হিতেশ্বৰ বৰবৰুৱা
হিতেশ্বৰ বৰবৰুৱা | |
---|---|
জন্ম | ১৮৭৬ সৰুচৰাইবাহী, যোৰহাট |
মৃত্যু | ফেব্ৰুৱাৰী, ১৯৩৯ |
পেচা | লেখক, বুৰঞ্জীবিদ |
জনা যায় | আহোমৰ দিন, মালচ |
হিতেশ্বৰ বৰবৰুৱা এগৰাকী অসমীয়া কবি আৰু বুৰঞ্জীবিদ। 'জোনাকী' আৰু 'বিজুলী' কাকত দুখনৰ জৰিয়তে কবিতা চৰ্চাত খোজ পেলোৱা বৰবৰুৱাই ঢোপকলি, কমতাপুৰ ধ্বংস, মালচ, চকুলো আদি গ্ৰন্থৰ প্ৰকাশেৰে খ্যাতি অৰ্জন কৰে।[1] কম বয়সতে বুৰঞ্জীবিদ হিচাপেও সুনাম অৰ্জন কৰা বৰবৰুৱাই প্ৰাচীন বুৰঞ্জীৰ আলম লৈ 'আহোমৰ দিন' নামৰ নামৰ এখন গ্ৰন্থ লিখি উলিয়ায়। তেখেতে অসম সাহিত্য সভাৰ বুৰঞ্জী শাখাৰ সভাপতি ৰূপেও দায়িত্ব গ্ৰহণ কৰিছিল।
শৈশৱ আৰু শিক্ষা
[সম্পাদনা কৰক]১৮৭৬ চনত যোৰহাট নগৰৰ পৰা কিছু আঁতৰৰ সৰুচৰাইবাহী নামৰ এখন গাঁৱত হিতেশ্বৰ বৰবৰুৱাই আহোম বংশৰ সাতঘৰীয়া ফৈদৰ সন্দিকৈ বংশত জন্ম গ্ৰহণ কৰিছিল। পিতৃৰ নাম চিকৌ বৰবৰুৱা। ককাদেউতাক ভাণ্ডাৰী বৰবৰুৱাকে ধৰি তেখেতৰ ওপৰৰ কেইবাপুৰুষে ৰজাঘৰৰ বিষয়বাব পাইছিল।[2] কিন্তু দেউতাকৰ আৰ্থিক অৱস্থা বৰ ভাল নোহোৱাত হিতেশ্বৰ বৰবৰুৱাই যোৰহাট ৰেলৱে কাৰখানাৰ স্কুল, তৰাজান বৃত্তি স্কুল আৰু যোৰহাট হাইস্কুলত অষ্টম শ্ৰেণীমানলৈকেহে পঢ়িছিল।[1] পঢ়া এৰি তেখেতে হাইস্কুলত কেইমাহমান তলৰ শ্ৰেণীক পঢ়ায়। তাৰ পাছত তেখেতে চাহ বাগানৰ কেৰাণীৰ কামত নিযুক্ত হয়।
সাহিত্য চৰ্চা
[সম্পাদনা কৰক]পাঠ্যপুথিতকৈ বাহিৰা কিতাপ-পত্ৰৰ প্ৰতি ধাউতি ৰখা বৰবৰুৱাই 'জোনাকী' আৰু 'বিজুলী' কাকত দুখনত প্ৰথমে কবিতা লিখিবলৈ লয়। ইংৰাজী আৰু বঙালী সাহিত্য খৰচি মাৰি পঢ়িও নিখুঁত অসমীয়া ভাষাৰ ব্যৱহাৰেৰে তেখেতে অসমীয়া কবিতালৈ এক নতুন মাত্ৰা আনে। পৰিয়ালৰ কেইবাটাও বিপৰ্যয়ৰ দুখ তেখেতে কবিতাৰ মাধ্যেমেৰে প্ৰকাশ পোৱা দেখা যায়। তেখেতৰ প্ৰকাশিত কবিতা পুথিকেইখন হ'ল
- ঢোপকলি (১৯০২)
- কমতাপুৰ ধ্বংস (১৯১০)
- তিৰুতাৰ আত্মদান কাব্য (১৯১৩)
- বিৰহিণী বিলাপ (১৯১৩)
- আভাস কাব্য (১৯১৪)
