ছিলভিয়া প্লাথ
ছিলভিয়া প্লাথ | |
---|---|
১৯৬১ চনত পাথ, তেওঁৰ লণ্ডনৰ ঘৰত | |
জন্ম | অক্টোবৰ ২৭ , ১৯৩২ বষ্টন,আমেৰিকা যুক্তৰাষ্ট্ৰ |
মৃত্যু | ফেব্ৰুৱাৰী ১১ , ১৯৬৩ (৩০ বছৰ) লণ্ডন, ইংলেণ্ড |
সমাধিস্থল | হেপ্টনষ্টল চাৰ্চ, ৱেষ্ট য়ৰ্কচায়াৰ, ইংলেণ্ড |
ছদ্মনাম | ভিক্টোৰিয়া লুকাছ |
পেচা |
|
ভাষা | ইংৰাজী |
মাতৃশিক্ষায়তন | স্মিথ কলেজ নিউনহাম কলেজ, কেমব্ৰিজ |
সময় | ১৯৬০-৬৩ |
ধৰণ |
|
সাহিত্যিক বিপ্লৱ | স্বীকাৰোক্তিমূলক কবিতা (Confessional poetry) |
উল্লেখনীয় কৰ্মৰাজি | দ্য বেল ঝাৰ আৰু এৰিয়েল |
উল্লেখযোগ্য বঁটা |
|
দাম্পত্যসংগী | টেড হিউজ (বি. ১৯৫৬) |
সন্তান |
|
আত্মীয়-স্বজন |
|
স্বাক্ষৰ |
ছিলভিয়া প্লাথ (ইংৰাজী: Sylvia Plath; /plæθ/; জন্ম: ২৭ অক্টোবৰ, ১৯৩২; মৃত্যু: ১১ ফেব্ৰুৱাৰী, ১৯৬৩) এগৰাকী আমেৰিকান কবি, ঔপন্যাসিক আৰু চুটি গল্প লেখক। কবিতাৰ মাধ্যমেৰে কনফেচনেল পয়েট্ৰিৰ ধাৰাটো আগবঢ়াই নিয়াৰ বাবে প্লাথক বিশেষ শ্ৰেয় প্ৰদান কৰা হয়। প্লাথ তেওঁৰ প্ৰকাশিত কাব্য-সংকলন দ্য ক’ল’চাছ এণ্ড আডাৰ পয়েমচ্ (১৯৬০) আৰু এৰিয়েল (১৯৬৫)ৰ লগতে তেওঁৰ চুটি আত্মজীৱনীমূলক উপন্যাস দ্য বেল ঝাৰৰ বাবে প্ৰসিদ্ধ, যিখন ১৯৬৩ চনত তেওঁৰ মৃত্যু হোৱাৰ ঠিক আগে আগে প্ৰকাশ হৈছিল। পূৰ্বতে অপ্ৰকাশিত লেখাসমূহৰ অন্তৰ্ভুক্তিৰে দ্য কলেক্টেড পয়েম প্ৰকাশ হৈছিল ১৯৮১ চনত। এই সংকলনখনৰ বাবে প্লাথে ১৯৮২ চনত পুলিৎজাৰ বঁটাৰে পুৰস্কৃত হৈছিল। মৰণোত্তৰভাৱে এই বঁটা লাভ কৰা প্লাথ হৈছে চতুৰ্থগৰাকী ব্যক্তি। [1]
মাচাচুচেটছৰ বষ্টনত প্লাথে জন্মগ্ৰহণ কৰিছিল আৰু অধ্যয়ন কৰিছিল স্মিথ কলেজ আৰু কেমব্ৰিজৰ নিউনহাম কলেজ, ইংলেণ্ডত। তেওঁ ১৯৫৬ চনত সহকবি টেড হিউজক বিয়া কৰায় আৰু তেওঁলোকে একেলগে আমেৰিকা যুক্তৰাষ্ট্ৰত আৰু তাৰ পিছত ইংলেণ্ডত বাস কৰে। তেওঁলোকৰ সম্পৰ্ক অশান্ত আছিল আৰু তেওঁৰ চিঠিবোৰত প্লাথে স্বামীৰ হাতেৰে উৎপীড়নৰ অভিযোগ উত্থাপন কৰিছিল।[2] ১৯৬২ চনত পৃথক হোৱাৰ আগতে, তেওঁলোক দুটি সন্তানৰ পিতৃ-মাতৃ হৈছিল।
প্ৰাপ্তবয়স্ক জীৱনৰ বেছিভাগ সময় প্লাথ ক্লিনিকেলী ডিপ্ৰেছড (হতাশাগ্ৰস্ত) আছিল আৰু ইলেক্ট্ৰক’নভালচিভ থেৰাপীৰে তেওঁক বহুবাৰ চিকিৎসা প্ৰদান কৰা হৈছিল। ১৯৬৩ চনত প্লাথে আত্মহনন কৰে।
ব্যক্তিগত জীৱন তথা কৰ্মজীৱন
[সম্পাদনা কৰক]জীৱনৰ প্ৰথমছোৱা
