰ কিছুমান কাৰণৰ ভিতৰত আছে:
- প্ৰেম আৰু যৌন প্ৰত্যাখ্যানৰ বাবে হোৱা ব্যক্তিগত বিবাদ[16]
- যৌন সম্পৰ্কীয় ঈৰ্ষা আৰু কামনা[17]
- যৌন সম্পৰ্ক কৰাত অমান্তি হোৱা, বিবাহৰ প্ৰস্তাৱ আৰু যৌতুকৰ দাবী অস্বীকাৰ কৰাৰ বাবে লোৱা প্ৰতিশোধ[9]
- সামাজিক, ৰাজনৈতিক আৰু ধৰ্মীয় অনুপ্ৰেৰণা
- দলবদ্ধ হিংসা আৰু প্ৰতিশোধ[18]
- সংখ্যালঘু বিৰোধী বৈষম্য
- ভূমিৰ মালিকীস্বত্ব, পোহনীয়া জন্তু, বাসস্থান আৰু সম্পত্তিৰ ওপৰত হোৱা বিবাদ[11]
লৈংগিক অনুপাত
[সম্পাদনা কৰক]ভুক্তভোগী আৰু অপৰাধীসকলৰ লৈংগিক অনুপাতৰ সঠিক অনুমান কৰা কঠিন; কিয়নো বহুতো এচিড আক্ৰমণ ঘটনা নথিভুক্ত কৰা নহয়। উদাহৰণ স্বৰূপে ২০১০ চনত "দ্য লেঞ্চেট"-এ (The Lancet ) কৰা এক অধ্যয়নত বৰ্ণনা কৰা হৈছিল যে পাকিস্তানত এচিড আক্ৰমণৰ ঘটনাৰ কোনো নিৰ্ভৰযোগ্য পৰিসংখ্যা নাই। [19]
২০০৭ চনৰ এক সমীক্ষাত যোৱা ৪০ বছৰত ১৩খন দেশত ২৪টা অধ্যয়ন বিশ্লেষণ কৰা হৈছিল, য'ত ৭৭১ টা ঘটনা সামৰি লোৱা হৈছিল। [15] লণ্ডন স্থিত দাতব্য সংস্থা "এচিড চাৰ্ভাইভাৰ্ছ ট্ৰাষ্ট ইণ্টাৰনেচনেল"ৰ মতে, ৮০% এচিড আক্ৰমণ মহিলাৰ ওপৰত হয়, আৰু এচিড আক্ৰমণৰ সংখ্যা যথেষ্ট কমকৈ দেখুওৱা হয়। কিছুমান অঞ্চলত, পুৰুষৰ দ্বাৰা মহিলা ভুক্তভোগীসকলৰ ওপৰত কৰা আক্ৰমণ প্ৰায়ে যদি মই তোমাক নাপাওঁ, আন কোনেও তোমাক পাব নোৱাৰে জাতীয় মানসিকতাৰ দ্বাৰা পৰিচালিত হয়। [20]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Karmakar, R.N. (2010). Forensic medicine and toxicology (3rd সম্পাদনা). প্ৰকাশক Kolkata, India: Academic Publishers. ISBN 9788190908146. https://books.google.com/books?id=XG84ff-WD2YC.
- ↑ "World Now (blog)". Los Angeles Times. November 2011. http://latimesblogs.latimes.com/world_now/2011/11/afghan-sisters-hurt-acid-attack-rejected-proposal.html.
- ↑ "Man who threw acid at woman blames 2 others". Los Angeles Times. 19 March 1992. http://articles.latimes.com/1992-03-19/news/gl-5793_1_father-and-son.
- ↑ 4.0 4.1 CASC (May 2010). Breaking the silence: addressing acid attacks in Cambodia. Cambodian Acid Survivors Charity (CASC). Archived from the original on 19 December 2013. https://web.archive.org/web/20131219010314/http://www.cambodianacidsurvivorscharity.org/docs/breaking_the_silence.pdf। আহৰণ কৰা হৈছে: 3 April 2016.
- ↑ Swanson, Jordan (Spring 2002). "Acid attacks: Bangladesh's efforts to stop the violence". Harvard Health Policy Review (Harvard Internfaculty Initiative in Health Policy) খণ্ড 3 (1): 3. Archived from the original on 2006-01-17. https://web.archive.org/web/20060117184047/http://hcs.harvard.edu/~epihc/currentissue/spring2002/swanson-3.php। আহৰণ কৰা হৈছে: 2018-10-01.
