সমললৈ যাওক

পোহৰৰ বেগ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Speed of lightৰ পৰা পুনঃনিৰ্দেশিত)
পোহৰৰ বেগ
The distance from the Sun to the Earth is shown as 150 million kilometers, an approximate average.
সূৰ্যপোহৰ পৃথিৱীত পাওঁতে প্ৰায় ৮ মিনিট আৰু ১৯ ছেকেণ্ড সময় লাগে (গড় দূৰত্ব মতে)
হুবহু মান
মিটাৰ প্ৰতি ছেকেণ্ড ২৯৯৭৯২৪৫৮
প্লেংকৰ ধ্ৰুৱক
নিকটতম মানসমূহ
কি. মি. প্ৰতি ছেকেণ্ড ৩০০,০০০
কি. মি. প্ৰতি ঘণ্টা ১,০৮০ নিযুত
মাইল প্ৰতি ছেকেণ্ড ১৮৬,০০০
মাইল প্ৰতি ঘণ্টা ৬৭১ নিযুত
জ্যোতিৰ্বিজ্ঞানিক একক প্ৰতি দিন ১৭৩
পোহৰৰ তৰংগৰ বাবে লগা সময় (নিকটতম মান)
দূৰত্ব সময়
ফুট ১.০ ns
এক মিটাৰ ৩.৩ ns
ভূ-স্থানিক কক্ষৰ পৰা পৃথিৱীলৈ ১১৯ ms
বিষুব ৰেখাৰ সমান দূৰত্ব ১৩৪ ms
জোনৰ পৰা পৃথিৱীলৈ ১.৩ s
সূৰ্যৰ পৰা পৃথিৱীলৈ (১ AU) ৮.৩ min
নিকটতম তৰাটোৰ পৰা সূৰ্যলৈ (১.৩ pc) ৪.২৪ বছৰ
নিকটতম তাৰকাপুঞ্জ (কেনিছ মেজৰ বাওনা তাৰকাপুঞ্জ)ৰ পৰা পৃথিৱীলৈ ২৫,০০০ বছৰ
হাটীপতিৰ ইমুৰৰ পৰা সিমুৰলৈ ১০০,০০০ বছৰ
এণ্ড্ৰ’মেদা তাৰকাপুঞ্জৰ পৰা পৃথিৱীলৈ ২.৫ নিযুত বছৰ

ভেকুৱাম(বা শূন্যস্থান)ত পোহৰৰ বেগ, যাক সাধাৰণতে c ৰে বুজোৱা হয়, পদাৰ্থ বিজ্ঞানত বহুল ভাবে ব্যৱহৃত এক ভৌতিক ধ্ৰুৱক। ইয়াৰ মান সঠিকভাবে ২৯৯,৭৯২,৪৫৮ মিটাৰ প্ৰতি ছেকেণ্ড, ই এটা স্থিৰ (হুবহু) সংখ্যা, আন্তৰ্জাতিক মান সময় একক আৰু এই ধ্ৰুবকৰ মানৰ পৰাই মিটাৰ এককক সংজ্ঞাবদ্ধ কৰা হয়।[1] মাইল এককত ইয়াৰ নিকটতম মান হ’ব ১৮৬,২৮২ মাইল প্ৰতি ছেকেণ্ড।

বিশেষ আপেক্ষিকতাবাদৰ মতে 'c' হৈছে বিশ্ব ব্ৰহ্মাণ্ডৰ যিকোনো শক্তি, পদাৰ্থ আৰু তথ্যই পাব পৰা সৰ্বোচ্চ বেগ। ই হৈছে সকলোবোৰ ভৰহীন কণা আৰু বিদ্যুতচুম্বকীয় বিকিৰণ যেনে ভেকুৱামত পোহৰৰ দৰে ভৰহীন কণাৰ সংলগ্ন ক্ষেত্ৰ সমূহৰ বেগ, ইয়াক মহাকৰ্ষণৰ বেগ সূত্ৰ (অৰ্থাৎ মহাকৰ্ষণীয় তৰংগ)ৰ দ্বাৰা নিৰ্ণয় কৰিব পৰা যায়। এনে কণা বা তৰংগ‍ৰ বেগ ইয়াৰ উৎস বা দৰ্শক জন থকা জড় প্ৰসংগ প্ৰণালীটোৰ ওপৰত নিৰ্ভৰ নকৰেআৰু ইয়াৰ মান স্থিৰ থাকে, এই 'c ক আমি আইনষ্টাইনৰ বিখ্যাত ভৰ-শক্তিৰ সমতুল্যতা E = mc2 ত দেখিবলৈ পাওঁ।[2]

কাঁচ, বায়ু, পানী আদিৰ দৰে স্বচ্ছ পদাৰ্থৰ মাজেৰে যাওঁতে পোহৰৰ বেগ('v') ধ্ৰুৱক 'c' তকৈ কম হয়, 'c' আৰু কোনো এক পদাৰ্থৰ বাবে 'v' ৰ মানৰ অনুপাতক সেই পদাৰ্থটোৰ প্ৰতিসৰণাংক n বোলা হয়, অৰ্থাৎ (n = c / v). ঊদাহৰণস্বৰূপে, দৃশ্যমান পোহৰৰ বাবে কাঁচৰ প্ৰতিসৰণাংক প্ৰায় ১.৫ অৰ্থাৎ পোহৰে কাঁচৰ মাজেৰে প্ৰায় c / 1.5 ≈২০০০০০ কি. মি. প্ৰতি ছেকেণ্ড বেগেৰে গতি কৰে, বায়ুৰ প্ৰতিসৰণাংক প্ৰায় ১.০০০৩; গতিকে ভেকুৱামতকৈ বায়ু মাধ্যমত পোহৰে ৯০ কি. মি. প্ৰতি ছেকেণ্ড কম বেগত গতি কৰে।

