ফিওদোৰ দস্তয়েভস্কি
| ফিয়দৰ দস্তয়েৱস্কী | |
|---|---|
ভেছিলি পেৰ'ভৰ দ্বাৰা অঙ্কিত প্ৰতিকৃতি, ১৮৭২ | |
| জন্ম | ফিয়দৰ মিখাইল'ৱিচ দস্তয়েৱস্কী ১১ নৱেম্বৰ, ১৮২১ মস্কো, মস্কো গৱৰনৰেট, ৰাছিয়ান সাম্ৰাজ্য |
| মৃত্যু | ২৮ জানুৱাৰী, ১৮৮১ (৫৯ বছৰ) ছেইণ্ট পিটাৰ্ছবাৰ্গ, ৰাছিয়ান সাম্ৰাজ্য |
| পেচা | |
| ৰাষ্ট্ৰীয়তা | ৰুছ |
| শিক্ষা | সামৰিক অভিযান্ত্ৰিক-কাৰিকৰী বিশ্ববিদ্যালয়,ছেইণ্ট পিটাৰ্ছবাৰ্গ |
| ধৰণ |
|
| বিষয় |
|
| সাহিত্যিক বিপ্লৱ | বাস্তৱবাদ |
| উল্লেখনীয় কৰ্মৰাজি |
|
| দাম্পত্যসংগী |
|
| স্বাক্ষৰ | |
ফিয়দৰ মিখাইল'ৱিচ দস্তয়েৱস্কী[টোকা 1][টোকা 2] (ৰুছ: Фёдор Михайлович Достоевский, pronounced [ˈfʲɵdər mʲɪˈxajləvʲɪdʑ‿dəstɐˈjefskʲɪj] ⓘ; ১১ নৱেম্বৰ [পুৰণা নিয়মত ৩০ অক্টোবৰ] ১৮২১ – ৯ ফেব্ৰুৱাৰী [পুৰণা নিয়মত ২৮ জানুৱাৰী] ১৮৮১)[3] আছিল এজন ৰাছিয়ান ঔপন্যাসিক, চুটি গল্প লেখক, প্ৰবন্ধকাৰ, সাংবাদিক আৰু দাৰ্শনিক। দস্তয়েভস্কিৰ সাহিত্যিক কৰ্মৰাজীত ১৯ শতিকাৰ ৰাছিয়ান সাম্ৰাজ্যত সমস্যাৰে ভাৰাক্ৰান্ত হৈ পৰা ৰাজনৈতিক, সামাজিক আৰু আধ্যাত্মিক বাতাৱৰণৰ কালছোৱাত মানৱীয় মনস্তত্ত্বৰ অন্বেষণ দৃষ্টিগোচৰ হয়; তাৰ লগতে সমন্বয় ঘটে দাৰ্শনিক আৰু ধাৰ্মিক বিষয়বস্তুৰ (থিম)। তেওঁৰ বহুলসমাদৃত কৰ্মৰ ভিতৰত ক্ৰাইম এণ্ড পানিছমেণ্ট (১৮৬৬), দ্য ইডিয়ট (১৮৬৯), ডেমনছ (১৮৭২), আৰু দ্য ব্ৰাডাৰছ্ কাৰাম'জ'ভ (১৮৮০) প্ৰধান। তেওঁৰ সৃষ্টিৰাজীৰ সুবিশাল ভাণ্ডাৰটো সমৃদ্ধ হৈছে এঘাৰখন উপন্যাস, তিনিখন উপন্যাসিকা, সোতৰটা চুটি গল্পকে ধৰি অলেখ সৰু-বৰ সৃষ্টিৰ দ্বাৰা। সাহিত্যৰ বহু সমালোচকে তেওঁক বিশ্ব-সাহিত্যৰ এগৰাকী মহান মনোবিজ্ঞানী হিচাপে আখ্যা দিয়ে।[4] ১৮৬৪ চনত তেওঁ লিখা উপন্যাসিকা ন'টছ ফ্ৰম আণ্ডাৰগ্ৰাউণ্ডক "অস্তিত্ববাদ-সাহিত্য"ৰ (existentialism) এক উল্লেখযোগ্য কৰ্ম হিচাপে বিবেচনা কৰা হয়।[5]
শৈশৱ আৰু শিক্ষা
