সমললৈ যাওক

পোহৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Wave theory of lightৰ পৰা পুনঃনিৰ্দেশিত)
এটা ত্ৰিভুজাকাৰ প্ৰিজমে বগা পোহৰক বিচ্ছুৰণ কৰা দৃশ্য। দীঘল তৰংগদৈৰ্ঘ্য (ৰঙা) আৰু চুটি তৰংগদৈৰ্ঘ্য (নীলা) পৃথক হৈ পৰিছে।

মানুহৰ চকুৰ বাবে সংবেদনশীল বিদ্যুত চুম্বকীয় বৰ্ণালীৰ দৃশ্যমান অংশক পোহৰ বা দৃশ্যমান পোহৰ বা আলোক (ইংৰাজী: Light) বোলা হয়।[1] দৃশ্যমান পোহৰৰ তৰংগদৈৰ্ঘ্যৰ পৰিসৰ হৈছে প্ৰায় ৩৮০ বা ৪০০ নেন'মিটাৰৰ পৰা প্ৰায় ৭৬০ বা ৭৮০ নেন'মিটাৰ আৰু কম্পনাংকৰ পৰিসৰ হৈছে প্ৰায় ৪০৫ হাৰ্টজৰ পৰা ৭৯০ হাৰ্টজৰ ভিতৰত। পদাৰ্থবিজ্ঞানৰ সংজ্ঞাত পোহৰ শব্দটোৰ দ্বাৰা মানুহৰ চকুৰ বাবে অদৃশ্য অৱলোহিত (নিম্ন কম্পনাংক) আৰু অতি বেঙুনীয়া (উচ্চ কম্পনাংক) অঞ্চলৰ নিকটৱৰ্তী বিকিৰণক সামৰি লোৱা হয়।[2][3]

পোহৰৰ প্ৰাথমিক ধৰ্মবোৰ হৈছে তীব্ৰতা, পৰিভ্ৰমণৰ দিশ, কম্পনাংক বা তৰংগদৈৰ্ঘ্যৰ বৰ্ণালী আৰু ধ্ৰুৱীয়তা, শূন্যত ইয়াৰ বেগ হৈছে ২৯,৯৭,৯২,৪৫৮ মিটাৰ প্ৰতি ছেকেণ্ড। বিশেষ আপেক্ষিকতাবাদৰ সূত্ৰ অনুসৰি ই মহাবিশ্বত যিকোনো শক্তি, পদাৰ্থ বা তথ্যই পাবপৰা সৰ্বোচ্ছ বেগ। ই পদাৰ্থবিদ্যাৰ এক অত্যন্ত প্ৰয়োজনীয় ধ্ৰুবক আৰু সাধাৰণতে ইয়াক ইংৰাজী "c" আখৰেৰে সূচিত কৰা হয়।

পোহৰ 'ফ'টন' নামৰ কিছুমান সূক্ষ্ম 'গোট' বা এককৰ জৰিয়তে বিকিৰিত আৰু অৱশোষিত হয়। পোহৰে তৰংগ আৰু কণা- এই দুই ধৰণৰ ধৰ্ম প্ৰদৰ্শন কৰে। এই বিশেষ ধৰ্মক তৰংগ-কণা দ্বৈত ধৰ্ম বুলি কোৱা হয়। পোহৰৰ বিষয়ে অধ্যয়নক 'আলোক বিজ্ঞান' বোলা হয় আৰু ই আধুনিক পদাৰ্থবিজ্ঞানত গৱেষণাৰ এক উল্লেখযোগ্য ক্ষেত্ৰ।

পোহৰৰ গতি

[সম্পাদনা কৰক]

শূন্য ত পোহৰৰ বেগ হৈছে ২৯,৯৭,৯২,৪৫৮   মিঃ/ছেঃ (প্ৰায় ১৮৬,২৮২ মাইল প্ৰতি ছেকেণ্ড)। আন্তৰ্জাতিক একক পদ্ধতিত পোহৰৰ গতিবেগ ধ্ৰুৱক আৰু দৈৰ্ঘ্যৰ একক মিটাৰ পোহৰৰ বেগৰ সাপেক্ষে সংজ্ঞাবদ্ধ কৰা হয়।