প্ৰায়সংখ্যক ক্ষেত্ৰতে পোহৰক আমি পলকতে গতি কৰা কণা বুলিব পাৰো যদিও, বহু বেছি দূৰত্বৰ ক্ষেত্ৰত আৰু অতি সংবেদনশীল গণনাৰ ক্ষেত্ৰত পোহৰৰ সীমিত গতিবেগৰ প্ৰভাৱ আমি দেখিবলৈ পাওঁ, মহাকাশৰ কোনো ঠাইলৈ, যেনে এখন মহাযানলৈ যাওঁতে বা তাৰ পৰা আহোঁতে পোহৰে কেইবা মিনিটৰ পৰা ঘণ্টা পৰ্যন্ত ল’ব পাৰে। আমি আকাশত দেখা বহুতো তৰা আচলতে সেই তৰাটোৰ পৰা বহুবছৰ আগতেই অহা পোহৰ মাত্ৰ যি এক বৃহৎ দূৰত্ব অতিক্ৰম কৰাৰ পাছত আমাৰ চকুত পৰিছেহি। পোহৰৰ বেগৰ সীমাবদ্ধতাই তাত্বিক কম্পিউটাৰ সমূহৰ বেগকো এক নিৰ্দিষ্ট সীমা প্ৰদান কৰিছে, কিয়নো কম্পিউটাৰ এটাৰ ভিতৰত এটা চিপ(chip)ৰ পৰা আন এটা চিপলৈ তথ্যসমূহ আমি পঠিয়াবই লাগিব।

১৬৬৭ চনত অ’লে ৰ’মাৰে বৃহস্পতিৰ চন্দ্ৰসমূহৰ আপাত গতি অধ্যয়ন কৰি পোন প্ৰথম বাৰৰ বাবে "পোহৰৰ গতিবেগ সীমিত" বুলি মন্তব্য আগবঢ়াইছিল। পাছত ১৮৮৫ চনত জেমচ ক্লাৰ্ক মেক্সৱেলে পোহৰক এক বিদ্যুত চুম্বকীয় তৰংগ হিচাপে প্ৰমাণ কৰে, সেয়ে হিচাপে পোহৰৰ গতিবেগ 'c' হয়, এলবাৰ্ট আইনষ্টাইনে ব্যাখ্যা আগবঢ়াই যে কোনো জড় প্ৰসংগ প্ৰণালীৰ সাপেক্ষে পোহৰৰ বেগ ইয়াৰ উৎসৰ ওপৰত নিৰ্ভৰশীল নহয়[3] তেওঁ লগতে বিশেষ আপেক্ষিকতাবাদৰ সহায়ত এই পৰিঘটনাৰ অনুসিদ্ধান্তসমূহ ব্যাখ্যাও কৰে আৰু দেখুৱাই যে, c পোহৰ বা বিদ্যুত চুম্বকত্বৰ বাহিৰেও আন আন ক্ষেত্ৰতো প্ৰাসংগিক। তাৰ পিছত শতিকাজোৰা গণনাৰ অন্তত ১৯৭৫ চনত পোহৰৰ বেগ ২৯৯৭৯২৪৫৮ মি .প্ৰতি ছেকেণ্ড বুলি নিশ্চিত কৰা হয় (য’ত ভুলৰ সম্ভাৱনা ৪ বিলিয়ন ভাগৰ এভাগ)। ১৯৮৩ চনত মিটাৰ এককক নতুনকৈ বৰ্ণনা কৰা হয়, এই অনুসৰি ভেকুৱামত ২৯৯৭৯২৪৫৮ ভাগৰ ১ ছেকেণ্ডত পোহৰে অতিক্ৰম কৰা দূৰত্বই ১ মিটাৰ। [4]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. পেনৰ’জ, আৰ. (2004). The Road to Reality: A Complete Guide to the Laws of the Universe. ভিণ্টেজ বুকচ. পৃষ্ঠা. ৪১০-১. ISBN ৯৭৮০৬৭৯৭৭৬৩. "... the most accurate standard for the metre is conveniently defined so that there are exactly 299,792,458 of them to the distance travelled by light in a standard second, giving a value for the metre that very accurately matches the now inadequately precise standard metre rule in Paris." 
  2. ঊজান, জে.পি.; লেকলেৰ্ক, বি. (২০০৮). The Natural Laws of the Universe: Understanding Fundamental Constants. স্প্ৰিনজাৰ. পৃষ্ঠা. ৪৩-৪. ISBN ০৩৮৭৭৩৪৪৫৪৬. http://books.google.com/?id=dSAWX8TNpScC&pg=PA43. 
  3. ষ্টেতচেল, জে.জে. (২০০২). Einstein from "B" to "Z" - Volume 9 of Einstein studies. স্প্ৰিনজাৰ. পৃষ্ঠা. 226. ISBN 0817641432. http://books.google.com/books?id=OAsQ_hFjhrAC&pg=PA226. 
  4. International Bureau of Weights and Measures (2006), The International System of Units (SI) (8th সম্পাদনা), p. ১১২, ISBN 92-822-2213-6, http://www.bipm.org/utils/common/pdf/si_brochure_8_en.pdf