[সম্পাদনা কৰক]ফিওদোৰ দস্তয়েভস্কিৰ জন্ম হৈছিল ১৮২১ চনৰ ১১ নৱেম্বৰত। তেওঁ আছিল ডা. মিখাইল দস্তয়েভস্কি আৰু মাৰিয়া দস্তয়েভস্কিৰ দ্বিতীয়টি সন্তান। জন্মতে তেওঁৰ নাম ৰখা হৈছিল নেখায়েভা। মস্কোৰ প্ৰান্তত অৱস্থিত এখন নিম্ন শ্ৰেণীৰ জিলাত থকা মেৰিনস্কি হাস্পতালৰ পাৰিবাৰিক-গৃহত তেওঁৰ লালিত-পালিত হৈছিল। [6] দস্তয়েভস্কিক খুব কম বয়সতে সাহিত্যৰ লগত পৰিচিত হৈছিল। তিনিবছৰ বয়সৰ পৰাই তেওঁ বীৰ-বীৰাংগনাৰ কল্পকথা, পৰীৰ সাধু আদি আইতাকৰ জৰিয়তে শুনিবলৈ পাইছিল। তেওঁৰ আইতাকৰ নাম আছিল এলেনা ফ্ৰিল'ভনা। এইগৰাকী নাৰীয়েই দস্তয়েভস্কিক শৈশৱকালক প্ৰভাৱান্বিত কৰাৰ উপৰিও তেওঁৰ মনত কল্পনাপ্ৰসূত কাহিনীৰ প্ৰতি অনুৰাগৰ জন্ম দিছিল। [7] চাৰি বছৰ বয়সত তেওঁৰ মাতৃয়ে বাইবেলখন ব্যৱহাৰ কৰি দস্তয়েভস্কিক পঢ়িবলৈ আৰু লিখিবলৈ শিকাইছিল। দস্তয়েভস্কিৰ পিতৃ-মাতৃয়ে তেওঁক সাহিত্যৰ বিশাল জগতখনৰ লগত পৰিচয় কৰাই দিছিল। বিভিন্ন ৰাছিয়া লেখক-সাহিত্যিক যেনে-নিকোলাই কাৰামজিন, আলেক্সজেণ্ডাৰ পুছকিন আৰু গেভ্ৰিলা ডাৰ্জহাভিনৰ সাহিত্যিক কৰ্ম, ৰোমাণ্টিক কৰ্মৰাজিৰে সুখ্যাতি অৰ্জন কৰা ফ্ৰেডৰিখ স্কিলাৰ আৰু জোহান ওল্ফগেংগ, কাৰভেণ্টেছ আৰু ৱাল্টাৰ স্কটৰ দ্বাৰা ৰচিত বীৰত্বপূৰ্ণ গাঁথাৰ লগত তেওঁৰ চিনাকি হৈছিল। [8][9]
দস্তয়েভস্কিৰ শাৰীৰিক গঠন লেহুকা আছিল যদিও তেওঁৰ পিতৃ-মাতৃয়ে তেওঁক এজন উগ্ৰ স্বভাৱৰ, আঁকোৰগোজ আৰু উদ্ধত বুলিহে আখ্যায়িত কৰিছিল। [10] ১৮৩৩ চনত দেউতাকে দস্তয়েভস্কিক ফৰাচী বোৰ্ডিং স্কুললৈ পঠিয়াই দিছিল আৰু তাৰপিছত ছাৰমাৰ্ক বোৰ্ডিং স্কুললৈ প্ৰেৰণ কৰিছিল। তেওঁক কোৱা হৈছিল এজন শেঁতা, অন্তৰ্মুখী সপোন-দেখোঁতা আৰু অত্যুৎসাহী ৰোমাণ্টিক। [11] বিদ্যালয়ৰ মাননি দিবলৈ তেওঁৰ দেউতাকে টকা ধাৰ কৰিছিল আৰু নিজৰ ব্যক্তিগত চিকিৎসা-সেৱা সম্প্ৰসাৰিত কৰিছিল। মস্কোৰ বিদ্যালয়ত দস্তয়েভস্কিৰ সংগীসকল অত্যন্ত আধিপত্য ঘৰৰ আছিল, যিটো কথাই দস্তয়েভস্কিক প্ৰভাৱান্বিত কৰিছিল আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁৰ একাংশ সাহিত্য-কৰ্ম যেনে-"দ্য ৰ য়ুথ"ত তাৰ প্ৰতিফলন দেখা গৈছিল। [12][9] দস্তয়েভস্কিক এগৰাকী সামৰিক জোৱান হব'লৈহে প্ৰচেষ্টা গ্ৰহণ কৰা হৈছিল। কিন্তু তেওঁ সেইটো পছন্দ কৰা নাছিল আৰু শেষমুহূৰ্তত সাহিত্যিক-কৰ্মত মনোনিৱেশ কৰিছিল।[13]
