সমললৈ যাওক

মাঘী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Maghiৰ পৰা পুনঃনিৰ্দেশিত)
মাঘী
পালন কৰে পঞ্জাব, হাৰিয়ানা আৰু হিমাচল প্ৰদেশৰ হিন্দু আৰু শিখসকল
প্ৰকাৰ ধৰ্মীয় আৰু সংস্কৃতিক
মহত্ব কৃষিভিত্তিক উৎসৱ, উত্তৰায়ন
আৰম্ভ হয় পহিলা মাঘ (হিন্দু দিনপঞ্জী অনুসৰি)
উদযাপন ৰীতিগত স্নান, মাদ্ৰিচন পূজা, মচন্ত, পৰম্পৰাগত খাদ্য গ্ৰহণ
সম্পৰ্কিত মকৰ সংক্ৰান্তি
সংঘটন বাৰ্ষিক

মাঘী (ইংৰাজী: Maghi) ভাৰতৰ পঞ্জাব, হাৰিয়ানা আৰু হিমাচল প্ৰদেশত উদযাপন কৰা মকৰ সংক্ৰান্তি হিন্দু উৎসৱৰ আঞ্চলিক নাম। হিমাচলত এই উৎসৱক 'মাঘী সাজি'[1][2] বা 'মাঘ ৰা সাজা' বুলিও কোৱা হয়।[3] হিন্দু দিনপঞ্জী অনুসৰি মাঘৰ প্ৰথম দিনা মাঘী উদযাপন কৰা হয়। ই জনপ্ৰিয় শীতকালীন লোক উৎসৱ লহৰীক অনুসৰণ কৰে। লহৰীৰ পিছদিনা ৰাতিপুৱা হিন্দুসকলে পুখুৰী আৰু নদীত পবিত্ৰ ডুব দিয়াটো এক শুভ অনুষ্ঠান হিচাপে পালন কৰে।[4]

হিন্দু ধৰ্মত মাঘী

[সম্পাদনা কৰক]

ভাৰতীয় উপমহাদেশৰ অন্যান্য অংশত হিন্দুসকলে মকৰ সংক্ৰান্তি বিভিন্ন নামেৰে উদযাপন কৰে। এই উৎসৱ বিক্ৰম সংবৎ অনুসৰি মাঘ মাহৰ প্ৰথম দিনা পালন কৰা হয়। মাঘী উৎসৱৰ তাৎপৰ্য হৈছে এইদিনা সূৰ্যই মকৰ ৰাশিত প্ৰৱেশ কৰে। ইয়াৰ লগে লগে সূৰ্যৰ উত্তৰায়ন আৰম্ভ হয়। এইদিনা হিন্দুসকলে গংগাত স্নান কৰে বা যদি সেৱা সম্ভৱ নহয় আন কোনো নদী বা পুখুৰীত পৱিত্ৰ স্নান কৰে।[5]উত্তৰ ভাৰতলহৰী উৎসৱৰ পিছদিনা অনুষ্ঠিত হয় হয় আৰু বিশেষকৈ পঞ্জাব অঞ্চলত বেছি জনপ্ৰিয়।[5]

হিমাচল প্ৰদেশ

[সম্পাদনা কৰক]

মাঘীক হিমাচল প্ৰদেশৰ কিছুমান অংশত মাঘ ৰা সাজা বুলি কোৱা হয়। যিহেতু মাঘ পাহাৰৰ আটাইতকৈ ঠাণ্ডা মাহ সেয়ে এই সময়ত কৃষি বহুপৰিমাণে স্থিমিত হৈ পৰে। হিন্দুসকলে এই মাহ অগ্নি দেৱতাৰ উপাসনালৈ উৎসৰ্গা কৰে। হিমাচলৰ গাওঁবোৰত লহৰীৰ ৰাতিও মাঘী উদযাপনৰ এক গুৰুত্বপূৰ্ণ অংশ। সাধাৰণতে এইদিনাক মচন্ত বুলি কোৱা হয়। মাঘী সম্পৰ্কীয় আন এটা ৰীতি হৈছে মাদ্ৰিচন পূজা। এই পূজা উপলক্ষে ঘৰ-দুৱাৰবোৰ পৰিষ্কাৰ কৰা হয় আৰু বিভিন্ন ধৰণে সজোৱা হয়।[6]

শিখ ধৰ্মত মাঘী

[সম্পাদনা কৰক]

শিখসকলৰ বাবে মাঘী চল্লিশগৰাকী শিখ শ্বহীদৰ স্মৃতিত অনুষ্ঠিত সমাবেশ। তেওঁলোক শিখ ধৰ্মৰ দশম তথা অন্তিম মানৱ গুৰু গোবিন্দ সিঙে আনন্দপুৰ চাহিবত পৰিত্যাগ কৰিছিল। কিন্তু পিছত তেওঁলোক গুৰুৰ শৰণণাপন্ন হয়। আৰু ১৭০৫ চনত ৱাজিৰ খানৰ নেতৃত্বত মোগল সাম্ৰাজ্য সেনাৰ সৈতে যুদ্ধত শ্বহীদ হয়।[7] শিখসকলে যুদ্ধৰ স্থানলৈ তীৰ্থযাত্ৰা কৰে আৰু মুক্তচৰৰ পৱিত্ৰ পানীৰ পুখুৰীত ডুব লগায়।[8][9]

