কৃশাঙ্গী বান্দৰ
কৃশাঙ্গী বান্দৰ (Gray slender loris)[1] | |
---|---|
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Mammalia |
বৰ্গ: | Primates |
পৰিয়াল: | Lorisidae |
গণ: | Loris |
প্ৰজাতি: | L. lydekkerianus |
বৈজ্ঞানিক নাম | |
Loris lydekkerianus Cabrera, 1908 | |
Subspecies | |
L. l. lydekkerianus (Cabrera, 1908) | |
কৃশাঙ্গী বান্দৰৰ বিতৰণ |
কৃশাঙ্গী বান্দৰ (ইংৰাজী: Gray Slender Loris) ভৌগোলিকভাৱে পৃথক লাজুকী বান্দৰৰ সমগোত্ৰীয় এবিধ বান্দৰ প্ৰজাতি৷
বিতৰণ
[সম্পাদনা কৰক]ই দক্ষিণ ভাৰত তথা শ্ৰীলংকাৰ মুকলি কাঁইটীয়া হাবি, পৰ্ণপাতী তথা চিৰসেউজীয়া অৰণ্যত বাস কৰে৷ ইয়াক Loris tardigradus lydekkerianus হিচাপে পূৰ্বতে গণ্য কৰা হৈছিল যদিও Loris tardigradus বৰ্তমান শ্ৰীলংকাত পোৱা এটা সম্পূৰ্ণ পৃথক প্ৰজাতি৷ এই প্ৰজাতিটো শেহতীয়াকৈ ভৌগোলিকভাৱে পৃথক কেইবাটাও উপ-প্ৰজাতিত ভাগ কৰা হৈছে৷ [3] ভাৰতবৰ্ষত পোৱা উপ-প্ৰজাতি দুটা হৈছে-
- মালাবাৰ কৃশাংঙ্গী বান্দৰ (Malabar gray slender loris, Loris lydekkerianus malabaricus)- দাক্ষিণাত্যত পোৱা যায়৷
- মাইছোৰ কৃশাংঙ্গী বান্দৰ (Mysore gray slender loris, Loris lydekkerianus lydekkerianus) – মাইছোৰ তথা তামিলনাডুত পোৱা যায় [4]
দৈহিক গঠন
[সম্পাদনা কৰক]লাজুকী বান্দৰতকৈ এই প্ৰজাতিৰ দেহৰ নোম কম আৰু মূৰৰ আগৰ পৰা পিঠিৰ ফাললৈ থকা আঁচডাল পাতলীয়া৷ মতা-মাইকীৰ মাজত আকৃতিগত পাৰ্থক্য নাই যদিও আকাৰত মতাবোৰ কিছু ডাঙৰ হয় ৷ কৃশাঙ্গী বান্দৰ্ৰ দেহৰ দৈৰ্ঘ্য ২০-২৫ ছে: মি: , দেহৰ ওজন ১২৫-৩৪০ গ্ৰাম৷
আচৰণ
[সম্পাদনা কৰক]এই জন্তু বিধে দিনৰ ভাগত গছৰ খোৰোঙত বা পাতৰ আঁৰত লুকাই শুই থাকে আৰু ৰাতিৰ ভাগত খাদ্যৰ সন্ধানত ওলাই আহে৷ মূলত: পোক-পৰুৱা খাই জীয়াই থাকে৷ সাধাৰণতে আকলশৰে বা কেতিয়াবা যোৰ পাতি থকা দেখা যায়৷ সচৰাচৰ দল বান্ধি থকা দেখা নাযায়৷ [5][6]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Groves, C. (2005). Wilson, D. E., & Reeder, D. M, eds. ed. Mammal Species of the World (3rd সম্পাদনা). প্ৰকাশক Baltimore: Johns Hopkins University Press. পৃষ্ঠা. 122. ISBN 0-801-88221-4. OCLC 62265494. http://www.bucknell.edu/msw3.
- ↑ Nekaris, A., Singh, M. & Kumar Chhangani, A. (2008). Loris lydekkerianus. In: IUCN 2008. IUCN Red List of Threatened Species. Downloaded on 1 January 2009.
- ↑ Perera, M. Sandun J. (2008). "A Review of the Distribution of Grey Slender Loris (Loris lydekkerianus) in Sri Lanka" (PDF). Primate Conservation খণ্ড 23: 89–96. doi:10.1896/052.023.0110. Archived from the original on 2009-02-05. https://web.archive.org/web/20090205164237/http://primate-sg.org/PDF/PC23.lydekkerianus.distribution.V2.pdf। আহৰণ কৰা হৈছে: 2012-02-20.
- ↑ Singh, M., Lindburg, D.G., Udhayan, A., Kumar, M.A., and Kumara, H.N. 1999. Status survey of slender loris Loris tardigradus lydekkerianus in Dindigul, Tamil Nadu, India. Oryx 33(1):31-37.
- ↑ Ramakrishna, Sindhu ; Singh Mewa ; (2002) Home range and ranging pattern in the slender loris (Loris tardigradus lydekkerianus). Primates 43(3):237-248
- ↑ Sindhu Radhakrishna, Mewa Singha (2002) Social Behaviour of the Slender Loris (Loris tardigradus lydekkerianus). Folia Primatologica 73(4):181-196 DOI: 10.1159/000065426 PDF[সংযোগবিহীন উৎস]