সমললৈ যাওক

বিক্ৰম সংবৎ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উজ্জৈনত অৱস্থিত ৰজা বিক্ৰমাদিত্যৰ মূৰ্তি

বিক্ৰম সংবৎ বা বিক্ৰমী (ইংৰাজী: Vikram Samvat) ভাৰতীয় উপমহাদেশত প্ৰচলিত হিন্দু দিনপঞ্জী। ই নেপালৰ চৰকাৰী দিনপঞ্জী। ভাৰতৰ কেইবাখনো ৰাজ্যত বিক্ৰম সংবৎক সাংস্কৃতিক আৰু আধিকাৰীক দিনপঞ্জীৰ মৰ্যাদা দিয়া হয়।[1][2] ইযাৰ বৰ্ষগণনা সৌৰ নাক্ষত্ৰ বৰ্ষৰ ভিত্তিত কৰা হয়। খ্ৰীষ্টপূৰ্ব ৫৭ ৰ পৰা বিক্ৰম সংবৎ আৰম্ভ হৈছিল। উজ্জয়িনী নগৰীৰ চন্দ্ৰবংশীয় ৰজা বিক্ৰমাদিত্যয়ে শকসকলক পৰাস্ত কৰি খ্ৰীষ্টপূৰ্ব ৫৬ত চন্দ্ৰমাহ ভিত্তিত বিক্ৰম সংবৎ আৰম্ভ কৰিছিল। বিক্ৰম সংবৎ গ্ৰেগৰিয়ান বৰ্ষপঞ্জীতকৈ ৫৬.৭ বছৰ আগবঢ়া। ইয়াত সূৰ্যসিদ্ধান্ত মতে চন্দ্ৰমাহৰ তিথি,দিন-বাৰ আদি গণনা কৰা হয়।

বিক্ৰম সংবৎ গুজৰাটত কাৰ্তিক মাহৰ শুক্লা প্ৰতিপদপদ আৰু উত্তৰ ভাৰতৰ চৈত্ৰ মাহৰ শুক্লা প্ৰতিপদৰ নৱবৰ্ষ আৰম্ভ হয়। বাৰ মাহত এক বছৰ আৰু সাত দিনৰ এক সপ্তাহ থকাৰ প্ৰক্ৰিয়া বিক্ৰম সংবৎৰ সৈতে আৰম্ভ হৈছিল। মাহসমূহ সূৰ্য আৰু চন্দ্ৰৰ গতিৰ ওপৰত নিৰ্ভৰ কৰে। বাৰটা ৰাশি হৈছে বাৰটা সৌৰ মাহ। যিদিনা সূৰ্য এটা ৰাশিত প্ৰৱেশ কৰে সেইদিনা সংক্ৰান্তি হিচাপে ধৰা হয়। পূৰ্ণিমাৰ দিনা চন্দ্ৰ যিটো নক্ষত্ৰত পৰে তাৰ আধাৰত মাহৰ নামকৰণ কৰা হৈছে। চন্দ্ৰমাহৰ ওপৰত আধাৰিত বছৰ সৌৰ বছৰতকৈ ৩ দিন, ৪৮ মুহূৰ্ত চুটি। সেয়েহে প্ৰতি ৩ বছৰত অন্তত ১টা মাহ অতিৰিক্ত ভাবে যোগ দিয়া হয়। ইয়াকে অধিমাহ বোলে। নৱবৰ্ষ আৰম্ভ হোৱাৰ দিন অনুসৰি বছৰৰ ৰজা নিৰ্ধাৰণ কৰা হয়। উদাহৰণ স্বৰূপে, বিক্ৰম সংবৎ ২০৭৫ ৰ চনৰ প্ৰথম দিন দেওবাৰত পৰা বাবে সেই বৰ্ষৰ ৰজা সূৰ্য।

প্ৰাচীন আৰু মধ্যযুগৰ বহু শিলালিপিত বিক্ৰম সংবৎৰ ব্যৱহাৰ পোৱা গৈছে। যদিও ইয়াক কিংবদন্তি ৰজা বিক্ৰমাদিত্যৰ নামেৰে নামাকৰণ কৰা হৈছিল, 'বিক্ৰম সংবৎ' শব্দটো নৱম শতিকাৰ আগলৈকে কোনো ঐতিহাসিক সমলত পোৱা নাই। একেটা কেলেণ্ডাৰ প্ৰণালী অন্যান্য নাম যেনে ক্ৰিতা আৰু মালাভা নামেৰে পোৱা গৈছে।[3] ঔপনিৱেশিক কালত বিক্ৰম সংবৎ ৰজা বিক্ৰমাদিত্যয়ে উজ্জৈনৰ পৰা শকসকলক খেদি পঠিওৱাৰ স্মৃতিত আধাৰিত বুলি বিশ্বাস কৰা হৈছিল। অৱশ্যে পৰৱৰ্তী সময়ৰ লিপিসমূহৰ আধাৰত পণ্ডিত সকলে এনে ঘটনাৰ ঐতিহাসিক প্ৰমাণ নাই বুলি মত পোষণ কৰে। নৱম শতিকাৰ লিপিসমূহৰ শিল্পকৰ্মত বিক্ৰম সংবৎ ব্যৱহাৰ কৰিবলৈ আৰম্ভ হয়। এইসময়ত হিন্দু দিনপঞ্জী হিচাপে ই জনপ্ৰিয়তা অৰ্জন কৰিছিল। বৌদ্ধ আৰু জৈন লিপিসমূহত গৌতম বুদ্ধ বা মহাবীৰ ওপৰত আধাৰিত দিনপঞ্জী ব্যৱহাৰ কৰিছিল।[4]

মাহ তালিকা

[সম্পাদনা কৰক]
নং মাহ (বিক্ৰম সংবৎ) মাহ (অসমীয়া সমতুল্য) দৈৰ্ঘ গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি মাহৰ আৰম্ভকাল ক্ৰান্তীয় ৰাশিত (Tropical zodiac) সূৰ্য
চৈত্ৰচ'ত৩০ দিন (অধিবৰ্ষত ৩১ দিন)২২ মাৰ্চ (অধিবৰ্ষত ২১ মাৰ্চ)মেষ
বৈশাখব'হাগ৩১ দিন২১ এপ্ৰিলবৃষ
জ্যৈষ্ঠজেঠ৩১ দিন২২ মে'মিথুন
আষাঢ়আহাৰ৩১ দিন২২ জুনকৰ্কট
শ্ৰাৱণশাওন৩১ দিন২৩ জুলাইসিংহ
ভাদ্ৰপদভাদ৩১ দিন২৩ আগষ্টকন্যা
আশ্বিনআহিন৩০ দিন২৩ ছেপ্টেম্বৰতুলা
কাৰ্তিককাতি৩০ দিন২৩ অক্টোবৰবৃশ্চিক
অগ্ৰহায়ণআঘোণ৩০ দিন২২ নৱেম্বৰধনু
১০পৌষপুহ৩০ দিন২২ ডিচেম্বৰমকৰ
১১মাঘমাঘ৩০ দিন২১ জানুৱাৰীকুম্ভ
১২ফাল্গুনফাগুন৩০ দিন২০ ফেব্ৰুৱাৰীমীন

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য উৎস

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]