কৰ্মজীৱন
[সম্পাদনা কৰক]
ফিওদোৰ দস্তয়েভস্কিয়ে তেওঁৰ প্ৰথমখন উপন্যাস "পৌৰ ফ'ক" ১৮৪৫ চনৰ মে' মাহত সমাপ্ত কৰে। তেওঁৰ বন্ধু ডিমিট্ৰি গ্ৰিগৰিভিছে উপন্যাসৰ পাণ্ডুলিপিটো নি সেইসময়ৰ কবি নিকোলাই নেক্ৰাছ'ভক দেখুয়ায়। কবিয়ে আকৌ সেইখন নি সেইসময়ৰ প্ৰভাৱশালী সাহিত্য-সমালোচক ভ্ৰিচৰিয়ান বেলিনস্কিক দেখুয়ায়। বেলিন্সকিয়ে উপন্যাসখনক ৰাছিয়াৰ প্ৰথম সামাজিক উপন্যাস বুলি অভিহিত কৰে। ১৮৪৬ চনৰ ১৫ জানুৱাৰীত "ছেইণ্ট পিটাৰ্ছবাৰ্গ কালকেছন"ত প্ৰকাশিত হয় আৰু ব্যৱসায়িক দিশতো সফলতা অৰ্জন কৰে। [14][15]
ফিওদোৰ দস্তয়েভস্কিয়ে ভাবিছিল যে সামৰিক বাহিনীত কৰি থকা চাকৰিটোৱে তেওঁৰ সদ্য-উদ্ভাসিত সাহিত্যিক জীৱনটোলৈ বিপদ মাতি আনিব। সেইকাৰণে তেওঁ চাকৰিৰ পৰা অৱসৰ বিচাৰি চিঠি লিখিলে। তাৰ ঠিক কেইদিনৰ পাছতেই তেওঁ দ্বিতীয়খন উপন্যাস "দ্য ডাবল" লিখি উলিয়ায়, যিখন ১৮৪৬ চনৰ ৩০ জানুৱাৰীত "ন'টছ অন দ্য ফাডাৰলেণ্ড" পত্ৰিকাত প্ৰকাশিত হৈছিল। বেলিনস্কিৰ সান্নিধ্যত থকাৰ ফলত ফিওদোৰ দস্তয়েভস্কিৰ সামাজিক দৰ্শন সম্পৰ্কে জ্ঞান বৃদ্ধি হৈছিল। তেওঁক বেলনস্কিৰ যুক্তিবাদ, ন্যায়সংগত চিন্তাই আকৰ্ষিত কৰিছিল। কিন্তু শেষলৈ দস্তয়েভস্কি আৰু বেলনস্কিৰ মাজত ফাঁটৰ সৃষ্টি হ'ল। কাৰণ ফিওদোৰ দস্তয়েভস্কিয়ে প্ৰচলিত বিশ্বাসৰ প্ৰতি শ্ৰদ্ধাশীল আছিল আনহাতে বেলনস্কি আছিল নাস্তিক আৰু ধৰ্ম-বিৰোধী। [16][17]
"দ্য ডাবল" উপন্যাসখনক যদিও দস্তয়েভস্কিৰ অন্যতম উল্লেখযোগ্য সৃষ্টি বুলি গণ্য কৰা হয় যদিও উপন্যাসখনে আশানুৰূপ সাফল্য লাভ কৰিব নোৱাৰিলে। এই আশাভংগৰ বেদনাই সাহিত্যিক দস্তয়েভস্কিক মানসিক দিশত ক্ষতি কৰিলে। ১৮৪৬ চনৰ পৰা ১৮৪৯ চনলৈকে তেওঁৰ জীৱন-প্ৰৱাহ মোটামুটি অস্থিৰ আৰু বিশৃংখল হৈ থাকিল। তাৰ মাজতে ১৮৪৭ চনত তেওঁ চৰকাৰ-বিৰোধী এটা সংগঠন "পেট্ৰাছস্কি ছাৰ্কল"ত যোগদান কৰে। ১৮৪৯ চনত ইয়াৰ সদস্যসকলক গ্ৰেপ্তাৰ কৰা হ'ল। আঠটা মাহ কাৰাগাৰত কটোৱাৰ পিছত দস্তয়েভস্কিক মৃত্যুদণ্ডৰ আদেশ দিয়া হ'ল। পিছে বাস্তৱিকতে, এইটো আদেশ একপ্ৰকাৰৰ কৌতুকহে আছিল। তেওঁক চাৰিবছৰৰ কাৰাদণ্ড বিহা হৈছিল আৰু চাৰি বছৰৰ কাৰণে ৰাছিয়াৰ ছাইবেৰিয়াত সামৰিক বাহিনীত বলপূৰ্বক সেৱা আগবঢ়াবলৈ আদেশ দিয়া হৈছিল।[18]