[সম্পাদনা কৰক]১৯৩২ চনৰ ২৭ অক্টোবৰত মাচাচুচেটছৰ বষ্টনত ছিলভিয়া প্লাথৰ জন্ম হৈছিল।[3][4] তেওঁৰ মাতৃ অ’ৰেলিয়া স্কুবাৰ প্লাথ (১৯০৬-১৯৯৪) অষ্ট্ৰিয়ান বংশোদ্ভূত দ্বিতীয় প্ৰজন্মৰ আমেৰিকান আছিল আৰু তেওঁৰ দেউতাক অ’ট’ প্লাথ (১৮৮৫-১৯৪০) আছিল জাৰ্মানীৰ গ্ৰাবোৰৰ।[5] অ’ট’ প্লাথ এজন পতঙ্গবিদ আছিল আৰু বষ্টন বিশ্ববিদ্যালয়ৰ জীৱ-বিজ্ঞান বিভাগত অধ্যাপনা কৰিছিল। তেওঁ মৌমাখি প্ৰজাতিৰ বাম্বলবী পতংগৰ বিষয়ে এখন কিতাপ লিখিছিল। [6]
১৯৩৫ চনৰ ২৭ এপ্ৰিলত, প্লাথৰ ভায়েক ৱাৰেনৰ জন্ম হয়।[4] ১৯৩৬ চনত পৰিয়ালটো মাচাচুচেটছৰ জামাইকা প্লেইনৰ ২৪ প্ৰিন্স ষ্ট্ৰীটৰ পৰা ৯২ জনছন এভিনিউ, ৱিনথ্ৰপলৈ স্থানান্তৰিত হয়।[7] ৱিনথ্ৰপত থাকোঁতেই, আঠ বছৰ বয়সত বষ্টন হেৰাল্ডৰ শিশু শাখাত প্লাথৰ প্ৰথমটো কবিতা প্ৰকাশ হয়।[8] পৰৱৰ্তী কেইবছৰমানত আঞ্চলিক আলোচনী আৰু বাতৰি কাকতত প্লাথৰ একাধিক কবিতা প্ৰকাশ পায়।[9] ১১ বছৰ বয়সত প্লাথে এখন আলোচনী ৰাখিবলৈ আৰম্ভ কৰে।[9] লিখাৰ উপৰিও, এগৰাকী শিল্পী হিচাপেও প্লাথৰ সম্ভাৱনীয়তা প্ৰকাশ পাইছিল; ১৯৪৭ চনত স্কলাষ্টিক আৰ্ট এণ্ড ৰাইটিং এৱাৰ্ডছৰ পৰা প্লাথ তেওঁৰ চিত্ৰসমূহৰ বাবে পুৰস্কৃত হয়।[10] তেওঁৰ তৰুণ বয়সত প্লাথ উচ্চাভিলাষাৰে সফলতাৰ দিশে ধাৱিত হৈছিল। [9] প্লাথৰ আই কিউ (IQ) আছিল প্ৰায় ১৬০।[11][12]
১৯৪০ চনৰ ৫ নৱেম্বৰ তাৰিখে, প্লাথৰ আঠ বছৰীয়া জন্মদিনৰ পাছত তেওঁৰ দেউতাক অ’ট’ প্লাথৰ মৃত্যু হয়।[6] দেউতাকৰ মৃত্যুৰ পাছত প্লাথৰ বিশ্বাস দোলায়িত হ’বলৈ আৰম্ভ কৰিছিল আৰু পৰৱৰ্তী গোটেই জীৱনকালছোৱা প্লাথে ধৰ্ম সম্পৰ্কে দ্বিধাগ্ৰস্ততা প্ৰকাশ কৰিছিল।[13] দেউতাকৰ কবৰ দৰ্শনৰ পাছত প্লাথে তেওঁৰ "Electra on Azalea Path" কবিতাটো লিখি উলিয়াইছিল। স্বামীৰ মৃত্যুৰ পিছত, ১৯৪২ চনত, দুয়োটা সন্তান আৰু পিতৃ-মাতৃ সহ অ’ৰেলিয়া ২৬ এলমউড ৰোড, ৱেলেছলী, মাচাচুচেটছলৈ গুচি আহিছিল। ইয়াৰপৰাই ১৯৫০ চনত ছিলভিয়াই হাইস্কুলীয়া শিক্ষা সাং কৰে।[4]
কলেজীয়া দিনবোৰ আৰু হতাশা
[সম্পাদনা কৰক]১৯৫০ চনত ছিলভিয়া মাচাচুচেটছৰ স্মিথ কলেজত ভৰ্তি হয়। স্মিথ কলেজ আছিল এখন ব্যক্তিগত, লিবাৰেল মহিলা কলা মহাবিদ্যালয়। প্লাথ এগৰাকী চোকা ছাত্ৰী আছিল। স্মিথত থাকোঁতে, তেওঁ লৰেন্স হাউচত বাস কৰিছিল, তেওঁ থকা পুৰণি কোঠাৰ বাহিৰত এতিয়াও এখন ফলক পোৱা যায়। প্লাথে দ্য স্মিথ ৰিভিউ সম্পাদনা কৰিছিল। কলেজৰ তৃতীয় বৰ্ষৰ পিছত, মেডমোইচেল আলোচনীত অতিথি সম্পাদক হিচাপে প্লাথক এক আকাংক্ষিত পদবী প্ৰদান কৰা হয়, যাৰ বাবে তেওঁ এমাহ নিউয়ৰ্কত অতিবাহিত কৰে।[4] এই অভিজ্ঞতাটো ছিলভিয়াৰ বাবে অনাকাংক্ষিত আছিল, আৰু সেই গ্ৰীষ্মৰ কালছোৱাত সংঘটিত হোৱা বহুতো ঘটনা পিছলৈ তেওঁ তেওঁৰ উপন্যাস দ্য বেল ঝাৰত উল্লেখ কৰিছে।[14]
