গঙাচিলনী
গঙাচিলনী | |
---|---|
In breeding plumage | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Charadriiformes |
পৰিয়াল: | Sternidae |
গণ: | Sterna |
প্ৰজাতি: | S. aurantia |
বৈজ্ঞানিক নাম | |
Sterna aurantia Gray,JE, 1831 |
গঙাচিলনী (ইংৰাজী: Indian River Tern, বৈজ্ঞানিক নাম-Sterna aurantia) এবিধ মজলীয়া আকাৰৰ জলচৰ চৰাইৰ প্ৰজাতি।
বিৱৰণ
[সম্পাদনা কৰক]গঙাচিলনী দেহৰ দৈৰ্ঘ্য ৩৮-৪৩ ছে: মি:। এই চৰাইবিধৰ দেহৰ ওপৰৰ অংশ গাঢ় মুগা বৰণীয়া, পেট আৰু বুকু বগা আৰু নেজডাল খাঁজকটা (forked) হয়। ইয়াৰ পাখি দুখনৰ আগ দুটা জোঙা। গঙাচিলনীৰ ঠোঁট হালধীয়া আৰু ঠেং ৰঙা হয়। প্ৰজননৰ সময়ত ইয়াৰ মূৰত এটা ক'লা ৰঙৰ টুপীৰ দৰে অংশৰ সৃষ্টি হয়। অন্যসময়ত অৰ্থাৎ শীতকালি এই অংশৰ বৰণ মুগা হৈ থাকে। মতা আৰু মাইকী উভয়ে দেখাত প্ৰায় একে হয়।
বিতৰণ
[সম্পাদনা কৰক]এই চৰাইবিধ পূবে ইৰাণৰ পৰা ভাৰত উপমহাদেশ, ম্যানমাৰ, থাইলেণ্ড পৰ্যন্ত বিস্তৃত হৈ আছে।
বাসস্থান
[সম্পাদনা কৰক]গঙাচিলনী ঘাইকৈ নদ-নদীৰ আশে-পাশে দেখা পোৱা যায়।
আচৰণ
[সম্পাদনা কৰক]এই অনুচ্ছেদটো খালি। আপুনি ইচ্ছা কৰিলে তথ্য সংযোগ কৰিব পাৰে। |
খাদ্য
[সম্পাদনা কৰক]গঙাচিলনীয়ে মাছ, কেকোঁৰা, ভেঁকুলী আৰু জলজ পোক-পতংগ আদি খাই জীয়াই থাকে।
প্ৰজনন
[সম্পাদনা কৰক]এই চৰাইবিধে মাৰ্চৰ পৰা মে মাহলৈ প্ৰজনন কৰে। ইহঁতে সাধাৰণতে জাকপাতি বাস কৰে আৰু ওচৰা-উচৰিকৈ বাহ সাজে। গঙাচিলনীয়ে নদীৰ পাৰৰ বালিচৰত লুকুৱাই বাহ সাজে। এবাৰত সাধাৰণতে তিনিটা সেউজীয়া-মুগা কণী পাৰে।
আলোকচিত্ৰৰ ভঁৰাল
[সম্পাদনা কৰক]-
In breeding plumage in Hyderabad, India.
-
In non-breeding plumage in Hyderabad, India.
-
River tern nest at Koyna lake
-
River tern chick at Koyna lake
-
River Tern Chick at Ranganthittu Bird Sanctuary
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ BirdLife International (2012). "Sterna aurantia". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106003259। আহৰণ কৰা হৈছে: 16 July 2012.
- Birds of India by Grimmett, Inskipp and Inskipp, ISBN 0-691-04910-6
- Seabirds: An Identification Guide by Harrison, Peter ISBN 0-7470-1410-8
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত Sterna aurantia সম্পৰ্কীয় মিডিয়া ফাইল আছে। |