জুডিমা (পানীয়)
জুডিমা | |
---|---|
ভৌগোলিক স্বীকৃতি | |
বৰ্ণনা | বিশেষকৈ বৰা চাউলৰ পৰা প্ৰস্তুত কৰা অসমৰ ডিমাছাসকলৰ পৰম্পৰাগত পানীয় |
প্ৰকাৰ | কৃষিজাত |
অঞ্চল | ডিমা হাছাও জিলা আৰু কাৰ্বি আংলং জিলা |
দেশ | ভাৰত |
পঞ্জীয়ন | ১৪ ছেপ্টেম্বৰ ২০২১ |
উপাদান | বৰা চাউল |
জুডিমা (ইংৰাজী: Judima) অসমৰ ডিমাছা সকলে প্ৰস্তুত কৰা পাৰম্পৰিক চাউলৰ সুৰা। জুডিমা ডিমাছা সমাজৰ সকলো ধৰ্মীয় আৰু সামাজিক অনুষ্ঠানত ব্যৱহাৰ কৰা হয়। উত্তৰ পূব ভাৰতৰ সকলো সম্প্ৰদায়ৰ দ্বাৰা চাউলৰ সুৰা প্ৰস্তুত কৰা হয়। ইয়াক প্ৰস্তুত কৰিবলৈ কিণ্বন প্ৰক্ৰিয়াত ব্যৱহাৰ কৰা থেমব্ৰা (Acacia pennata)ৰ সৈতে হুমাও নামৰ ঔষধিৰে তৈয়াৰী বিশেষ পিঠা জুডিমাৰ এক অনন্য বৈশিষ্ট্য। জুডিমা প্ৰস্তুত কৰিবলৈ স্থানীয় প্ৰকাৰৰ চাউল মাইচা, মাইজু আৰু বাৰিং ব্যৱহাৰ কৰা হয়। দীঘলীয়া সময়ৰ বাবে ব্যৱহাৰৰ উপযোগী হৈ থকা ইয়াৰ অন্যতম বৈশিষ্ট্য। ডিমাছা সমাজত ইয়াক বিষ আৰু ভাগৰৰ প্ৰতিষেধক হিচাপে গণ্য কৰা হয়। জুডিমাৰ মানদণ্ড ইয়াৰ ৰং, সোৱাদ আৰু গোন্ধৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয়। পুৰণি হোৱাৰ লগে লগে জুডিমাৰ ৰং পাতল হালধীয়াৰ পৰা গাঢ় মুগালৈ সলনি হয়।
২০২১ চনৰ ১৪ ছেপ্টেম্বৰ তাৰিখে জুডিমায়ে ভৌগোলিক স্বীকৃতি লাভ কৰে। ভৌগোলিক স্বীকৃতি লাভ কৰা জুডিমা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম বিধ পাৰম্পৰিক সুৰা।
ইতিহাস
[সম্পাদনা কৰক]জুডিমা ডিমাছা সমাজত প্ৰাচীন কালৰ পৰা ব্যৱহাৰ হৈ আহিছে। তেওঁলোকৰ সমাজৰ বিশিষ্ট ব্যক্তি আৰু অতিথিসকললৈ জু ফুণ্টো নামৰ বাঁহৰ নলীত ইয়াক পৰিৱেশন কৰা হয়। লোককথা অনুসৰি ধৰ্মীয় আৰু সামাজিক অনুষ্ঠান সম্পাদন কৰোঁতে জুডিমা ডিমাছা সকলৰ ঈশ্বৰ বহুতে ভগৱান শিৱৰ সমতুল্য বুলি দাবী কৰা 'চিবাৰাই' আৰু অন্যান্য দেৱতাসকলক আগবঢ়োৱা হয়। জুডিমা যিকোনো সামাজিক বা ৰীতি-নীতিমূলক কাৰ্যৰ অপৰিহাৰ্য অংশ। জুডিমাৰ উৎপত্তি সন্দৰ্ভত লোককাহিনীৰ কেইবাটাও সংস্কৰণ আছে।