সম্পাদকে ৱেলছ কবি ডিলান থমাছৰ সৈতে আয়োজন কৰা এখন বৈঠকত তেওঁ উপস্থিত নথকাৰ বাবে প্লাথৰ বৰ খং উঠিছিল- থমাছ হৈছে সেইগৰাকী লেখক যাক ছিলভিয়াই তেওঁৰ "জীৱনতকৈও বেছি" ভাল পাইছিল। থমাছক লগ পোৱাৰ আশাত প্লাথ দুদিন তেওঁ থকা হোৱাইট হৰ্ছ টেভাৰ আৰু চেলচি হোটেলৰ চাৰিওফালে ঘূৰি ফুৰিছিল, কিন্তু থমাছ ইতিমধ্যে ঘৰলৈ গুচি গৈছিল। কেইসপ্তাহমানৰ পিছত, প্লাথে নিজকে হত্যা কৰিবলৈ পৰ্যাপ্ত "সাহস" আছে নে নাই চাবলৈ নিজৰ ভৰি দুখন কাটি পেলাইছিল।[15] এই সময়ছোৱাত তেওঁক হাৰ্ভাৰ্ড লিখন চক্ৰৰ আলোচনাত (Harvard writing seminar)ত অংশগ্ৰহণ কৰিবলৈ দিয়া হোৱা নাছিল।[16] হতাশাৰ বাবে ইলেক্ট্ৰক’নভালচিভ থেৰাপীৰ প্ৰদানৰ পাছত, প্লাথে ১৯৫৩ চনৰ ২৪ আগষ্টত তেওঁৰ মাকৰ টোপনিৰ দৰৱ খাই আত্মহত্যাৰ চেষ্টা কৰিছিল,[17] এইটো হৈছে চিকিৎসাগতভাৱে নথিভুক্ত হোৱা প্লাথৰ প্ৰথমটো আত্মহত্যাৰ প্ৰচেষ্টা। [18]
পৰৱৰ্তী ছয় মাহ তেওঁ মানসিক চিকিৎসালয়ত অতিবাহিত কৰিছিল, য’ত তেওঁক অধিক বৈদ্যুতিক আৰু ইনচুলিন শ্বক দিয়া হৈছিল।[4] মেকলিন চিকিৎসালয়ত তেওঁৰ থকাৰ খৰছ আৰু তেওঁৰ স্মিথ স্ক'লাৰশ্বিপ ‘অলিভ হিগিন্স প্ৰুটি’য়ে পৰিশোধ কৰিছিল, যি নিজে মানসিক ভাঙনৰ পৰা সফলতাৰে আৰোগ্য লাভ কৰিছিল। প্লাথে আৰোগ্য লাভ কৰা যেন ভাৱ হোৱাত মহাবিদ্যালয়লৈ উভতি আহিছিল।
১৯৫৫ চনৰ জানুৱাৰী মাহত প্লাথে তেওঁৰ গৱেষণাপত্ৰ The Magic Mirror: A Study of the Double in Two of Dostoyevsky's Novels জমা দিয়ে আৰু জুন মাহত তেওঁ স্মিথৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে।
নিউনহাম কলেজত পঢ়িবলৈ তেওঁ ফুলব্ৰাইট ছাত্ৰবৃত্তি লাভ কৰিছিল, এই কলেজখন ইংলেণ্ডৰ কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ অধীনত কেৱল মহিলাৰ বাবে থকা দুখন কলেজৰ এখন আছিল- য’ত প্লাথে সক্ৰিয়তাৰে কবিতা লিখিবলৈ আৰম্ভ কৰিছিল। ছাত্ৰসমাজৰ সংবাদপত্ৰ ভাৰ্চিটিত এইবোৰ প্ৰকাশ হৈছিল। নিউনহামত প্লাথে দৰথী ক্ৰুকৰ সৈতে অধ্যয়ন কৰিছিল। দৰথীক তেওঁ বৰ সন্মানৰ চকুৰে চাইছিল।[19] শীত আৰু গ্ৰীষ্মৰ চুটিবোৰ ছিলভিয়াই ইউৰোপৰ চতুৰ্দিশে ভ্ৰমণ কৰি পাৰ কৰিছিল।[4]
