সমললৈ যাওক

ৱিকিতথ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Wikidataৰ পৰা পুনঃনিৰ্দেশিত)
ৱিকিতথ্য বা ৱিকিডে'টা
Wikidata logo
ৱিকিতথ্যৰ বেটুপাতৰ স্ক্ৰীনশ্বত
ৱিকিতথ্যৰ বেটুপাত
ছাইটৰ প্ৰকাৰ ৱিকি
উপলব্ধ ভাষা বহুভাষিক
মালিক ৱিকিমিডিয়া ফাউণ্ডেচন
সৃষ্টি কৰা ব্যক্তি ৱিকিমিডিয়া সমাজ
ৱেবছাইট www.wikidata.org
বাণিজ্যিক নহয়
পঞ্জীয়ন বাধ্যতামূলক নহয়

ৱিকিতথ্য ৱিকিমিডিয়া ফাউণ্ডেচনৰ অধীনৰ ৱিকি পদ্ধতিৰে সম্পাদিত এক জ্ঞান ভিত্তি। ইয়াৰ লক্ষ্য ৱিকিপিডিয়া আদি ৱিকিমিডিয়া ফাউণ্ডেচনৰ প্ৰকল্পই ব্যৱহাৰ কৰিবলৈ একে তথ্য উৎস প্ৰদান কৰা, য'ত জন্মদিন আদিৰ তথ্য থাকে।[1][2] ৱিকিতথ্যৰ কাম ৱিকিমিডিয়া কমন্সে সকলো ৱিকিমিডিয়া প্ৰকল্পৰ বাবে মিডিয়া ফাইল প্ৰদান কৰাৰ দৰেই। ৱিকিতথ্যক চলোৱা হয় ৱিকিবে'চ নামৰ এক চফ্টৱেৰৰ জৰিয়তে।

This diagram shows the most important terms used in Wikidata
Three statements from Wikidata's item on the planet Mars. Values include links to other items and to Wikimedia Commons.

ৱিকিতথ্য এক নথি দিকদৰ্শিত তথ্য ভিত্তি, যি বস্তু কেন্দ্ৰিক। প্ৰতিটো বস্তুৱে এক বিষয়ক প্ৰতিনিধিত্ব কৰে (যেনে ৱিকিপিডিয়া চলাবলৈ এক প্ৰশাসনিক পৃষ্ঠা) আৰু এক অনন্য সংখ্যাৰে পৰিচিত, Q অনুসৰ্গৰ সৈতে-- উদাহৰণ স্বৰূপে "Politics" (ৰাজনীতি) বিষয়ৰ বস্তুটো হ'ল Q7163। ই কোনো বস্তুৱে কি বিষয় বুজাইছে তাক জানিবলৈ কোনো এক ভাষাৰ পক্ষ নোলোৱাকৈ অনুবাদ কৰাত সহায় কৰে।

বিবৃতি সৃষ্টি কৰি জ্ঞান যোগান ধৰা হয়। বিবৃতিবোৰ key-value বা চাবি-মূল্যৰ ৰূপত থাকে। অৰ্থাৎ প্ৰতিটো বিবৃতিৰ এক বিশেষত্ব (চাবি) আৰু চাবিৰ সৈতে সংযুক্ত এক মূল্য থাকে।

প্ৰকল্পটো এলেন ইন্সটিটিউট অৱ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, গৰ্ডন এণ্ড বিটি মুৰে ফাউণ্ডেচন আৰু গুগলৰ ১৩ লাখ ইউৰোৰ সঁহাৰিৰে আৰম্ভ কৰা হৈছিল।[3][4]

প্ৰকল্পটো প্ৰাৰম্ভিক স্তৰত ৱিকিমিডিয়া ডেউৎস্লেণ্ডে চোৱা-চিতা কৰিছিল। কাম তিনিভাগত বিভক্ত হৈছিল--

  • ইণ্টাৰ্ৱিকি লিংক্স-- বা ৱিকিপিডিয়াৰ বিভিন্ন ভাষাৰ প্ৰবন্ধৰ সংযোগ কেন্দ্ৰীভূত কৰা
  • সকলো ৱিকিপিডিয়াৰ জ্ঞানবাকচ বা ইন্ফ'বক্সৰ তথ্য কেন্দ্ৰীভূত কৰা
  • তথ্যৰ ওপৰত আধাৰিত তালিকা ৱিকিতথ্যত সৃষ্টি আৰু উন্নীত কৰা

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

আৰু চাওক

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]