বৰ্ণনা
[সম্পাদনা কৰক]জুডিমা হৈছে স্থানীয়ভাৱে খেতি কৰা তিনি প্ৰকাৰৰ চাউলৰ পৰা প্ৰস্তুত কৰা একপ্ৰকাৰৰ সুৰাযুক্ত পানীয়। এই তিনি প্ৰকাৰৰ চাউল হৈছে মাইচা, মাইজু (বৰা চাউল) আৰু বাৰিং মাইজু (বৰা চাউলৰ এক প্ৰকাৰ)। বাৰিং মাইজু চাউল কেৱল জুডিমা প্ৰস্তুত কৰাৰ বাবে খেতি কৰা হয়। এই তিনি প্ৰকাৰৰ চাউল জুডিমাৰ মানদণ্ড সৰ্বাধিক কৰাৰ বাবে পৰ্যাপ্ত অনুপাতত মিহলি কৰা হয়। সিজোৱা চাউলৰ সৈতে শুকান চাউলৰ গুড়ি আৰু থেমব্ৰা বাকলি মিলাই প্ৰস্তুত কৰা পিঠা ভালদৰে মিহলাই জু-খুলু নামৰ শঙ্কু আকৃতিৰ বাঁহৰ পাচিত স্থানান্তৰিত কৰা হয়। বিশেষকৈ এই উদ্দেশ্যৰ বাবে তৈয়াৰ কৰা জু-খুলু বা দিহু নামৰ মাটিৰ পাত্ৰত কিণ্বনৰ বাবে থৈ দিয়া হয়। প্ৰায় ৪/৫ দিনৰ পিছত জুডিমা ব্যৱহাৰৰ বাবে সাজু হয়। জুডিমাৰ সোৱাদ ঠাইভেদে বেলেগ বেলেগ হয়। অৱশ্যে শ্ৰেষ্ঠ জুডিমা অসমৰ ডিমা হাচাও জিলাত উৎপাদিত হয়।
প্ৰস্তুত প্ৰণালী
[সম্পাদনা কৰক]জুডিমাৰ প্ৰস্তুত প্ৰণালী প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হয়। প্ৰথমে জুডিমাৰ বাবে প্ৰয়োজনীয় পিঠা প্ৰস্তুত কৰা হয়। প্ৰথমে থেমব্ৰাৰ বাকলি ৰ'দত শুকুৱাই সৰু সৰুকৈ কাটি পিহি লোৱা হয়। ইয়াক তাৰ পিছত চাউলৰ গুড়িৰ সৈতে মিহলি কৰা হয়। এই চাউলৰ গুড়ি এক মিশ্ৰণৰ পৰা প্ৰস্তুত কৰা হয় আৰু ইয়াত বৰা আৰু অন্যান্য চাউলৰ নিৰ্দিষ্ট অনুপাতত মিহলি কৰা হয়। বৰা চাউলৰ গুড়ি ইয়াক ঘূৰণীয়া আকৃতিত বনোৱাৰ বাবে যোগ দিয়া হয়। গোটেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ হোৱাৰ পিছত হুমাও জলা বা পৰিপক্ব পিঠাগুৰি ইয়াৰ ওপৰত ছটিয়াই দিয়া হয়। এই পিঠাসমূহ নিশা আৰু সূৰ্যাস্তৰ আগতে প্ৰস্তুত কৰা হয়।