বিবাহ আৰু কৰ্মজীৱন
[সম্পাদনা কৰক]১৯৫৬ চনৰ ২৫ ফেব্ৰুৱাৰীত প্লাথে তেওঁৰ স্বামী কবি টেড হিউজক প্ৰথমবাৰৰ বাবে লগ পায় আৰু একে বছৰৰে ১৬ জুন তাৰিখে তেওঁলোক বিবাহপাশত আৱদ্ধ হয়। বিয়াৰ পাছত দ্বিতীয় বৰ্ষৰ অধ্যয়নৰ বাবে প্লাথ নিউনহামলৈ উভতি আহে।[4]
১৯৫৭ চনত প্লাথ আৰু হিউজ আমেৰিকা যুক্তৰাজ্যলৈ আহে আৰু প্লাথে তেওঁ অধ্যয়ন কৰা স্মিথ কলেজত অধ্যাপক হিচপে যোগদান কৰে। কিন্তু অধ্যাপনাৰ সমান্তৰালকৈ লিখিবলৈ সময় আৰু শক্তি গোটাবলৈ লৈ প্লাথ অসুবিধাত পৰে[20] আৰু ১৯৫৮ চনৰ মধ্যভাগত পৰিয়ালটো বষ্টনলৈ যায়। তাতে ছিলভিয়াই মাচাচুচেটছৰ এখন সাধাৰণ চিকিৎসালয়ৰ মনোৰোগ বিভাগৰ ৰিচেপচনিষ্ট হিচাপে চাকৰি কৰে আৰু সন্ধিয়া কবি ৰবাৰ্ট ল’ৱেলৰ সৃষ্টিশীল লেখনিৰ আলোচনা চক্ৰসমূহত অংশগ্ৰহণ কৰিবলৈ লয়। এই আলোচনা চক্ৰসমূহত লেখক এন ছেক্সটন আৰু জৰ্জ ষ্টাৰ্বাকো উপস্থিত আছিল।[20]
ল’ৱেল আৰু ছেক্সটন দুয়োজনে প্লাথক তেওঁৰ অভিজ্ঞতাৰ পৰা লিখিবলৈ উৎসাহিত কৰিছিল আৰু প্লাথে তাকেই কৰিছিল। প্লাথে ল’ৱেলৰ সৈতে হতাশা আৰু ছেক্সটনৰ সৈতে নিজৰ আত্মহত্যাৰ প্ৰচেষ্টাৰ বিষয়ে মুকলিকৈ আলোচনা কৰিছিল। ফলত তেওঁ বেছিকৈ মহিলাৰ দৃষ্টিকোণৰ পৰা লিখিবলৈ লৈছিল আৰু নিজকে প্ৰকৃত, মনোযোগী কবি আৰু চুটি গল্প লেখক হিচাপে গণ্য কৰিবলৈ আৰম্ভ কৰিছিল।[4] এই সময়তে প্লাথ আৰু হিউজে প্ৰথমে কবি ডব্লিউ এছ মাৰ্উইনক লগ পায়, যি তেওঁলোকৰ কামৰ প্ৰশংসা কৰে আৰু আজীৱন তেওঁলোকৰ বন্ধু হৈ থাকে।[21] প্লাথে ডিচেম্বৰত ৰুথ বিউচাৰৰ সৈতে কাম কৰি মনোবিশ্লেষণমূলক চিকিৎসা পুনৰ আৰম্ভ কৰে।[4]
প্লাথ আৰু হিউজে ১৯৫৯ চনৰ শেষৰ ফালে নিউয়ৰ্কৰ চাৰাটোগা স্প্ৰিংছৰ য়াডো শিল্পী কলনীত থাকি কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰিছিল। প্লাথে কৈছে যে, ইয়াতেই তেওঁ ‘তেওঁৰ আশ্বৰ্যজনক সত্বাৰ প্ৰতি ন্যায় কৰিবলৈ’ শিকিলে, কিন্তু তথাপি তেওঁ নিজৰ অত্যন্ত ব্যক্তিগত কথাবোৰ স্বীকাৰোক্তিমূলকভাৱে লিখিবলৈ লৈ চিন্তাত পৰিছিল।[4][22] দম্পতীহাল ১৯৫৯ চনৰ ডিচেম্বৰ মাহত ইংলেণ্ডলৈ ঘূৰি আহে আৰু ৰিজেন্টপাৰ্কৰ প্ৰাইমৰোজ হিল অঞ্চলৰ ওচৰৰ ৩ চালকট স্কোৱেৰত, লণ্ডনত বাস কৰে, ইয়াত থকা এখন ইংৰাজী হেৰিটেজ ফলকে প্লাথৰ বাসস্থানক সূচায়।[23][24] ১৯৬০ চনৰ ১ এপ্ৰিলত তেওঁলোকৰ ছোৱালী ফ্ৰিডাৰ জন্ম হয় আৰু অক্টোবৰত প্লাথৰ প্ৰথমটো কবিতা সংকলন দ্য কলচছ প্ৰকাশ হয়।[23]