ইতিহাসৰ বিভিন্ন সময়ত বহু পদাৰ্থবিদে পোহৰৰ গতিবেগ নিৰ্ণয় কৰাৰ বাবে প্ৰচেষ্টা চলাইছিল। সপ্তদশ শতাব্দীত গেলিলিঅ’ই পোহৰৰ গতি মাপনৰ প্ৰয়াস কৰিছিল। ১৬৭৬ খ্ৰিঃত ডেনমাৰ্কৰ পদাৰ্থবিদ Ole Rømer ৰ দ্বাৰা পোহৰৰ গতি মাপনৰ পৰীক্ষা পৰিচালিত হৈছিল। দূৰবীক্ষণ যন্ত্ৰৰ সহায়ত Rømer-এ বৃহস্পতি আৰু ইয়াৰ এক উপগ্ৰহ, Io-ৰ গতি পৰ্যবেক্ষণ কৰিছিল। Io-ৰ কক্ষপথৰ আপাত পৰ্য্যায়কালৰ তাৰতম্য লক্ষ্য কৰি তেওঁ গনণা কৰি উলিয়াইছিল যে, পোহৰে পৃথিৱীৰ কক্ষপথৰ ব্যাসৰ দূৰত্ব অতিক্ৰম কৰিবলৈ প্ৰায় ২২ মিনিট সময় লয়।[4] দূৰ্ভাগ্যক্ৰমে সেইসময়ত ইয়াৰ আকাৰ জনা হোৱা নাছিল। Rømer-ৰ সময়ত পৃথিৱীৰ কক্ষপথৰ ব্যাসৰ জোখ উপলব্ধ হোৱাহেঁতেন তেওঁৰ গনণাত পোহৰৰ গতিবেগ ২২৭,০০০,০০০ মিঃ/ছেঃ পোৱা গ'লহেঁতেন।

বিদ্যুত-চুম্বকীয় বৰ্ণালী

[সম্পাদনা কৰক]
বিদ্যুত-চুম্বকীয় বৰ্ণালী পোহৰক চিনাক্ত কৰি দেখুওৱা হৈছে

সাধাৰণতে, বিদ্যুত-চুম্বকীয় বিকিৰণক (ইয়াত 'বিকিৰণ' অভিধাত স্থানু বিদ্যুত আৰু চুম্বকীয় ক্ষেত্ৰ আৰু নিকট ক্ষেত্ৰক অন্তৰ্ভুক্ত কৰা হোৱা নাই) তৰংগদৈৰ্ঘ্যৰ মানৰ ওপৰত নিৰ্ভৰ কৰি ৰে'ডিঅ', মাইক্ৰ'তৰংগ, অৱলোহিত, (আমি পোহৰ হিচাপে পোৱা) দৃশ্যমান অংশ, অতিবেঙুনীয়া, এক্স-ৰে' আৰু গামা ৰশ্মি, এইকেইটা ভাগত শ্ৰেণীবিভাজিত কৰা হয়।

বিদ্যুত-চুম্বকীয় বিকিৰণৰ আচৰণ ইয়াৰ তৰংগদৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰশীল। উচ্চ কম্পনাংকৰ তৰংগৰ তৰংগদৈৰ্ঘ্য কম, আৰু নিম্ন কম্পনাংকৰ তৰংগৰ তৰংগদৈৰ্ঘ্যৰ বেছি। যেতিয়া বিদ্যুত-চুম্বকীয় বিকিৰণে এটীয়া পৰমাণু আৰু অণুৰ সৈতে পাৰস্পৰিক ক্ৰিয়াৰ দ্বাৰা প্ৰভাৱিত হয়, তেতিয়া ইয়াৰ আচৰণ প্ৰতিটো কোৱাণ্টাত নিহিত শক্তিৰ ওপৰত নিৰ্ভৰ কৰে।

আলোক বিজ্ঞান

[সম্পাদনা কৰক]

পোহৰ আৰু পদাৰ্থৰ সৈতে পোহৰৰ ক্ৰিয়া-প্ৰক্ৰিয়া সম্পৰ্কীয় বিষয়ৰ অধ্যয়নক আলোক বিজ্ঞান বোলা হয়। আলোকীয় পৰিঘটনা যেনে, ৰামধেনু আৰু মেৰুজ্যোতি ইত্যাদি বিষয়সমূহৰ অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে পোহৰৰ প্ৰকৃতি সম্পৰ্কীয় বহুতো তথ্য উদ্ঘাটন কৰিব পাৰি।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. CIE (1987). International Lighting Vocabulary Archived 2010-02-27 at the Wayback Machine. Number 17.4. CIE, 4th edition. ISBN 978-3-900734-07-7.
    By the International Lighting Vocabulary, the definition of light is: “Any radiation capable of causing a visual sensation directly.”
  2. Gregory Hallock Smith (2006), Camera lenses: from box camera to digital, SPIE Press, p. 4, ISBN 9780819460936, http://books.google.com/?id=6mb0C0cFCEYC&pg=PA4 
  3. Narinder Kumar (2008), Comprehensive Physics XII, Laxmi Publications, p. 1416, ISBN 9788170085928, http://books.google.com/?id=IryMtwHHngIC&pg=PA1416#v=onepage&q= 
  4. Scientific Method, Statistical Method and the Speed of Light. Statistical Science 2000, Vol. 15, No. 3, 254–278