প্লেণ্টাৰ ৰাজৰপৰা স্বৰাজলৈ (গ্ৰন্থ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্লেন্টাৰ ৰাজৰপৰা স্বৰাজলৈ-অসমত স্বাধীনতা সংগ্ৰাম আৰু নিৰ্বাচনী ৰাজনীতি, ১৮২৬-১৯৪৭  
লেখক মূল:অমলেন্দু গুহ
অনুবাদক গোপাল বৰদলৈ
দেশ ভাৰত
ভাষা অসমীয়া
বিষয় ইতিহাস
প্ৰকাৰ ৰাজনৈতিক ইতিহাস
প্ৰকাশক অন্বেষা
আই.এচ.বি.এন. ৮১-৮৯০০৩-৮৭-৯
অ.চি.এল.চি নং wikisource=

প্লেন্টাৰ ৰাজৰপৰা স্বৰাজলৈ-অসমত স্বাধীনতা সংগ্ৰাম আৰু নিৰ্বাচনী ৰাজনীতি, ১৮২৬-১৯৪৭ হৈছে অমলেন্দু গুহ ৰচিত ঔপনিৱেশিক কালৰ অসমৰ এক সামগ্ৰিক ইতিহাস।।[1] কিতাপখন অন্বেষা প্ৰকাশে প্ৰকাশ কৰিছে। কিতাপখনৰ আইএছবিএন নম্বৰ হৈছে- ৮১-৮৯০০৩-৮৭-৯ আৰু মূল্য: ৪৮০ টকা।

লেখক পৰিচিতি[সম্পাদনা কৰক]

ড॰ অমলেন্দু গুহ অসমৰ এগৰাকী বাওঁপন্থী মতাদৰ্শৰ খ্যাতনামা ইতিহাসবিদ, সমাজবিদ, কবি আৰু সাহিত্যিক পেঞ্চনাৰ আছিল।[2][3] তেখেতে ইংৰাজী আৰু অসমীয়া ভাষাত বহুকেইখন ইতিহাস বিষয়ক গ্ৰন্থ ৰচনা কৰাৰ উপৰিও অসমীয়া আৰু বঙালী ভাষাত একোখনকৈ কবিতাপুথিও ৰচনা কৰি থৈ গৈছে। তেখেতৰ বঙালী কবিতা পুথি 'লুইত পাৰেৰ গাথা'ৰ বেটুপাত আঁকিছিল বিষ্ণুপ্ৰসাদ ৰাভাই।[4][2][3]

  • Planters Raj To Swaraj: Freedom Struggle And Electoral Politics In Assam 1826-1927 - ইতিহাস বিষয়ক ইংৰাজী গ্ৰন্থ
  • Medieval and Colonial Assam: Society, Polity And Economy- ইতিহাস বিষয়ক ইংৰাজী গ্ৰন্থ
  • বৈষ্ণৱবাদৰ পৰা মোৱামৰীয়া বিদ্ৰোহলৈ- ইতিহাস বিষয়ক অসমীয়া গ্ৰন্থ
  • গোৱালপাৰা জিলাৰ আৰ্থ-সামাজিক ব্যৱস্থা- ইতিহাস বিষয়ক অসমীয়া গ্ৰন্থ
  • অসমৰ ইতিহাস: অধ্যয়ন আৰু ৰচনা- ইতিহাস বিষয়ক অসমীয়া গ্ৰন্থ
  • তোমালৈ- অসমীয়া কবিতা পুথি
  • লুইত পাৰেৰ গাথা- বঙালী কবিতা পুথি

কিতাপখন সম্পৰ্কে অভিমত[সম্পাদনা কৰক]

সাহিত্যিক তথা সমালোচক হীৰেন গোহাঁয়ে প্লেণ্টাৰ ৰাজৰপৰা স্বৰাজলৈ গ্ৰন্থখন বিষয়ত নিজৰ অভিমত দাঙি ধৰি কৈছে;

…” প্লেণ্টাৰ ৰাজৰ পৰা স্বৰাজলৈ : অসমৰ স্বাধীনতা সংগ্ৰাম আৰু নিৰ্বাচনী ৰজনীতি, ১৮২৬ – ১৯৪৭ গ্ৰন্থখন গভীৰ পাণ্ডিত্য আৰু আদৰ্শনিষ্ঠাৰ প্ৰতিভূ ৷ বিশাল তথ্যসম্ভাৰ, নিয়াৰিকৈ উত্থাপন কৰা ঘটনা, সাক্ষ্যৰ সতৰ্ক বিচাৰ, সুচিন্তিত মতামত আৰু প্ৰাঞ্জল ভাষাৰ বাবে অসমৰ (ভাৰতৰ ) ইতিহাস অধ্যয়নৰ সকলো ছাত্ৰ-ছাত্ৰী গুহৰ ওচৰত ঋণী হৈ ৰ’ব ৷”…

[5]


তথ্যউৎস[সম্পাদনা কৰক]

  1. বৰদলৈ, গোপাল, গুৱাহাটী, অন্বেষা, ২০১৬
  2. 2.0 2.1 "Amalendu Guha Passed Away". Anandabazar Patrika. 8 May 2015. http://www.anandabazar.com/national/amalendu-guha-passes-away-1.143027। আহৰণ কৰা হৈছে: 12 মে' 2015. 
  3. 3.0 3.1 "ড॰ অমলেন্দু গুহৰ কবিতা আৰু গদ্য". assamkart.com. Archived from the original on 2023-10-05. https://web.archive.org/web/20231005091938/http://www.assamkart.com/new-releases/304/2/assamese/%E0%A6%A1%E0%A7%A6-%E0%A6%85%E0%A6%AE%E0%A6%B2%E0%A7%87%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%81-%E0%A6%97%E0%A7%81%E0%A6%B9%E0%A7%B0-%E0%A6%95%E0%A6%AC%E0%A6%BF%E0%A6%A4%E0%A6%BE-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%97%E0%A6%A6%E0%A7%8D%E0%A6%AF-(Dr-Amalendu-Guhar-Kobita-Aaru-Gadya-)-detail। আহৰণ কৰা হৈছে: 12 মে' 2015. 
  4. "ইতিহাসৰ দিকপাল ড॰ অমলেন্দু গুহৰ দেহাৱসান". অসমীয়া প্ৰতিদিন. ৮ মে' ২০১৫. Archived from the original on 2016-03-09. https://web.archive.org/web/20160309183603/http://www.asomiyapratidin.in/article.php?date=08-05-2015&page=1&article=19.jpg&cid=137051#.VVMP0o6qqko। আহৰণ কৰা হৈছে: 13 মে' 2015. 
  5. "প্লেণ্টাৰ ৰাজৰ পৰা স্বৰাজলৈ অসমৰ স্বাধীনতা সংগ্ৰাম আৰু নিৰ্বাচনী ৰাজনীতি ১৮২৬-১৯৪৭". পূৱেৰুণ. Archived from the original on 17 November 2021. https://web.archive.org/web/20211117182157/https://golaghatmart.in/product/%E0%A6%AA%E0%A7%8D%E0%A6%B2%E0%A7%87%E0%A6%A3%E0%A7%8D%E0%A6%9F%E0%A6%BE%E0%A7%B0-%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A7%B0-%E0%A6%AA%E0%A7%B0%E0%A6%BE-%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A7%B0%E0%A6%BE/। আহৰণ কৰা হৈছে: 17 November 2021.