- ডেচডিমোনা আৰু আঙ্গিলা (১৯১৭)
- যুদ্ধক্ষেত্ৰত আহোম ৰমণী (১৯১৮)
- মালচ (১৯১৮)
- চকুলো (১৯২২)
ইয়াৰে কমতাপুৰ ধ্বংস, তিৰুতাৰ আত্মদান কাব্য আৰু যুদ্ধক্ষেত্ৰত আহোম ৰমণী ক্ৰমে কমতাপুৰ ৰাজ্যৰ পতন, জয়মতীৰ মৃত্যুবৰণ আৰু মূলাগাভৰুৰ সাহসিকতাৰ বিষয়ে লিখা। কমতাপুৰ ধ্বংস অমিত্ৰাক্ষৰ ছন্দত লিখা অসমৰ তৃতীয়খন কাব্য আৰু মালচ হ'ল প্ৰথমখন অসমীয়া চনেট পুথি।[1] 'মালচ'ত জীৱন আৰু প্ৰকৃতি বিষয়ক ১২২টা চনেট সন্নিৱিষ্ট হৈছে। সৰু পুত্ৰৰ বিয়োগৰ পাছত তেখেতৰ ৩৩টা চনেট সন্নিৱিষ্ট 'চকুলো' প্ৰকাশ পাইছিল। 'আভাস কাব্য'ত ২১ গৰাকী মহিলাৰ অমৰ গুণৰাজীৰ বিষয়ে বৰ্ণোৱা হৈছে। শ্বেইক্সপিয়েৰৰ 'অথেলো' নাটকৰ পঞ্চম অঙ্ক, দ্বিতীয় দৃশ্যক ভিত্তি কৰি 'ডেচডিমোনা'ত ২২টা চনেটৰ জৰিয়তে নায়িকাৰ জীৱন বৰ্ণোৱা হৈছে। অলিভাৰ গ'ল্ডস্মিথৰ উপন্যাস 'The Vicar of Wakefield'ত থকা এটা বালাডৰ অসমীয়া ৰূপ 'আঙ্গিলা'।[2] 'মালিতা' তেখেতে লিখা একমাত্ৰ উপন্যাস।
শিক্ষা-দীক্ষা কম থাকিলেও গভীৰ অধ্যয়নৰ বলত বৰবৰুৱাই কম বয়সতে বুৰঞ্জীবিদ হিচাপেও খ্যাতি লভিছিল। আহোম ৰাজবংশই অসম শাসন কৰা ছশ বছৰ আৰু ১৯২২ চনলৈকে ইংৰাজৰ শাসনৰ সময়লৈকে ইতিহাস তেখেতে 'আহোমৰ দিন' গ্ৰন্থখনৰ লিপিবদ্ধ কৰে। 'মোৰ ক্ষুদ্ৰ জীৱনৰ সোঁৱৰণ' বৰবৰুৱাৰ আত্মজীৱনী।
মৃত্যু
[সম্পাদনা কৰক]১৯৩৯ চনৰ ফেব্ৰুৱাৰী মাহত হিতেশ্বৰ বৰবৰুৱাৰ মৃত্যু হয়।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]ৱিকিউৎসত হিতেশ্বৰ বৰবৰুৱাৰ দ্বাৰা লিখা মূল পাঠ্য আছে। |
- ↑ 1.0 1.1 1.2 ভৰালী, হেমন্ত কুমাৰ (২০০১). এহেজাৰ বছৰৰ এশগৰাকী অসমীয়া. প্ৰকাশক গুৱাহাটী: চিত্ৰলেখা পাব্লিকেশ্বন্ছ. পৃষ্ঠা. ৩৭৭-৩৭৯.
- ↑ 2.0 2.1 Datta, Amaresh (1987). Encyclopaedia of Indian Literature: A-Devo, Volume 1. Sahitya Akademi. https://books.google.co.in/books?id=ObFCT5_taSgC&dq=hiteswar+barbaruah&source=gbs_navlinks_s.