সামৰিক বাহিনীত থকাৰ কালতেই ১৮৫৭ চনৰ ৭ ফেব্ৰুৱাৰীত মাৰিয়া ডিমিট্ৰিয়েভনাৰ লগত দস্তয়েভস্কি বৈবাহিক-বান্ধোনত বান্ধ খায়। তেওঁলোকৰ বৈবাহিক জীৱনৰ বাটচোৱা বৰ মসৃণ নাছিল আৰু দুয়ো প্ৰায়েই আঁতৰি-আঁতৰি থাকিছিল। [19] অসুস্থ দেহাৰ বাবে ১৮৫৯ চনত থিওদৰক সামৰিক বাহিনীৰ সেৱাৰ পৰা মুক্তি দিয়া হয় আৰু ৰাছিয়ালৈ যাবলৈ অনুমতি দিয়া হয়। [20][21] ১৮৬৪ চনত তেওঁৰ পত্নী মাৰিয়া আৰু তেওঁৰ ভায়েক মিখাইলৰ মৃত্যু হয়। ফলত দস্তয়েভস্কি তেওঁলোকৰ তুলনীয়া পুত্ৰ পাশাৰ একমাত্ৰ অভিভাৱক আৰু ভ্ৰা্তৃৰ পৰিয়ালটোৰ একমাত্ৰ পৰিচৰ্যাকাৰী হৈ পৰে। [22][23]
"ক্ৰাইম এণ্ড পানিছমেণ্ট"ৰ প্ৰথম দুটা খণ্ড যথাক্ৰমে ১৮৬৬ চনৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰীত "দ্য ৰাছিয়ান মেছেঞ্জাৰ"ত প্ৰকাশিত হয়। এই ৰচনাৰ প্ৰকাশে আলোচনীখনৰ সদস্য সংখ্যা বঢ়ায় আৰু ৫০০ জন নতুন সদস্যই আলোচনীখনৰ গ্ৰাহক হয়। [24][25]
সম্পাদক ফিওদৰ ষ্টেলোভস্কিক কথা দিয়া মতে দস্তয়েভস্কিয়ে তেওঁৰ নাতিদীৰ্ঘ উপন্যাস "দ্য গেম্বলাৰ"খন লিখি সোনকালে সমাপ্ত কৰিবলে আগবাঢ়ে। তাৰবাবে তেওঁৰ বন্ধু-ষ্টেন'গ্ৰাফাৰ পাভেল অলখিনৰ সহায় বিচাৰে আৰু বন্ধুৱে তেওঁৰ এগৰাকী ছাত্ৰী আন্না গ্ৰিগৰিয়েভনা স্নিটকিনাৰ লগত দস্তয়েভস্কিৰ পৰিচিতি কৰাই দিয়ে। স্নিটকিনাৰ সহযোগত দস্তয়েভস্কিয়ে ২৬ চিনৰ ভিতৰতে উপন্যাসখন লিখি উলিয়ায়। [26][27]

১৮৬৭ চনৰ ১৫ ফেব্ৰুৱাৰীত দস্তয়েভস্কিয়ে স্নিটকিনাক বিয়া পাতে।[28]
১৮৬৭ চনৰ ছেপ্টেম্বৰত দস্তয়েভস্কিয়ে "দ্য ইডিয়ট" শীৰ্ষক উপন্যাসখন লিখিবলৈ লয় আৰু কেৱল ২৩ দিনতে তেওঁ কিতাপখনৰ প্ৰথম এশটা পৃষ্ঠা লিখি উলিয়ায়। জানুৱাৰী, ১৮৬৮ চনৰ পৰা "দ্য ৰাছিয়ান মেছেঞ্জাৰ"ত উপন্যাসখন ধাৰাবাহিকভাৱে প্ৰকাশ পাবলৈ ধৰে।
