তিলোত্তমা ৰায়চৌধুৰী
এই প্ৰবন্ধটো বৰ্তমান লিখি থকা হৈছে। আপুনিও এই কাৰ্যত অংশগ্ৰহণ কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইচ্ছা কৰিলে এই লিংক চাওক; যদি এই প্ৰবন্ধত বহুদিন ধৰি একো কাম হোৱা নাই, তেনেহ’লে এই সাঁচটো আঁতৰাই দিব পাৰিব। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
দুজন লিখকে একে সময়তে (বেলেগ বেলেগ স্থানৰ পৰা) কাম কৰি থাকে যদি কোনোজনে save কৰিবলৈ দিলে "সম্পাদনা দ্বন্দ্ব" বা "edit conflict" বুলি বাৰ্তা আহিব পাৰে, আৰু এনেক্ষেত্ৰত সচৰাচৰ আপুনি সম্পাদনা কৰাখিনি হেৰাই যাব পাৰে। এনে ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিবৰ বাবে আপুনি পৃষ্ঠা সঁচাৰ আগে আগে আপুনি কৰা সম্পাদনাখিনি কীব'ৰ্ডৰ Ctrl + C ব্যৱহাৰ কৰি প্ৰতিলিপি কৰি ৰাখিব পাৰে বা অন্য কোনো editor যেনে notepad, Microsoft word, open office আদিত save কৰি থ'ব। সম্পাদনা দ্বন্দ্ব মানে কাজিয়া হৈছে বুলি ভুল বুজাবুজি নকৰি কিছুসময় অপেক্ষা কৰি আপোনাৰখিনি পাছত যোগ দিব পাৰিব। প্ৰয়োজন হ'লে প্ৰবন্ধৰ "ইতিহাস" টেবত চাই যাৰ লগত আপোনাৰ সম্পাদনা দ্বন্দ্ব হৈছে তেওঁৰ লগত আলোচনা কৰি দুয়োজনে মিলাপ্ৰীতিৰে সম্পাদনা কৰি প্ৰবন্ধটো লিখি উলিয়াব পাৰে। এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে দ্বিতীয় উপায় হৈছে {{সম্পাদনা দ্বন্দ্ব}}ৰ ব্যৱহাৰ। আপুনি লিখিবলৈ আৰম্ভ কৰা পৃষ্ঠাটোত যদি আন কোনোৱেই সমসাময়িকভাৱে সম্পাদনা কৰাটো নিবিচাৰে তেনেহ’লে এই সাঁচটো ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ সম্পাদনা শেষ হোৱাৰ পাছত এই সাঁচটো আঁতৰাই দিবলৈ নাপাহৰে যেন। |
তিলোত্তমা ৰায়চৌধুৰী | |
---|---|
জন্ম | ১৯০৮ চন অসম |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | চিকিৎসক |
পিতৃ-মাতৃ | হৰেকৃষ্ণ দাস (পিতৃ) হেমপ্ৰভা (মাতৃ) |
তিলোত্তমা ৰায়চৌধুৰী হৈছে এম.বি.বি.এছ. লাভ কৰা প্ৰথম দুগৰাকী অসমীয়া মহিলাৰ দ্বিতীয়গৰাকী।[1][2][3]
জন্ম পৰিচয় আৰু ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]তিলোত্তমা দাসৰ জন্ম হৈছিল ১৯০৮ চনত।[3] তেওঁৰ মাতৃৰ নাম হেমপ্ৰভা[2] পিতৃৰ নাম হৈছে হৰেকৃষ্ণ দাস।[1][2][3]
তিলোত্তমা অমলপ্ৰভা দাসৰ ডাঙৰ ভনীয়েক। ১৯৩৭ চনত প্ৰভাত কুমাৰ ৰায়চৌধুৰীৰ সৈতে তিলোত্তমা দাস বিবাহ পাশত আবদ্ধ হয় আৰু তিলোত্তমা ৰায়চৌধুৰী হয়।[2]
শিক্ষাজীৱন
[সম্পাদনা কৰক]তিলোত্তমা ৰায়চৌধুৰীয়ে ডিব্ৰুগড় ছোৱালী হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰে।[2]তাৰ পিছ্ত কলিকতালৈ যায়[2] আৰু ১৯৩৩ চনত কলিকতা চিকিৎসা মহাবিদ্যালয়ৰ পৰা এম.বি.বি.এছ. ডিগ্ৰী লাভ কৰে।[1][2][3]
কৰ্মজীৱন
[সম্পাদনা কৰক]তিলোত্তমা ৰায়চৌধুৰীয়ে বিবাহৰ পিছত চাকৰি নকৰি স্বাধীনভাৱে চিকিৎসা আৰম্ভ কৰিছিল।[2]তেখেতে দেউতাকে স্থাপন কৰা হস্পিটেলৰ মহিলা আৰু শিশু চিকিৎসক ৰূপে সেৱা আগবঢ়াইছিল।[1]সাধাৰণ দৰিদ্ৰ মানুহৰ প্ৰতি অতিশয় সদয় আছিল। অসম প্ৰাদেশিক মহিলা সমিতি,কস্তুৰবা গান্ধী স্মাৰক নিধি,সৰ্বোদয় টাষ্ট,ৰেড ক্ৰছ ছ'চাইটি আদি সমাজ কল্যাণমূলক সংস্থাৰ সৈতে ঘনিষ্ঠভাৱে জড়িত আছিল।[2] পাছলৈ ৰেডক্ৰছ্ ছ'চাইটিৰ সহযোগত তেওঁ গুৱাহাটীত এটা ধাত্ৰী প্ৰতিষ্ঠান কেন্দ্ৰ স্থাপন কৰি তাৰ পৰিচালনাৰ ভাৰ গ্ৰহণ কৰে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়,যক্ষ্মা চিকিৎসালয় আৰু ভাৰত প্ৰসূতি কল্যাণ কেন্দ্ৰৰ গুৱাহাটী শাখা আদি বিভিন্ন চিকিৎসা সেৱা প্ৰতিষ্ঠানৰ পৰিচালনা সমিতিৰ সদস্য আৰু বিষয়ববীয়া ৰূপে সমাজলৈ সেৱা আগবঢ়াইছিল।[1][3]
তথ্যউৎস
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 1.4 "বিজ্ঞানৰ জগতত অসমীয়া মহিলা". http://srotaswini.in/#our-volumes। আহৰণ কৰা হৈছে: 27 May 2020.
- ↑ 2.0 2.1 2.2 2.3 2.4 2.5 2.6 2.7 2.8 ড॰ শিৱনাথ বৰ্মন. অসমীয়া জীৱনী অভিধান.
- ↑ 3.0 3.1 3.2 3.3 3.4 ডাঃ মিহিৰ কুমাৰ গোস্বামী (আগষ্ট ২০০৪). ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামী. ed. "চিকিৎসাক্ষেত্ৰত অসমীয়া নাৰী". কথা গুৱাহাটী.