১৯৬১ চনৰ ফেব্ৰুৱাৰী মাহত প্লাথে দ্বিতীয়বাৰ গৰ্ভধাৰণ কৰে যদিও তেওঁৰ গৰ্ভপাত হয়। এই অভিজ্ঞতাক লৈ তেওঁ "Parliament Hill Fields"কে ধৰি কেইবাটাও কবিতা লিখিছে।[25] তেওঁৰ মনোৰোগ বিশেষজ্ঞলৈ লিখা এখন চিঠিত প্লাথে লিখিছে যে, গৰ্ভপাতৰ আগতে হিউজে দুদিন তেওঁৰ ওপৰত শাৰিৰীক আতিশায্য চলাইছিল।[26]
আগষ্ট মাহত তেওঁ তেওঁৰ অৰ্ধ-আত্মজীৱনীমূলক উপন্যাস দ্য বেল ঝাৰ সমাপ্ত কৰে আৰু ইয়াৰ লগে লগে পৰিয়ালটো ডেভনৰ সৰু বজাৰ চহৰ উত্তৰ টাৱটনৰ ক’ৰ্ট গ্ৰীণ লৈ যায়। ইয়াতে ১৯৬২ চনৰ জানুৱাৰীত তেওঁলোকৰ পুত্ৰ সন্তান নিকোলাছ হিউজৰ জন্ম হয়।[23] ১৯৬২ চনৰ মাজভাগত প্লাথ আৰু হিউজে মৌপালন কৰিবলৈ আৰম্ভ কৰিছিল, যি প্লাথৰ অনেক কবিতাৰ বিষয়।[4]
১৯৬২ চনৰ জুলাই মাহত প্লাথে আৱিষ্কাৰ কৰে যে হিউজৰ এছিয়া ৱেভিলৰ সৈতে সম্পৰ্ক আছে; আৰু ছেপ্টেম্বৰত প্লাথ আৰু হিউজ পৃথক হয়। [23]
১৯৬২ চনৰ অক্টোবৰ মাহৰ পৰা প্লাথে নিজৰ মাজতে সৃষ্টিশীলতাৰ এক বৃহৎ বিস্ফোৰণ অনুভৱ কৰিবলৈ আৰম্ভ কৰিছিল আৰু বেছিভাগ কবিতা লিখিছিল; যাৰ ওপৰত তেওঁৰ খ্যাতি এতিয়া নিৰ্ভৰশীল। মৰণোত্তৰ ভাৱে প্ৰকাশ পোৱা তেওঁৰ কবিতা সংকলন এৰিয়েলৰ কমেও ২৬ টা কবিতা তেওঁ তেওঁৰ জীৱনৰ অন্তিম মাহবোৰত লিখিছিল।[23][27][28] ১৯৬২ চনৰ ডিচেম্বৰ মাহত, তেওঁ দুয়োটি সন্তানৰ সৈতে অকলে লণ্ডনলৈ উভতি আহে, আৰু পাঁচ বছৰৰ লীজত, ২৩ ফিটজৰয় ৰোডৰ এটা ফ্লেট ভাড়ালৈ লয়। উইলিয়াম বাটলাৰ ইয়েটছ এসময়ত ঘৰটোত বাস কৰিছিল। প্লাথে এই সত্যটোৰ দ্বাৰা সন্তুষ্ট হৈছিল আৰু ইয়াক এটা শুভ লক্ষণ বুলি গণ্য কৰিছিল।
১৯৬২-৬৩ চনৰ শীতকালৰ সময়ছোৱাত প্লাথে পুনৰ হতাশাত ভুগিবলৈ আৰম্ভ কৰিছিল। কিন্তু তথাপি তেওঁ তেওঁৰ কবিতাৰ সংকলনটো লিখি শেষ কৰিছিল, যিটো ১৯৬৫ চনত ইংলেণ্ডত আৰু ১৯৬৬ চনত আমেৰিকাত মৰণোত্তৰ ভাৱে প্ৰকাশ পাইছিল। ১৯৬৩ চনৰ জানুৱাৰী মাহত ভিক্টোৰিয়া লুকাস ছদ্মনামেৰে প্লাথৰ একমাত্ৰ উপন্যাস দ্য বেল ঝাৰ প্ৰকাশ হৈছিল আৰু সমালোচনামূলক উদাসীনতাৰ সন্মুখীন হৈছিল। [29]
হতাশগ্ৰস্ত শেষ দিনবোৰ আৰু মৃত্যু
[সম্পাদনা কৰক]মৃত্যুৰ আগতে প্লাথে নিজৰ জীৱন ল'বলৈ কেইবাবাৰো চেষ্টা কৰিছিল।[30] ১৯৫৩ চনৰ ২৪ আগষ্টত তেওঁ অধিক পৰিমানত টোপনিৰ দৰৱ সেৱন কৰিছিল,[31]তাৰ পিছত, ১৯৬২ চনৰ জুন মাহত তেওঁ নিজৰ গাড়ীখন ৰাস্তাৰ কাষৰ পৰা নদীলৈ লৈ গৈছিল, যিটো পিছত তেওঁ নিজৰ জীৱন লোৱাৰ এটা প্ৰয়াস আছিল বুলি কৈছিল।[32]