১৮৬৮ চনত ৫ মাৰ্চত জেনেভাত তেওঁলোকৰ প্ৰথমটি সন্তান ছ'নিয়াই জন্মলাভ কৰে। কিন্তু তিনিমাহৰ পাছতেই কেঁচুৱাটিৰ নিউমনিয়াত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে। [29] ১৮৬৯ চনৰ জানুৱাৰীত "দ্য ইডিয়ট" শেষ হয় আৰু তাৰ অন্তিমটো খণ্ড ১৮৬৯ চনৰ ফেব্ৰুৱাৰীত "দ্য ৰাছিয়ান মেছেঞ্জাৰ"ত প্ৰকাশিত হয়। [30][31] তেওঁলোকৰ দ্বিতীয়টো সন্তান লিঅব'ভ দস্তয়েভস্কিৰ জন্ম হয় ১৮৬৯ চনৰ ২৬ ছেপ্টেম্বৰত, ড্ৰেছদনত। [32] তেওঁৰ অইন উল্লেখযোগ্য কৰ্মৰ ভিতৰত দ্য পছেছড আৰু দ্য ব্ৰাদাৰছ কাৰামাজ'ভ অন্যতম।[33]
মৃত্যু
[সম্পাদনা কৰক]
১৮৮১ চনৰ ২৮ জানুৱাৰীত মগজুৰ ৰক্তক্ষৰণ হৈ দস্তয়েভস্কিৰ ছেইণ্ট পিটাৰ্ছবাৰ্গত মৃত্যু হয়।[34]
তথ্য-সূত্ৰ
[সম্পাদনা কৰক]- ↑ Jones, Daniel (2011), "Dostoievski, Dostoevsky", Cambridge English Pronouncing Dictionary (Cambridge University Press), ISBN 978-0-521-15255-6
- ↑ "Dostoevsky". Random House Webster's Unabridged Dictionary.
- ↑ Morson, Gary Saul (7 November 2024). "Fyodor Dostoyevsky". Encyclopædia Britannica. Retrieved 29 November 2024.
- ↑ Scanlan, James Patrick (2002). Dostoevsky the Thinker: A Philosophical Study. Cornell University Press. ISBN 978-0-8014-3994-0. http://ndpr.nd.edu/news/23116-dostoevsky-the-thinker/.
- ↑ http://international.ucla.edu/institute/article/90377
- ↑ Bloom 2004, পৃষ্ঠা. 9.
- ↑ Leatherbarrow 2002, পৃষ্ঠা. 23.
- ↑ Kjetsaa 1989, পৃষ্ঠা. 6–11.
- 1 2 Frank 1979, পৃষ্ঠা. 23–54.
- ↑ Kjetsaa 1989, পৃষ্ঠা. 6.
- ↑ Kjetsaa 1989, পৃষ্ঠা. 39.
- ↑ Kjetsaa 1989, পৃষ্ঠা. 14–15.
- ↑ http://www.notablebiographies.com/De-Du/Dostoevsky-Fyodor.html
- ↑ Frank 1979, পৃষ্ঠা. 113–57.
- ↑ Kjetsaa 1989, পৃষ্ঠা. 42–49.
- ↑ Frank 1979, পৃষ্ঠা. 159–82.
- ↑ Kjetsaa 1989, পৃষ্ঠা. 53–55.
- ↑ https://www.notablebiographies.com/De-Du/Dostoevsky-Fyodor.html
- ↑ Sekirin 1997, পৃষ্ঠা. 168.
- ↑ Frank 1987, পৃষ্ঠা. 175–221.
- ↑ Kjetsaa 1989, পৃষ্ঠা. 115–63.
- ↑ Frank 1988, পৃষ্ঠা. 197–211, 283–94, 248–365.