চল্লিশ গৰাকী শিখ শ্বহীদসকলৰ স্মৃতিত প্ৰতি বছৰে মুক্তচৰ চাহিবত এখন মেলা অনুষ্ঠিত হয়। এই মেলাক মেলা মাঘী বুলি কোৱা হয়।[10] দশম গুৰুৰ সুৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া শিখ শ্বহীদসকলক স্মৰণ কৰিবলৈ এই পৰম্পৰা আৰম্ভ হোৱাৰ আগতে উৎসৱটো শিখ ধৰ্মৰ তৃতীয় গুৰু অমৰ দাসে পালন আৰু উল্লেখ আছে।[11]

সাংস্কৃতিক উদযাপন

[সম্পাদনা কৰক]
মাঘী উপলক্ষে প্ৰস্তুত কৰা ধিকৰি থাৰু নামৰ পিঠা

পঞ্জাবত মানুহে খীৰ খাই মাঘী উদযাপন কৰে। এইদিনা 'ৰৌহ দি খীৰ' নামৰ পাৰম্পৰিক ব্যঞ্জন খোৱা নিয়ম। এই খীৰ কুঁহিয়াৰ ৰসত চাউল সিজাই প্ৰস্তুত কৰা হয়। এই ব্যঞ্জন মাঘীৰ আগদিনা সন্ধিয়া প্ৰস্তুত কৰা হয় আৰু ঠাণ্ডাকৈ ৰখা হয়। ইয়াক পৰৱৰ্তী ৰাতিপুৱা মাঘীত ৰঙা জলকীয়া মিশ্ৰিত দৈৰে ঠাণ্ডাকৈ পৰিৱেশন কৰা হয়।[12] ভাৰতৰ পঞ্জাবৰ কিছুমান অংশত মছুৰ দাইলৰ সৈতে মিহলি কৰি খিছিৰি খোৱা হয়। এইদিনা কুঁহিয়াৰ আৰু গুৰ খোৱা অন্যতম পুৰণি পৰম্পৰা।[13][14] মাঘীৰ দিনা পঞ্জাবৰ বহুঠাইত মেলা অনুষ্ঠিত হয়।[15]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. Sharma, Dheeraj; Exclusive, Exams (2019-01-28) (en ভাষাত). PIB Summary 2018 Exams Exclusive. DHEERAJ SHARMA. https://books.google.com/books?id=SnuGDwAAQBAJ&q=%E0%A4%AE%E0%A4%BE%E0%A4%98%E0%A5%80+%E0%A4%B8%E0%A4%BE%E0%A4%9C%E0%A5%80&pg=PA28. 
  2. (hi ভাষাত) Somasī. Himācala Kalā-Samskr̥ti-Bhāshā Akādamī.. 1991. https://books.google.com/books?id=Jtm1AAAAIAAJ&q=%E0%A4%AE%E0%A4%BE%E0%A4%98%E0%A5%80+%E0%A4%B8%E0%A4%BE%E0%A4%9C%E0%A5%80. 
  3. Singh, Manoj (2018-01-01) (hi ভাষাত). Vaidik Sanatan Hindutva. Prabhat Prakashan. ISBN 978-93-5266-687-4. https://books.google.com/books?id=a2BgDwAAQBAJ&q=Maghi+Makar+Sankranti&pg=PT111. 
  4. Melton, J. Gordon; Baumann, Martin (2010-09-21) (en ভাষাত). Religions of the World: A Comprehensive Encyclopedia of Beliefs and Practices, 2nd Edition [6 volumes]. ABC-CLIO. ISBN 978-1-59884-204-3. https://books.google.com/books?id=v2yiyLLOj88C&pg=PA1769. 
  5. 5.0 5.1 Census of India, 1961: Punjab. Managher of Publications
  6. Thakur, Molu Ram (1997) (en ভাষাত). Myths, Rituals, and Beliefs in Himachal Pradesh. Indus Publishing. ISBN 978-81-7387-071-2. https://books.google.com/books?id=JH-gI4ncuZ4C&q=Maghi+himachal&pg=PA167. 
  7. J. Gordon Melton; Martin Baumann (2010). Religions of the World: A Comprehensive Encyclopedia of Beliefs and Practices, 2nd Edition. ABC-CLIO. পৃষ্ঠা. 1769. ISBN 978-1-59884-204-3. https://books.google.com/books?id=v2yiyLLOj88C&pg=PA1769. 
  8. Business Standard 14 January 2015
  9. [1] Tony Jaques (2007) Dictionary of Battles and Sieges: F-O. Greenwood Publishing Co.
  10. Fenech, E. Louis; Mcleod, H. W. (11 June 2014). Historical Dictionary of Sikhism. Rowman & Littlefield. পৃষ্ঠা. 65. ISBN 978-1-4422-3601-1. https://books.google.com/books?id=xajcAwAAQBAJ&pg=PA65. 
  11. Jawandha, Major Nahar Singh (1 January 2010). Glimpses of Sikhism. Sanbun Publishers. ISBN 9789380213255. https://books.google.com/books?id=DQeKTUXphPMC&q=guru+amar+das+maghi&pg=PA29। আহৰণ কৰা হৈছে: 14 September 2016. 
  12. 'Rauh di kheer’ is the people’s favourite. The Tribune. (14.01.2017 )accessed 15.01.2017 [2][সংযোগবিহীন উৎস]
  13. Thakur, Molu Ram (1997) (en ভাষাত). Myths, Rituals, and Beliefs in Himachal Pradesh. Indus Publishing. ISBN 978-81-7387-071-2. https://books.google.com/books?id=JH-gI4ncuZ4C&q=Maghi+himachal&pg=PA167. 
  14. Sundar mundarye ho by Assa Singh Ghuman Waris Shah Foundation ISBN B1-7856-043-7
  15. Sekhon, Iqbal S. The Punjabis. 2. Religion, society and culture of the Punjabis. Cosmos (2000) [3]