পিঠাবোৰ জংখলাই নামৰ বাঁহৰ সঁজুলি এখনত তিনিৰ পৰা পাঁচ দিন শুকুৱাবলৈ ঠাণ্ডা আৰু শুকান স্থানত ৰখা হয়। সূৰ্যৰ পোহৰত শুকোৱাৰ ফলত পিঠাৰ শক্তি হ্ৰাস হয় বুলি বিশ্বাস কৰা হয়। সম্পূৰ্ণৰূপে শুকান পিঠাবোৰ পাতল কাপোৰৰ টুকুৰা এটাত ঢিলাকৈ বান্ধি ধানখেৰৰ মাজত বাঁহৰ সঁজুলিত ৰাখি সংৰক্ষণ কৰা হয়।
জুডিমা প্ৰস্তুত কৰিবলৈ নিৰ্ধাৰিত প্ৰকাৰৰ চাউল অনুপাতত মিহলি কৰি সিজোৱা হয়। তাৰপিছত পিঠাখিনি গুৰি কৰি ঠাণ্ডা সিজোৱা চাউলৰ সৈতে মিহলি কৰা হয়।
এবাৰ সম্পূৰ্ণ হোৱাৰ পিছত চাউলবোৰ ঠাণ্ডা আৰু গুৰি কৰা পিঠাৰ সৈতে মিলহলাবলৈ ইয়াক নামৰ বাঁহৰ সঁজুলি এটাত ৰখা হয়। মিহলি কৰাৰ পিছত জু-খুলু বা দিহুলৈ স্থানান্তৰ কৰা হয়। গ্ৰীষ্মকালত ২৪ ঘণ্টাতকৈ কম সময়তে ইয়াৰ পৰা সুগন্ধি ওলায় যদিও শীতকালত অধিক সময় লাগিব পাৰে। সংগ্ৰহ কৰা কিণ্বিত তৰলখিনি চাউলৰ মণ্ড জু-খুলু বা দিহুত ৰখা হয় নে নাই তাৰ ওপৰত নিৰ্ভৰ কৰে। কিণ্বন প্ৰক্ৰিয়া আগবঢ়াৰ লগে লগে বৃত্তাকাৰ বাঁহৰ গাঁথনিত অধিক তৰল জমা হয়। জু-খুলুত চাউলখিনি কলপাতৰ স্তৰেৰে ঢাকি ৰখা হয় আৰু তলত ৰখা পাত্ৰ এটাত তৰলখিনি স্বয়ংক্ৰিয়ভাৱে নিগৰি সোমাই যায়। চাৰিৰ পৰা পাঁচ দিনৰ ভিতৰত জুডিমা তৈয়াৰ হয় যদিও পৰিপক্বতাৰ বাবে প্ৰায় এমাহ সময় লাগে।
বিশেষত্ব
[সম্পাদনা কৰক]জুডিমাৰ স্বকীয়তা ইয়াৰ সোৱাদ, ৰং আৰু গোন্ধত নিহিত আছে। ইয়াৰ সোৱাদ মৌৰ দৰে মিঠা। ইয়াৰ ৰং পুৰণি হোৱাৰ লগে লগে পৃথক হয়। ই নিষ্কাশনৰ সময়ত মৃদু হালধীয়াৰ পৰা গাঢ় মুগালৈকে হয়। ইয়াৰ এটা সাধাৰণ আৰু বিশেষ গোন্ধ আছে। স্বাস্থ্য পানীয় আৰু প্ৰতিৰোধমূলক পানীয় হিচাপে জুডিমাৰ ব্যৱহাৰ ডিমাছা সংস্কৃতিত কৰা হয়।
ভৌগোলিক স্বীকৃতি
[সম্পাদনা কৰক]২০২১ চনৰ ১৪ ছেপ্টেম্বৰ তাৰিখে ভাৰত চৰকাৰৰ পেটেণ্ট, ডিজাইন আৰু ট্ৰেড মাৰ্কৰ নিয়ন্ত্ৰক জেনেৰেলৰ পৰা জুডিমায়ে ভৌগোলিক স্বীকৃতি লাভ কৰে। অসমৰ ঘাইকৈ ডিমা হাছাও জিলা আৰু কাৰ্বি আংলং জিলাত জুডিমা উৎপাদন কৰা হয়। এই স্বীকৃতি লাভ কৰা জুডিমা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমবিধ পাৰম্পৰিক সুৰা।