১৯৬৩ চনৰ জানুৱাৰী মাহত প্লাথে তেওঁৰ চিকিৎসক[30] আৰু ঘনিষ্ঠ বন্ধুৰ জন হৰ্ডাৰৰ সৈতে কথা পাতিছিল। তেওঁ হৰ্ডাৰৰ সৈতে ছয় বা সাত মাহ ধৰি তেওঁ সমুখীন হোৱা হতাশাৰ অভিজ্ঞতাৰ কথা আলোচনা কৰিছিল।[30] যদিও বেছিভাগ সময় কাম কৰি থাকিবলৈ প্লাথ সক্ষম হৈছিল, তেওঁৰ হতাশাই অধিক গুৰুতৰ ৰূপ লৈছিল, নিজৰ সৈতে তেওঁৰ নিৰন্তৰ আন্দোলন চলিছিল, আত্মহত্যাৰ চিন্তা আহিছিল আৰু দৈনন্দিন জীৱনৰ সৈতে মোকাবিলা কৰিবলৈ প্লাথ অক্ষম হৈ পৰিছিল।[30]
প্লাথে অনিদ্ৰাৰ সৈতে যুঁজিছিল, টোপনি আহিবৰৰ বাবে ৰাতি দৰৱ খাইছিল আৰু প্ৰায়ে সোনকালে সাৰ পাইছিল।[30] তেওঁৰ ওজন কমি আহিছিল আৰু প্ৰায় ২০ পাউণ্ড (৯ কিগ্ৰা) হেৰুৱাইছিল।[30] কিন্তু তেওঁ নিজকে সজাই-পৰাই ৰাখিছিল আৰু বাহিৰত দোষী বা অযোগ্য অনুভৱ কৰাৰ কথা কোৱা নাছিল।[30]
হৰ্ডাৰে প্লাথক আত্মহত্যাৰ কেইদিনমান আগতে এণ্টি-ডিপ্ৰেচেণ্ট, একমনোমাইন অক্সিডেজ ইনহিবিটৰ[30] দিছিল। দুটা সৰু ল'ৰা-ছোৱালীৰ সৈতে প্লাথ অকলে বিপদাশংকাত আছিল বুলি জানি তেওঁ প্লাথক দৈনিক সাক্ষাৎ কৰিছিল আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ বাবে কঠোৰ চেষ্টা কৰিছিল; বিফল হৈ তেওঁ লিভ-ইন নাৰ্ছৰ ব্যৱস্থা কৰিছিল। ভাষ্যকাৰসকলে যুক্তি দিছে যে যিহেতু এণ্টি-ডিপ্ৰেচেণ্ট কাৰ্যকৰী হ'বলৈ তিনি সপ্তাহলৈকে সময় লাগিব পাৰে, হৰ্ডাৰে দিয়া দৰৱসমূহ সম্পূৰ্ণৰূপে কাৰ্যকৰী হ'বলৈ সময় নাপালে।[33]
১৯৬৩ চনৰ ১১ ফেব্ৰুৱাৰীৰ ৰাতিপুৱা ন-বজাত, প্লাথক তেওঁৰ সন্তানৰ যত্ন ল'বলৈ সহায় কৰাৰ উদ্দেশ্যে নাৰ্চগৰাকী উপস্থিত হয় যদিও তেওঁ প্লাথৰ ফ্লেটত সোমাব নোৱাৰিলে । অৱশেষত চাৰ্লছ লেংগ্ৰিজ নামৰ এজন কৰ্মীৰ সহায়ত ঘৰৰ ভিতৰ সোমাই তেওঁলোকে প্লাথক তেওঁৰ মূৰটো অভেনত থৈ মৃত অৱস্থাত পাইছিল, প্লাথ আৰু তেওঁৰ শুই থকা সন্তান দুটিৰ মাজৰ কোঠাবোৰ টেপ, টাৱেল আৰু কাপোৰেৰে বন্ধ কৰা আছিল।[34]মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ত্ৰিশ বছৰ।
কৰ্মপঞ্জী
[সম্পাদনা কৰক]কাব্য সংকলন
[সম্পাদনা কৰক]- দ্য ক’ল’চাছ এণ্ড আডাৰ পয়েমচ্ (১৯৬০), William Heinemann)
- এৰিয়েল (১৯৬৫), Faber and Faber)
- থ্ৰী ৱুমেন: আ ম’ন’ল’গ ফৰ থ্ৰী ভইচেচ (১৯৬৮, Turret Books)[35]
- ক্ৰছিং দ্য ৱটাৰ (১৯৭১, Faber and Faber)
- ৱিণ্টাৰ ত্ৰীজ (১৯৭১, Faber and Faber)
