২৭ অক্টোবৰ
অৱয়ব
(অক্টোবৰ ২৭ৰ পৰা পুনঃনিৰ্দেশিত)
অক্টোবৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ||
৬ | ৭ | ৮ | ৯ | ১০ | ১১ | ১২ |
১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ |
২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ |
২৭ | ২৮ | ২৯ | ৩০ | ৩১ | ||
২০২৪ |
২৭ অক্টোবৰ (ইংৰাজী: 27 October) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩০০তম (অধিবৰ্ষত ৩০১তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৬৫টা দিন বাকী থাকে।
ঘটনাৱলী
[সম্পাদনা কৰক]- ১৯৬২ - ভাৰতীয় সেনাৰ সাহায্যাৰ্থে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পূঁজি প্ৰতিষ্ঠা কৰা হয়।
- ১৯৯৯ - এছিয়া মহাদেশৰ অন্তৰ্গত আৰ্মেনিয়াৰ সংসদত গুলীচালনা, দেশখনৰ প্ৰধানমন্ত্ৰী, সংসদৰ অধ্যক্ষসহ আঠজন নিহত হয়।
জন্ম
[সম্পাদনা কৰক]- ১৭২৮ - জেমছ কুক, ইংৰাজ অভিযাত্ৰী। (দিনপঞ্জীৰ পুৰণা পদ্ধতি মতে ২৭ অক্টোবৰ আৰু নতুন পদ্ধতি মতে ৭ নৱেম্বৰ)
- ১৮১১ - আইজাক মেৰিট ছিংগাৰ, ঘৰুৱা ব্যৱহাৰোপযোগী চিলাই কলৰ নিৰ্মাতা।
- ১৯০১ - আব্বাছউদ্দিন আহমেদ, লোকগীতৰ যশস্বী শিল্পী।
- ১৯২০ - কে আৰ নাৰায়ণন, ভাৰতবৰ্ষৰ প্ৰাক্তন ৰাষ্ট্ৰপতি।
- ১৯৩২ - ছিলভিয়া প্লাথ, আমেৰিকান কবি, ঔপন্যাসিক আৰু চুটি গল্প লেখক।
- ১৯৭৮ - কল্পনা পাটোৱাৰী, ভাৰতীয় লোকগীতৰ শিল্পী।
মৃত্যু
[সম্পাদনা কৰক]- ১৬০৫ - আকবৰ, মোগল সম্ৰাট।
- ১৯৯০ - ভি শান্তাৰাম, ভাৰতীয় চলচ্চিত্ৰৰ কিংবদন্তি পৰিচালক।
- ১৯৯১ - নিত্যা দত্ত, অসমীয়া কবি, আততায়ীৰ গুলীত নিহত হয়।
- ১৯৯৮ - লালন প্ৰসাদ সিঙ, অসমৰ প্ৰাক্তন ৰাজ্যপাল।
- ২০০১ - প্ৰদীপ কুমাৰ, হিন্দী চলচ্চিত্ৰৰ খ্যাতিমান অভিনেতা।
- ২০২২ - নিপন গোস্বামী, অসমৰ চলচ্চিত্ৰ আৰু নাটকৰ অভিনেতা।
দিৱস
[সম্পাদনা কৰক]- পতাকা দিৱস (গ্ৰীচ)।
- নৌ বাহিনী দিৱস (যুক্তৰাষ্ট্ৰ)।
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত ২৭ অক্টোবৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|