- ↑ Welsh, Jane (Fall 2006). ""It was like burning in hell": A comprehensive exploration of acid attack violence". Carolina Papers on International Health (Center for Global Initiatives, University of North Carolina) খণ্ড 32. Archived from the original on 23 January 2013. https://web.archive.org/web/20130123191359/http://cgi.unc.edu/uploads/media_items/it-was-like-burning-in-hell-a-comparative-exploration-of-acid-attack-violence.original.pdf। আহৰণ কৰা হৈছে: 3 April 2016.
- ↑ "Woman jailed for caustic soda attack". BBC News. 24 September 2014. https://www.bbc.com/news/uk-england-hampshire-29352141.
- ↑ Brown, Malcolm (17 July 2009). "Acid attack accused is refused bail". The Sydney Morning Herald. http://www.smh.com.au/national/acid-attack-accused-is-refused-bail-20090716-dn0f.html। আহৰণ কৰা হৈছে: 11 October 2017.
- ↑ 9.0 9.1 Bandyopadhyay, Mridula; Rahman Khan, Mahmuda (2003). "Loss of face: violence against women in South Asia". Violence against women in Asian societies. প্ৰকাশক London New York: Routledge. পৃষ্ঠা. 61–75. ISBN 9781136875625. https://books.google.com/books?id=QfLbAAAAQBAJ&pg=PA61.
- ↑ AP (12 November 2000). "Bangladesh combats an acid onslaught against women". CNN. Archived from the original on 22 September 2007. https://web.archive.org/web/20070922210725/http://archives.cnn.com/2000/ASIANOW/south/11/11/bangladesh.acid.ap/index.html.
- ↑ 11.0 11.1 Bahl, Taur; Syed, M. H. (2003). Encyclopaedia of Muslim world. প্ৰকাশক New Delhi: Anmol Publications. ISBN 9788126114191.
- ↑ UN Women (2014). Acid Attack Trend (1999–2013). UN Women, United Nations. Archived from the original on 2020-01-26. https://web.archive.org/web/20200126114550/https://www.unwomen.org/en/page-not-found। আহৰণ কৰা হৈছে: 2021-09-04.
- ↑ Taylor, L. M. (2000). "Saving face: acid attack laws after the UN Convention on the Elimination of All Forms of Discrimination Against Women". Ga. Journal Int'l & Comp. Law খণ্ড 29: 395–419. http://digitalcommons.law.uga.edu/cgi/viewcontent.cgi?article=1474&context=gjicl.
- ↑ Dhar, Sujoy. "Acid attacks against women in India on the rise; survivors fight back" (en-US ভাষাত). USA TODAY. https://www.usatoday.com/story/news/world/2017/07/27/acid-attacks-women-india-survivors-fight-back/486007001/। আহৰণ কৰা হৈছে: 2020-02-15.
- ↑ Various. Combating acid violence in Bangladesh, India, and Cambodia. Avon Global Center for Women and Justice at Cornell Law School, location=New York |access-date=16 July 2017 |Committee on International Human Rights of the, New York City Bar Association, Cornell Law School International Human Rights Clinic and the Virtue Foundation. http://www.lawschool.cornell.edu/womenandjustice/upload/Combating-Acid-Violence-Report.pdf.
- ↑ Solberg, Kristin (2010). "DEFINE_ME_WA". The Lancet খণ্ড 376 (9748): 1209–10. doi:10.1016/S0140-6736(10)61863-6. PMID 20941859.
- ↑ "Acid attack injures Catholic priest". The Media Project. Archived from the original on 15 May 2016. https://web.archive.org/web/20160515014014/http://themediaproject.org/article/acid-attack-injures-roman-catholic-priest-tanzania?page=full। আহৰণ কৰা হৈছে: 20 April 2016.
- ↑ Various. Combating acid violence in Bangladesh, India, and Cambodia. প্ৰকাশক New York: Avon Global Center for Women and Justice at Cornell Law School, Committee on International Human Rights of the, New York City Bar Association, Cornell Law School International Human Rights Clinic and the Virtue Foundation. http://www.lawschool.cornell.edu/womenandjustice/upload/Combating-Acid-Violence-Report.pdf। আহৰণ কৰা হৈছে: 16 July 2017.
- ↑ "Kuneva case – the most severe assault on trade unionist in Greece for 50 years". FOCUS Information Agency. 4 January 2009. http://www.focus-fen.net/opinion/0000/00/00/1819/। আহৰণ কৰা হৈছে: 20 April 2016.
- ↑ Rogers, Jon (1 September 2017). "GRAPHIC WARNING: Horror as mother unable to speak as mouth MELTED SHUT in acid attack". Express.co.uk. https://www.express.co.uk/news/world/848989/Acid-attack-woman-burns-face-blind-speak-Atsede-Nigussiem-Ethiopia.