- দ্য কলেক্টেড পয়েমচ্ (১৯৮১, Faber and Faber)
- চিলেক্টেড পয়েমচ্ (1985, Faber and Faber)
- এৰিয়েল: দ্য ৰিষ্ট'ৰড এডিচন (২০০৪, Faber and Faber)
সংগৃহীত প্ৰৱন্ধ আৰু উপন্যাস
[সম্পাদনা কৰক]- 'দ্য বেল ঝাৰ, under the pseudonym "Victoria Lucas" (উপন্যাস, ১৯৬৩, Heinemann)
- লেটাৰচ্ হ’ম: কৰেচপণ্ডেঞ্চ ১৯৫০-১৯৬৩ (১৯৭৫, Harper & Row, ইউ এচ; Faber and Faber, ইউ কে)
- জ’নি পেনিক এণ্ড দ্য বাইবেল অৱ ড্ৰিমচ্: চৰ্ট ষ্ট’ৰিজ, প্ৰ’জ এণ্ড ডায়েৰি এক্সপাৰ্টচ্ (১৯৭৭, Faber and Faber)
- দ্য জাৰ্নালচ্ অৱ ছিলভিয়া প্লাথ (১৯৮২, Dial Press)
- দ্য মেজিক মিৰ’ৰ (১৯৮৯), প্লাথচ্ স্মিথ কলেজ চিনিয়ৰ থেচিছ
- The Unabridged Journals of Sylvia Plath, edited by Karen V. Kukil (২০০০, Anchor Books)
- দ্য লেটাৰচ্ অৱ ছিলভিয়া প্লাথ, প্ৰথম খণ্ড, edited by Peter K. Steinberg and Karen V. Kukil (২০১৭, Faber and Faber)
- দ্য লেটাৰচ্ অৱ ছিলভিয়া প্লাথ, দ্বিতীয় খণ্ড, edited by Peter K. Steinberg and Karen V. Kukil (২০১৮, Faber and Faber)
- মেৰী ভেঞ্চুৰা এণ্ড দ্য নাইনন্থ কিংডম (২০১৯, Faber and Faber)[36][37]
শিশু গ্ৰন্থ
[সম্পাদনা কৰক]- দ্য বেড বুক, illustrated by Quentin Blake (১৯৭৬)
- The It-Doesn't-Matter Suit (১৯৯৬)
- মিচেছ চেৰীচ কিট্চেন (২০০১)
- কলেক্টেড চিল্ড্ৰেনচ্ ষ্ট’ৰিজ (২০০১)
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Kihss, Peter. "Sessions, Sylvia Plath and Updike Are Among Pulitzer Prize Winners". The New York Times. https://archive.nytimes.com/www.nytimes.com/books/98/03/01/home/plath-pulitzer.html.
- ↑ Kean, Danuta (11 April 2017). "Unseen Sylvia Plath letters claim domestic abuse by Ted Hughes". The Guardian. ISSN 0261-3077. https://www.theguardian.com/books/2017/apr/11/unseen-sylvia-plath-letters-claim-domestic-abuse-by-ted-hughes. "The letters are part of an archive amassed by feminist scholar Harriet Rosenstein seven years after the poet’s death, as research for an unfinished biography."
- ↑ "Sylvia Plath – Poet | Academy of American Poets". Poets.org. February 4, 2014. https://www.poets.org/poetsorg/poet/sylvia-plath। আহৰণ কৰা হৈছে: March 9, 2018.