- ↑ Kjetsaa 1989, পৃষ্ঠা. 151–75.
- ↑ Frank 2009, পৃষ্ঠা. 462.
- ↑ Leatherbarrow 2002, পৃষ্ঠা. 83.
- ↑ Frank 1997, পৃষ্ঠা. 42–183.
- ↑ Kjetsaa 1989, পৃষ্ঠা. 162–96.
- ↑ Moss, Walter G. (2002) (en ভাষাত). Russia in the Age of Alexander II, Tolstoy and Dostoevsky. Anthem Press. পৃষ্ঠা. 128–33. ISBN 978-0-85728-763-2. https://books.google.com/?id=PS3_6phMOS0C&printsec=frontcover&dq=russia+in+the+age+of+alexander+II#v=onepage&q=baden%20baden%20turgenev&f=false.
- ↑ Kjetsaa 1989, পৃষ্ঠা. 219.
- ↑ Frank 1997, পৃষ্ঠা. 151–363.
- ↑ Kjetsaa 1989, পৃষ্ঠা. 201–37.
- ↑ Frank 2003, পৃষ্ঠা. 639.
- ↑ http://www.notablebiographies.com/De-Du/Dostoevsky-Fyodor.html
- ↑ http://www.britannica.com/biography/Fyodor-Dostoyevsky/The-Brothers-Karamazov
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত ফিওদোৰ দস্তয়েভস্কি সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- ফিওদোৰ দস্তয়েভস্কি সম্পৰ্কে লিখা তথ্য এনচাইক্লপেডিয়া ব্ৰিটেনিকাত পঢ়ক
- The complete works of Fyodor Dostoyevsky – Free public domain English e-books in PDF format at HolyBooks.com
- The complete works of Fyodor Dostoyevsky ৰুছ – the online published bibliography in its original language
- International Dostoevsky Society – a network of scholars dedicated to studying the life and works of Fyodor Dostoevsky
- The Complete Works of Fyodor Dostoyevsky eBook in Mobi and ePub format at Delphi Classics
- FyodorDostoevsky.com – discussion forums, essays, quotes, photos, biography of the author
- The complete journalistic works[সংযোগবিহীন উৎস] ৰুছ – an online archive maintained by the Department of Russian Literature and Journalism (Faculty of Philology) at PetrSU
- Dostoevsky's family tree
- Map of Dostoevsky's places in Saint-Petersburg
- Fyodor Dostoyevsky-ৰ সাহিত্যকৰ্ম আৰু ৰচনাৱলী - গুটেনবাৰ্গ প্ৰকল্প
- Works by or about ফিওদোৰ দস্তয়েভস্কি at Internet Archive
- Works by ফিওদোৰ দস্তয়েভস্কি at LibriVox (public domain audiobooks)

- Fyodor Dostoyevsky collection at One More Library
- Fyodor Dostoevsky at the Internet Book List
- Dostoevsky, Fyodor (8 June 2016). A Novel in Nine Letters. http://www.shortstoryproject.com/a-novel-in-nine-letters/. Also available in the original Russian.
- Dostoevsky, Fyodor (4 March 2017). The Dream of a Ridiculous Man. https://www.shortstoryproject.com/dream-ridiculous-man/.
- Places of Fyodor Dostoevsky in Saint Petersburg
- ↑ UK: /ˌdɒstɔɪˈɛfski/ dost-oy-ef-skee,[1] US: /ˌdɒstəˈjɛfski, ˌdʌst-/ DOST-ə-YEF-skee-,_;[2] ৰুছ: Фёдор Михайлович Достоевский; IPA: [ˈfʲɵdər mʲɪˈxajləvʲɪdʑ‿dəstɐˈjefskʲɪj] (
শুনক). - ↑ সাঁচ:Family name explanation Dostoevsky's name has been variously transcribed into English, his first name sometimes being rendered as Theodore or Fedor and his last name as Dostoyevsky.
Before the postrevolutionary orthographic reform which, among other things, replaced the Cyrillic letter Ѳ with Ф, his name was written Ѳедоръ Михайловичъ Достоевскій.
<ref> টেগ্সমূহ "টোকা" নামৰ এটা গোটৰ বাবে আছে, কিন্তু তাৰ <references group="টোকা"/> টেগ্ পোৱা নগ'ল