- ↑ 4.00 4.01 4.02 4.03 4.04 4.05 4.06 4.07 4.08 4.09 4.10 সাঁচ:Cite ODNB
- ↑ Kirk (2004) p. 9
- ↑ 6.0 6.1 Axelrod, Steven (April 24, 2007) [First published 2003]. "Sylvia Plath". The Literary Encyclopedia. Retrieved June 1, 2007.
- ↑ Steinberg, Peter K. (2007). "A celebration, this is". sylviaplath.info. http://www.sylviaplath.info/biography.html.
- ↑ Kirk (2004) p. 23
- ↑ 9.0 9.1 9.2 "Sylvia Plath". Academy of American Poets. February 4, 2014. https://www.poets.org/poetsorg/poet/sylvia-plath.
- ↑ Kirk (2004) p. 32
- ↑ Butscher, Edward (2003). Sylvia Plath: Method and Madness. IPG. পৃষ্ঠা. 27. ISBN 978-0971059825. https://books.google.com/books?id=PynC8TFoqOYC&pg=PA27.
- ↑ Runco, Mark A.; Pritzker, Steven R., eds (1999). Encyclopedia of Creativity, Two-Volume Set. Academic Press. পৃষ্ঠা. 388. ISBN 978-0122270758. https://books.google.com/books?id=cpc7CJH1-s8C&pg=RA1-PA388.
- ↑ Peel (2007) pp. 41–44
- ↑ "Sylvia Platt". Smith CollegeSmith College. https://sophia.smith.edu/blog/smithipedia/alumnae/sylvia-plath-1955/। আহৰণ কৰা হৈছে: 20 June 2021.
- ↑ Thomas (2008) p. 35
- ↑ Brown & Taylor (2004), ODNB online
- ↑ Kibler (1980) pp. 259–264
- ↑ http://www.sylviaplath.info/documents/Steinberg_2010_Search.pdf
- ↑ Peel (2007) p. 44
- ↑ 20.0 20.1 Kirk (2004) p. xix
- ↑ Helle (2007)[পৃষ্ঠা নং প্ৰয়োজন]
- ↑ Journals pp. 520–521
- ↑ 23.0 23.1 23.2 23.3 23.4 Kirk (2004) p. xx
- ↑ "Plaque: Sylvia Plath". London Remembers. http://www.londonremembers.com/memorials/sylvia-plath.
- ↑ Kirk (2004) p. 85
- ↑ Kean, Danuta (April 11, 2017). "Unseen Sylvia Plath letters claim domestic abuse by Ted Hughes". The Guardian (London). https://www.theguardian.com/books/2017/apr/11/unseen-sylvia-plath-letters-claim-domestic-abuse-by-ted-hughes.
- ↑ "Sylvia Plath". The Poetry Archive. http://www.poetryarchive.org/poet/sylvia-plath.
- ↑ Ted Hughes and Sylvia Plath – a marriage examined. From The Contemporary Review. Essay by Richard Whittington-Egan 2005 accessed July 9, 2010
- ↑ Kirk (2004) p. xxi
- ↑ 30.0 30.1 30.2 30.3 30.4 30.5 30.6 30.7 Cooper, Brian (June 2003). "Sylvia Plath and the depression continuum". J R Soc Med খণ্ড 96 (6): 296–301. doi:10.1258/jrsm.96.6.296. PMID 12782699.
- ↑ The Journals of Sylvia Plath. Faber & Faber. February 17, 2011. ISBN 9780571266357. https://www.google.co.uk/books/edition/The_Journals_of_Sylvia_Plath/-_ROQ1v4l68C?gbpv=1&pg=PT205&printsec=frontcover। আহৰণ কৰা হৈছে: October 4, 2021.
- ↑ The Dedalus Book of Literary Suicides: Dead Letters (2008) Gary Lachman, Dedalus Press, University of Michigan p. 145
- ↑ Alexander 2003, পৃষ্ঠা. 325.
- ↑ Stevenson 1990, পৃষ্ঠা. 296.
- ↑ "Bonhams : PLATH (SYLVIA) Three Women. A Monologue for Three Voices...". www.bonhams.com. https://www.bonhams.com/auctions/24633/lot/381/.
- ↑ "Exclusive Sylvia Plath extract: Mary Ventura and the Ninth Kingdom". The Guardian. December 29, 2018. http://www.theguardian.com/books/2018/dec/29/exclusive-sylvia-plath-extract-mary-ventura-and-the-ninth-kingdom.
- ↑ Grady, Constance (January 22, 2019). "Sylvia Plath wrote this short story in 1952. It's now out in print for the first time.". Vox. https://www.vox.com/culture/2019/1/22/18188354/sylvia-plath-mary-ventura-and-the-ninth-kingdom-review.